কাশ্মীৰ প্ৰসঙ্গত চিন্তা-চৰ্চাৰ দৰকাৰ

আশুতোষৰ বিশেষ প্ৰৱন্ধ

কাশ্মীৰ প্ৰসঙ্গত চিন্তা-চৰ্চাৰ দৰকাৰ

Tuesday February 21, 2017,

5 min Read

কাশ্মীৰত সেনালৈ শিলগুটি দলিওৱাসকলক সন্ত্ৰাসবাদী বুলি গণ্য কৰা হ'ব বুলি সেনাবাহিনীৰ মুৰব্বীয়ে দিয়া বিবৃতিটোক দুইধৰণে চাব পাৰি । প্ৰথম- প্ৰতিকূল পৰিস্থিতিত সেনা জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ ই এক প্ৰয়াস । যোৱা দুটা বছৰত এই হিংসাত্মক পৰিস্থিতিত মৃত্যবৰণ কৰা সেনা জোৱানৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে । দ্বিতীয়তে এয়া হৈছে এই কথাৰ আগজাননী যে সেনাবাহিনীয়ে আইন শৃংখলা ভঙ্গ কৰাসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ নমনীয়তা প্ৰদৰ্শন নকৰে । এই দুয়োটা কথাই পৰিস্থিতিটো অধিক জটিল কৰি তুলিছে । ইয়াত সাৰ পানী যোগাবলৈ ৰাষ্ট্ৰীয়তাবাদ আৰু দেশপ্ৰেমৰ গতানুগতিক মন্ত্ৰ আওৰোৱা টি ভি চেনেলসমূহ আছেই । 

image


আমি আমাৰ সেনাক লৈ গৌৰৱ কৰোঁ । আমি সকলোৱো এই কথাটো ভালকৈ জানো যে সেনাই দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবেই আমি শান্তিৰে শুব পৰিছো । সেনাবাহিনী সম্পৰ্কে মন্তব্য দিয়াৰ সম্পূৰ্ণ অধিকাৰ সেনা প্ৰধানৰ আছে কাৰণ সন্ত্ৰাসবাদৰ সৈতে যুঁজখন তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে ভালকৈ জানিব । কিন্তু সাংবাদিক আৰু ৰাজনৈতিক নেতাৰ দায়িত্ব আৰু কৰ্তব্য সেনাবাহিনীৰ লোকসকলতকৈ পৃথক । 

কাশ্মীৰৰ সমস্যাটোক একেবাৰে সৰলীকৃত ৰূপত চোৱাৰ অধিকাৰ সেনাবাহিনীৰ আছে । কিন্তু ৰাজনীতি আৰু বৌদ্ধিক ক্ষেত্ৰখনৰ সৈনিকসকলে সেই কাম কৰিব নোৱাৰে । কাশ্মীৰ সমস্যাৰ সমাধানৰ বাবে আমি অতীতত ভুমুকি মৰাৰ লগতে কাশ্মীৰ নীতি আৰু সমস্যাটোৰ সৈতে জড়িত ব্যক্তিসকলকো বুজিব লাগিব । ১৯৪৭ চনত দেশৰ স্বাধীনতাৰ সময়ত কাশ্মীৰ ভাৰতৰ অংশ নাছিল । স্বাধীন ৰাষ্ট্ৰ হোৱাৰ সপোন দেখা কাশ্মীৰ মুছলমান সংখ্যাধিক্য থকা এখন ৰাজ্য আছিল যাৰ ৰজা হৰি সিং আছিল হিন্দু ।

এইটো বুজা দৰকাৰ যে পাকিস্তানৰ নিৰ্মাতাসকলে কাশ্মীৰ অবিহনে পাকিস্তান অসম্পূৰ্ণ বুলি ভাবিছিল । স্বাধীনতা আন্দোলনৰ সময়ত দ্বি-জাতি তত্বৰ ভিত্তিত কাশ্মীৰক পাকিস্তানত চামিল কৰাৰ দাবী উত্থাপন কৰা হৈছিল । তেওঁলোকৰ যুক্তি আছিল যে হিন্দু আৰু ইছলাম কেতিয়াও সহাৱস্থান কৰিব নোৱাৰে । তেওঁলোকৰ যুক্তি আছিল যে মুছলমান প্ৰধান অঞ্চলবোৰ পাকিস্তানত চামিল হব লাগে আৰু আন অঞ্চলবোৰ ভাৰতত থাকিব লাগে । এইবাবেই বাংলাদেশ কেইবাহাজৰ কিলোমিটাৰ দুৰত হৈও পাকিল্তানৰ অংশ হৈ পৰিল কিন্তু কাশ্মীৰে জিন্নাৰ সূত্ৰ নামানিলে যিটো কথা পাকিস্তানৰ বাবে আছিল অসহ্যকৰ ।

