EDITIONS
Asamiya

১০ লাখ টকাৰ পৰা ১ কোটি টকালৈ ‘পকেট খৰচ’ বৃদ্ধি কৰা এগৰাকী কলেজীয়া ছাত্ৰীঃ প্ৰিয়ংকা আগৰৱাল

Team YS Asamiya
24th Nov 2015
Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share

আপুনি হয়তো কোনো বহুজাতিক কোম্পানীৰ ২৫ বছৰীয়া বিভাগীয় মুৰব্বীৰূপে নিজৰ চমকপ্ৰদ কেৰিয়াৰকে ইণ্টাৰনেটত আন দহজনে উল্লেখ কৰা ঈপ্সিত জীৱন বুলি পতিয়ন গৈছে। কিন্তু এইবাৰ আমি যি কাহিনী তুলি ধৰিব খুজিছো সেয়া পঢ়ি উঠাৰ পিছত আপোনাৰ ধাৰণা যে ভুল সেইবিষয়ে আপুনি নিশ্চিত হ’ব।এগৰাকী নাৰী বা প্ৰকৃতাৰ্থত এগৰাকী যুৱতীয়ে কলেজীয়া জীৱনতে যি সফলতা লাভ কৰিছে সেয়া আপোনাৰ অথবা মোৰ দহবছৰৰ পৰিকল্পনাৰ পিছতো হৈ নুঠাতো নিশ্চিত। মাত্ৰ বিশ বছৰ বয়সতে এইগৰাকী যুৱতীয়ে আৰম্ভ কৰা ব্যক্তিগত কছমেটিকৰ ব্ৰেণ্ড Kallosৰ সামগ্ৰী বৰ্তমান ছখন ৰাজ্যৰ এশৰো অধিক বিপণীত বিক্ৰী হয়।

এওঁ ব্যতিক্ৰমী উদ্যোগী প্ৰিয়ংকা আগৰৱাল

বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত ব্যক্তিগত ব্যৱহাৰযোগ্য সামগ্ৰীৰ ক্ষেত্ৰত নিজৰ ব্যৱসায়িক লক্ষ্য পূৰণৰ লগতে এগৰাকী স্বাৱলম্বী উদ্যোগীৰূপে উদ্ভাসিত হোৱাটো প্ৰিয়ংকাৰ বাবে আছিল এক দৈবাৎ সংঘটিত পৰিক্ৰমা। কেতিয়াও কোনোধৰণৰ সংশয়ক প্ৰশ্ৰয় নিদিয়া এগৰাকী কম বয়সীয়া যুৱতীৰ ক্ষেত্ৰততো এয়া প্ৰায় অসম্ভৱ কথাই।

image


“অতি আকৰ্ষণীয়ভাৱে মোৰ আগ্ৰহৰ বিষয় ইতিহাস, ৰাজনীতি বিজ্ঞান, সমাজশাস্ত্ৰ আৰু মোৰ প্ৰিয় ক্ৰীড়া আৰু নৃত্যৰ ক্ষেত্ৰক লৈ মই আগবাঢ়িব বিচাৰিছিলো।আনকি কোনো ধৰণৰ অনিশ্চয়তাৰ প্ৰভাৱ নপৰা মোৰ শৈশৱো আছিল অতি সুৰক্ষিত। মই এতিয়া যদি পিছলৈ ঘুৰি চাওঁ তেনেহ’লে এগৰাকী প্ৰত্যাহ্বান গ্ৰহণ কৰা যুৱতীৰূপে নিজকে ভাবিবও নোৱাৰো।” প্ৰিয়ংকাই কৈ গ’ল।

কিন্তু সম্ভাৱনাৰ দ্বাৰ মুকলি হ’লে তাৰ প্ৰতি সঁহাৰি জনোৱাটো এগৰাকী নেতাৰ সাধাৰণ স্বভাৱ। “মোৰ পিতৃৰ কাৰ্যালয়লৈ দৈনিক অহা-যোৱা কৰি মই নিজৰ ব্যৱসায় মুকলি কৰাৰ প্ৰতি আগ্ৰহী হৈছিলো।ব্যক্তিগত সেৱা অথবা কছমেটিকছৰ কথা অৱশ্যে মনলৈ এবাৰো অহা নাছিল। মই এখন চেলুন খুলিব বিচাৰিছিলো! ইয়াৰ বাবে এখন প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত মই সৌন্দৰ্য আৰু কেশচৰ্চাৰ এক চমু পাঠ্যক্ৰমো গ্ৰহণ কৰিছিলো কাৰণ মোৰ বিশ্বাস আছিল যে কোনোবাই কিবা কাম আৰম্ভ কৰিলে তাৰ প্ৰতি সম্পূৰ্ণৰূপে নিজৰ মন-প্ৰাণ সঁপি দিব লাগে।সেইবাবে মই গভীৰতাৰে ইয়াৰ জ্ঞান অৰ্জন কৰিব বিচাৰিছিলো।কিন্তু মই ইয়াৰ প্ৰতি নিজৰ আগ্ৰহ ক্ৰমাৎ হেৰুৱাই পেলালো।”

