পদপথত ডাঙৰ হোৱা বিকাশ চৌধুৰী কৰ্পৰেট জগতৰ শীৰ্ষ পদবীত

পদপথত ডাঙৰ হোৱা বিকাশ চৌধুৰী কৰ্পৰেট জগতৰ শীৰ্ষ পদবীত

Saturday December 31, 2016,

2 min Read

জে এছ ডব্লিউ ষ্টীলৰ এছচিয়েট ভি পি (ট্ৰেজাৰী) বিকাশ চৌধুৰীৰ কাহিনী অত্যন্ত প্ৰেৰণাদায়ক । তেওঁ ডাঙৰ হৈছিল কলকাতাৰ ভৱানীপূৰৰ পদপথত । তেওঁৰ পিতৃ আছিল এজন ইস্ত্ৰীৱালা । তেওঁ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অৰুণ লালৰ কাপোৰ ইস্ত্ৰী কৰিছিল । এদিন অৰুণ লালৰ পত্নী দেবযানীয়ে বিকাশক ইংৰাজী শিকাত সহায় কৰাৰ প্ৰস্তাব দিছিল । প্ৰতিদিনে পঢ়াৰ লগত আছিল এগিলাছ কমলাৰ ৰস । বিকাশে কয় যে কমলাৰ ৰসৰ লোভতে তেওঁ প্ৰতিদিনে প্ৰতিদিনে পঢ়িবলৈ গৈছিল । 

Image : Economic Times

Image : Economic Times


লাল পৰিয়ালৰ সহায়তে বিকাশে বি কম আৰু এম কম শিক্ষা সম্পূৰ্ণ কৰে । ২০০০ চনত তেওঁ কেট পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পাছত তেওঁ আই আই এম কলকাতাত নামভৰ্তি কৰে । আই আই এমৰ পাছত তেওঁ ডুছা বেংক াৰু ক্ৰেডিট এগ্ৰিক'ল আৰু কিছুদিনৰ বাবে লণ্ডনৰ ডি বিত কাম কৰে । 

"অৰুণ লাল আৰু দেবযানী লাল মোৰ দ্বিতীয় পিতৃ মাতৃ ।" বিকাশে কয় । কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁ লাল দম্পত্তিক এখন মাৰ্চিডিজ বেঞ্জ উপহাৰ দিয়ে । পিছে বিকাশে নিজে মাত্ৰ এখন ডাষ্টাৰ অথবা ফক্সৱেগন ৱেন্ট' চলায় ।

বিকাশ আৰু তেওঁৰ পত্নীয়ে আনকি ্ৰুম লালৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁলোকৰ সন্তানৰ নাম দিছে অৰুণিমা । "মই প্ৰতিদিনে অন্ততঃ এজন মানুহক সহায় কৰিবলৈ চেষ্টা কৰোঁ ।" বিকাশে কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বেংকৰ চাকৰি বাদ দি সমাজ সেৱা আৰম্ভ কৰিছিল পি আৰ বিকাশে

২০১৭ চনত অসমৰ ঔদ্যোগিক জগতত ব্যাপক উত্থানৰ অশা উদ্যোগ মন্ত্ৰীৰ

উত্তৰ পূবৰ হস্ত শিল্পক বিশ্বৰ বজাৰ দিছে ইমপালছে

২৩ বছৰীয়া বধিৰ সঙ্গীত শিল্পী জেইমছ হল্ট