EDITIONS
Asamiya

ইৰা ডুবে-বাহ্যিক ৰুপৰ পৰিৱৰ্তে প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰক

Team Asamiya
8th Nov 2015
Add to
Shares
14
Comments
Share This
Add to
Shares
14
Comments
Share

ইৰা ডুবে সম্প্ৰতি দেশৰ অতি প্ৰতিভাশালী আৰু বুদ্ধিমত্তাসম্পন্না তৰুণী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। য়েল স্কুল অৱ ড্ৰামাত অধ্যয়ন সমাপ্ত কৰাৰ পাছত ‘দ্য প্ৰেছিদেণ্ট ইজ কামিং’, ‘এলিছা’কে ধৰি কেইবাখনো ছৱিত অভিনয় কৰা ইৰা এগৰাকী প্ৰতিষ্ঠিত নাট্যশিল্পী আৰু টেলিভিশ্যন হোষ্টেছ। সংঘাতজৰ্জৰ ইৰাকৰ ৯ গৰাকী মহিলাৰ জীৱনক একক অভিনয়েৰে প্ৰতিফলিত কৰি ‘ নাইন পাৰ্টছ অৱ দিজায়াৰ’ নাটকখনেৰে তেওঁ বিপুল সমাদৰ লাভ কৰিছিল ।

ইৰাই ভাৰতীয় নাটকৰ সাম্প্ৰতিক পৰিস্থিতি আৰু এই ক্ষেত্ৰত এগৰাকী মহিলা হিচাবে তেওঁৰ অনুভৱ প্ৰকাশ কৰে।

image


অভিনয়শিল্পীৰ পৰিয়াল এটাত ডাঙৰ হোৱাৰ অনুভৱ-

ল’ৰালি কালৰে পৰা মই মাৰ ‘নেজ’ৰ দৰে আছিলো। ষষ্ঠমান নে সপ্তমমান শ্ৰেণীত থকাৰে পৰা ৰংগমঞ্চৰ পিছ্ফালে নাটকৰ পুস্তিকা বিলোৱাৰ দৰে কামবোৰ কৰি সহায় কৰিছিলো। নাটক মোৰ পৰিচয়ৰ অংশস্বৰুপ। মোৰ মা আৰু দুগৰাকী মাহীও ইয়াৰ সৈতে জড়িত হৈ আছে,তেওঁলোকৰ এটা শিশু নাট্যদলো আছে আৰু মানুহে সেয়েহে আমাৰ পৰিয়ালটো ‘নৌটংকী’ পৰিয়াল বুলি ধেমালিও কৰে। সেইহেতুকেই নাটক মোৰ ব্যক্তিত্বৰ সৈতে সাঙোৰ খাই আছে। মোৰ বাবে নাট্যাভিনয় অতি গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ ক্ষেত্ৰ।

