EDITIONS
Asamiya

ফ্লীপকাৰ্টৰ শীৰ্ষ পদ খালী, মুকেশ বানচাল আৰু অংকিত নাগোৰীৰ পদত্যাগ, পুনৰ উদ্যোগশীলতালৈ যাত্ৰা

13th Feb 2016
Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share

ফ্লিপকাৰ্টৰ মুকেশ বানচাল আৰু অংকিত নাগোৰিৰ বাবে উদ্যোগশীলতাৰ নতুন আহ্বান উলাই কৰাটো কঠিন হৈ পৰিল। ই-কমাৰ্চৰ ক্ষেত্ৰখনৰ বিয়াগোম কোম্পানীটো ত্যাগ কৰি দুয়ো অহা কেইটামান মাহৰ ভিতৰত এতিয়া নিজৰ নিজৰ নতুন ষ্টাৰ্টআপ আৰম্ভ কৰাৰ কথা ভাবিছে।


অংকিত নাগোৰি(বাওফালে) আৰু মুকেশ বানচাল(সোঁফালে)

অংকিত নাগোৰি(বাওফালে) আৰু মুকেশ বানচাল(সোঁফালে)


ফ্লিপকাৰ্টৰ কমাৰ্চ প্লেটফৰ্মৰ হেড মুকেশে নিজৰ ষ্টাৰ্ট আপ আৰম্ভ কৰাৰ পূৰ্বে আৰু দুমাহ কাম কৰিব।তেওঁৰ বৰ্তমানৰ বৃত্তি আৰু নতুন কৰ্মকয় যাত্ৰাৰ পূৰ্বে তেওঁ কেইটামান মাহৰ বাবে জিৰণি লব। তেওঁ ফ্লিপকাৰ্টৰ লগতে সহ প্ৰতিস্থাপক হিচাপে আৰম্ভ কৰা মিন্ত্ৰাও ত্যাগ কৰিব। তেওঁ কেৱল এজন উল্লেখযোগ্য শ্বেয়াৰহল্ডাৰ আৰু পৰামৰ্শদাতা হিচাপেহে কোম্পানীটোৰ সৈতে জড়িত হৈ থাকিব। মুকেশে কয়ঃ

শচীন, বিনি আৰু মই যোৱা দুই তিনি মাহ ধৰি এটা ব্যৱসায় প্ৰতিষ্ঠা কৰি সকলো দিশ চম্ভালি লৈ চলোৱাৰ পিছত প্ৰতিস্থান সলনি কৰাৰ কথাটোকে আলোচনা কৰি আছো।মই অনুভৱ কৰিছো যে এটা বিৰতি লৈ পৰৱৰ্তী পদক্ষেপৰ কথা চিন্তা কৰাৰ বাবে এইটোৱেই সঠিক সময় এইটোৱে বিনিক নতুন নেতৃত্ব বহনকাৰী কৰ্মীৰ দলৰ সৈতে নিকটভাবে কাম কৰাৰ সুবিধাও প্ৰদান কৰিব আৰু ফ্লিপকাৰ্টৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত চিন্তা কৰাৰ সুবিধা দিব।

মুকেশ, এগৰাকী স্বাস্থ্য সচেতন ব্যক্তি। তেওঁ কয় যে তেওঁ কোনটো ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰিব এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও সেয়া যে কাৰিকৰী আৰু প্ৰযুক্তিৰ দিশতেই হব সেয়া নিশ্চিত। ফ্লিপকাৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়া বিনি বানচালে কয় যে মুকেশে কোম্পানীটোত এক সুস্বাস্থ্যকৰ কৰ্মৰ পৰিবেশ গঢ়ি তুলিছিল। তেওঁ তদুপৰি কয়ঃ

আমি যেতিয়া মিন্ত্ৰা অধিকাৰ কৰিবলৈ সক্ষম হৈছিলো তেতিয়া আমি আজিতকৈ প্ৰায় পাঁচগুণ সৰু আছিলো। মই মোৰ জীৱনত কাম কৰা নেতৃত্ব বাহক সহকৰ্মীসকল ভিতৰত মুকেশ হৈছে এগৰাকী অন্যতম দক্ষ ব্যক্তি।মই তেওঁৰ পৰা বহু কথা শিকিছো, বিশেষকৈ এটা বৃহৎ সংস্থা কিদৰে গঢ়ি তুলিব পাৰি সেই কথা। এয়া কোম্পানীটোৰ লগতে ব্যক্তিগতভাবে মোৰো এক বৃহৎ ক্ষতি। বিগত নটা বছৰত মুকেশে দুটা বৃহৎ কোম্পানী গঢ়ি তুলিবলৈ সক্ষম হৈছে। মই তেওঁক এক সুখকৰ বিৰতিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আশা কৰিলো তেওঁৰ সন্তানকেইটিয়েও এইকেইটা দিন তেওঁক ওচৰতে পাই আনন্দ পাব।

