EDITIONS
Asamiya

'বহুবাৰ অপমানিত হৈছিলো, উজুটি খাইছিলো, তাৰ পিছতহে সফলতা আহিল': মনোজ তিৱাৰী

Team Asamiya
11th Mar 2016
Add to
Shares
1
Comments
Share This
Add to
Shares
1
Comments
Share

কোৱা হয় হাজাৰ বেয়া দিনৰ পিছত একোটা সুন্দৰ দিন আহে। ঠিক তেনেদৰেই বহুত উৎকণ্ঠা আৰু দুখৰ অন্তত লক্ষ্যস্থানত উপনীত হোৱা যায় তেতিয়া যেন সকলো ভাগৰেই নোহোৱা হৈ পৰে। কিন্তু সেই ভাল দিনটো অহালৈ বা লক্ষ্যস্থানত উপনীত হ'বলৈ ভাগৰক কৰ্ণপাত নকৰি নিৰৱিচ্ছিন্নভাৱে আগুৱাই যোৱাৰ সাহস ৰাখিব লাগিব। ভাঙি খণ্ডিত হৈ পৰাৰ পিছতো নিজক চম্ভালি আগুৱাই যোৱাৰ সাহস থাকিব লাগিব। এই সাহস আৰু উদ্যমেই আপোনাক আগুৱাই লৈ যাব। কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আপোনাক তেতিয়াহে ডাঙৰ বুলি ক'ব পৰা যাব যেতিয়া আকাশ স্পৰ্শ কৰাৰ পিছতো ভূমিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ নপৰে, জীৱনৰ পুৰণি সময়বোৰ য'ত স্পন্দিত হৈ থাকে। এই সকলোবোৰ কথা একত্ৰিত কৰি যদিহে কোনো এজন ব্যক্তিৰ উদাহৰণ দিব লাগে, তেওঁ হৈছে মনোজ তিৱাৰী। শক্তিশালী অভিনেতা, সুন্দৰ গায়ক, গভীৰ সংগীতানুৰাগী, যিকোনো ব্যক্তিৰে দুখ দেখি বিচলিত হৈ পৰা, সকলোকে লগত লৈ আগবঢ়া, ৪৩ বছৰ বয়সতে ভাৰতৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে পৰিগণিত হোৱা এইগৰাকী ব্যক্তি হৈছে মনোজ তিৱাৰী।

image


আজিৰ তাৰিখত দিল্লীৰ উত্তৰ পূব অঞ্চলৰ পৰা নিৰ্বাচিত সাংসদ মনোজ তিৱাৰীৰ বাবে এই লক্ষ্যস্থানত উপনীত হোৱাটো ইমান মসৃণ নাছিল। কিন্তু কোৱা হয় যিসকলে সাহস নেহেৰুৱায়, যিসকলে সকলো প্ৰত্যাহ্বানকো নেওচি আগুৱাই যাব বিচাৰে তেওঁলোকৰ বাবে পথ নিজে নিজেই সৃষ্টি হয়। য়'ৰ ষ্ট'ৰীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মনোজ তিৱাৰীয়ে জীৱনৰ এনে কিছুমান কথা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিলে, যি সকলো পৰিশ্ৰান্ত লোকৰ বাবে প্ৰেৰণাদায়ক।

বিহাৰৰ কেমুৰ জিলাৰ মনোজ তিৱাৰীয়ে নিজৰ শৈশৱৰ কথা উল্লেখ কৰি ক'লে, 'মোৰ শৈশৱো আছিল অন্য সাধাৰণ শিশুৰ দৰেই। বহুতো সমস্যাৰ সৈতে সহাৱস্থান কৰিছিলো। পঢ়াৰ বাবে দৈনিক চাৰি কিলোমিটাৰ খোজ কাঢ়ি স্কুললৈ যোৱা, সমগ্ৰ দিনটো পঢ়া-শুনাৰ পিছত পুনৰ খোজকাঢ়ি ঘৰলৈ উভতি অহা। অভাৱৰ বাবেই আমাৰ গাঁৱত শিশুসকলৰ বাবে ড্ৰেছ কোড হৈ পৰিছিল হাফপেণ্ট আৰু বনিয়ন।'

