ভাৰতৰ ১৮ বছৰীয়া ৰিফাটে বিশ্বৰ ক্ষুদ্ৰতম কৃত্ৰিম উপগ্ৰহৰ আৰ্হি প্ৰস্তুত কৰিছে

ভাৰতৰ ১৮ বছৰীয়া ৰিফাটে বিশ্বৰ ক্ষুদ্ৰতম কৃত্ৰিম উপগ্ৰহৰ আৰ্হি প্ৰস্তুত কৰিছে

Saturday May 20, 2017,

2 min Read

২১ জুনত পৃথিৱীৰ ক্ষুদ্ৰতম কৃত্ৰিম উপগ্ৰহ কালামছেট উন্মোচন কৰা হ'ব । এই উপগ্ৰহৰ আৰ্হি প্ৰস্তুত কৰিছে তামিল নাডুৰ ১৮ বছৰীয়া ছাত্ৰ ৰিফাট শ্বাৰুকে । প্ৰথম বাৰৰ বাবে এজন ভাৰতীয় ছাত্ৰৰ এটা পৰীক্ষামূলক প্ৰকল্পলৈ নাছাই সমৰ্থন আগবঢ়াইছে ।

Source- New York Post

Source- New York Post


তামিল নাডুৰ পিলাপট্টি চহৰৰ শ্বাৰুকে আৰ্হি প্ৰস্তুত কৰা এই কৃত্ৰিম উপগ্ৰহটোৰ ওজন মাত্ৰ ৬৪ গ্ৰাম । ভাৰতৰ প্ৰক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ নামেৰে নামাকৰণ কৰা এই উপগ্ৰহটো ৱালপছ দ্বীপৰ নাছাৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা উৎক্ষেপv কৰা হ'ব ।

নাছা আৰু আই ডুডল স্পেছৰ যুটীয়া প্ৰচেষ্টাত অনুষ্ঠিত কিউবছ ইন স্পেচ নামৰ প্ৰতিযোগিতাৰ যোগেদি শ্বাৰুকৰ প্ৰকল্পটো নিৰ্বাচিত হৈছিল । এই উপগ্ৰহৰ অভিষান কাল হ'ব ২৪০ মিনিট । এই উপগ্ৰহৰ মূল উদ্দেশ্য হৈছে 3D প্ৰিণ্টেড কাৰ্বন ফাইবাৰৰ কাৰ্যকৰিতা প্ৰদৰ্শন । এই উপগ্ৰহত এটা কম্পিউটাৰ আৰু আঠটা চেন্সৰ সংযুক্ত আছে যি পৃথিৱীৰ ত্বৰণ, ঘূৰ্ণন, চুম্বকীয় শক্তি আদিৰ জোখ ল'ব । এই প্ৰতিযোগিতাৰ মূল লক্ষ্য আছিল চাৰি মিটাৰ এটা ঘনকৰ মাজত এই আটাইখিনি কাৰ্যপ্ৰণালী অন্তৰ্ভূক্ত কৰি তাক এটা কাৰ্যক্ষম কৃত্ৰিম উপগ্ৰহৰ ৰূপ দিয়া ।

শ্বাৰুকৰ প্ৰকল্পটো স্পেচ কিডছ ইণ্ডিয়াই স্পনচৰ কৰিছে । শ্বাৰুক নাছা কিডছ ক্লাবৰো সদস্য । এই ুপগ্ৰহটো নিৰ্মাণত প্ৰয়োজন হোৱা বিভিন্ন অংশ বিদেশৰ পৰা অনা হৈছিল যদিও কিছু অংশ দেশতে নিৰ্মাণ কৰি লোৱা হৈছিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সৰ্থেবাৰীৰ কাঁহ-পিতলক দেশজোৰা বজাৰ দিয়াৰ চেষ্টা কাহী-বাটি ডট কমৰ

অসমীয়া বস্ত্ৰক বিশ্বৰ বজাৰলৈ নিয়া e-bozar.com

গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