ব্ৰহ্মপুত্ৰ উপত্যকাত শান্তিৰ কাৰণে ষ্টার্টআপৰ এনে বহু যুদ্ধৰ প্ৰয়োজন...

ব্ৰহ্মপুত্ৰ উপত্যকাত শান্তিৰ কাৰণে ষ্টার্টআপৰ এনে বহু যুদ্ধৰ প্ৰয়োজন...

Sunday February 21, 2016,

4 min Read

এল.চি.ডি স্ক্ৰীণখনৰ সন্মূখত অমিত ৱার্মাৰ সৈতে ৰৈ নীৰজ পাৰেখে কৈ গৈছে কেনেকৈ তেওঁলোকে ২০১৩ চনৰে পৰা গুৱাহাটীৰ কাষৰীয়া পানীখাইতিত প্ৰায় ৪২ জনী গাইগৰু বিজ্ঞানসন্মতভাৱে প্ৰতিপালন কৰি মহানগৰীৰ পাঁচ প্ৰমূখ অঞ্চলৰ প্ৰায় ৩০০ ঘৰ মানুহক বিশুদ্ধ গাখীৰৰ যোগান ধৰি আহিছে৷ তেওঁলোক দুয়ো পৰিচালনা কৰা ফার্মখনৰ নাম হ’ল ‘উমানন্দ ডেইৰী’৷ তেওঁলোকৰ উদ্দেশ্য উত্তৰ-পূর্বাঞ্চলৰে সর্ববৃহৎ দুগ্ধ উৎপাদন কেন্দ্ৰ এটা প্ৰতিষ্ঠা কৰা৷ ব্যৱসায়ৰ পৰিকল্পনাৰ বিষয়ে এই কথাখিনি তেওঁলোকে ২০ ফেব্ৰুৱাৰী তাৰিখে বর্ণনা কৰিছিল কটন কলেজৰ প্ৰশাসনীয় ভৱন সংলগ্ন প্ৰেক্ষাগৃহত৷ উপলক্ষ্য আছিল ষ্টার্টআপ অসমে আয়োজন কৰা ‘ষ্টার্টআপ অৱ দ্য ব্ৰহ্মপুত্ৰ ভেলী’ শীর্ষক ‘ব্যৱসায়িক পৰিকল্পনা প্ৰতিযোগিতা’৷ উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ ডিজিটেল মিডিয়া পাৰ্টনাৰ আছিল য়'ৰ ষ্ট'ৰী। ‘সঞ্জীৱ কুমাৰ গগৈ’ৰ সোঁৱৰণত আয়োজন কৰা এই প্ৰতিযোগিতাত প্ৰায় একুৰি ন উদ্যমীয়ে ভাগ লৈছিল৷

image


প্ৰতিযোগিতাখনত এই আটাইকেইটা উদ্যমী গোষ্ঠীয়ে প্ৰথমে ২ মিনিটকৈ নিজৰ ব্যৱসায়িক পৰিকল্পনাৰ বিষয়ে কোৱাৰ সুযোগ পাইছিল৷ প্ৰত্যেকৰে পৰা থুলমূলকৈ তেওঁলোকৰ ব্যৱসায়িক পৰিকল্পনাবোৰৰ বিষয়ে শুনাৰ পিছত ছজনীয়া বিচাৰক মণ্ডলীয়ে ১০ টা উদ্যমী গোষ্ঠীক দ্বিতীয় পর্যায়লৈ বাছনি কৰিছিল৷ বিচাৰক মণ্ডলীৰ আসন শুৱনি কৰা এই ছগৰাকী ব্যক্তি আছিল যথাক্ৰমে, DY365 চেনেলৰ পৰিচালন সঞ্চালক দ্বীপান্বিতা জয়চোৱাল, ইণ্ডিয়ান অভাৰচিজ বেঙ্কৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক সমীৰ বৰুৱা, ষ্টার্টআপ অসমৰ পৃষ্ঠপোষক অমিতাভ বৰুৱা, কটন কলেজৰ ছাত্ৰ আৰু নিযুক্তি কোষৰ ৰুমা তালুকদাৰ, মানুহ আৰু বিজ্ঞান সমিতি অসমৰ সভাপতি বোদ্ধেশ্বৰ গগৈ আৰু আই.আই.ই. ৰ সঞ্চালক মনোজ দাস৷

image


দ্বিতীয়টো ধাপৰ ১০ গৰাকী প্ৰতিযোগীয়ে ৮ মিনিটকৈ বিস্তাৰিতভাৱে নিজৰ আঁচনিৰ কথা কোৱাৰ পিছত বিচাৰকে সোধা তেওঁলোকৰ পৰিকল্পনা সম্পর্কীয় বিভিন্ন প্ৰশ্নৰ সন্মূখীন হৈছিল৷