মনোজ তিৱাৰীয়ে বিশ্বাস কৰে যে, যি স্থানৰ পৰা যি অৱস্থাৰ মুখামুখি হৈ তেওঁ এই স্থান পালে সেয়া কোনোগুণে সপোনতকৈ কম নহয়। তেওঁ কয় যে এতিয়া ভাবিলে এনে লাগে যেন সকলো ঈশ্বৰৰেই দান। কিয়নো তেওঁ যি স্থানত ডাঙৰ-দীঘল হৈছিল সেয়া সঁচাকৈয়ে বিড়ম্বনাপূৰ্ণ আছিল। কম বয়সতে পিতৃৰ বিয়োগৰ পিছত সমগ্ৰ দায়িত্ব মাকৰ ওপৰতেই পৰিছিল। সেই বাবেই মনোজ তিৱাৰীৰ মাতৃয়ে মাক-দেউতাক উভয়ৰে দায়িত্ব পালন কৰিবলগীয়া হ'ল। মাকৰ কথা কওঁতে মনোজ তিৱাৰী আৱেগিক হৈ পৰিল, তেওঁৰ দুচকুত বিৰিঙি উঠিল অশ্ৰু। তেওঁ অতি গৌৰৱেৰে ক'লে, 'আজি মই যি স্থানত উপনীত হৈছো তাত কেৱল মাৰ হাত আছে। জীৱনৰ প্ৰতিটো ক্ষণত মাই মাথোঁ প্ৰতিদান নিবিচৰাকৈ দি হে আহিছে, আজিও কিবা নহয় কিবা ৰূপত অবিৰতভাৱে দিয়েই আহিছে। মই জীৱনৰ আটাইতকৈ বেছি কষ্ট পাইছো, যেতিয়াই মাক কষ্টত থকা দেখিছো। যেতিয়াই মাক আনন্দৰ মুহূৰ্তত আৱিষ্কাৰ কৰিছো তেতিয়া ময়ো আনন্দ পাইছো। সেইবাবেই মাৰ সকলো ইচ্ছা পূৰণ কৰো।'

মনোজ তিৱাৰীয়ে কয় যে বিদ্যালয়ত থকাৰ সময়ত তেওঁ চৰকাৰী জলপাণি লাভ কৰাৰ বাবেই স্কুলীয়া অধ্যয়নত বিশেষ কষ্ট নহ'ল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ বহুতো ঘাত-প্ৰতিঘাতৰ মুখামুখি হ'বলগীয়া হ'ল। মনোজ তিৱাৰীয়ে কয়, '১৯৯২ চনত মই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হওঁ। মই বুজিছিলো কিমান কষ্ট কৰি মাই টকা পঠাইছিল। পাচলি বিক্ৰী কৰি মাই ধন লাভ কৰে আৰু তাকেই মোলৈ পঠিয়াই দিয়ে। বহু সময়ত উৎপাদন বেয়া হ'লে মোলৈ পঠিয়াওতেও সমস্যা হয়।' যেনেকৈয়ে নহওক শিক্ষা জীৱনৰ সামৰণি পৰিল। চাকৰিৰ বাবেও চেষ্টা কৰিলো। কিন্তু বাৰে বাৰেই নিৰাশা আহিল। তাৰ পিছতহে মনোজ তিৱাৰীয়ে অনুভৱ কৰিলে যে তেওঁ গানো গাব পাৰে।

নিজৰ কিছু কথা য়'ৰ ষ্ট'ৰীক ক'লে মনোজ তিৱাৰীয়ে। তেওঁ ক'লে, 'স্নাতক উত্তীৰ্ণ হোৱাৰ পিছতো যেতিয়া চাকৰি এটা যোগাৰ নহ'ল তেতিয়া ভাবিলো, এতিয়া কি কৰা যাব। ১৯৯২ চনত মই এটা অনুষ্ঠানত গান গাইছিলো। তাৰ বাবে মই ১৪০০ টকা লাভ কৰিছিলো। মোৰ হাতলৈ যেতিয়া ইমান টকা আহিল তেতিয়াই মই ভাবিলো সংগীতৰ ক্ষেত্ৰলৈ মই যাব নোৱাৰো নেকি। দেউতাৰ সাংগীতিক পৰম্পৰাক কিয় আগুৱাই নিব নোৱাৰিম? মই দিল্লীলৈ আহিলো। কোনো এজন সাংসদৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰত বাস কৰিলো। নিজৰ গান শুনালো জনতাক। গানৰ বাবে ইফালে-সিফালে ঘূৰিলো। সেই চাৰি বছৰত কিমানে যে মোক অপমানিত নকৰিলে। বহুত মোক প্ৰায় গতিয়াই দিয়াৰ দৰেই কাৰ্যালয়ৰপৰা উলিয়াই দিলে। কিন্তু মই হাৰ নামানিলো। মই নিজৰ চেষ্টাত অবিচল হৈ ৰ'লো। কোৱা হয় যে আপোনাৰ যদি ক্ষমতা আছে আপোনাৰো এটা দিন আহিবই। মোৰ সৈতেও সেয়াই হ'ল। টী ছিৰিজৰ স্বত্ত্বাধিকাৰী গুলচন কুমাৰে মোৰ গান শুনিলে আৰু তাৰ পিছত কেতিয়াও উভতি চাবলগীয়া হোৱা নাই। মোৰ গান ছুপাৰহিট হ'ল।'

