গুৱাহাটীত অনন্য হৈ উঠিছে জয়িতা কৰ চৌধুৰীৰ বেকাৰী এণ্ড কনফেকশ্বনাৰী ‘ডেলিচ’
কল্পনা কৰকচোন আপুনি ব্ৰেকফাষ্ট কৰিছে এটা ঘৰিয়ালেৰে, সন্ধিয়াৰ চাহ কাপ খাইছে এটা কাছৰে! কেনে লাগিব বাৰু? এতিয়া গুৱাহাটীত আপুনি তেনে বিলাসিতা সহজেই পুৰণ কৰিব পাৰিব । অৱশ্যে তাৰ কাৰণে আপুনি এই প্ৰাণীসমূহৰ অনিষ্ট কৰাৰ প্ৰয়োজন নাই । হেঙেৰাবাৰীৰ ‘ডেলিচ’ নামৰ বেকাৰী এণ্ড কনফেকশ্বনাৰীখনে আপোনাৰ তেনে আশা পুৰণ কৰিবলৈ প্ৰস্তুত কৰি আহিছে কাছ, ঘৰিয়াল আদিকে ধৰি আকৰ্ষণীয় বিভিন্ন আকৃতিৰ ব্ৰেড। লগতে জন্মদিন, বিবাহবাৰ্ষিকী আদি বিশেষ দিন বোৰত আপুনি কাৰোবাক তেওঁৰ ফ’টো সম্বলিত কেক উপহাৰ দিব বিচাৰে নেকি? ইয়াৰো সমাধান আপুনি পাব ‘ডেলিচ’ত। ২০১৩ চনৰ জুলাই মাহত সেই সময়ৰ উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে উদ্বোধন কৰা ‘ডেলিচ’ এতিয়া গুৱাহাটী মহানগৰীৰ বহু লোকৰ বাবে নিৰ্ভৰযোগ্য তথা এক চিনাকী নাম। উৎকৃষ্ট মানৰ ব্ৰেড, কে’ক আদি বেকাৰী সামগ্ৰী উৎপাদনেৰে গুৱাহাটীৰ এনে ধৰণৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ ভিতৰত অনন্য হৈ উঠা ডেলিচৰ আঁৰত আছে এগৰাকী মহিলা।

জয়িতা কৰ চৌধুৰী। গুৱাহাটীৰ হেঙেৰাবাৰীত জন্ম জয়িতা কৰ চৌধুৰীৰ। ডিব্ৰুগড়ত প্ৰাথমিক শিক্ষাৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীলৈকে শিক্ষা গ্ৰহণ কৰা জয়িতা কৰ চৌধুৰী বিয়াও হৈছে ডিব্ৰুগড়লৈকে। কিন্তু জয়িতাৰ কৰ্মস্থান- জন্মস্থান গুৱাহাটীৰ হেঙেৰাবাৰীত। ২০০১ চনতে ঘৰতে বেকাৰী আৰম্ভ কৰিছিল জয়িতাই। ঘৰতে প্ৰস্তুত কৰা ব্ৰেড, কেক, বিস্কুট নিছিল গুৱাহাটীৰ বিভিন্ন দোকান-পোহাৰ, হোটেলে। ইয়াৰ লগতে কেটাৰিঙৰ ব্যৱসায় কৰিছিল জয়িতাই। বিভিন্ন বেংক, ব্যৱসায়িক কোম্পানী বা অন্যান্য অনুষ্ঠানৰ কনফাৰেন্স, বৈঠক আদিত ঘৰতে প্ৰস্তুত কৰা ইণ্ডিয়ান, চাইনিজ তথা কনটিনেটেল ফুড যোগান ধৰি নিজৰ ব্যৱসায় চলাই গৈছিল। সমান্তৰাল ভাবে জয়িতাই য’তেই যি নতুন খাদ্য দেখিছিল শিকাৰ চেষ্টা কৰিছিল। ভ্ৰমণ বিলাসী জয়িতাই দিল্লী, কলকতা, মুম্বাই য’তেই নাযাওক কিয় নামী দামী চেফ্ সকলক সাক্ষাৎ কৰাৰ চেষ্টা কৰিছিল, কিবা এটা শিকাৰ চেষ্টা কৰিছিল। NSIC (National Small Scale Industries Corporation) ৰ উদ্যোগত বেকিঙেৰে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্ৰীৰ ওপৰত কলকতা আৰু দিল্লীত প্ৰশিক্ষণো গ্ৰহণ কৰিছে জয়িতাই। ইয়াৰ মাজতে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ব বিদ্যালয়ৰ পৰা ‘ফুড এণ্ড নিউট্ৰিছন’ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লয় জয়িতাই। ঘৰৰ পৰাই বেকাৰীৰ ব্যৱসায় চলাই থকাৰ সময়ত জয়িতাই বিভিন্ন স্থানত হোৱা কে’কৰ প্ৰদৰ্শনীতো ভাগ লৈছিল । গুৱাহাটীত অনুষ্ঠিত হোৱা ‘কুকিং কমপিটিশ্বনটো’ এটা বৰ্ষত জয়িতাই প্ৰথম পুৰস্কাৰ পাইছিল। পৰবৰ্তী সময়ত জয়িতাই বিভিন্ন কৰ্মশালাত প্ৰশিক্ষক হিচাপে আগ্ৰহী সকলক প্ৰশিক্ষণ দিয়ে। গুৱাহাটীৰ নেডফি হাউছত কেইবাটাও কৰ্মশালাত প্ৰশিক্ষক হিছাপে আছিল জয়িতা কৰ চৌধুৰী। এতিয়াও বিভিন্ন স্থানত হোৱা কৰ্মশালাত ভাগ লয় জয়িতাই। কাৰণ, জয়িতাৰ ভাষাতেই- “সৃষ্টিশীল ক্ষেত্ৰত সদায়ে নতুন নতুন সংযোগ ঘটি থাকে, সময়ৰ সৈতে আগবাঢ়ি যাবলৈ এনে কৰ্মশালাত ভাগ লোৱা খুবেই প্ৰয়োজন, কাৰণ এনেবোৰ কৰ্মশালাত বিভিন্ন ঠাইৰ পৰা মানুহ আহে, আন ঠাইত কি কি নতুন হৈ আছে জনা যায়।”
২০১৩ চনত নিজৰ ব্যৱসায় কিছু বহল কৰি উৎপাদন বঢ়োৱাৰ কথা ভাবিলে জয়িতাই। সিদ্ধান্ত ল’লে এখন বিপণী খোলাৰ। সেইবছৰৰে জুলাই মাহত আৰম্ভ হ’ল ‘ডেলিচ’। গুৱাহাটীৰ হেঙেৰাবাৰীৰ নৱোদয় ক্লাবৰ সমীপতে থকা ডেলিচে গুৱাহাটীত প্ৰথম ‘ফটোকেক’ৰ আৰম্ভণি ঘটালে। তাৰ পিছত আৰু পিছলৈ ঘুৰি চাব লগা হোৱা নাই ডেলিচ তথা জয়িতা কৰ চৌধুৰীয়ে। জয়িতা কৰ চৌধুৰীৰ মতে ডেলিচৰ জনপ্ৰিয়তাৰ আঁৰত আছে উৎপাদিত সামগ্ৰীৰ মান। ডেলিচত উপলব্ধ নতুন নতুন ধৰণৰ ব্ৰেড, কে’কো আকৰ্ষণৰ আন এক কাৰণ। জয়িতা কৰ চৌধুৰীৰ ভাষ্য অনুসৰি সময় অনুযায়ী ডেলিচত প্ৰস্তুত কৰা হয় মুঠ ২২ বিধ ব্ৰেড। ডেলিছৰ মছালা ব্ৰেড খুবেই জনপ্ৰিয়। পনীৰ ব্ৰেড, মিল্ক ব্ৰেড আদিও সতকাই গুৱাহাটীৰ অন্য স্থানত পোৱা নাযায়। ডেলিচত বৰ্তমান ১৮ জনকৈ কৰ্মচাৰীয়ে কাম কৰে। গ্ৰাহকৰ অৰ্ডাৰৰ লগতে বিভিন্ন হোটেল দোকানলৈ প্ৰতিদিনে যোৱা ব্ৰেড,বিস্কুট, কে’ক প্ৰস্তুত কৰে নিয়মিত ভাবে। লগতে ডেলিচৰ কৰ্ণাৰত সজোৱা সামগ্ৰীবোৰতো আছেই। ইতিমধ্যে উল্লেখ কৰা ঘড়ীয়াল, কাছ আদি বিভিন্ন আকৃতিৰ ব্ৰেড প্ৰস্তুত কৰি সদায়ে সৃষ্টিশীল নতুন কিবা এটা কৰাৰ চেষ্টা কৰে ডেলিচে। এনেধৰণৰ ব্ৰেড কেইদিনমানৰ বাবে প্ৰস্তুত কৰি আকৌ নতুন ধৰণে কিবা এটা প্ৰস্তুত কৰাৰ চেষ্টাত ব্ৰতী হয় জয়িতা। কৰ্মচাৰী সকলে জয়িতাৰ প্ৰত্যক্ষ নিদেৰ্শত এটা ঘৰুৱা পৰিবেশত কাম কৰি যায়। মানৰ ক্ষেত্ৰত জয়িতাই কয়-“ মোৰ প্ৰথম লক্ষ্যটোৱেই হ’ল মান। ব্যৱসায় চলিবই লাগিব, কিন্তু মানৰ ক্ষেত্ৰত মই কেতিযাও নমনীয় নহওঁ। প্ৰতিটো নতুন বস্তুৰেই প্ৰথমে মই নিজে স্বাদ লওঁ, তাৰ পিছতহে গ্ৰাহকৰ বাবে মুকলি কৰি দিওঁ।”

এতিয়া জয়িতাৰ উৎপাদিত সামগ্ৰী গুৱাহাটীৰ কেইবাখনো নামী দামী হোটেললৈ নিয়মিত ভাবে যায়। মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ ঘৰুৱা অনুষ্ঠানতো স্থান চলে ডেলিচত প্ৰস্তুত হোৱা কে’কহে।
শেহতীয়া ভাবে এক আশাব্যঞ্জক পৰিকল্পনা হাতত লৈছে জয়িতা কৰ চৌধুৰীয়ে।“চৰকাৰৰ উদ্যোগত বেকাৰীৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত দহ- বাৰ দিনীয়া বা এমহীয়া যিবোৰ কৰ্মশালা হয়, তাৰ পৰা ন-শিকাৰুৰ বিশেষ লাভ হয় বুলি মই নাভাবোঁ। সেই বাবেই মই নিজে দীৰ্ঘ ম্যাদী প্ৰশিক্ষণৰ কথা চিন্তা কৰিছো।”-নিজৰ পৰিকল্পনা কথা এনেদৰে ক’লে জয়িতা কৰ চৌধুৰীয়ে। জয়িতাৰ পৰিকল্পনা অনুসৰি ৪-৫ গৰাকী প্ৰশিক্ষাৰ্থীক এবছৰ ধৰি বিনামুলীয়াকৈ প্ৰশিক্ষণ দিব তেওঁ। থকা- খোৱাৰ সকলো সুবিধা দি এই এবছৰত নিজে নিজৰ ঠাইত বেকাৰী খুলিব পৰাকৈ প্ৰস্তুত কৰি তুলিব প্ৰশিক্ষাৰ্থী গৰাকীক। ২০১৬চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই তেওঁৰ প্ৰশিক্ষণ আৰম্ভ কৰাৰ কথা। অৱশ্যে জয়িতা কৰ চৌধুৰীৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰা বহু যুৱক যুৱতীয়ে ইতিমধ্যে নিজে বা অন্য প্ৰতিস্থানত কাম কৰিছেগৈ।

জয়িতা কৰ চৌধুৰীৰ অধ্যয়নৰত কণ্যা শ্বেৰীল কৰেও নিজে যি পাৰে সহায় কৰে মাকৰ ব্যৱসায়ত। ডেলিচ কৰ্ণাৰত থকা সকলো গ্ৰাফিক্স ডিজাইনিং কৰিছে শ্বেৰীলে।
এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
এইধৰণৰ অন্যান্য কাহিনী
এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন
জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি বিশ্বজুৰি সমাদৰ লাভ কৰিছে লখিমপুৰৰ গোবিন হাজৰিকাই
উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে
কল চেন্টাৰৰ পৰা লাখটকীয়া উপাৰ্জনকাৰী ব্লগাৰলৈ – হৰ্ষ আগৰৱালাৰ যাত্ৰা