বিগত বছৰবোৰত এই উদ্যোগ আৰু দৰ্শকৰ কেনেদৰে বিকাশ ঘটিছে-

মই ভাবো নাটক চোৱাটোৱে অতি আনন্দদায়ক কাম। যুৱ প্ৰজ্ন্মৰ অনেকেই নাটকৰ প্ৰতি আকৰ্ষিত আৰু তেওঁলোক ইমানেই এই কলাৰ প্ৰতি সমৰ্পিত যে দেখিলে আচৰিত লাগে। মোৰ ভাৱ হয় দৰ্শকসকলৰো নাটকৰ প্ৰতি পূৰামাত্ৰাই সমৰ্থন আছে। নাট অভিনয় কৰি থকা সময়ত দৰ্শকৰ সৈতে সংযুক্ত হৈ থকা আৰু তেওঁলোকৰ সৈতে গোটেই নাটকখনৰ অভিজ্ঞতা ভগাই লোৱাৰ তুলনা কাৰো সৈতেই হব নোৱাৰে। দৰ্শক অবিহনে অভিনেতা আৰু নাটকৰ মূল্য শূণ্য। এটাৰ অবিহনে আনটোৰ অস্ত্তিত্ত্ব নাথাকে।আটাইতকৈ আনন্দদায়ক কথাটো হ’ল তৰুণ প্ৰজন্ম নাটকৰ ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবেই সম্প্ৰতি এইক্ষেত্ৰত যথেষ্ট সজীৱতা আৰু সমৃদ্ধি পৰইলক্ষিত হৈছে। অতুল কুমাৰ আৰু আকৰ্ষ খুৰানাৰ দৰে শিল্পীয়ে এই ক্ষেত্ৰৰ নিচান সুউচ্চ স্তৰত উৰুৱাবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ এনে সমৰ্পিত মনোভাৱে তৰুণ প্ৰজন্মৰ অভিনয়শিল্পীকেই নহয়,তৰুণ দৰ্শককো নাটকৰ কাষ চপাই আনিছে। এইক্ষেত্ৰত মই দেখা একমাত্ৰ ঘাটিটোৱেই হ’ল শিক্ষণৰ অভাৱ। আমাৰ পৰ্যাপ্ত বিদ্যালয় নাই। জেহান মানেকশ্ব’ৰ দৰে ব্যক্তিক মই সঁচাকৈয়ে প্ৰশংসা কৰো যিয়ে ‘থিয়েটাৰ প্ৰফেশ্যনেলছ’ ৰ দৰে অভিনয়ৰ বিদ্যালয় আৰম্ভ কৰিছে। স্থানৰ সমস্যা আন এটা গভীৰ সমস্যা। মুম্বাইৰ দৰে ঠাইত নাটকৰ বাবে স্থানৰ অভাৱো সমস্যা হৈ পৰে।

অভিনয়ৰ প্ৰতি আগ্ৰহীসকলৰ বাবে সুযোগ…

সম্প্ৰতি অভিনয়শিল্পীসকলৰ বাবে বহু সুযোগ আছে।কেৱল সেই সুযোগ বিচাৰি লবলৈ সক্ষম হব লাগিব।মই মাত্ৰ ইয়াকে আশা কৰোঁ যে এই কলাৰ বাবে প্ৰশিক্ষিত হোৱাৰ আৰু ইয়াক আয়ত্ব কৰাৰ সুযোগ যাতে তেওঁলোকে লাভ কৰে।

পেছা হিচাবে গ্ৰহনৰ ক্ষেত্ৰত বিত্তীয় অনিশ্চয়্তা…

অভিনয়ো অৰ্থনীতিৰ এটা কাৰ্য।এজন নাট্যশিল্পীয়ে জানে যে নাটকৰ প্ৰতি পূৰামাত্ৰাই সমৰ্পিত নোহোৱাকৈ আৰু ইয়াক বাণিজ্যিকীকৰণেৰে উদ্যোগ হিচাবে গঢ় দিব নোৱাৰিলে এইক্ষেত্ৰত তিষ্ঠি থকা সম্ভৱ নহয়। এগৰাকী অভিনয়্শিল্পীয়ে নিজৰ প্ৰিয় অথচ বাণিজ্যিকভাৱে বিফল নাটক আৰু নিজৰ ভাল নলগা অথচ বাণিজ্যিকভআৱে সফল নাটকত অভিনয়ৰ ক্ষেত্ৰত সন্ত্তলন ৰক্ষা কৰি চলা অভিনেতা হিচাবে আপুনি বছৰি ১২ খন নাট বা দুখন নাটো কৰিব পাৰে কিন্ত্ত বাণিজ্যিক সফলতাৰ দিশটোলৈ চকু ৰাখিব লাগিব।এই কথাটো মনত ৰাখিব যে আপুনি কি উদ্দেশ্যে এই কাম কৰিছে আৰু কেনে দৰ্শকৰ বাবে কৰিছে।নাটক এখন কোন শ্ৰেণীৰ দৰ্শকক লক্ষ্য হিচাবে লৈ মঞ্চায়ন কৰা হৈছে সেই কথাটো অতি গুৰুত্ব্পূৰ্ণ।

