বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে
March 05, 2016, Updated on : Thu Sep 05 2019 07:18:13 GMT+0000

- +0
- +0
বেঞ্জামিন ফ্ৰেংকলিন আছিল আমেৰিকাৰ এগৰাকী পিতৃ পুৰুষ। তেওঁ আধুনিক বিশ্বৰ ইতিহাসৰো এগৰাকী প্ৰভাৱশালী ব্যক্তি আছিল। আমেৰিকাৰ সংবিধানখনৰ প্ৰনয়নৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ উপৰিও তেওঁ সকলো প্ৰদেশক একত্ৰিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ গঠন কৰাতো অআগভাগ লৈছিল। তদুপৰি তেওঁ আছিল বহুমুখী প্ৰতিভাৰ আকৰ। তেওঁ আছিল আৱিস্কাৰক, বিজ্ঞানী, ব্যৱসায়ী, কুটনীতিবিদ আৰু বহুতো কিবা কিবি। ইমানবোৰ প্ৰতিভাৰ এগকাৰী মানুহৰ বাবে সময় ব্যৱস্থাপনা অতি কঠিন আছিল নিশ্চয়। কিন্তু বেঞ্জামিন ফ্ৰেংকলিন আছিল এগৰাকী প্ৰতিভাধৰ ব্যৱস্থাপক। তেওঁ সময়ৰ সদ্ব্যৱহাৰ অতি পটুতাৰে কৰিবলৈ সক্ষম হৈছিল।
ষ্টাৰ্ট আপৰ ক্ষেত্ৰতো কথাবোৰ বৰ পৃথক নহয়। হাতত ইমান বেছি কাম আৰু দিনান্তত প্ৰায়েই সময়ৰ অপচয় আৰু হৈ উঠা কামৰ হিচাপ। বেঞ্জামিন ফ্ৰেংকলিন আছিল সময়ৰ সৈতে মিলাই কৰ্মৰ তালিকাকৰণত বা কৰ্মসূচী প্ৰস্তুতকৰণত অতি দক্ষ আৰু সেইবাবেই তেওঁৰ মৃত্যুৰ পিছতো কেইবা শতিকালৈকে বিশ্বৰ নেতাসকলে তেওঁৰ সময়ৰ সদব্যৱহাৰৰ পদ্ধতিক অনুসৰণ কৰিছিল।

কৰ্মৰ তালিকাকৰণ হৈছে আপোনাৰ কাম সুকলমে সিদ্ধি কৰাৰ এটা উত্তম উপায়। কৰ্মসূচী বা তালিকাই আপোনাক সময়ৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰে। কৰ্মসমূহৰ বিপৰীতে প্ৰয়োজনীয় সময়ৰ সঠিত সূচী লিপিবদ্ধ কৰি গ'লে সহায়ক হয়। সৰহ সংখ্যক লোকেই ডায়েৰীত তেওঁলোকৰ দিনটোৰ ঘটনাক্ৰম লিখি যায়,কিন্তু আপোনাৰ দিনটোৰ কৰ্ম আৰু সময়ৰ হিচাপ লিখি থৈ দিয়াটো বেছি ফলপ্ৰসূ হয়। ই ভৱিষ্যতে আপোনাক সহায় কৰে।
এখন কৰ্মসূচীয়ে আপোনাক দৈনন্দিন জীৱনৰ তথ্যাৱলী লিখি ৰখাত সহায় কৰাৰ উপৰিও আপোনাক দিনটোৰ সঠিক ব্যৱস্থাপনা আৰু পৰিকল্পনাতো সহায় কৰিব। দৈনিক কৰ্মসূচী প্ৰস্তুত কৰাৰ দুটা পদ্ধতি আছে। হয়তো আপুনি কৰি যোৱা কামবোৰ প্ৰয়োজনীয় সময়ৰ তথ্য সহকাৰে লিখি যাওক অথবা দিনটোৰ পৰিকল্পনা আগতিয়াকৈ লিখি থওঁক,যেনে কিমান সময়ত বিচনাৰ পৰা উঠিব,কিমান সময়ত কত যাব,কি কৰিব ইত্যাদি। দিনটোৰ কৰ্মময়তাৰ বাবে কোনো দাৰ্শনীক তত্বৰ সহায় লোৱাৰ প্ৰয়োজন নাই। প্ৰাথমিকভাবে এই কামটো বিৰক্তিকৰ যেন লাগিলেও লাহে লাহে ই অভ্যাসত পৰিণত হৈ পৰিব।
বেঞ্জামিন ফ্ৰেংকলিনে তেওঁৰ ডায়েৰীখনক দুটা ভাগত বিভক্ত কৰিছিল। পৃষ্ঠাটোৰ বাওঁফালে তেওঁ দিনটোৰ ভিতৰত কৰা এটা ভাল কামৰ বিষয়ে লিখিছিল আৰু সন্ধিয়া সেই কামটোৰ কথা ভাবিছিল। ডায়েৰীটোৰ কেন্দ্ৰত আছিল তেওঁ সাৰে থকা সময়খিনিৰ কৰিবলগীয়া কামৰ পৰিকল্পনাৰ তালিকা। সোঁফালে আন লোকসকলে প্ৰতিটো ঘন্টাত কি কৰিলে সেই কথা লিখাৰ ব্যৱস্থা আছিল। আন এটা চমৎকাৰ কথা আছিল যে তেওঁ আজৰি সময় কটোৱা প্ৰতিটো ঘন্টাৰ তথ্যও লিখি থৈছিল। এইটোৱে তেওঁ বিৰতি লোৱা বা একো নকৰাকৈ কটোৱা সময়খিনিৰো লেখ-জোখ তেওঁক দিছিল। অধিক কৰ্মক্ষম হবৰ বাবে পৰ্যবেক্ষন অতি প্ৰয়োজনীয়। আপুনি কি কৰিছে সেই কথা লিখি যোৱাতকৈ ভাল কথা আৰু কি হ'ব পাৰে! আপুনি বিভিন্ন উপলব্ধ আহিলাৰে অনলাইন নোট কৰাৰ ব্যৱস্থাও কৰিব পাৰে অথবা সেই পুৰণিকলীয়া লিপিবদ্ধ কৰা পদ্ধতিও অৱলম্বন কৰিব পাৰে। এতিয়া আপুনি জানে যে এখন নোটবুক লাগিব আৰু আজিৰে পৰা দিনটো অধিক কৰ্মময় আৰু কৰ্মক্ষম কৰি তোলাৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰাত লাগি যাওঁক।
মূলঃ আদিত্য ভূষণ দ্বিবেদী
অনুবাদঃপ্ৰাঞ্জল শৰ্মা
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
সুস্থ সমাজৰ বাবে মাতৃৰ সুস্থতাৰ বাণী বিলাইছে 'Fitness Mom' দলি কাকতিয়ে
বিদ্যালয়ৰ মূখ নেদেখা ৰবি ৰায়ে কাঠৰ বিকল্পৰে কৰিছে পৰিবেশ সংৰক্ষণ
দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে
জীৱনৰ প্ৰথম লক্ষ্যত উজুটি খাই হতাশ নোহোৱা কোটিপতি ব্যৱসায়ী সৌম্যা গুপ্তা
- +0
- +0