চিফ বিজনেছ অফিচাৰ অংকিতে নিজাকৈ ক্ৰীড়া প্ৰতিভা বিকাশ ফাৰ্ম এখন আৰম্ভ কৰিবলৈ ওলাইছে।ফ্লিপকাৰ্টৰ প্ৰতিস্থাতা শচীন বানচাল আৰু বিনি বানচাল হব এই ফাৰ্মখনৰ প্ৰথম বিনিয়োগকাৰী। অতি শীঘ্ৰেই অংকিতে ফ্লিপকাৰ্ট ত্যাগ কৰিব।কিন্তু এইক্ষেত্ৰত আমোদজনক দিশটো হল সহ প্ৰতিস্থাপক শচীন বানচালে চিইঅ'ৰ পদ এৰি তুলনামুলকভাবে নিস্ক্ৰিয় কাৰ্যবাহী সঞ্চালকৰ পদটো চম্ভালি থাকিব বুলি ঘোষণা কৰাৰ এটা সপ্তাহৰ ভিতৰতেই এই ঘোষণা সমুহ প্ৰকাশ কৰিছে সংস্লিষ্ট শীৰ্ষ কৰ্মী সকলে।


শচীন বানচাল(বাওঁ),বিনি বানচাল(সোঁ)

শচীন বানচাল(বাওঁ),বিনি বানচাল(সোঁ)


বিনিয়ে এতিয়াৰে পৰা কমাৰ্চ আৰু এডভাৰ্টাইজিঙৰ দিশদুটা প্ৰত্যক্ষভাবে চোৱাচিতা কৰিব। আনফালে কোম্পানীৰ ভিতৰত আৰু বাহিৰতো অংকিতৰ স্থলাভিষিক্ত কৰাব পৰা উপযুক্ত ব্যক্তিৰ সন্ধান কোম্পানীয়ে অব্যাহত ৰাখিছে। বিনিয়ে কয়ঃ

ছবছৰ পূৰ্বে যেতিয়া অংকিতে কোম্পানীত যোগদান কৰিছিল তেওঁ তেতিয়া মাত্ৰ ২৪বছৰীয়া এজন যুৱক আছিল। তেওঁ আমাৰ যিকোনো ডাঙৰ ইভেন্ট বা পদক্ষেপতেই মূল ব্যক্তি আছিল। তেওঁ হাড়ে হিমজুৱে এগৰাকী উদ্যোগশীল ব্যক্তি।তদুপৰি তেওঁৰ সমাজ সচেতনতাও যঠেষ্ট। তেওঁৰ পৰৱৰ্তী কৰ্মময় যাত্ৰাত তেওঁৰ উদ্যোগশীলতা আৰু সমাজ সচেতনতা দুয়োটাৰো সমহাৰ ঘটিব। সেয়া হৈছে তেওঁৰ ক্ৰীড়া প্ৰতিভা বিকাশ ফাৰ্ম।

যি সময়ত ফ্লিপকাৰ্টে আমাজন , স্নেপডিল, পেইটিএম আদিৰ পৰা নিত্য নতুন প্ৰত্যাহ্বান লাভ কৰি আহিছে, সেই সময়তেই কোম্পানীটোৰ শীৰ্ষ মহলত এই সাল সলনি সংঘটিত হৈছে। কিন্তু মুকেশে কয় যে দুবছৰ পূৰ্বে মিন্ত্ৰা আহৰণ কৰাৰ সময়তকৈ বৰ্তমান এক শক্তিশালী স্থিতিত তেওঁ ফ্লিপকাৰ্টক এৰি যাবলৈ ওলাইছে। কোম্পানীটোৱে গুগলৰ দুই শীৰ্ষ আৰু জ্যেষ্ঠ কৰ্মী ক্ৰমে পিযুষ ৰঞ্জন আৰু পুনিত চোনীক ক্ৰমে চিটিঅ' আৰু চিপিঅ' হিচাপে নিযুক্ত কৰিবলৈ সক্ষম হৈছে যোৱা বছৰটোত। নিজৰ সাফল্য সন্দৰ্ভত মুকেশে কয়ঃ

