EDITIONS
Asamiya

অচ্যুতানন্দ সামন্তৰ বিচিত্ৰ জীৱন আৰু সামাজিক যুঁজখন

11th Sep 2016
Add to
Shares
34
Comments
Share This
Add to
Shares
34
Comments
Share

উৰিষ্যাৰ অচ্যুতানন্দ সামন্ত দেশৰ এজন আগশাৰীৰ শিক্ষাবিদ, সামাজিক উদ্যমী, সমাজবিজ্ঞানী । দেশজুৰি এক নতুন সামজিক আৰু শৈক্ষিক বিপ্লৱৰ সুচনা কৰিছে এইজন শিক্ষাবিদে । পৃথিৱীৰ কোনো চৰকাৰী বা বেচৰকাৰী শিক্ষানুস্থানে কৰিব নোৱাৰা এক কাম কৰিছে অচ্যুত সামন্তে । অচ্যুতে স্থাপন কৰা কলিঙ্গ ইনষ্টিটিউট অৱ ছ'চিয়েল চাইন্সেজত পঁচিশ হাজাৰ জনজাতীয় শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয় । কেৱল সেয়ে নহয় এইসকলৰ থকা-খোৱাৰ ব্যৱস্থাও কৰা হয় । প্ৰাচীন ভাৰতীয় গুৰুকুল শিক্ষা পদ্ধতিৰে শিক্ষাদান কৰা হয় এই প্ৰতিষ্ঠানত । এই প্ৰতিষ্ঠানত শিক্ষালাভ কৰা শিশুসকলৰ বহুতৰে উপৰিপুৰুষ সম্পূৰ্ণৰূপে অশিক্ষিত । আনকি কোনো কোনো শিশুৰ পিতৃ-মাতৃ মাওবাদী সংগঠনৰ সৈতেও জড়িত । একে ঠাইতে ইমানবোৰ জনজাতীয় শিশুৱে শিক্ষালাভ কৰা বিশ্বৰ একমাত্ৰ সংস্থা কলিঙ্গ ইনষ্টিটিউট । ইয়াৰ বাবেই অচ্যুত সামন্তৰ খ্যাতি দেশ বিদেশত বিয়পি পৰিছে ।

পিছে এই কাম অচ্যুত সামন্তৰ বাবে সহজ নাছিল । নিজে দৰিদ্ৰতাৰ মাজত ডাঙৰ হোৱা অচ্যুত সামন্তই কেইবাদিনো ধৰি ভোকত থাকিবলগীয়াও হৈছিল । চাৰি বছৰ বয়সতে পিতৃ বিয়োগ ঘটা অচ্যুত সামন্তই শিশু কালতে বিধৱা মাতৃৰ সহায়ৰ বাবে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল । কম বয়সতে তেওঁ বুজি উঠিছিল যে একমাত্ৰ শিক্ষাইহে দাৰিদ্ৰ্য দূৰ কৰিব পাৰিব ।

অচ্যুতৰ কোনো গুৰু বা পথপ্ৰদৰ্শক নাছিল । নাছিল কোনো গডফাদাৰ । কিন্তু মানুহক সহায় কৰাৰ ইচ্ছা ইমানেই প্ৰৱল আছিল যে তেওঁ কেইবাটাও শিক্ষা প্ৰতিস্থান আৰম্ভ কৰিছিল । এই শিক্ষানুস্থান সমূহেই কালক্ৰমত বিশ্ববিদ্যালয়ৰ ৰূপ লৈছিল। এই শিক্ষানুস্থান সমূহৰ বলতেই অনুন্নত উৰিষ্যা আজি জগত বিখ্যাত হ'ব পাৰিছে ।