নাইন পাৰ্টছ্ অৱ দিজায়াৰ সম্পৰ্কত…

‘নাইন পাৰ্টছ্ অৱ দিজায়াৰ’ মোৰ এককভাৱে অভিনীত নাটক আৰু ইৰাকৰ পটভূমিত ৰচিত এই নাটখনত মই দক্ষিণ আফ্ৰিকাতো অভিনয় কৰিছো। এই নাটখন মুছলমান সম্প্ৰদায়ৰ ৯ গৰাকী ইৰাকী মহিলাৰ জীৱন আধাৰিত।নাটখন অতি শক্তিশালী,গতিশীল,খুউব সুন্দৰ আৰু নাটকীয়্ভাৱে ৰচিত আৰু ইয়াৰ বক্তব্য অতি গুৰুত্বপূৰ্ণ।এই নাটকখনৰ বহু সুন্দৰ পৰ্যালোচনা হৈছে আৰু প্ৰতিটো দৰ্শনীতে দৰ্শকে থিয় হৈ মোক অভিবাদন জনাইছে।ব্যক্তিগতভাবে মই এতিয়ালৈ অভিনয় কৰা নাটক সমূহৰ ভিতৰত এইখন আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ আৰু মই এই অভিনয়ৰ সময়ত যথেষ্ঠ চাপত আছিলো।এয়া সঁচাকৈয়ে সমৃদ্ধি আৰু সন্ত্তষ্টিৰ অভিজ্ঞতা।এই অভিনয় মোৰ বাবে এই কাৰণেও বেছি গুৰুত্বপূৰ্ণ কিয়নো কেৱল কেইটামান নাৰী চৰিত্ৰৰ ভিতৰতে নহ্য়,যেন ইৰাকৰ ভিতৰত মই প্ৰবেশ কৰিবলগীয়া হৈছিল।এখন অচিনাকী দেশৰ অচিন সংস্কৃতিৰ লগতে সেই দেশৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাস সম্পৰ্কেও জানি বুজি লবলগীয়া হৈছিল।ইয়াৰ বাবে মই বহু গৱেষণা কৰিছিলো আৰু ইয়েই মোক সেই দেশৰ মানুহৰ দৰে জীয়াই থাকিবলৈ আৰু অনুভৱ কৰিবলৈ সহায় কৰিছিল।

image


নাটকখনৰ ৰচয়িতা হেডাৰৰ পৰা বহুত সহায় পাইছিলো।মই তেখেতলৈ কেইবাখনো চিঠি লিখি বহু প্ৰশ্ন কৰিছিলো আৰু তেখেতে সুন্দৰভাৱে সহযোগ কৰিছিল।মই ভাৱো নাটখন পঢ়ি থকাৰ সময়ছোৱাত মোৰ শৰীৰ আৰু কণ্ঠত কিছু আকৰ্ষণীয় ঘটনা ঘটিছিল।চৰিত্ৰসমূহ মোৰ মাজত জীৱ্ন্ত কৰি তুলিবলৈ যেন মোৰ কণ্ঠ আৰু শৰীৰটোৱে শ্ৰুতলিপিহে দি গৈছিল।নিৰন্তৰ আখৰাৰ ফলত মই চৰিত্ৰসমূহৰ মাজত আবদ্ধ হৈ পৰিছিলো আৰু ই মোৰ বাবে লাভদায়ক হৈছিল। উদাহৰণস্বৰুপে,অমল এগৰাকী শকত আৰু জীৱনীশক্তি সম্পন্না মহিলা আৰু তেওঁৰ সৰলতা স্পষ্ট আৰু ধেমেলীয়া ৰুপত ধৰা দিয়ে।এই দিশটো দেখাৰ লগে লগে মই ইয়াক লৈ খেলিবলৈ সুযোগ পালো।এই চৰিত্ৰটোৰ বাবে মই যথেষ্ট প্ৰাসংগিক তথ্যও পাইছিলো।

