সংস্কৃতি-মূল্যবোধত অৱলোকন মাইক্ৰ’ছফটৰ

মূল- তৌচিফ আলম

সংস্কৃতি-মূল্যবোধত অৱলোকন মাইক্ৰ’ছফটৰ

Thursday October 20, 2016,

2 min Read

ক’ৰ্পৰেট সংস্থাত সংস্কৃতি বা কালচাৰৰ প্ৰসংগ উত্থাপন হ’লে সেয়া যে ৱৰ্ক কালচাৰ বা কৰ্ম সংস্কৃতিৰ কথাকে কোৱা হৈছে বুলি বুজাৰ বাহিৰে আন একো বুজাৰ অৱকাশ নাথাকে। যেনে- কাৰ্যালয়ত কৰ্মৰত অৱস্থাত নিজকে সম্পূৰ্ণ উজাৰি দিয়ক, কামৰ মানুহৰ বাবে কামেই ধৰ্ম, ইত্যাদি, ইত্যাদি, ইত্যাদি।

কিন্তু মাইক্ৰ’ছফটৰ চিইঅ’ সত্য নাডেলাৰ মতে সংস্কৃতি মানে সেইবোৰ নহয়। নাডেলাৰ মূল্যবোধৰ সংস্কৃতিৰ শিপা আৰু গভীৰ। তাত গুঢ় দৰ্শন আছে। এখন দীঘলীয়া চিঠিত কৰ্মীসকললৈ তেওঁ সেই কথা লিখিছে। সংস্থাৰ সংস্কৃতিত সুস্পষ্ট পৰিৱৰ্তন অনাৰ চিন্তা-চৰ্চা চলিছে বুলি জনাই নাডেলাই লিখিছে, ‘সংস্থাৰ চাৰিবেৰৰ ভিতৰত সঠিক সংস্কৃতি সৃষ্টি কৰাটো মাথোঁ গুৰুত্বপূৰ্ণই নহয়, বৰং সবাতোকৈ গুৰুত্বপূৰ্ণ কাম।


image


টেকস্পাৰ্কছৰ মঞ্চত মাইক্ৰ’ছফটৰ দৰ্শন পৰিৱেশন কৰিলে মাইক্ৰ’ছফটৰ এজিউৰৰ কান্ট্ৰি হেড শ্ৰীকান্ত কৰ্নাকোটাই। ক্লাউড কম্পিউটিং প্লেটফ’ৰ্ম হিচাপে মাইক্ৰ’ছফটৰ এজিউৰ খ্যাতি বিশ্বজুৰি। আজি যেন তেওঁলোকৰ সাফল্যই হিমালয়ৰ চূড়াত অৱস্থান কৰিছে। কিন্তু পাহৰিলে নহ’ব যে চিৰি ভঙা পথেৰে ওপৰলৈ উঠিবলৈ গ’লে পৰিশ্ৰম অনিবাৰ্য। অৱশ হৈ পৰিব হাত। অনেক তেজ-ঘাম আৰু সুনিপুণ ষ্ট্ৰেটেজি। সেই কথা ক’বলৈ গৈয়ে শ্ৰীকান্তই ক’লে, ‘এটা এটা ইটা লগ কৰি যিদৰে ঘৰ সৃষ্টি কৰা হয়, সেইদৰে সংস্থাৰ সংস্কৃতি গঢ়ি উঠে তেওঁলোকৰ কৰ্মীসকলৰ মূল্যবোধৰ ভেঁটিত।’ আৰু সহজকৈ ক’বলৈ হ’লে কোন সংস্থাৰ সাফল্যৰ বাবে প্ৰয়োজন সংস্কৃতিৰ। সঠিক সংস্কৃতিৰ বাবে প্ৰয়োজন মূল্যবোধৰ।

প্ৰশ্ন উঠিব পাৰে, মাইক্ৰ’ছফটৰ সংস্কৃতি কি? তেওঁলোকৰ মূল্যবোধেই বা কোন পথৰ নিৰ্দেশ কৰিছে? শ্ৰীকান্তৰ উত্তৰ, ‘কৰ্মীসকলৰ চিন্তা-ভাবনা হ’ব লাগিব উন্নয়নমুখী। লগতে লাগিব সৃষ্টিশীলতা, ক্ৰেতাৰ ৰুচি-পছন্দক মৰ্যাদা দিয়া আৰু ঐক্যবদ্ধ মাইক্ৰ’ছফট গঠনৰ সংকল্প।’ কৰ্মীসকলৰ উদ্দেশ্যে মাইক্ৰ’ছফটে কৈছে, ‘প্ৰতিযোগিতাক ভয় কৰাৰ পৰিৱৰ্তে উপভোগ কৰক।’ কিন্তু ইয়াৰ মাজত কাম কিমান হৈছে? উত্তৰত শ্ৰীকান্তৰ কণ্ঠত যেন গৰ্বৰ সুৰ। ‘ক্লাউড প্লেটফ’ৰ্ম হিচাপে আমি অনেক গুণেই সফল। আমাৰ ক্ৰেতাৰ সংখ্যা বাঢ়িছে।’

কৰ্মীসকলৰ সংস্কৃতি আৰু মূল্যবোধক বিকশিত কৰাৰ চেষ্টা চলাই গৈছে মাইক্ৰ’ছফটে। দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলত সাক্ষাৎকাৰ দিবলৈ গৈ সত্য নাডেলাই কৈছে, ‘সংস্থাক যিসকলে নেতৃত্ব দিছে, তেওঁলোকৰে যদি মূল্যবোধ নাথাকে তেন্তে অধস্তন কৰ্মীয়ে কি শিকিব। মনত ৰাখিবই লাগিব, লেফটেনেণ্টসকলক দেখিয়েই কিন্তু জোৱানসকলে শিকে।’

কৰ্মী নিয়োগৰ ক্ষেত্ৰত মাইক্ৰ’ছফটে মেধাক গুৰুত্ব দিছে ঠিকেই, সমান্তৰালভাৱে নিৰীক্ষণ কৰা হৈছে সংস্কৃতি আৰু মূল্যবোধ। ক’ব পাৰি এয়া নতুন সাংস্কৃতিক বিপ্লৱ। শ্ৰীকান্তই কৈছে, ‘সংস্কৃতি প্ৰধান, কালচাৰ ইজ এভৰিথিং।’