বাংগালুৰুৰ কলা চাৰলুৰ চৰকাৰী বিদ্যালয়ৰ ছোৱালীলৈ সমতাৰ উপহাৰ
মূল- তন্বী ডুবে
এটা দু্ৰ্ঘটনাত অসময়তে জীয়ৰীক হেৰুৱাই পোৱা দুখক কলা চাৰলুৱে পৰিণত কৰিলে এটা মহান উদ্দেশ্যলৈ। বহু মহিলাক সহায় কৰিলে এটা সুন্দৰ জীৱন যাপন কৰাত। কলা চাৰলু যোৱা পাঁচ বছৰ ধৰি মাল্টিপল ইনিচিয়েটিভছ টুৱাৰ্ডছ আপলিফমেন্ট (MITU) নামৰ এটা সংস্থাৰ প্ৰতিষ্ঠাপক কোষাধক্ষ্য। সংস্থাটোৱে ঋতুস্ৰাৱৰ সময়চোৱাত পৰিষ্কাৰ পৰিচন্নতা আৰু সামগ্ৰীৰ পুনৰ ব্যৱহাৰৰ যোগেদি নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ কাম কৰে।
কলা চাৰলু বিভিন্ন দিশৰ জ্ঞান থকা এগৰাকী আশ্চৰ্যকৰ মহিলা। “মই গাৰ্হস্থ্য বিজ্ঞানত বি. এছচি পঢ়িছিলো। ডায়েটিক্সত মোৰ ডিপ্লমা আছে। বাস্কেট বল আৰু ৰাইফল ছুটিঙত মই কৰ্ণাটকক প্ৰতিনিধিত্ব কৰি আহিছো। পাঁচজনী বাই ভনীৰ ভিতৰত মই আছিলো আটাইতকৈ সৰু। আমি মুকলিমুৰীয়াকৈ স্বাধীন ভাবে ডাঙৰ হোৱাটো বিছাৰিছিল দেউতাই”-এয়া কলাৰ ভাষ্য।

১০ বছৰৰ পূৰ্বে কলা চাৰলু, স্বামীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত ৯০ বছৰীয়া পিতৃৰ সৈতে বাংগালুৰুলৈ আহিছিল । কলাৰ জীয়ৰী মৈত্ৰেয়ীও তাইৰ শিশুটিৰ সৈতে বাংগালুৰুলৈ আহিল। জীৱনটো ঠিক-ঠাক হোৱা যেন লাগিছিলহে মাথো, এটা পথ দুৰ্ঘটনাত ২৬ বছৰীয়া মৈত্ৰেয়ী নিহত হ’ল। অসময়ত ছোৱালীজনী হেৰুওৱাৰ দুখ পাতলাবলৈকে কলাই দান-দক্ষিণাৰে দৰিদ্ৰজনক সহায়ৰ কামত ধৰিলে। কিন্তু সেয়া আছিল অসংগঠিত ৰূপত। এদিন তেওঁ বুজি উঠিলে যে কামটোত তেওঁৰ লগতে সহায় পোৱাজনো সুখী নহয়। বিশেষকৈ এটা ঘটনাই কলাক হতচকিত কৰি তুলিলে। আগতে অন্যান্য সামগ্ৰীৰে সহায় আগবঢ়াই থকা বস্তি অঞ্চল এটাত এবাৰ কলাই শাৰী বিলাই থাকোতে কেইবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ল। শাৰী নিবলৈ অহা মানুহৰ দৌৰাদৌৰিত কেইবাগৰকীও পদপিষ্ট হ’ল । তাৰ পিছত আকৌ শাৰী পোৱা সকলৰ শাৰীৰ ৰঙকলৈ অসন্তুষ্টি। লগত পেটীকোট আৰু ব্লাউজ নথকাক লৈও ক্ষোভ। এই গোটেই ঘটনাটোৱে কলাক তীব্ৰ অসন্তুষ্টিত ভোগালে।
এই অভিজ্ঞতাৰ পিছত কলাই উপলদ্ধি কৰিলে আচলতে তেওঁ যি কৰিম বুলি ভাবিছিল সেয়া হৈ উঠাগৈ নাই। তেওঁ চিন্তা কৰিলেকামটো বেলেগকৈ কৰিব পাৰি নেকি । মনলৈ আহিল চীন দেশৰ সেই প্ৰবচনটো- এজন লোকক এটা মাছ দি দিলে এসাঁজহে খাব পাৰিব কিন্তু মাছ ধৰিবলৈ শিকালে জীৱনটো খাব পাৰিব। কলাই নিজে এটা সংস্থা খোলাৰ সিদ্ধান্ত ল’লে। আৰু এনেদৰেই জন্ম হ’ল MITUৰ।