দেশ বিভাজনৰ পাছত পাকিস্তানে ছদ্মবেশী সন্ত্ৰাসবাদীৰ হতুৱাই কাশ্মীৰ আক্ৰমণ কৰে । পাক ৰেঞ্জাৰছ শ্ৰীনগৰ বিমান বন্দৰ পৰ্যন্ত আগবাঢ়িছিল আৰু পকিস্তানৰ ষড়যন্ত্ৰ সফল হোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই দেখা দিছিল । সেই সময়ত কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ সহায় বিচাৰে । ভাৰতে কয় যে ভাৰতে কাশ্মীৰক সহায় কৰিব পাৰিব যদিহে হৰি সিঙে কাশ্মীৰক ভাৰতত চামিল কৰে । এই কথাত হৰি সিং মান্তি হয় আৰু ভাৰতীয় সেনাই কাশ্মীৰ উদ্ধাৰ কৰে । সেইবাবেই কাশ্মীৰ সমস্যাটো স্বাধীনতা আন্দোলন আৰু দেশ বিভাজনৰ এক ফল । পাকিস্তানৰ বাবে কাশ্মীৰ অবিহনে পাকিস্তান অসম্পূৰ্ণ । 

পাছলৈ উপত্যকাটোৰ বৃহত্তম ৰাজনৈতিক দল নেচনেল কনফাৰেঞ্চৰ নেতা শ্বেইখ আব্দুল্লা আৰু ভাৰত চৰকাৰৰ মাজৰ সংঘাতৰ ফলত আব্দুল্লা কাৰাৰুদ্ধ হয় । এই সংঘাত অৱশেষত ৭০ৰ দশকত শেষ হয় আৰু কাশ্মীৰত তেওঁ চৰকাৰ গঠন কৰে। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ফাৰুক আব্দুল্লাই চৰকাৰৰ দায়িত্ব লয় যদিও কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ মাৰাত্মক ভুলৰ চৰমপন্থী শক্তিশালী হৈ উঠে । ১৯৮৭ চনত বিধান সভা নিৰ্বাচনত হোৱা ৰিগিং আৰু এম ইউ এফক চৰকাৰ গঠন কৰিবলৈ নিদিয়াটো আছিল আন এক মাৰাত্মক ভুল । ইয়াৰ ফলত সন্ত্ৰাসবাদ অধিক শক্তিশালী হৈ উঠিছিল । জগমোহনক ৰাজ্যখনৰ ৰাজ্যপাল নিযুক্ত কৰাটো আছিল ভি পি সিঙৰ আন এক ভুল । তেওঁৰ ভুল নীতিয়ে কাশ্মীৰ সমস্যাক এটা সাম্প্ৰদায়িক ৰূপ দিয়ে আৰু ইয়াৰ পাছত ৰাজ্যখনৰ পৰা কাশ্মীৰী পণ্ডিতৰ বহিৰ্গমন আছিল আন এক দুখজনক অধ্যায় । তেতিয়াৰ পৰাই কাশ্মীৰত জুই জলিছে ।  

কাশ্মীৰক এটা আন্তঃৰাষ্ট্ৰীয় বিষয় কৰি তোলাৰ বাবে পাকিস্তানে অাপ্ৰাণ চেষ্টা চলাই আহিছে । আমেৰিকাৰ দৰে শক্তি সমূহে এই বিষয়টোক লৈ উপ-মহাদেশখনত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সদায় চেষ্টা চলায় আহিছে । ইছলামিক জেহাদৰ অন্যতম অঙ্গ হৈছে কাশ্মীৰ । উচ্চাকাঙ্ক্ষী কাশ্মীৰী নেতাৰ লক্ষ্য হৈছে এখন নতুন দেশ সৃষ্টি কৰি তাৰ নেতা হোৱা । বিজেপি আৰু আৰ এছ এছৰ বাবে ই এটা সাম্প্ৰদায়িক প্ৰসঙ্গ । এইবোৰৰ মাজতে কাশ্মীৰৰ জনতা দিনে দিনে আঁতৰি গৈ আছে । সাধাৰণ পাকিস্তানী এজন জীয়াই থাকিবলৈ বিচ্ছিন্নতাবাদী আৰু আইন ৰক্ষক- এই দুয়োটা পক্ষৰ মাজত পিষ্ট । তেওঁলোকে কোনো এটা পক্ষকে অসন্তুষ্ট কৰিব নোৱাৰে । 

পিডিপিৰ সৈতে বিজেপিয়ে লগ হৈ চৰকাৰ গঠন কৰাৰ পাছৰে পৰা পৰিস্থিতি অধিক জটিল হৈ পৰিছে । বিজেপিয়ে বিচাৰে ৩৭০ ধাৰাৰ বিলুপ্তিকৰণ । ইয়াৰ বাবেই সমগ্ৰ চৰকাৰখনেই সন্দেহৰ পাত্ৰ হৈ পৰিছে । 

শান্তি ৰক্ষাৰ বাবে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতি প্ৰয়োজনীয় । পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বাহিনী সমূহক স্বাধীনতা দিয়াটো দৰকাৰ । কিন্তু বৌদ্ধিক মহলে এই সমস্যাটোক এটা আইন-শৃংখলা সমস্যা হিচাপে গণ্য কৰিব নোৱাৰে । একাংশ টি ভি চেনেল আৰু আধা-কেচেলুৱা বুদ্ধিজীৱিয়ে ৰাষ্ট্ৰীয়তাবাদৰ নামত তেওঁলোকতকৈ অলপ বেলেগ যুক্তি দিলেই তাক ৰাষ্ট্ৰবিৰেধী আখ্যা দিয়ে । কাশ্মীৰৰ সমস্যা সন্দৰ্ভত যিকোনো স্বাধীন মতবাদৰ প্ৰতি মোনযোগ দিব লাগে বুলি কোৱাটোৱোই তেওঁলোকৰ দৃষ্টিত দেশদ্ৰোহিতা । 

কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অঙ্গ আৰু ইয়াত কোনো দ্বিমত নাই । কিন্তু এই বিষয়টো বৰ্তমান চৰকাৰে ভবাৰ দৰে তেনেই সৰল নহয় । প্ৰতিজন কাশ্মীৰীয়েই সন্ত্ৰাসবাদী নহয় । প্ৰতিজন শিলগুটি দলিওৱা লোকেই ৰাষ্ট্ৰৰ শত্ৰু নহয় । তৃণমূল পৰ্যায়ত বহু ক্ষোভ আছে আৰু বিষয়টোৰ সাধাৰণীকৰণে ইয়াক আৰু জটিল কৰি তুলিব । কিন্তু দুখৰ কথা যে টিভি আৰু জনপ্ৰিয় বুদ্ধিজীৱিসকল চমক দিয়াতহে আগ্ৰহী । ই ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদক ক্ষতিগ্ৰস্তহে কৰিছে । বৃহত্তৰ স্বাৰ্থত কেতিয়াবা টিভি বিতৰ্ক স্তিমিত হ'বলগীয়া হয় । কিন্তু তেনে হোৱাৰ লক্ষণ মই দেখা নাই । 

( EDITORIAL DISCLAIMER- লেখক আই বি এন ৭ৰ প্ৰাক্তন পৰিচালন সম্পাদক আৰু বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ । প্ৰকাশিত মতামত লেখকৰ নিজৰ আৰু ইয়াৰ লগত য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

বাৰাণসীৰ বাসিন্দাৰ বাবে ভগৱানৰ দূত- জেবি মেডিটেক

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

যাওঁ ব'ল বুলি বিনা দ্বিধাই ক'বলৈ jaobol.com