এমেজন,ফ্লিপকাৰ্ট,স্নেপডীল ৰ পিছত এতিয়া শ্বপক্লুজ

মূল- আথিৰা নায়াৰ

এমেজন,ফ্লিপকাৰ্ট,স্নেপডীল ৰ পিছত এতিয়া শ্বপক্লুজ

Thursday October 20, 2016,

2 min Read

প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ লগে লগে জনসাধাৰণৰ জীৱনধাৰা আৰু বজাৰৰ চাহিদা সলনি হৈছে।সময়ৰ লগত প্ৰতিযোগীতাত টিকি থাকিবলৈ কম্পেনীসমূহে বিভিন্ন উপায় বিচাৰি উলিয়াইছে।এতিয়া ইন্টাৰনেটৰ যুগ।ছ'ছিয়েল মিডিয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ দৰে অনলাইন শ্বপিঙো জনপ্ৰিয় হৈ পৰিছে।ঘৰতে বহি নিজ ইচ্ছামতে বা ৰুচিৰ লগত খাপ খোৱাকৈ বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ সুবিধাজনক। এইক্ষেত্ৰত সময় আৰু ভ্ৰমণ খৰচো ৰাহি হয়। গতিকে অনলাইন শ্বপিঙৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ বৃদ্ধি পাইছে।

ভাৰতবৰ্ষত বিভিন্ন অনলাইন শ্বপিঙ নেটৱৰ্ক আৰম্ভ হৈছে। এই নেটৱৰ্ক সমূহৰ জনপ্ৰিয়তাৰ শীৰ্ষত আছে এমেজন,ফ্লিপকাৰ্ট আৰু স্নেপডিল । কিন্তু এই তিনিটাৰ পিছতে এখন বৃহৎ বজাৰ দখল কৰিবলৈ আগবাঢ়ি আহিছে শ্বপক্লুজ নামৰ অনলাইন মাৰ্কেট নেটৱৰ্কিঙ ছাইটটো।২০১১ চনৰ জুলাই মাহত আৰম্ভ হোৱা ShopClues.com নামৰ অনলাইন মাৰ্কেটিঙ ছাইটটোৰ মাহেকত চাৰি কোটি ভিজিটৰৰ লগতে ১.৫ বিলিয়নলৈকে লেন-দেন হয় বুলি ছাইটটোৱে দাবী কৰিছে।"মাহেকীয়া ১.৫ বিলিয়ন লেন-দেনৰ ৭০ শতাংশ লেন-দেন হয় টায়াৰ-টু আৰু টায়াৰ-থ্ৰী চহৰ সমূহৰ পৰা।" আনহাতে, অতি কম দিনৰ ভিতৰত বছৰি এক বিলিয়ন মাৰ্কিন ডলাৰ আয়েৰে শ্বপক্লুজে দেশৰ চতুৰ্থটো জনপ্ৰিয় ই-কমাৰ্চ ছাইট হিচাপে পৰিচিতি লাভ কৰিব বুলি জানিবলৈ দিছে শ্বপক্লুজৰ প্ৰতিষ্ঠাতা আৰু মুখ্য পৰিচালন বিষয়া সঞ্জয় শ্বেঠী য়ে "আমি অহা ডিচেম্বৰ মাহৰ ভিতৰত এক লাখ পাঁচশ কোটি টকাৰ ব্যৱসায় কৰাৰ টাৰ্গেট কৰিছো।ফেছটিভ ছেল খিনিক গুৰুত্ব দিলে আমি আহা বছৰত GMV (Gross Merchandise Value) হিচাপত এক বিলিয়ন মাৰ্কিন ডলাৰ আয়লৈ উন্নীত হব পাৰিম বুলি আশা কৰিছো।"

১০ জনীয়া সদস্য গোটেৰে আৰম্ভ হোৱা মাৰ্কেটিঙ ছাইটটোত সম্প্ৰতি ৫৫০ জন সদস্য কৰ্মৰত।ইয়োৰাপৰি এইটো একমাত্ৰ ই-কমাৰ্চ পৰ্টেল যিটো মুকলি হৈছিল ফেচবুকত।

image


উল্লেখ্য যে সম্প্ৰতী এমেজ'ন,ফ্লিপকাৰ্ট,স্নেপডিল আদি মাৰ্কেটিঙ ছাইটৰ বাৰ্ষিক GMV (Gross Merchandise Volume) এক বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক। শ্বেঠী য়ে ইয়াৰ লগতে আৰু কয় যে নেটৱৰ্ক ছাইটটোৰ লগত পাৰ্টনাৰশ্বিপত থকা টাইগাৰ গ্ল'বেল কম্পেনীয়ে ১০% ৰ ঠাইত অহা বছৰত ১৫% লৈকে বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।ইয়াৰোপৰি শ্বপক্লুজে এতিয়ালৈকে বিভিন্ন চহৰৰ ত্ৰিশ হাজাৰ পষ্টেল ক'ড সামৰি লোৱাৰ লগতে এমেজন,ফ্লিপকাৰ্ট আদিত বাদ পৰি যোৱা একোটা বৃহৎ অঞ্চল সাঙুৰি লোৱাৰ প্ৰয়াস কৰিছে।

আনহাতে গ্ৰাহকৰ চাহিদাৰ ক্ষেত্ৰত শ্বেঠী য়ে মন্তব্য কৰে যে গ্ৰাহক সকলে পাকঘৰ আৰু লাইফ ষ্টাইলৰ লগত জড়িত সামগ্ৰী সমূহৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰে।

"বজাৰৰ কৌশলৰ ক্ষেত্ৰত শ্বপক্লুজে ইলেকট্ৰনিক সামগ্ৰীকে ধৰি বিভিন্ন আকৰ্ষণীয় সামগ্ৰী সুলভ মূল্যত বজাৰত এৰি দিছে। ইয়াৰ ফলস্বৰূপে প্ৰতিযোগী অনলাইন ছাইটসমূহৰ তুলনাত শ্বপক্লুজে কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত অধিক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।"

আনহাতে পাৰ্টনাৰ কম্পেনী টাইগাৰ গ্ল'ৱেলে মন্তব্য কৰে " অনলাইন মাৰ্কেট প্ৰসাৰৰ ক্ষেত্ৰত শ্বপক্লুজে লোৱা প্ৰচেষ্টা অতি প্ৰশংসনীয়। আৰু আমি শ্বপক্লুজৰ লগত কাম কৰি অতি গৌৰৱ অনুভৱ কৰিছোঁ।"

অনাগত দিনত শ্বপক্লুজ এক জনপ্ৰিয় অনলাইন মাৰ্কেটিঙ ছাইট হিচাপে পৰিগণিত হব তাত কোনো সন্দেহ নাই।শ্বপক্লুজৰ সফলতাৰ এই যাত্ৰাত ইয়ৰষ্টৰীৰ ফালৰ পৰাও শুভকামনা থাকিল।