যদি ব্যৱসায়ৰ কথা কওঁ, ভাগে ভাগে আমি বিভিন্ন শাখাত সক্ষমতা আনিবলৈ সক্ষম হৈছো। ফেশ্বনৰ ক্ষেত্ৰত আমি বৰ্তমান এক বিয়াগোম ক্ষেত্ৰ। ডাঙৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত জীভছৰ সহযোগত আন সংস্থাপনৰ কৰাৰ ক্ষেত্ৰত আন বহুতে দিব নোৱাৰা সুবিধা আমি দিবলৈ সক্ষম হৈছো। ই-কমাৰ্চত ডাঙৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত আমি ৫০শতাংশ মাৰ্কেট শ্বেয়াৰ আহৰণ কৰিবলৈ সক্ষম হৈছো। বিক্ৰেতাৰ জীৱন সহজসাধ্য কৰিব পৰাকৈ আমি কেইবাটাও ভাৰ্চনত এপ মুকলি কৰিছো। গ্ৰাহকৰ ক্ষেত্ৰত যঠেষ্ট পৰীক্ষা নিৰীক্ষা আমি কৰিছো। Flipkart Liteএ যঠেষ্ট সমাদৰ লাভ কৰিছে। Ping এ যোগাযোগৰ ক্ষেত্ৰত নতুন দিশৰ সুচনা কৰিছে। আমি তাক এতিয়া সম্প্ৰসাৰিত কৰি কথা বাৰ্তাৰ মাধ্যমেৰে গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ যোগাযোগ সম্ভৱ কৰি তুলিছো। আমি FK Moneyৰ প্ৰৰম্ভিক কাম আৰম্ভ কৰিছো, যাৰ যোগেৰে গ্ৰাহকে নিমিষতেই নিজৰ ৱালেটত ধন ঘুৰাই পোৱাৰ ব্যৱস্থা কৰা হৈছে। মূল লক্ষ্য হৈছে পৰিসৰ বৃদ্ধি কৰা।

কিন্তু প্ৰত্যাহ্বানৰ এতিয়াও অন্ত পৰা নাই । যদিও ফ্লিপকাৰ্টে ভাৰতৰ ই-কমাৰ্চৰ ক্ষেত্ৰখনত নিজৰ উল্লেখযোগ্য স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে,তথাপিও বিগত কেইটামান মাহত কোনো কোনো দিশত ই ক্ষতিৰো সমুখিন নোহোৱা নহয়। ফ্লিপকাৰ্টে দাবী কৰে যে তেওঁলোকৰ mobile-first পদক্ষেপে যঠেষ্ট সমাদৰ লাভ কৰিছে,তথাপিও ই এক প্ৰশ্নৰ অৱকাশ ৰাখে যে তেওঁলোকে ৱেবৰ জগতখনত কিছু উলাই কৰিব বিচাৰিছে নেকি। একেধৰণে কিন্তু ফ্লিপকাৰ্টে নিজৰ সেৱাৰ মানো অক্ষুন্ন ৰাখিছে। আনফআলে এইক্ষেত্ৰত আমাজন কিছু অসুবিধাৰ সমুখীন হৈছে। বিনিৰ মতে যি স্থানত ফ্লিপকাৰ্টে খোজ দিছে সেই স্থানত জয়লাভ কৰিবলৈ সক্ষম হৈছেঃ

ই-কমাৰ্চ হৈছে এক প্ৰত্যাহ্বনমূলক ব্যৱসায় আৰু ভাৰতবৰ্ষ হৈছে এক প্ৰতিযোগিতাৰ বজাৰ। আমি যি প্ৰত্যাহ্বানেই গ্ৰহণ কৰিছো, তাতেই সফল হৈছো। এম-কমাৰ্চত আমি চাৰিগুণ প্ৰত্যাহ্বান লাভ কৰিছো আৰু ৬০শতাংশ মাৰ্কেট শ্বেয়াৰ আহৰণ কৰিছো। স্মাৰ্টফোন আৰু ফেশ্বনৰ ক্ষেত্ৰত আমি ৬০শতাংশ মাৰ্কেট শ্বেয়াৰ পাইছো। আমি দখল কৰিব বিচৰা ক্ষেত্ৰ সমুহ এয়া।