image


অচ্যুত সামন্তৰ সফলতাৰ কাহিনী সকলোৰে বাবে এক প্ৰেৰণাৰ উৎস ।

উৰিষ্যাৰ কটক জিলাৰ কলাৰবংকা নামৰ এখন অতি পিছপৰা গাঁৱত আৰম্ভ হয় এই কাহিনী । এই গাঁৱতে ১৯৬৫ চনৰ ২০ জানুৱাৰীত অচ্যুত সামন্তৰ জন্ম হয় । তেওঁৰ পিতৃ অনাদিচৰণ সামন্তই জামছেদপুৰত টাটা প্ৰতিস্থানত এটা সৰু চাকৰি কৰিছিল । মাতৃ নীলিমা ৰাণী আছিল গৃহিণী । তেওঁলোকৰ সাতটা সন্তানৰ ভিতৰত ষষ্ঠ আছিল অচ্যুত ।

অচ্যুতৰ চাৰি বছৰ বয়সতে তেওঁৰ পিতৃৰ এক ৰেল দুৰ্ঘটনাত মৃত্যু ঘটে । জামছেদপুৰৰপৰা ঘৰলৈ আহি থাকোঁতে ওই দুৰ্ঘটনা হৈছিল । এই ঘটনাৰ লগে লগে যেন সৰগ ভাগি পৰিল পৰিয়ালটোৰ ওপৰত । উপায়ন্তৰ হৈ নিজৰ সাতোটি সন্তানক লৈ কলাৰবংকালৈ উভটি আহিবলগীয়া হ'ল নীলিমা ৰাণী । সেই সময়ত তেওঁৰ কনিষ্ঠ সন্তানৰ বয়স মাত্ৰ এমাহ । অচ্যুতৰ পিতৃ অনাদিচৰণে সদায় আনক সহায় কৰিছিল । গাঁৱত দৰিদ্ৰতাৰ প্ৰকোপ আছিল ভয়ানক । চাকৰি কৰা বাবে অনাদিচৰণৰ অৱস্থা আনবোৰতকৈ ভাল আছিল আৰু তেওঁ সকলোকে হাত খুলি সহায় কৰিছিল । সেয়েহে তেওঁৰ মৃত্যুৰ সময়ত পৰিয়ালটোৰ হাতত একোৱেই নাছিল ।

মাতৃৰ সৈতে অচ্যুতাানন্দ

মাতৃৰ সৈতে অচ্যুতাানন্দ


অচ্যুতৰ মাক নীলিমা ৰাণী এগৰাকী স্বাভিমানী আৰু সংস্কাৰশীল মহিলা আছিল । স্বামীৰ মৃত্যুৰ পাছত তেওঁ কাৰো সহায় নিবিচাৰি নিজ শ্ৰমেৰে উপাৰ্জন কৰি পৰিয়াল চলাইছিল । কিন্তু সাতটা সন্তানৰ পৰিয়াল চলোৱা সহজ নাছিল । তেওঁ আনৰ ঘৰত বাচন ধুই, ধান খুন্দি পইছা ঘটিছিল । এই কামত অচ্যুতে তেওঁক সহায় কৰিছিল । তথাপিও বহু সময়ত তেওঁলোক কেইবাদিনলৈ ভোকত থাকিব লগীয়া হৈছিল । যিদিনা ঘৰত ভাত বনোৱা হৈছিল সেইদিনা সাততা সন্তানক খুউৱাৰ পাছত কিবা বাকী থাকিলে নীলিমা ৰাণীয়ে খাইছিল ।

যিহেতু সদায় খাদ্য যোগাৰ কৰা সম্ভৱ নাছিল সেয়েহে নীলিমা ৰাণীয়ে এটা নিয়ম কৰিছিল যে তেওঁৰ সন্তানবোৰৰ ভিতৰত প্ৰথমে ডাঙৰবোৰে খাব আৰু শেষত সৰুবোৰে খাব । এনে কৰাৰ কাৰণ আছিল । তেওঁ ভাবিছিল যে ডাঙৰ ল'ৰা ছোৱালী কেইটা সোনকালে উপাৰ্জনৰ সক্ষম হ'লে সিহতে সৰু কেইটাৰ কাৰণে খাদ্য যোগাৰ কৰিব পাৰিব । এই নিয়মৰ ফলত চাৰি বা পাঁচ নম্বৰ সন্তানটিয়ে প্ৰায়েই একো খাবলৈ নাপাইছিল ।

