অৰ্কিডৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমে ক্ষণজিৎ গগৈক দিলে আন্তৰ্জাতিক খ্যাতি

অৰ্কিডৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমে ক্ষণজিৎ গগৈক দিলে আন্তৰ্জাতিক খ্যাতি

Saturday April 02, 2016,

4 min Read

"পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনিছো /অ' চেনিমাই খোপাতে গুজি দিম বুলি" 

কপৌফুল আনি দিম বুলি প্ৰেয়সীৰ মন পাব বিচৰা অসমত আমিবোৰে প্ৰকৃততে কিমান জানো কপৌফুলৰ বিষয়ে ? বিহুৰ দিন কেইটা বাদ দি এই ফুলপাহৰ আদৰেই বা কিমান আমাৰ মাজত । ব্যৱসায়িক সম্ভাৱনাৰ কথা চিন্তা কৰাটোতো বহু দুৰৰে কথা । "Fox tail orchid" অথবা "Rhyncostylis retusa" চিনি পাইনে বুলি কোনোবাই আপোনাক যদি প্ৰশ্ন কৰে, আপুনি হয়তো চিন্তা কৰিব লাগিব এইটো কি বস্তু বুলি । উচাপ খাই উঠিব নালাগে, এইকেইটা আমাৰ চিনাকি কপৌফুলপাহৰে ইংৰাজী আৰু বৈজ্ঞানিক নাম । 

সকলোৰে অলক্ষিতে এইখন অসমতে কিন্তু এজন তৰুণ মতলীয়া হৈছে অৰ্কিডৰ প্ৰেমত । দিনে ৰাতিয়ে ব্যস্ত আছে অৰ্কিডৰ সংৰক্ষণ আৰু গৱেষণাৰ কামত । বিদ্বান সমাজত তেওঁৰ বৰ্তমান পৰিচয় এজন শ্ৰেষ্ঠ অৰ্কিড বিশেষজ্ঞ হিচাবে । তেওঁৰ নাম ক্ষণজিৎ গগৈ। বন্ধু বান্ধৱ সকলৰ মাজত বিখ্যাত "orchid"নামেৰে । তিনিচুকীয়া চহৰৰ পৰা কিছু দুৰত এখন সৰু ঠাই দাইছাজানৰ গোবিন্দপুৰ গাৱঁৰ বাসিন্দা । বৃত্তিত স্থানীয় বিদ্যালয়ৰ উদ্ভিদ বিদ্যাৰ শিক্ষক । অৰ্কিডৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমৰ বাবেই তেওঁ বগাই উঠেগৈ সাগৰ পৃষ্ঠৰ পৰা ৫০০০কিলোমিটাৰ ওপৰৰ কোনো পাহাৰত অথবা দিন ৰাতি এক কৰি ঘুৰি ফুৰে হাবিয়ে বননিয়ে । বহুসময়ত মুখামুখি হৈছে উগ্ৰপন্থীৰ হাতত বন্দী হোৱাৰ দৰে বিপদৰ । তথাপিও এইবোৰ বাধা বিঘিনিয়ে এই পথৰ পৰা সামান্যতম বিচ্যুতি ঘটাব পৰা নাই ক্ষণজিতক ।

 অৰ্কিডৰ সন্ধানত অৰণ্যৰ মাজত ক্ষণজিত গগৈ

 অৰ্কিডৰ সন্ধানত অৰণ্যৰ মাজত ক্ষণজিত গগৈ


"অৰ্কিড প্ৰথম প্ৰেম নেকি ?"আমি সুধিছিলো তেওঁক । ক্ষণজিতে মৃদু হাঁহি এটা লৈ একেআষাৰে উত্তৰ দিছিল " হয় ,প্ৰথম প্ৰেম বুলি কোৱাতকৈ ক'ব পাৰে মই কপৌফুলৰ আজন্ম প্ৰেমিক । সৰুৰে পৰাই কপৌফুল পাহৰ প্ৰতি এক অনামি আকৰ্ষণ অনুভৱ কৰিছিলোঁ । " 

১৯৯৪ চনৰ কথা ,ক্ষণজিত তেতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ । নাচনীয়ে বিহুনাচৰ পাছত পেলাই দিয়া কপৌফুল পাহে ব্যথিত কৰি তুলিছিল ক্ষণজিতৰ মন । সিদ্ধান্ত লৈছিল বিহুৰ কেইদিনমানৰ পাছতে এলাগী হৈ পৰা কপৌফুল পাহৰ বিভিন্ন প্ৰজাতি সমূহ সংগ্ৰহ কৰাৰ । ভবা ধৰণেৰে কাম আৰম্ভ কৰিলে ক্ষণজিতে । অ'ৰ ত'ৰ পৰা এজোপা দুজোপা কৈ সংগ্ৰহ কৰিব ললে কপৌফুলৰ প্ৰজাতি । কেইজন মান বন্ধু আৰু ঘৰখনৰ বাহিৰে অন্যান্য সকলৰ পৰা পালে ঠাট্টা আৰু বিদ্ৰূপ । কিন্তু ল'ৰাজন হতাশ হোৱা নাছিল । ক্ৰমান্বয়ে বঢ়াই নিলে কামৰ পৰিসৰ । ক্ষণজিতৰ ভাষাৰে " প্ৰতিটো ঠাট্টাই মোৰ মনৰ মাজত জেদৰ জন্ম দিছিল । মই দুগুন উৎসাহ পাইছিলোঁ এই কামটোত লাগিবলৈ । মনৰ ভিতৰত এটা বিশ্বাস আছিল মই এটা ভাল কাম কৰি আছোঁ । " 