পঞ্জাৱী কবি অৱতাৰ সিং পাশে কৈছিল, 'সবাতোকৈ ভয়ানক কথাটো হৈছে সপোন হেৰুওৱাটো।' মনোজ তিৱাৰীয়েও বিশ্বাস কৰে যে যুৱ প্ৰজন্মই প্ৰথমতে নিশ্চিত কৰিব লাগে যে তেওঁলোকে কোন দিশে আগুৱাব বিচাৰে। তাৰ পিছত নিশ্চিত কৰিব লাগে সেই দিশে আগুৱালে কি কি সপোন দেখিব পাৰি। যদিহে সপোন নেদেখে তেতিয়া পূৰ্ণতা লাভ নকৰিব। মনোজ তিৱাৰীয়ে কয়, 'মই জীৱনত এনে তিনিটা সপোন দেখিছিলো আৰু সেই আটাইকেইটা সপোনেই পূৰণ হ'ল। প্ৰথমে মই দেখিছিলো এগৰাকী ধনী ঘৰৰ ছোৱালীয়ে মোৰ গান শুনিলে আৰু মোৰ গান ভালো পালে। তাৰ পিছত সপোন দেখিছিল অমিতাভ বচ্চনৰ সৈতে মোৰ চিনাকি হৈছে আৰু তেওঁ মোক পুত্ৰ অভিষেক বচ্চনৰ সৈতে চিনাকি কৰাই দিছে। সেই সপোনো আখৰে আখৰে পূৰণ হ'ল। যশৰাজ ফিল্মছত মই অমিতাভ বচ্চনক লগ পাইছিলো। মই সপোনত যিদৰে দেখিছিলো দিঠকো তেনেকুৱাই হ'ল। এনে সপোন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক লৈয়ো দেখিছিলো। সম্প্ৰতি বাজপেয়ী ডাঙৰীয়াৰ শাৰীৰিক অৱস্থা ভাল নহয় কিন্তু মই যেতিয়াই প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ যাও, তেতিয়া মই বাজপেয়ী ডাঙৰীয়াৰ উপস্থিতি অনুভৱ কৰিব পাৰোঁ। এই কথা ভাবি মই ৰোমাঞ্চিত হৈ পৰো।'

কিন্তু এতিয়াও তেওঁৰ এটা সপোন পূৰণ হোৱা নাই। সেয়া হৈছে ভোজপুৰীক ভাষাৰ মৰ্যাদা দিয়া। তেওঁ ক'ব বিচাৰে, 'ভোজপুৰী মোৰ মাৰ দৰেই। ইয়াৰ যি মধুৰতা আছে সেয়া দুৰ্লভ। যি সময়ত আঠখন দেশে ভোজপুৰীক স্বীকৃতি প্ৰদান কৰিছে তেন্তে আমাৰ দেশত নোপোৱাৰ কাৰণ কি? ভোজপুৰী মোৰ মাৰ দৰে, গতিকে মাৰ সন্মানৰক্ষা হোৱাটো বিচাৰোঁ। মই আশা কৰো ২২-২৪ কোটি মানুহে ব্যৱহাৰ কৰা ভাষাটোক প্ৰধানমন্ত্ৰীয়ে গভীৰভাৱে বিবেচনা কৰিব। ভোজপুৰীক ভাষাৰ স্বীকৃতি প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো।'

মনোজ তিৱাৰীয়ে বিশ্বাস কৰে যে তেওঁ বৰ্তমানত জীয়াই থাকিবলৈ ভালপায়। যেতিয়াই যি কাম কৰে, তেতিয়াই সেই কামটো সম্পূৰ্ণ কৰে। বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ পিছতো সকলো কামকেই তেওঁ গভীৰতাৰে লয়। এয়াই তেওঁৰ সফলতাৰ অন্যতম কাৰক। তেওঁ কয়, 'যেতিয়া মই গান গাওঁ সেই সময়ত সম্পূৰ্ণৰূপে গানতেই নিমজ্জিত হৈ পৰো। যেতিয়া মই জনতাৰ মাজলৈ যাওঁ তেতিয়া মই সম্পূৰ্ণৰূপে জনতাৰ ওচৰত সমৰ্পিত। সেইবাবে মই বৰ্তমান ভালপাওঁ।'

সফল তেৱেঁই হ'ব পাৰে যিয়ে নিজকে সততাৰে বিশ্লেষণ কৰে, সাৰ্থক তেৱেঁই যি নিজৰ সীমাবদ্ধতা আৰু বিশেষত্ব উপলব্ধি কৰিব পাৰে, শক্তিশালী তেৱেঁই যিয়ে জীৱনৰ সমষ্ট সমস্যাৰ মাজতো নিজকে উচ্চশিৰ কৰি ৰাখিব পাৰে। এনেদৰেই তেওঁ উপনীত হয় লক্ষ্যস্থানত। তিনিওটা সূত্ৰতে মনোজ তিৱাৰীয়ে নিজকে স্থিত কৰি ৰাখিব পাৰিছে, সেয়েই তেওঁ সফলতা অৰ্জন কৰি ল'ব পাৰিছে। যি কোটি কোটি জনতাৰ বাবে প্ৰেৰণাৰ অমল উৎস।

মূল- ড° অৰৱিন্দ য়াদৱ

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতীয় ভাষাৰ বৈচিত্ৰ উদযাপনৰ উৎসৱ 'ভাষা-২০১৬'

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’

ঘৰত চাহপাতৰ অভাৱ পূৰাবলৈ চাহবাগান খোলাৰ সপোন দেখা ছোৱালীজনী

Add to
Shares
1
Comments
Share This
Add to
Shares
1
Comments
Share
Report an issue
Authors

Related Tags