image


কিন্তু পেটৰ জ্বালাত এই নিয়ম এবাৰ ভঙ্গ কৰিছিল অচ্যুতে । ভোকত থাকবি নোৱাৰি তেওঁ ডাঙৰ ককায়েকৰ ভাগৰ খাদ্য খাই দিয়াৰ ফলত মাকে তেওঁক খঙতে এদাল খৰিৰে কোবাইছিল । এই কোবৰ ফলত তেওঁৰ মুখ আখৰ চকুৰপৰা তেজ ওলাই আহিছিল আৰু অলপৰ কাৰণেহে চকুটো বাচিছিল ।

দৰিদ্ৰতাই পৰিয়ালটোক কোঙা কৰি ৰাখিছিল । অচ্যুতৰ ভাষাত, "আমাৰ দৰিদ্ৰতা কেনেকুৱা আছিল শব্দৰে বুজাব নোৱাৰি । দুটা উদাহৰণ দিলে বুজিব আমাৰ অৱস্থা কি আছিল । আমি ইমানেই দুখীয়া আছিলো যে আমাৰ আটাইকেইজনৰ কাৰণে আহাৰ গোটোৱা সম্ভৱ নাছিল । মাৰ এখনেই শাৰী আছিল আৰু সলাবলৈ তেওঁৰ দ্বিতীয় এখন কাপোৰ নাছিল ।" নিজ শৈশৱৰ কথা তেওঁ কয়, "শৈশৱ শৈশৱেই । শৈশৱত সকলোৱে ধুনীয়া সপোন দেখে । সকলোৱে বিচাৰে পঢ়িবলৈ আৰু খেলিবলৈ। কিছুমানৰ ভাগ্যত সেইবোৰ থাকে কিছুমানৰ নাথাকে । মোৰ ভাগ্যত নাছিল ।"

দাৰিদ্ৰ্যৰ বাবেই মাকে বিদ্যালয়লৈও পঠাব পাৰ নাছিল অচ্যুতক । তেওঁৰ স্কুলত নামভৰ্তিৰ ঘটনাও আমোদজনক । তেওঁৰ অচ্যুত নামটোও স্কুলতে দিয়া । তেওঁ নামাকৰণৰ আগতেই পিতৃ বিয়োগ ঘটিছিল । সেয়েহে তেওঁৰ কোনো পোছাকী নাম নাছিল । সকলোৱে তেওঁক সুকুতা বুলি মাতিছিল ।

image


শৈশৱতে তেওঁ গাঁৱৰ অন্যান্য দুখীয়া শিশুবোৰ লগত খেলিছিল যিবোৰ স্কুললৈ যাব নোৱাৰিছিল । এদিন খেলি থাকোঁতেই তেওঁলোক গৈ গাৱঁৰ চৰাকাৰী স্কুলৰ চৌহদ পালেগৈ । তেওঁলোকে যেতিয়া নিজৰ ভুল বুজিলে তেতিয়া তেওঁলোকৰ ভয় লাগিল। তেওঁলোকে ভাবিলে যে স্কুলৰ শিক্ষকে তেওঁলোকক পিটিব । এই ভয়তে সকলো শিশু তাৰপৰা পলাই গ'ল যদিও অচ্যুত তাতে ৰৈ গ'ল । স্কুলৰ শিক্ষকে তেওঁক ধৰিলে আৰু তেওঁক সুধিলে- তুমি স্কুললৈ কিয় নাহা আৰু পঢ়-শুনা কিয়া নকৰা? অচ্যুতে শুধিলে পঢ়া মানে কি? শিক্ষকজনে ক'লে - কাইলৈৰপৰা স্কুললৈ আহিবা আৰু পঢ়া আৰম্ভ কৰিবা । অচ্যুতে শুধিলে তেওঁক কোনে পঢ়াব । শিক্ষকে ক'লে মই পঢ়াম আৰু তোমাক কিতাপ-পত্ৰও দিম । তেওঁ এই কথাত সৈমান হ'ল । এইবাৰ শিক্ষকে তেওঁক কাৰ্যালয়লৈ লৈ গ'ল আৰু পঞ্জীয়ন বহীখন উলিয়াই তেওঁক তেওঁৰ নাম সুধিলে । তেওঁ ক'লে যে তেওঁৰ কোনো নাম নাই । শিক্ষকজন আচৰিত হ'ল আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে সুধিলে । তেওঁৰ নাম শিক্ষকজনে দিলে অচ্যুতানন্দ সামন্ত । অচ্যুতৰ ভাষাত, "মই শিক্ষকজনক কৈছিলো যে মোৰ দাদা দুজনৰ নাম অন্তৰ্যামী আৰু অনিৰুদ্ধ । তেতিয়া তেওঁ কৈছিল যে যিহেতু দুয়োজন দাদাৰ নাম ভগৱানৰ নামেৰে ৰখা হৈছে গতিকে মোৰ নামটোও তেওঁ ভগৱানৰ নামেৰে দিব । মোৰ নামটো তেওঁ ৰাখিলে অচ্যুতানন্দ ।" ঘৰ পাই মাকক যেতিয়া তেওঁ সকলো কথা ক'লে তেতিয়া মাক সেই কথা শুনি আনন্দিত হ'ল ।

পিছদিনাৰপৰা তেওঁ স্কুললৈ যাবলৈ আৰম্ভ কৰিলে যদিও মাকক কামত সহায কৰিবলৈ নেৰিলে । লগতে শাক-পাছলি, নাৰিকল আৰু কল বিক্ৰী কৰিও তেওঁ ধন ঘটিবলৈ আৰম্ভ কৰিলে । তেওঁৰ মাতৃয়ে শিকাইছিল কাৰো ওপৰত নিৰ্ভৰশীল নহ'বলৈ । সেই কথাকো সৰোগত কৰি তেওঁ আগবাঢ়ি গৈ থাকিল ।

image


নিজৰ উপাৰ্জনৰ এটা ডাঙৰ অংশ তেওঁ মাক আৰু ভনীয়েকক দিছিল আৰু তাৰ পিছতো এটা অংশ জমা কৰিছিল । এই জমা ধনেৰে তেওঁ বন্ধু-বান্ধৱক খুৱাইছিল । লগতে তেওঁ দুখীয়া মানুহক সহায়ো কৰিছিল । সেইদৰে ওচৰ চুবুৰীয়া মহিলাসকলক তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ আনি দি তেওঁলোকক সহায় কৰিছিল অচ্যুতে । সাত বছৰ বয়সতে সমাজ সেৱা আৰম্ভ কৰা অচ্যুতে উপাৰ্জনৰ লগে লগে পঢ়া-শুনা অব্যাহত ৰাখিলে । ঘৰত বিজুলীৰ অভাৱত লেমৰ পোহৰত পঢ়িছিল তেওঁ ।

প্ৰাথমিক শিক্ষা সাং কৰাৰ পাছত তেওঁ ৰঘুনাথপুৰৰ চৰকাৰী হাইস্কুলত নামভৰ্তি কৰে । স্কুললৈ তেওঁ সদায় আঠ কিলোমিটাৰ খোজ কাঢ়ি গৈছিল । হাইস্কুলৰ শিক্ষা শেষ কৰাৰ পাছত তেওঁ জগৎসিংপুৰৰ ইন্টাৰকলেজত নামভৰ্তি কৰে । গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান বিষয় হিচাপে লৈ তেওঁ উচ্চতৰ মাধ্যমিক শাখাত অধ্যয়ন কৰে । ইয়াৰ পাচত তেওঁ পুৰীৰ এচিএছ কলেজৰপৰা বিএছচি কৰে আৰু ইয়াৰ পাছত উৎকল বিশ্ববিদ্যালয়ৰপৰা ৰসায়ন বিজ্ঞানত এমএছচি কৰে ।