মনোনিবেশ কৰা ক্ষেত্ৰসমুহৰ কথা নতুন চিইঅ' গৰাকীয়ে এইদৰে কয়ঃ

আমি যদি ই-কমাৰ্চৰ কথা কওঁ তেনেহলে ইয়াৰ চাৰিটা মূল স্তম্ভৰ কথা কবই লাগিব। সেয়া হৈছে কমাৰ্চ(মূল ফ্লিপকাৰ্ট প্লেটফৰ্ম আৰু মিন্ত্ৰা), যোগানৰ বিধিগত ব্যৱস্থা(ইকাৰ্ট), এডভাৰ্টাইজিং,যিটো যোৱা বছৰ সংযুক্ত কৰা হৈছে আৰু ধন পৰিশোধ। এইটো বছৰত আমি আমাৰ ব্যৱসায় অৰ্থাত কমাৰ্চ আৰু যোগানৰ বিধিগত ব্যৱস্থাত মনোনিবেশ কৰিম আৰু তাক অন্য এটা স্তৰলৈ উন্নিত কৰিবলৈ যত্ন কৰিম। অনাগত ১০টা বছৰৰ ভিতৰত আমি এই সকলো কেইটা স্তম্ভতেই নেতৃত্ব বাহক হৈ উঠিব বিচাৰোঁ। আমি এক সুদুৰপ্ৰসাৰী দৃষ্টি ৰাখিছো।

বৰ্তমান দেশৰ ৩০০চহৰত ফ্লিপকাৰ্টে অব্যাহত ৰাখিছে ই-কাৰ্টৰ ব্যৱস্থা। বিনিয়ে কয় যে ডেলিভাৰীৰ ক্ষেত্ৰত ক্ষীপ্ৰতা বৃদ্ধি কৰাত মনোনিবেশ কৰা হব। লগতে দেশৰ বিভিন্ন প্ৰান্তত ডাঙৰ ডাঙৰ ৱেৰহাউচ স্থাপন কৰি অৰ্ডাৰৰ পিছদিনাই ডেলিভাৰী দিব পৰা ব্যৱস্থা দেশৰ ৯০শতাংশ স্থানত কৰি তোলাত মনোনিবেশ কৰা হৈছে। শেহতীয়া এক গুজৱ মতে ফ্লিপকাৰ্টে স্নেপডিল আৰু পেইটিএমৰ বিনিয়োগকাৰী আলিবাবাৰ পৰা বিনিয়োগ আহৰণ কৰিছে। তদুপৰি ভেল্যুৱেশ্বনৰ এক চাপ ফ্লিপকাৰ্টে লাভ কৰাৰ লগতে বৰ্তমান ১৫বিলিয়ন ডলাৰলৈ নিজৰ মূল্য উন্নীত কৰাৰ গুজৱো ওলাইছে। বিনিয়ে আলিবাবাৰ লগত যোগাযোগ কৰাৰ কথা অশ্বীকাৰ কৰে যদিও ভেল্যুৱেশ্বন চাপ সন্দৰ্ভত কয়ঃ

আমি বৰ্তমান দেশত যিকোনো ব্যৱসায় আৰম্ভ কৰিব পৰাকৈ ধন আহৰণৰ কৰিবলৈ সক্ষম হৈছো। যিহেতু বজাৰৰ নেতৃত্ববাহকৰ প্ৰতি বিনিয়োগকাৰী সকলৰ আকৰ্ষণ স্বাভাৱিক। বজাৰত উত্থান পতন থাকিবই; যেতিয়া বজাৰলৈ পতন আহে ই সকলোকে প্ৰভাৱিত কৰে। কিন্তু আমাৰ বাবে কেতিয়াবা পতনো লাভৰ কৰাণ হৈ পৰে।

মূলঃৰাধিকা পি.নায়াৰ

অনুবাদঃপ্ৰাঞ্জল শৰ্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

অসমত নিবনুৱা সমস্যা নাই, আছে নিষ্কৰ্মাৰ সমস্যা: আই.আই.ই. ৰ সঞ্চালক মনোজ কুমাৰ দাস

চৰকাৰী আঁচনিৰ সহায়ে উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্ট আপ সমুহক উপকৃত কৰিবনে?

বয়ন শিল্পক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰা উদ্যমী মহিলা-হেমপ্ৰভা চুতীয়া

পৰিৱৰ্তনৰ বাহক হোৱাৰ ক্ষেত্ৰত মহিলাৰ বাবে 'ক্ৰোধ' প্ৰথম আহিলা হ'ব পাৰে নেকি?

Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share
Report an issue
Authors

Related Tags