EDITIONS
Asamiya

জাপিসঁজীয়াৰ নাৰায়ণ কেওঁটৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াই আছে সাতামপুৰুষীয়া ফুলাম শিল্প

Sangeeta Devi
12th Apr 2016
Add to
Shares
2
Comments
Share This
Add to
Shares
2
Comments
Share

একোটা জাতিৰ ভাষা,সংস্কৃতি আৰু লোকাচাৰে জাতিটোৰ পৰিচয় তথা অস্তিত্ব বহন কৰে।লোকসংস্কৃতিৰ বিভিন্ন উপাদানসমূহৰ সংৰক্ষণ তথা বিকাশৰ বাবে প্ৰতিখন চহা সমাজতে এচাম লোকে লোকচক্ষুৰ আঁৰত নীৰৱে কাম কৰি থাকে।সেইদৰে আমাৰ চহকী অসমীয়া সংস্কৃতিৰ অন্যতম সমল ফুলাম জাপিৰ ঐতিহ্য তথা পৰম্পৰাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৰ জাপিসঁজীয়া গাৱঁৰ নাৰায়ণ কেওঁট আৰু তেওঁৰ পৰিয়ালবৰ্গই। উল্লেখযোগ্য যে প্ৰায় ৪০ বছৰ পূৰ্বে গাওঁখনৰ প্ৰতিঘৰতেই জাপি সজাৰ কাম কৰিছিল যাৰ ফলশ্ৰুতিত গাওঁখন জাপিসজীয়া গাওঁ নামেৰে খ্যাত হৈ পৰিছিল।কিন্তু কালক্ৰমত এতিয়া নাৰায়ণ কেওটৰ পৰিয়ালসহিতে মাত্ৰ দুখনমান ঘৰতহে এই কুটীৰ শিল্প জীয়াই আছে। নাৰায়ণ কেওটৰ পৰিয়ালত জাপি সজাৰ কাৰ্য বংশানুক্ৰমে চলি আহিছে।কৃষিকৰ্মৰ লগতে নিজৰ ব্যৱসায়ত জড়িত কেওটৰ পৰিয়ালবৰ্গই পৰম্পৰাগতভাৱে চলি অহা শিল্পবিধক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে।এই সম্পৰ্কত কেওটে কয়,"মই ১৯৮৬ চনৰ পৰা এই শিল্পৰ সৈতে জড়িত হৈ আছো।দেউতা, ককা, আজোককাৰ দিনৰ পৰা জাপি সজা কাৰ্য আমাৰ ঘৰত বংশানুক্ৰমে চলি আহিছে।আমি বনোৱা জাপি ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশতো সমাদৃত হৈছে। কেৱল উপাৰ্জনৰ পথ হিচাপে আমি জাপি সঁজা কাম কৰা নাই।অসমীয়া সংস্কৃতিৰ চানেকি ফুলাম জাপি নিৰ্মান কৰাতো আমাৰ বাবে গৌৰৱৰ কথা।" 

image


বিশেষকৈ ব’হাগ বিহুৰ সৈতে ফুলাম জাপিৰ সম্পৰ্ক আৰু বিহুৰ সময়তে ইয়াৰ ব্যৱহাৰ অধিক য’দিও আজিকালি মেল-মিটিং, সম্বৰ্ধনা সভা, বিবাহ আদি অনুষ্ঠানৰ লগতে গৃহসজ্জাৰ সামগ্ৰী হিচাপেও ফুলাম জাপিৰ বহুল প্ৰচলন দেখা যায়। আৰু সেয়ে চাহিদা অনুযায়ী বছৰৰ বাৰটা মাহেই জাপি তৈয়াৰ কৰাৰ কাম চলি থাকে। বাঁহ আৰু টকৌ পাতেৰে তৈয়াৰ কৰা একো একোটা জাপি আকৰ্ষণীয়কৈ সজাই পৰাই বিক্ৰীৰ বাবে সাজু কৰিবলৈ সম্পূৰ্ণ এটা দিন লাগে।

image


আন আন কুটীৰ শিল্পসমুহৰ দৰে জাপি শিল্পও বৰ্তমান সংকটৰ সন্মুখিন হৈছে। ফুলাম জাপি তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা সা-সামগ্ৰীৰ বৰ্ধিত মূল্যৰ সমান্তৰালকৈ জাপিৰ বজাৰ মূল্য বৃদ্ধি নোহোৱাৰ ফলত শিল্পীসকল লোকচানৰ সন্মুখিন হবলগীয়া হৈছে।আৰু সন্তোষজনক লাভ নোপোৱাৰ বাবেই লাহে লাহে জাপিসঁজীয়া গাৱঁৰ শিল্পীসকলে জাপি সঁজা কামটো এৰি দিছে।লগতে নতুন প্ৰজন্মৰ এই কামটোৰ প্ৰতি আগ্ৰহৰ অভাৱেও শিল্পটোৰ প্ৰতি ভাবুকি আনিছে।

আৰ্থিক দিশৰ পৰা লাভান্বিত নহলেও পূৰ্বপুৰুষৰ কলাটো জীয়াই ৰাখিবলৈ নাৰায়ণ কেওঁটে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে।তেওঁ কয়,"আমাৰ গাওঁখনৰ পৰিচয় আৰু ঐতিহ্য অক্ষুন্ন ৰাখি উঠি অহা প্ৰজন্মক শিল্পটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ মই প্ৰশিক্ষনৰ ব্যৱস্হাও কৰিছো। কিন্তু দুৰ্ভাগ্যজনক কথা হল এই কামটোৰ প্ৰতি যুৱপ্ৰজন্মৰ অনিহা। সেয়ে মই অকলেই যি পাৰোঁ কৰি আছো।"

image


এই শিল্পক উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰি নতুন প্ৰজন্ম তথা নিৱনুৱাসকলৰ আত্মসংস্হাপনৰ পথ প্ৰশস্ত কৰাৰ থল আছিল যদিও শিল্পবিধৰ সংৰক্ষণৰ বাবে চৰকাৰেও কোনো পৃথক নীতি গ্ৰহন কৰা নাই। চৰকাৰী সাহাৰ্যলৈ আশা নকৰি নাৰায়ণ কেওঁটে ভৱিষ্যতে নিজাববীকৈ জাপি তৈয়াৰ কৰা এটা ক্ষুদ্ৰ উদ্যোগ গঢ় দিয়াৰ পৰিকল্পনা কৰিছে। বংশানুক্ৰমে চলি অহা শিল্পটো তেওঁৰ পিছৰ পুৰুষে আগবঢ়াই নিব নোৱাৰিলেও সময়ৰ সোঁতত এই ফুলাম শিল্পবিধৰ যাতে মৃত্যু নহয় সেই উদ্দেশ্যে তেওঁ ক্ষুদ্ৰ উদ্যোগ এটাৰ পৰিকল্পনা কৰিছে। তাৰবাবে সমাজৰ বিশেষভাৱে সক্ষম ব্যক্তি,অনাথ শিশু অথবা গৃহহীন ব্যক্তিসকলক নিজৰ ঘৰতে আশ্ৰয় দি হলেও জাপি সঁজাৰ প্ৰশিক্ষন দিয়াৰ কথা চিন্তা কৰিছে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিভিন্ন গহণা আৰু সাজ-পাৰেৰে ৰঙালী বিহুৰ বাবে কেইগৰাকীমান ডিজাইনাৰৰ প্ৰস্তুতি

অসমৰ কাৰিকৰী ক্ষেত্ৰৰ বাধাই টলাব পৰা নাই উদ্যমী ৰাজৰ্ষি আৰু ৰাজীৱক 

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

Add to
Shares
2
Comments
Share This
Add to
Shares
2
Comments
Share
Report an issue
Authors

Related Tags