শিক্ষা সাং কৰাৰ পাছত তেওঁ স্থানীয় ফাৰ্মাচী কলেজত প্ৰৱক্তাৰ চাকৰি লাভ কৰে । দিনত কলেজত শিক্ষকতা কৰাৰ পাছত তেওঁ সন্ধিয়া টিউচন কৰিছিল । কিছুদিন তেওঁ লেব এচিষ্টেন্টৰ কামো কৰিছিল । এই চাকৰিৰ ফলত তেওঁৰ আৰ্থিক অৱস্থাৰ কিছু উন্নতি হয় আৰু অতি কম দিনৰ ভিতৰত তেওঁৰ দুজন ককায়েক আৰু এগৰাকী বায়েকৰ বিয়া হয় । এই বিয়াৰ পাছত তেওঁ, তেওঁৰ মাতৃ আৰু সৰু ভনীয়েক অকলে থাকিবলৈ লয় ।

image


ফাৰ্মাচী কলেজত অধ্যাপনা কৰি থকাৰ সময়তে তেওঁ সিদ্ধান্ত লয় যে তেওঁ দুখীয়া শিশুক পঢ়োৱাৰ দায়িত্ব ল'ব । তেওঁ লক্ষ্য কৰিলে যে উৰিষ্যাৰ জনজাতীয় শিশুবোৰেই আটাইতকৈ পিছপৰা আৰু তেওঁ ১২৫ টা এনে শিশুক পঢ়োৱাৰ দায়িত্ব লয় ।

অচ্যুতৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইন্ট আছিল মাত্ৰ ৫০০০ টকা পুঁজিৰে দুখন কাৰিকৰী শিক্ষা প্ৰতিস্থান খোলা । ১৯৯২-৯৩ চনত তেওঁ মাত্ৰ ১২ জন শিক্ষাৰ্থী আৰু দুজন সহকৰ্মীৰে এটা ভাৰাঘৰত এই প্ৰতিস্থান দুখন খুলিছিল । এয়া কিন্তু কোনো সৰু কথা নাছিল । দিনে ৰাতিয়ে কষ্ট কৰি তেওঁ এই শিক্ষানুস্থানৰ প্ৰসাৰ ঘটায় আৰু ই এক ঐতিহাসিক কাহিনী ।

গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে কপৰ্দকশুণ্য আৱস্থাত অচ্যুতে ইঞ্জিনীয়াৰিং কলেজ খোলাৰ সিদ্ধান্ত লৈছিল । তেওঁক পথ দেখুৱাওতা কোনো নাছিল । আৰম্ভণীতে কলিংগ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং আৰু কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল চাইন্সেজ চলাওঁতে ভীষণ সমস্যাৰ সন্মূখীন হৈছিল তেওঁ । এই প্ৰতিস্থান দুটাৰ প্ৰসাৰৰ বাবে তেওঁ ঋণ লৈছিল আৰু এই ঋণ ১৯৯৫ চনত বাঢ়ি গৈ ১৫ লাখ টকা হৈছিলগৈ । ঋণৰ বোজাত আনকি তেওঁ আত্মহত্যাৰ কথাও ভাবিছিল । কিন্তু এই সময়তে এটা বেংকে তেওঁক ২৫ লাখ টকাৰ ঋণ দিয়ে আৰু তেওঁ সমস্যাৰপৰা মুক্ত হয় । ইয়াৰ পাছত তেওঁ আৰু ঘুৰি চাবলগীয়া হোৱা নাই ।

image


১৯৯৭ অচ্যুতে আভিযান্ত্ৰিক মহাবিদ্যালয় খোলাৰ অনুমতি লাভ কৰাৰ পাছত কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰীয়েল টেকনলজী এখন আভিযান্ত্ৰিক মহাবিদ্যালয়লৈ পৰিৱৰ্তিত হয় । ২০০৪ চনত কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰীয়েল টেকনলজী, যাক কীটৰ আইআইটি নামেৰে জনা যায়, এখন বিশ্ববিদ্যালয়লৈ পৰিণত হয় । কীট বিশ্ববিদ্যালয়ৰ চৌহদ ২৫ বৰ্গ কিলোমিটাৰ আৰু ইয়াত ২২ টা কেম্পাছ আছে । ইয়াত ১০০ ৰো অধিক স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আছে এইবোৰত ২৫০০০ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে । ৩৮ বছৰ বয়সত এই বিশ্ববিদ্যালয়ৰ চেন্সেলৰ পদত অধিষ্ঠিত হৈ তেওঁ বিশ্ববিদ্যালয়ৰ চেন্সেলৰ পদত অধিষ্ঠিত বিশ্বৰ কনিষ্ঠতম ব্যক্তিত পৰিণত হয় ।

দুখীয়া মানুহৰ সহায়ৰ বাবে অচ্যুতে এখন চুপাৰ স্পেচিয়েলিটি হাস্পাতালো স্থাপন কৰিছে । বিশ্ববিদ্যালয় চৌহদতে এখন নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ আৰু মেডিকেল কলেজ স্থাপন কৰাৰ লগতে বিভিন্ন গাৱঁত কেইবাখনো চিকিৎসালয়ো স্থাপন কৰিছে । অচ্যুতৰ প্ৰতিষ্ঠান কলিংগ মিডিয়া প্ৰইভেট লিমিটেডে উৰিয়া ভাষাত এটা নিউজ চেনেল,কাদম্বিনী নামৰ এখন পাৰিবাৰিক আলোচনীৰ লগতে কুনিকথা নামৰ শিশু আলোচনী এখনো প্ৰকাশ কৰে । হিন্দু ধৰ্ম আৰু আধ্যাত্মিকতাত বিশ্বাসী অচ্যুতে কীট টেম্পল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰি কেইবাটাও আধ্যাত্মিক কেন্দ্ৰও স্থাপন কৰিছে ।

কিন্তু বিশ্বজুৰি তেওঁৰ খ্যাতি তেওঁৰ সামজিক সংস্থা কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল ছাইন্সেজৰ যোগেদিহে বিয়পিছে । ইয়াত ২৫০০০ জনজাতীয় শিশুক স্নাতকোত্তৰ শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয় । তেওঁলোকৰ খোৱা পিন্ধাৰ উপৰিও তেওঁলোকৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে ক্ৰীড়া আৰু অন্যান্য প্ৰশিক্ষণ তথা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে তেওঁলোকক প্ৰস্তুত কৰা হয় । শিক্ষান্তত তেওঁলোকক চাকৰি যোগৰ কৰি দিয়াৰো ব্যৱস্থা কৰা হয় । কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকনলজীৰ ৫ শতাংশ আসন কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল চায়েন্সেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত । এই জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বহুতেই বৰ্তমান বহু আগশাৰীৰ প্ৰতিষ্ঠানত কৰ্মৰত ।

কলিংগ ইন্সটিটিউট অৱ টেকনলজীৰপৰা হোৱা আয়ৰ ১০ শতাংশ কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সেজত ব্যয় কৰা হয় । কলিংগ ইন্সটিটিউট অৱ টেকনলজীৰ সকলো কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ তিনি শতাংশ কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সেজলৈ দান দিয়ে । কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সেজ চলাবলৈ এদিনত ব্যয় হয় ৫০ লাখ টকা । ইয়াত ছাত্ৰ-ছাত্ৰীৰ বাবে খাদ্য প্ৰস্তুত কৰা ৰন্ধনশালা বিশ্বৰ বৃহত্তম এনেধৰণৰ ৰন্ধনশালা । ২৫,০০০ শিশুৰ দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ বাবে ইয়াত দিনে গড়ে ৭,৫০০ কিলো চাউল, ২,২০০ কিলো দাইল, ৭২০০ কিলো শাক-পাচলি, ২৫,০০০ কণী, ২৮০০ কিলো মুৰ্গী মাংস, ৬০০ কিলো মাছৰ ব্যৱহাৰ হয় । ৰাতিপুৱাৰ আহাৰত ভাত, কৰ্ণফ্লেক্স, দৈ আৰু গাখীৰ দিয়া হয় ।