যি মোক এই চৰিত্ৰসমূহৰ সৈতে সাঙোৰ খুৱাই ৰাখে সেয়া হ’ল এই চৰিত্ৰসমূহ সঁচা,তেওঁলোকে হাঁহে,শোকত বুৰ যায় আৰু যন্ত্ৰণাৰ মাজেৰে জীৱন অতিবাহিত কৰে।ভাল কাহিনীৰ সাৰ্বজনীন আবেদন থকা কথাটো এই নাটক খ্নৰ দ্বাৰা পুনৰ হয়।একোখন নাটে এনেদৰে দৰ্শকক আলোড়িত কৰিবলৈ সক্ষম হব লাগে।

মঞ্চত অঘ্টনৰ পৰা কেনেদৰে হাত সাৰিব লাগে…

মঞ্চত কেনে অঘটনৰ সন্মুখীন হোৱা যায় আৰু ইয়াৰ পৰা কেনেদৰে হাত সাৰিব পাৰি?এটা বাক্যত খোকোজা লগা,প্ৰবেশৰ সময়ত হোৱা ভুল বা মঞ্চসজ্জাৰ সঠিক ব্যৱহাৰ নোহোৱাটো অভিনয়ৰ অংশ বুলি কব পাৰি।উদাহৰণস্বৰুপে,যদি আপুনি ভয় খায় বা বিমোৰত পৰে ইয়াক অভিনয় পৰিবেশনৰ সময়ত কামত খটুওৱা উচিত।অৱশ্যে মোৰ জীৱনত আজিলৈকে এনে ঘটনা ঘটা নাই কিন্ত্ত এনে এটা সময় আহে যেতিয়া এখন নাটকত এগৰাকী শিল্পীয়ে এশাৰী সংলাপ পাহৰিলে ভয়াবহ নিৰৱতাৰ মুহূৰ্তই বিৰাজ কৰে আৰু সচেতন দৰ্শকে কি ঘটে উমান পায়।কিন্ত্ত দৰ্শকো আচৰিতভাৱে সহানুভূতিশীল হয় আৰু নাটকখন উপভোগ কৰি এনে অভিজ্ঞতা শিল্পীগৰাকীৰ সৈতে ভগাই লোৱাৰ চেষ্টা কৰে।

image


নিজৰ অভিনয়শৈলী সম্পৰ্কত…

মোৰ মূল লক্ষ্য হ’ল সত্যৰ সন্ধান কৰা অথবা অভিনয়শিল্পী হিচাবে সত্যনিষ্ঠ হোৱা।শুনাত সহজ যেন লাগিলেও এই কামটো বৰ কঠিন।অভিজ্ঞতা বঢ়াৰ লগে লগে অভিনয়্ত যান্ত্ৰিক হৈ পৰা কথাটো মোৰ ভাল নালাগে।এগৰাকী শিল্পীৰ সংলাপ প্ৰক্ষেপণ সুন্দৰ,মঞ্চত অৱস্থানৰ জ্ঞান যথাৰ্থ,সুনিৰ্দিষ্ট,সংলাপ কণ্ঠস্থ,নিজৰ অভিনীত চৰিত্ৰটো সম্পৰ্কত ধাৰণা সুন্দৰ হ’লেও যান্ত্ৰিকভাৱে আৰু কেৱল মগজু খটুৱাই কৰা অভিনয় জীৱন্ত নহয় বুলি মোৰ ধাৰণা।মই ভাৱো এইক্ষেত্ৰত মোৰ অভিনয় প্ৰশিক্ষণে মোক সহায় কৰিছে।

য়েল স্কুলৰ প্ৰশিক্ষণ সম্পৰ্কত…

অভিনয়ৰ কোনো বিশেষ বিদ্যালয়ৰ ওপৰত মোৰ বিশ্বাস নাছিল।মঞ্চত অভিনয় কৰি মই ডাঙৰ হৈছো।মা মোৰ বাবে অৱশ্যেই প্ৰেৰণা।নাট্যাভিনয়ৰ বিদ্যালয়লৈ যোৱা সন্দৰ্ভত মই নিশ্চিত নাছিলো আৰু শিক্ষা লৈ ভাৰতলৈ উভতি অহাৰ পাছত এই শিক্ষা বাস্তবিকতে কামত আহিবনে বুলি দোমোজাত আছিলো।বিদেশত থাকি কাম কৰাৰ সিদ্ধান্ত ললে নিশ্চিতভাৱে এই শিক্ষাই মোক সহায় কৰিলেহেতেন কিন্ত্ত দেশত ইয়াৰ পৰা কিবা লাভ হবনে এই কথাটো লৈ অনিশ্চয়্তাত আছিলো। কিন্ত্ত মোৰ বিদেশ যোৱাটো হৈ উঠিল আৰু নিম্ন স্নাতক পৰ্যায়তে অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ ললো। ইয়াতেই মই বিভিণ্ণ চিন্তাৰ পাঠশালা যেনে-চেখভ,ষ্টেলা এডলাৰ বা লী স্ত্ৰেছবাৰ্গৰ সৈতেও পৰিচিত হলো।কিন্ত্ত মোৰ এটা অনুভৱ হ’ল যে নিজৰ পথত তেওঁলোক প্ৰত্যেকেই শুদ্ধ যদিও প্ৰতিজন অভিনয়শিল্পী নিজস্ব প্ৰতিভাৰ হে পৰিমাৰ্জন কৰে।ইয়াৰ ফলতেই অভিনেতা-অভিনেত্ৰী গৰাকী সুকীয়া গুণৰ অধিকাৰী হয়। মই মেৰীল ষ্টীপৰ দৰে অভিনেত্ৰীৰ প্ৰশংসা কৰোঁ কিয়নো কেৰিয়াৰৰ প্ৰায় সময়খিনিতে অভিনয়ৰ পূৰ্নতা বজাই ৰাখিবলৈ সক্ষম হৈছে।চৰিত্ৰৰ সৈতে একাত্ম হৈও নিজস্বতা বজাই ৰখা –এই সন্ত্তলন ৰক্ষাৰ কাম অতি কৌশলপূৰ্ণ

image


ভাৰতীয় চলচিত্ৰ আৰু নাট্য উদ্যোগত এগৰাকী নাৰী হিচাবে…

এই সমাজখন পুৰুষকেন্দ্ৰিক।এতিয়া ইয়াৰ পৰিৱৰ্তন ঘটিবলৈ লৈছে।বিদ্যা বালানৰ দৰে অভিনেত্ৰীসকলে এনে পৰিৱৰ্তনত ইন্ধন যোগাইছে।মোৰ মাও সফলতাৰ আন এক উদাহৰণ।মই ভাৱো পুৰুষৰ দৰেই আমি নাৰীসকলৰো বহু প্ৰতিভা আছে যাক বাট দেখুওৱা আৱ্শ্যক।মই এইটোও ভাৱো যে চলচিত্ৰ উদ্যোগে শিল্পীৰ বাহ্যিক ৰুপৰ সলনি প্ৰতিভাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত।অৱশ্যে এটা কথা মানিবই লাগিব যে সম্প্ৰতি চলচিত্ৰ জগতত এনে বহু শিল্পী আছে যিসকল দেখাত অতি সুন্দৰ নহয় অথচ অতি প্ৰতিভাবান আৰু বুদ্ধিমান অভিনেতা অভিনেত্ৰী হিচাবে সমাদৃত।এই দিশটোক আমি উৎসাহিত কৰা উচিত। মোৰ ধাৰণা অভিনয় ক্ষেত্ৰৰ যুৱ্তী সকলে এতিয়া এই কলাত আপোচ কৰাৰ পৰিৱৰ্তে গভীৰভাৱে মনোনিবেশ কৰা উচিত।চুপাৰষ্টাৰ হোৱাৰ লক্ষ্য লোৱাৰ বিপৰীতে নিজৰ প্ৰতি আৰু নিজৰ কামৰ প্ৰতি তেওঁলোক সত্যনিষ্ঠ হোৱা উচিত।অন্ততঃ মোৰ বাবে এয়া অতি প্ৰয়োজনীয় কথা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ইৰা ডুবে-বাহ্যিক ৰুপৰ পৰিৱৰ্তে প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰক

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্বাজ

Add to
Shares
14
Comments
Share This
Add to
Shares
14
Comments
Share
Report an issue
Authors

Related Tags