এইটো ধাপটো নিৰজ আৰু অমিতৰ দৰে আই.আই.টি. গুৱাহাটীৰ কেইবাজনো ছাত্ৰ ক্ৰমে অঙ্কিত চহৰ, প্ৰবল জৈন, ৰৌনক অগ্ৰৱাল, উমঙ্গ পাৰধিৰ হৈ ‘স্কুলমেট’ শীর্ষক তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে উপস্থাপন কৰিছিল অমন ডালমিয়াই৷ অমন ডালমিয়াই কৈছিল কেনেকৈ তেওঁলোকে বিকশিত কৰা ‘এপ’টো স্কুল সমূহে ব্যৱহাৰ কৰিবলৈ ল’লে স্কুলত ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বিষয়টোলৈ মাক-দেউতাকৰ উদ্বিগ্নতা একেবাৰেই নাইকিয়া হৈ পৰিব৷ সাৱলীল ভঙ্গীত অমনে কৈ যোৱা কথাবোৰে বিচাৰক মণ্ডলিৰ লগতে সভাগৃহত উপস্থিত সকলো অভিভাৱককে আস্বস্ত কৰিছিল৷

সেইদৰে, মানুহৰ ৰোগ সমন্ধীয় সকলো সমস্যাৰে সমাধান আগবঢ়োৱাৰ প্ৰয়াস কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া ‘অক্সিস্কোৱাৰ’ৰ নৱজ্যোতি দাস, বিকাশ গগৈ আৰু অভিনৱ কুম্বাঙে তেওঁলোকৰ ব্যৱসায়িক মডেল উপস্থাপন কৰে৷

ইয়াৰ উপৰিও মানুহৰ দৈনন্দিন প্ৰয়োজনৰ বিভিন্ন খণ্ডক সামৰি বিচিত্ৰ ব্যৱসায়িক পৰিকল্পনাৰ কথাবোৰে প্ৰেক্ষাগৃহত উপস্থিত সকলকো যথেষ্ট নতুন চিন্তাৰ খোৰাক দিলে৷ কোনোজনৰ যদি মহানগৰীৰ গাড়ীৰ গৰাকী সকলক গাড়ী চোৰৰ কবলৰ পৰা চিৰদিনৰ বাবে ৰেহাই দিয়াৰ পৰিকল্পনা আন কোনোজনৰ আকৌ মহানগৰীৰ ব্যস্ত নাগৰিকক প্ৰতিনিয়ত কাপোৰ ধোৱাৰ আমনিদায়ক আৰু বিৰক্তিকৰ কামটোৰ পৰা মুক্ত কৰাৰ প্ৰয়াস৷ এজনে আকৌ সাময়িক প্ৰয়োজনত তাৎক্ষণিকভাৱে গুৱাহাটীত থিতাপি ল’ব লগা হোৱা সকলৰ বাবে ভাড়াঘৰৰ কোঠাটোত থাকিব লগা অৱশ্যেই প্ৰয়োজনীয় আচবাব, টি.ভি., ৰেফ্ৰিজাৰেটৰ, ৱাচিং মেশ্বিন আদি নুন্যতম হাৰত ভাড়াত যোগান ধৰি সেইবস্তুবোৰ কিনি বহু ধন পানীত পেলোৱাৰ পৰা এনে লোকক সকাহ দিয়াৰ প্ৰয়াস৷

ন উদ্যমীৰ এনেবোৰ পৰিকল্পনা শুনি থকা প্ৰেক্ষাগৃহত উপস্থিত সকলৰ বহুজনৰে যেন ইচ্ছা হ'ল এটা ব্যৱসায় এবাৰৰ কাৰণে হলেওঁ কৰি চাবলৈ ৷