আমোদজনক কথাতো হ'ল আজি ভাৰতৰ অৰ্কিড গৱেষণা আৰু সংৰক্ষণৰ এজন অন্যতম কাণ্ডাৰী ৰূপে পৰিগণিত হোৱা ক্ষণজিতে কিন্তু ১৯৯৯ চনলৈকে জনা নাছিল তেওঁৰ সংগ্ৰহ সমূহক কি নামেৰে জনা যায় । সেই বছৰতে তেওঁ লগ পায় শিৱসাগৰৰ লোকৰঞ্জন গগৈ আৰু প্ৰখ্যাত orchidologist এন.ৰাওক । উচ্চশিক্ষাৰ বাবে শিৱসাগৰ মহাবিদ্যালয়লৈ আহি গুৰু হিচাবে পালে ড° প্ৰকাশ কটকীক । তাৰ পাছৰখিনি সফলতাৰ কাহিনী । লিখি উলিয়ালে "Orchids of Dibru Saikhowa National Park & Biosphere Reserve" আৰু "Wild Orchids of Tinsukia District of Assam "শীৰ্ষক দুখন গৱেষণা সমৃদ্ধ গ্ৰন্থ । দ্বিতীয়খন গ্ৰন্থই ক্ষণজিতলৈ কঢ়িয়াই আনে আন্তৰ্জাতিক খ্যাতি । ইয়াৰ উপৰিও ক্ষণজিতৰ ৮০ খনৰো অধিক গৱেষণাপত্ৰ প্ৰকাশ হৈছে । নিৰহংকাৰী ক্ষণজিতৰ সমূহ গৱেষণাপত্ৰ সৰ্বসাধাৰণ লোকৰ বাবেও অনলাইন বিনামূলীয়াকৈ উপলব্ধ । ক্ষণজিতৰ ভাষাৰে " মই কাম কৰোঁ সাধাৰণ লোকৰ বাবে । মোৰ গৱেষণাপত্ৰ সমূহৰ দ্বাৰা যদি কোনোবা উপকৃত হয় , মোৰ বাবে তাতোকৈ ডাঙৰ সন্তুষ্টি নাই ।"

সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাতে ক্ষণজিত গগৈয়ে নিজৰ ঘৰতেই প্ৰায় ৪৫০ বিধ দুষ্প্ৰাপ্য আৰু থলুৱা প্ৰজাতিৰ অৰ্কিডৰ এক সংগ্ৰাহলয় আৰু গৱেষণাগাৰ গঢ়ি তুলিছে । ক্ষণজিতৰ নেতৃত্বতে অসমত আৱিষ্কৃত হৈছে অৰ্কিডৰ এটা দুষ্প্ৰাপ্য প্ৰজাতি । ইয়াৰ উপৰিও বন বিভাগে অৰ্কিডৰ সম্পৰ্কে বিভিন্ন দিশত তেওঁৰ পৰা সততে সহায় বিচাৰে । অৰ্কিডৰ চোৰাং ব্যৱসায় সম্পৰ্কত তেওঁ সাংঘাতিক উদ্বেগ প্ৰকাশ কৰে । 


অৰ্কিডৰ গৱেষণাৰ সময়ত  ক্ষণজিৎ গগৈ

অৰ্কিডৰ গৱেষণাৰ সময়ত  ক্ষণজিৎ গগৈ


ক্ষণজিত গগৈৰ মতে ভাৰতৰ ভিতৰত অসমতেই সৰ্বাধিক প্ৰজাতিৰ অৰ্কিড পোৱা যায় । কিন্তু সাধাৰণ জনতাৰ মাজত সজাগতাৰ অভাৱৰ বাবে বহুতো প্ৰজাতি বিলুপ্তিৰ গৰাহত পৰিছে । এটি সন্তান আৰু সততে উৎসাহ দিয়া মৰমিয়াল পত্নীৰ সৈতে সুখী ক্ষণজিত গগৈৰ ভৱিষ্যত পৰিকল্পনা, অৰ্কিডৰ tissue cultureৰ এটা অত্যাধুনিক লেবৰেটৰী গঢ়ি তোলা ।  

বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৰ্কিড বিশেষজ্ঞ সকলৰ লগত সততে যোগাযোগত থকা ক্ষণজিত গগৈ The Orchid Society Of India, East Himalayan Society For Spermatophyte Taxonomyৰ আজীৱন সদস্য তথা The Orchid Society Of Eastern Himalaya,Kalimpongৰ প্ৰতিষ্ঠাপক সদস্য ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

২৭ বছৰ বয়সত এটা বৃহৎ সংবাদ প্ৰতিষ্ঠানৰ নেতৃত্ব দিয়া স্মৃতাক্ষী বি গোস্বামী

সংবাদ ব্যৱসায়ৰ প্ৰত্যাহ্বানক অতি কুশলতাৰে চম্ভালি থকা দিপান্নিতা জয়ছোৱালৰ সফলতাৰ আঁৰৰ মন্ত্ৰ

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন