এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক

এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক

Wednesday June 28, 2017,

2 min Read

দুই দশক আগতে এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক আছিল ভি কাথিৰেচন । ৫৫ বছৰীয়া কাথিৰেচন আজি তামিলনাডুৰ অৰিগনাৰ আন্না চৰকাৰী কলা মহাবিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক । তেওঁৰ এই উত্তৰণৰ আঁৰত আছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ অনুপ্ৰেৰণা ।

Image Source: The Weekend Leader

Image Source: The Weekend Leader


১৯৭৯ চনত কাথিৰেচনে ভূপালত ইলেক্ট্ৰিকেল মেকানিক হিচাপে প্ৰশিক্ষণ লৈছিল । ডিফেন্স ৰিছাৰ্চ এণ্ড ডিভেলপমেন্ট লেবৰেটৰীয়ে তেওঁক কালামৰ গাড়ীচালক আৰু সহায়ক হিচাপে ৮০ৰ দশকত নিযুক্তি দিয়ে । ১৯৯১ চনলৈ তেওঁ কালামৰ সৈতে আছিল । তেওঁ কয়,

মই চাৰে পাঁচ বছৰ তেখেতৰ বাবে গাড়ীচালকৰ কাম কৰিছিলো । তেখেত এজন অতি ভাল মানুহ আছিল আৰু আজি মই যি স্থানত আছো সেয়া তেখেতৰ বাবেই সম্ভৱ হৈছে। 


কাথিৰেচনে বাতৰি কাকত, আলোচনী আৰু কিতাপ পঢ়ি থকা দেখি কালামে তেওঁক উচ্চ শিক্ষা লবলৈ অনুপ্ৰাণিত কৰিছিল আৰু আৰ্থিক সহায়ো কৰিছিল ।

কালামে ডিআৰডিএলৰ কৰ্মচাৰীসকলক সদায় আগবাঢ়ি যাবলৈ উৎসাহ দিছিল । কাথিৰেচনে কয়, "মই সদায় মোৰ শিক্ষা শেষ কৰিব বিচাৰিছিলো । মোৰ পিতৃবিয়োগৰ পাছত মই শিক্ষা বাদ দিবলগীয়া হৈছিল ।"

পাছলৈ কালাম দিল্লীলৈ গুছি যোৱাৰ পাছতো কাথিৰেচনে শিক্ষালাভ অব্যাহত ৰাখিছিল । দশম শ্ৰেণীৰ শিক্ষাৰ পাছত তেওঁ উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা লাভ কৰে ।

১৯৯৬ চনত তেওঁ ডি আৰ ডি এলৰ চাকৰি বাদ দি তিৰুনেভেলিৰ মূখ্য শিক্ষা বিষয়াৰ কাৰ্যালয়ত ছুপাৰভাইজাৰ পদত যোগদান কৰে আৰু সেই সময়তে পি এইছ ডি ডিগ্ৰী লাভ কৰে । ইয়াৰ পাছত তেওঁ অৰিগনাৰ আন্না চৰকাৰী কলা মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰূপে যোগদান কৰে ।

"ডি আৰ ডি এলৰ চাকৰি বাদ দিয়াৰ খবৰ মই তেখেতক জনাইছিলো আৰু তেওঁ ইয়াৰ উত্তৰ দিয়া দেখি মোৰ বেছ ভাল লাগিছিল । ইতিমধ্যে তেওং দেশৰ ৰাষ্ট্ৰপতি হৈছিল । তেওঁৰ সেই চিঠিখন এতিয়াও মোৰ লগত আছে ।" তেওঁ কয় ।

এই সময়ছোৱাত তেওঁ নিশা পঢ়া-শুনা কৰিছিল আৰু তেওঁৰ পত্নীয়ে তেওঁক পূৰ্ণ সমৰ্থন দিছিল । তেওঁ কয়, "মোৰ পিতৃৰ কিছু মাটি আছিল আৰু সেইবাবে মোৰ পত্নীয়ে মোৰপৰা পইছা নোপোৱাকৈ ঘৰ চলাই নিব পাৰিছিল । "

কালামৰ কথা সুঁৱৰি তেওঁ কয়, "তেখেতৰপৰা পোৱা সমৰ্থন মোৰ জীৱনত আছিল অতি গুৰুত্বপূৰ্ণ । তেওঁ তেওঁৰ কৰ্মচাৰীসকলৰ ক্ল্যাণক লৈ সদায় সজাগ আছিল ।"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মহানগৰীত ৰেষ্টোৰাঁ আৰু গ্ৰাহকৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে এটা এপভিত্তিক সেৱাই

৬ বছৰীয়া মিনি ব্ৰুচ লী ৰিয়ুজি ইমা

১ টকা মূলধনেৰে আৰম্ভ হৈছিল অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ ৪৫০ কোটি টকীয়া ব্যৱসায়