MITU য়ে খুবেই ভাল সঁহাৰি পালে। চিনাকী অচিনাকী বহু লোকৰ সঁহাৰি আহিল। কোনোবাই আৰ্থিক সাহাৰ্য আগবঢ়ালে, কোনোবাই কায়িক ভাবে সহায় কৰিবলৈ ওলায় আহিল, কোনোবা MITUৰ প্ৰডাক্টৰ গ্ৰাহক হ’ল, কোনোবাই আকৌ ঋতুস্ৰাৱৰ সময়চোৱাত পৰিষ্কাৰ পৰিচন্নতাৰ সজাগতা সৃষ্টিত ভাগ ল’লে। MITUৰ কামে সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিলে। কলাই নতুনকৈ কৰিবলৈ লোৱা কামটো তাইৰ পৰিয়ালেও আদৰি ল’লে।
“মই কৰিবলৈ লোৱা কামটোৰ বিষয়ে কেতিয়াও নিজকে প্ৰশ্ন কৰা নাছিলো। ২০০৯ চনৰ এপ্ৰিলত কামটো আৰম্ভ কৰোতে কোনো স্পষ্ট লক্ষ্যও নাছিল। তেনেতে মই ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচন্নতা (Menstrual Hygiene Management, MHM)ৰ ওপৰত কাম কৰি থকা ‘গুঞ্জ’ নামৰ সংস্থাটোৰ কথা পঢ়িলো। আমি প্ৰথমতে আমাৰ পুৰণি আৰু দৰ্জিৰ ওচৰত থকা অদৰকাৰী কাপোৰৰ টুকুৰাৰে ছেনিটাৰী পেড প্ৰস্তুতৰ কথা ভাবিছিলো, কিন্তু উপলদ্ধি কৰিলো সেইবোৰ এনেয়ে দিলেও কোনেও ব্যৱহাৰ নকৰিব। সেয়ে আমি সিদ্ধান্তটো সলনি কৰি দৰ্জিৰ পৰা অনা কাপোৰেৰে বেগ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিলো। লগতে পৰিবেশ অনুকুল তথা কম পৰিমাণৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা কম দামৰ ছেনিটেৰী পেড যোগানৰ কামো আৰম্ভ কৰিলো। আমাৰ এই ‘ড’নেট ফৰ ডিগনিটী’ নামৰ অভিযানটো খুবেই সফল হ’ল। আমি অন্যান্য প্ৰতিষ্ঠানৰ লগতে বাংগালুৰু চহৰৰ চৰকাৰী বিদ্যালয় সমূহৰ ছাত্ৰীসকললৈও পেড যোগান ধৰিলো।”- MITUৰ সফলতাৰ বিষয়ে এনেদৰে ক’লে কালা চাৰলুৱে।
২০১২ চনত MITU য়ে টামকুৰ জিলাৰ টুৰুভেকেৰে তালুকৰ এখন বিদ্যালয়ত MHM সজাগতা শিবিৰৰ এটা সুবিধা পালে। আৰু ২০১৪ চনত চিত্ৰদূৰ্গ জিলাৰ মলকালমূৰু তালুকৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ ছোৱালীৰ সৈতে বাৰ্তা বিনিময় কৰিলে MITU য়ে। শেহতীয়াভাবে MITUয়ে টুৰুভেকেৰে তালুকৰ ১৭ খন বিদ্যালয়ৰ ছোৱালীৰ টয়লেটত ব্যৱহৃত পেড পৰিবেশ অনুকুল ভাবে পচন যোৱাব পৰাকৈ নিৰ্মাণ কৰা একোটাকৈ ডাষ্টবিন স্থাপন কৰিলে। লগতে সেই তালুকৰে হাট্টিহালী নামৰ গাঁও এখনত পেড নিৰ্মাণ কাৰখানা এটাও বহুৱালে। বিত্তীয় ভাৱেও আগবাঢ়ি গ’ল MITU। ২০১৪ চনৰ মাৰ্চ মাহলৈ MITUৰ বাৰ্ষিক ব্যয় ১০লাখৰ ঘৰ স্পৰ্শ কৰিলে। পুঁজি মূলত দানৰ পৰাই আহিছিল। লগতে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিও হৈছিল উপাৰ্জন।