অচ্যুতানন্দ সামন্তৰ জীৱনো অগতানুগতিক । অবিবাহিত অছ্যুতে কয়, "মই সদায় সংগ্ৰামেই কৰি গৈছো । নিজৰ সুখ বা বিলাসিতাৰ কথা ভাবিবলৈ মোৰ সময়েই নোলাল । মানুহে তেতিয়া বিয়াৰ কথা ভাবে যেতিয়া তেওঁ সুখত থাকে । মই সংগ্ৰাম কৰি থাকোঁতে সেইবোৰ চিন্তা কৰাৰ সময়েই নাপালো । এই সংঘাতময় জীৱনত বিয়া পতাটো এটা ভুল সিদ্ধান্ত হ'লহেতেন ।"

দিনে ১৬-১৮ ঘণ্টা কাম কৰা অচ্যুতানন্দ সামন্ত ভুৱনেশ্বৰত এটা দুটা কোঠাৰ ভাৰাঘৰত থাকে । সদায় সাধাৰণ বগা কাপোৰ আৰু চেণ্ডেল পিন্ধে । তেওঁৰ নামত কোনো মাটি-বাৰী বা বেংক বেলেন্স নাই . তেওঁৰ অধিকাংশ সময় বিশ্ববিদ্যালয়তে পাৰ হয় আৰু বিশ্ববিদ্যালয়ে তেওঁৰ প্ৰয়োজন সমূহ পূৰণ কৰে । প্ৰয়োজন নহলে গাড়ী ব্যৱহাৰ নকৰে তেওঁ । বেছিভগ সময় খোজ কাঢ়ি বা চাইকেলেৰে অহা-যোৱা কৰে । বহু সময়ত তেওঁক পথৰ কাষৰ ঠেলাগাড়ীত আহাৰ গ্ৰহণ কৰি থকাও দেখা যায় । আনকি কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সেজৰ চৌহদত এজোপা গছৰ তলত চকী-মেজ পাৰি তেওঁ নিজৰ কামকাজ কৰে ।

image


সমাজ সেৱাৰ বাবে তেওঁ দেশে বিদেশে কেইবাটাও সন্মানো লাভ কৰিছে । ২৫ খন বিশ্ববিদ্যালয়ে তেওঁক ডি লিট উপাধি প্ৰদান কৰিছে । দেশ বিদেশৰ বহু লোকে তেওঁৰ শৈক্ষিক আন্দোলনটোক বুজিবলৈ তেওঁৰ কাষলৈ আহে ।

"মোক বহুতে বহুদ ধৰণে চিনি পায় । কোনাবাই মোক চিনি পায় বিশ্ববিদ্যালয়ৰ সংস্থাপকৰূপে । কোনোবাই চিনি পায় কলিংগ ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সেজ চলোৱা মানুহজনৰ ৰূপত । কোনোবাই সমাজ সেৱী ৰূপত । কিন্তু যেতিয়া কোনোবাই কয় যে অচ্যুত সামন্ত ভাল মানুহ তেতিয়া মই আনন্দ পাওঁ । মই কেতিয়াও কোনো বেয়া কাম কৰা নাই, চুৰ কৰা নাই , কাৰো অপকাৰ কৰা নাই ।" অচ্যুতানন্দই কয় ।