এনে বহু বিচিত্ৰ বিষয় আৰু ক্ষেত্ৰৰ সৈতে জড়িত ব্যৱসায়িক পৰিকল্পনাবোৰ মনযোগেৰে শুনাৰ পিছত বিচাৰক মণ্ডলীয়ে তিনিটা উদ্যমী প্ৰতিষ্ঠানক বঁটাৰ বাবে বাচনি কৰে৷ এই বাচনিত তৃতীয় স্থান পায় আমি পূর্বে উল্লেখ কৰি অহা ‘অক্সিস্কোৱাৰ’ শীর্ষক প্ৰতিষ্ঠানৰ নৱজ্যোতি দাস, বিকাশ গগৈ আৰু অভিনৱ কুম্বাঙে৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে আই.আই.টি. গুৱাহাটীৰ এপ ডেভলপাৰ প্ৰতিষ্ঠান ‘স্কুলমেটে’ আৰু প্ৰথম পুৰস্কাৰটোৰ জৰিয়তে ‘ষ্টার্টআপ অৱ দ্য ব্ৰহ্মপুত্ৰ ভেলী’ খিতাপ লাভ কৰে ‘উমানন্দ ডেইৰী’ৰ নীৰজ পাৰেখ আৰু অমিত ৱার্মাই৷

অসম তথা সমগ্ৰ উত্তৰ-পূর্বাঞ্চলৰ কাৰণেই উদ্যোগশীলতাৰ বিকাশত এনে পদক্ষেপ নিশ্চয়কৈ আদৰণীয়৷ অনাগত দিনত ষ্টার্টআপ অসমৰ এনে প্ৰচেষ্টাই অঞ্চলটোক উদ্যোগশীলতাৰ বিকাশৰ দিশত যথেষ্ট আগবঢ়াই নিব বুলি ডাঠি ক’ব পাৰি৷

উল্লেখযোগ্য যে সঞ্জীৱ কুমাৰ গগৈ, যাৰ সোঁৱৰণত ব্যৱসায়িক পৰিকল্পনাৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে, তেওঁ এসময়ত কটন কলেজৰে এজন মেধাবী ছাত্ৰ আছিল৷ ১৯৮৯-১৯৯০ শিক্ষাবর্ষত উজনি অসমৰ ভোলাগুৰি নামৰ এখন অখ্যাত ঠাইৰ পৰা আহি তেওঁ কটন মহাবিদ্যলয়ত নামভর্তী কৰিছিল৷ পিছত এই মহাবিদ্যালয়ৰ পৰাই সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ দিল্লীৰ হিন্দু কলেজত ভবিষ্যতে এজন বিজ্ঞানী হোৱাৰ আশাৰে নামভর্তী কৰিছিলগৈ৷ ভবিষ্যতে কেমব্ৰিজ বিশ্ববিদ্যলয়ত পঢ়ি ‘নাচা’ৰ সৈতে নিজকে জড়িত কৰাৰ সপোন দেখা সঞ্জীৱক নিষ্ঠুৰ নিয়তিয়ে অকালতে ইহ সংসাৰৰ পৰা কাঢ়ি লৈ গ’ল৷ আজি সেই সঞ্জীৱৰ পৰিয়ালেই এই অনুষ্ঠানৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু যুৱকে নিজৰ মৌলিক চিন্তাৰে এই ভূখণ্ডৰ পৰাই জগত জিনিব বুলি আশা কৰিছে৷

image


আৰু আমি আমি য়’ৰ ষ্ট'ৰী পৰিয়ালে আশা কৰিছো যে ষ্টার্টআপ অসমে সঞ্জীৱ কুমাৰ গগৈৰ সোঁৱৰণত আয়োজন কৰা এই ব্যৱসায়িক পৰিকল্পনাৰ প্ৰতিযোগিতাখন এইবর্ষৰ দৰে নিয়মিত অনুষ্ঠিত কৰি অসম তথা উত্তৰ-পূর্বাঞ্চলক উদ্যোগশীলতাৰ দিশত দৃঢ়তাৰে আগবঢ়াই নিব৷

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

গৃহিণীৰ পৰা মাষ্টাৰ চেফলৈ: কিটচেন কুইন জুমি আহমেদৰ সুস্বাদু যাত্ৰা

এগৰাকী উদ্যোক্তা ৰূপে খোপনি লোৱাৰ বিপৰীতে ব্যৱসায় সঞ্চালন

কেইবানিযুত দক্ষিণ ভাৰতীয় গ্ৰাহকৰ প্ৰথম পচণ্ডেৰে ১০০কোটিৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা ই-কমাৰ্চ কোম্পানী StoreKing