কলাৰ জীৱনৰ ডাঙৰ প্ৰত্যাহ্বান টোৱেই আছিল আপোনজনক হেৰুওৱাটো। জীয়ৰীক হেৰুওৱাৰ দুখ পাতলাবলৈ কলাক বহু সময় লাগিল। একেটা সময়তে ৯৮ বছৰীয়া দেউতাক ইন্দ্ৰিয়ৰ স্পৰ্শকাতৰতা হেৰুৱাই সম্পূৰ্ণ আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল। এজন আপোন সোনকালে নোহোৱা হ’ল, আনজন আকৌ বেছি দিন কষ্টেৰে জিয়াই থাকিল! যিকোনো কামতে দেউতাকে দিয়া উপদেশ কলাৰ বাবে আছিল আন এক শক্তি। কেতিয়াবা কোনো বিষয়ত বিমূঢ় হৈ পৰিলে দেউতাকে সঠিক পথ দেখুৱাই দিছিল।
কলাই এতিয়াও ভাবে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচন্নতা (MHM) বিষয়ত আমাৰ দেশত কৰিবলগীয়া বহুত কাম বাকী আছে। চৰকাৰৰ লগতে ব্যক্তিগত ভাবে বহু উদ্যোগ লোৱা হৈছে কিন্তু এতিয়াও পূৰ্বৰে পৰা চলি অহা বহু বিশ্বাস নীতি নিয়ম পুণৰ পৰীক্ষা কৰাৰ থল আছে। শিক্ষাৰ জড়িয়তে এনেধৰণৰ আচৰণ সলনি কৰাৰ প্ৰয়োজন। সুস্বাস্থ্যৰ বাবে সচেতনতা সৃষ্টি, কাম কাজ কৰাৰ স্বাধীনতা দিয়াৰ লগতে বাবে ন্যুনতম মুল্যৰ পেডৰ যোগান ধৰা আৰু পৰিবেশ অনুকুল ভাবে ব্যৱহৃত পেড পচনৰ বিধি শিকোৱাও প্ৰয়োজনীয়।
গভীৰ আবেগ, বিশ্বাস আৰু নিয়মানুবৰ্তীতাৰে আগবাঢ়িলে মানুহে অসাধ্য সাধন কৰিব পাৰে। MITU ৰ সফলতাই এনেদৰে ভবাই তুলিছে কলাক। কলাৰ মেনেজমেন্ট, একাউনটেন্সি বা ফাইনান্স একোৰে শিক্ষা নাছিল, কিন্তু তেওঁ নিজৰ ধাৰণা বোৰকে পৰিবৰ্তন কৰিলে কামলৈ।
এগৰাকী নাৰী হিছাপে কলা চাৰলু নিজৰ পৰিয়াল তথা সম্পৰ্কক লৈও খুবেই সচেতন। নিজৰ কামৰ লগতে পৰিয়ালৰ সৈতে সময় কটাবলৈও বিভিন্ন কাম উলিয়াই ল’য় তেওঁ। নাতিৰ লগত খেলিও ঘন্টাৰ পিছত ঘন্টা কটায় কলাই ।
ভৱিষ্যতে MITU কেৱল এগৰাকী মহিলাৰ এটা সংস্থাহৈ নাথাকি মুল্যবোধ, পদ্ধতি আৰু সংস্কৃতিৰে উজলি উঠা এটা সংস্থা হিছাপে গঢ়ি তুলিব বিচাৰে কলা চাৰলুৱে। MITU য়ে এতিয়া কাপোৰৰে তৈয়াৰী পৰিবেশ অনুকুল ছেনিটাৰী পেডো প্ৰস্তুত কৰে। কপাহী কাপোৰেৰে প্ৰস্তুত কৰা পৰিচ্ছন্ন এই পেড ভাৰতৰ লগতে বিদেশৰ মহিলায়ো পচণ্ড কৰিছে।