"জীৱনৰ লক্ষ্য সম্পৰ্কে অচ্যুতানন্দ সামন্তে কয়, মই আজীৱন দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে কাম কিৰ যাব খোজোঁ । উৰিষ্যাত ইমান দৰিদ্ৰতা আছে যে এহেজাৰ অচ্যুত সামন্তেও ইয়াক আঁতৰাব নোৱাৰে । তথাপি মই চেষ্টা কৰি যাম ।"

উৰিষ্যাত দৰিদ্ৰতাৰ প্ৰকোপ সম্পৰ্কে তেওঁ কয়, "১৯৮৪ চনত উৰিষ্যাৰ কালাহান্দিত দৰিদ্ৰতাৰ বাবেই এগৰাকী মহিলাই তেওঁৰ সন্তানক পাঁচ টকাত বেচি দিছিল । তেতিয়া প্ৰধানমন্ত্ৰী নিজেই আহিছিল সেই ঘটনাৰ বুজ ল'বলৈ । সমগ্ৰ বিশ্বই বুজিছিল কিমান ভয়ংকৰ সেই পৰিস্থিতি । তাৰ ৩২ বছৰৰ পিছতো দৰিদ্ৰতা আঁতৰা নাই । কেইদিনমানৰ আগতে এজন মানুহে নিজৰ পত্নীৰ শৱদেহ কান্ধত লৈ ঘৰলৈ আনিবলগীয়া হৈছিল । পুনৰবাৰ বিশ্বই বুজিছে উৰিষ্যাৰ দৰিদ্ৰতা কিমান ভয়ংকৰ ।"

যোৱা কিছু বছৰ ধৰি অচ্যুতানন্দই এটা নতুন ভাৱধাৰা প্ৰচাৰ কৰিছে । তেওঁ তাৰ নাম দিছে- দান কৰাৰ কলা । তেওঁ ভাৱে যে যেতিয়ালৈকে ধনী লোকসকলে দুখীয়াৰ বাবে চিন্তা নকৰিব তেতিয়ালৈকে দৰিদ্ৰতা নিৰ্মূল নহ'ব । দান কৰাৰ পৰাও আনন্দ পোৱা যায় । তেওঁ কয়, "মই শৈশৱৰপৰাই দুখ পাইছো কিন্তু তথাপি মানুহৰ সহায় কৰি আহিছো । মানুহৰ মূখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছো । নিজে দুখত থাকি আনক সুখী কৰাটো সহজ নহয় । কিন্তু যি এই কাম কৰিব পাৰে সি এক আনাবিল আনন্দ লাভ কৰে ।"

image


অৱশ্যে শৈশৱৰ দৰিদ্ৰতাক এক বৰদান হিচাপে গণ্য কৰে অচ্যুত সামন্তে । তেওঁ কয়, "মই দুখীয়া আছিলো । দৰিদ্ৰতা মই নিজে দেখিছো । মই জানো দৰিদ্ৰ লোকে কি অনুভৱ কৰে আৰু সেই কাৰণেই মই তেওঁলোকক সহায় কৰিব পাৰোঁ । মই শৈশৱতে ধনী হোৱা হলে হয়টো দুখীয়াক খাদ্য দিলোহেতেন। কিন্তু দৰিদ্ৰতাক বুজি পাওঁ কাৰণে মই তেওঁলোকক শিক্ষা দিছো।"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

১৪৫ টা ডিগ্ৰীৰ গৰাকী অধ্যাপক পাৰ্থিবেন

৯৪ বছৰ বয়সত গ্ৰামপ্ৰধান হিচাপে নিৰ্বাচিত গঙ্গুবাই ভাম্বুৰে

১০০ বছৰীয়া এথলীটে ভাৰতলৈ আনিলে স্বৰ্ণপদক

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি 

Add to
Shares
34
Comments
Share This
Add to
Shares
34
Comments
Share
Report an issue
Authors

Related Tags

Latest Stories

Sign up for our Daily Newsletter