কাৰ্টোছেট-২ ছিৰিজৰ ৩০ টা উপগ্ৰহৰ উৎক্ষেপন

কাৰ্টোছেট-২ ছিৰিজৰ ৩০ টা উপগ্ৰহৰ উৎক্ষেপন

Monday June 26, 2017,

2 min Read

শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি৩৮ মহাকাশ যানেৰে শুকুৰবাৰে কাৰ্টোছেট-২ ছিৰিজৰ মুঠ ৭১২ কেজি ওজনৰ ৩০টা উপগ্ৰহ সফলতাৰে উৎক্ষেপন কৰে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে। এয়া পিএছএলভিৰ ধাৰাবাহিক ৩৯সংখ্যক সফল অভিযান।

পুৱা ৯.২৯ বজাত পিএছএলভি-চি৩৮ৰ উৎক্ষেপন কৰা হয়। ১৬ মিনিটৰ পাছতে মহাকাশ যানখনে ৫০৫ কিলোমিটাৰ দূৰত্বৰ কক্ষপথত অৱতৰণ কৰে আৰু ৭ মিনিট ৩০ ছেকেণ্ডৰ ভিতৰত ৩১টা উপগ্ৰহে পূৰ্ব নিৰ্ধাৰিত সূচীমতে পৃথক কক্ষপথত গতি কৰে। এই উপগ্ৰহসমূহৰ ভিতৰত এনআইইউএছএটিসহ ২৯টা অন্য দেশৰ উপগ্ৰহ আছে। পিএছএলভিয়ে দ্বাৰা উৎক্ষেপিত ভাৰতীয় উপগ্ৰহৰ সংখ্যা বৰ্তমান ৪৮টা হৈছেগৈ।

image


পৃথকীকৰণ পাছত কাৰ্টোছেট-২ ছিৰিজৰ উপগ্ৰহসমূহ নিজ নিজ কক্ষপথত গতি কৰাৰ লগতে এইবোৰ বাংগালুৰুস্থিত ISTRAC কেন্দ্ৰৰ পৰা নিয়ন্ত্ৰণ সম্ভৱ হৈ পৰিছে। অনাগত দিনত এই উপগ্ৰহবোৰে চূড়ান্তভাৱে কাৰ্যক্ষম হৈ পৰিব আৰু ইয়াৰ পেনক্ৰমেটিক (ক’লা আৰু বগা) আৰু বহুদূশ্যমুখী(ৰঙীন) কেমেৰাৰ সহায়ত বিভিন্ন ৰিমোট ছেনছিং সেৱা আগবঢ়াবলৈ সক্ষম হ’ব।

পিএছএলভি-চি৩৮এ কঢ়িয়াই নিয়া ৩০টা সহযোগী উপগ্ৰহৰ ভিতৰত তামিলনাডুৰ নুৰুল ইছলাম বিশ্ববিদ্যালয়ৰ এনআইইউএছএটিৰ ওজন আছিল ১৫ কেজি। যানখনে কঢ়িয়াই নিয়া বাকী ২৯টা উপগ্ৰহ হ’ল ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ(১০), ব্ৰিটেইন(৩), বেলজিয়াম(৩), ইটালী(৩), অষ্ট্ৰেলিয়া(১), চিলি(১), চেক গণৰাজ্য(১), ফিনলেণ্ড(১), ফ্ৰান্স(১), জা্মানী(১), জাপান(১), লাটভিয়া(১), লিথুৱানিয়া(১) আৰু শ্ল’ভেকিয়া(১)।

এই সফল উৎক্ষেপনৰ জৰিয়তে ভাৰতীয় মহাকাশ কেন্দ্ৰৰ মহাকাশ যান পিএছএলভিয়ে কক্ষপথত স্থাপন কৰা বিদেশী উপগ্ৰহৰ সংখ্যা ২০৯টা হৈছেগৈ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাতা নৰেশ গোয়েলে ষ্ট্ৰীটলাইটৰ পোহৰত পঢ়িছিল

আইছিছৰ যৌন দাসী নাদিয়া মুৰাদ এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