কিন্তু ইয়াতে থমকি নৰৈ প্ৰিয়ংকাই আন কি ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰিব পাৰি সেই বিষয়ে জানিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। নিজৰ আগ্ৰহক এক নিৰ্দিষ্ট দিশত কেন্দ্ৰীভূত কৰিবলৈ প্ৰিয়ংকাই প্ৰয়াস চলাবলৈ ধৰে।প্ৰিয়ংকাই জনায়, “কেইমাহমানৰ পিছত মই দেউতাৰ সৈতে আলোচনা কৰি বুজিব পাৰো যে ব্যৱসায়ৰ বিকাশেই মোৰ আগ্ৰহৰ বিষয়।তেওঁ মোক ব্যক্তিগত সৌন্দৰ্য চৰ্চাৰ এক ব্ৰেণ্ড আৰম্ভ কৰাৰ পৰামৰ্শ প্ৰদান কৰে।প্ৰথমতে এই প্ৰস্তাৱত মোৰ হাঁহি উঠিছিল।”

image


“মই যেতিয়া এইদিশত কাম আৰম্ভ কৰো কেৱল কাৰ্যালয়ত দেখাৰ বাহিৰে মই এই ব্যৱসায়ৰ অ,আ,ক,খ একোৱেই নাজানিছিলো । বেছিভাগ মানুহেই মোক গৰমৰ বন্ধত আজৰি সময় কটাবলৈ অহা মালিকৰ জীয়েক বুলিহে গণ্য কৰিছিল। সেইবাবে মোক তেওঁলোকে ব্যৱসায়ৰ এক থূল-মূল আভাসহে প্ৰদান কৰিছিল।মই তেতিয়ালৈকে মেনেজমেণ্টৰ স্নাতক পাঠ্যক্ৰমো সম্পূৰ্ণ কৰা নাছিলো।” প্ৰিয়ংকাই সোঁৱৰিলে।

যেতিয়া সকলো দিশৰ পৰা বাধা আহে

কলেজীয়া সময়ত দুটা সমান্তৰাল দিশত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰিয়ংকাৰ বাবে আছিল এক প্ৰত্যাহ্বান। ইয়াৰ লগতে বিভিন্ন দিশৰ পৰা অহা কটু সমালোচনা, সংশয়ৰ জোৱাৰে ঋণাত্মক শক্তিৰূপে কাম কৰিছিল।প্ৰিয়ংকাৰ ভাষাত, “মোৰ পঢ়া-শুনা সম্পূৰ্ণ নোহোৱালৈকে ব্যৱসায়ৰ আৰম্ভণি স্থগিত ৰাখিবলগীয়া হৈছিল। কলেজৰ পৰৱৰ্তী সময়ৰ এটা বছৰৰ পাছতহে সকলো শক্তি গোটাই আন আন সকলক লৈ এই দিশত আগবাঢ়িব পৰা গৈছিল। নিষ্ক্ৰিয় হৈ থকা বছৰটোত সকলোৱে ধৰি লৈছিল যে এই পৰিকল্পনা কেতিয়াও ফলপ্ৰসূ নহয় আৰু আমাৰ ব্যৱসায়ৰ ইমানতে অন্ত পৰিল।কিন্তু এই এটা বছৰত মানুহ একত্ৰিত কৰি, উৎপাদন আৰম্ভ কৰি আৰু বজাৰত উৎপাদিত সামগ্ৰীসমূহ মুকলি কৰি দিয়াৰ এক সুস্পষ্ট ধাৰণা গঢ়ি তুলিব পৰা গৈছিল।”

“মই সমালোচক আৰু সংশয়কাৰীসকলক ভালদৰেই চিনি উলিয়াব পাৰিছিলো। ইয়াৰে একাংশই একেৰাহে মোৰ লক্ষ্যক লৈ সন্দেহৰ বাতাবৰণ সৃষ্টি কৰি মোক হতাশ কৰিবলৈ চেষ্টা কৰিছিল। পুৰণিকলীয়া কিছুমান চিন্তাধাৰাৰ বাবে এগৰাকী মহিলাৰ ক্ষেত্ৰত নিজকে প্ৰমাণ কৰিবলৈ আগবঢ়াতো আমাৰ সমাজত এক দুৰুহ কাম। কিছুমানে ইয়াক বিয়াৰ আগতে এগৰাকী যুৱতীয়ে সময় কটাবলৈ কৰা কাম বুলি ধৰি লয়। বহুসময়ত আ্মি শ্ৰেষ্ঠ হ’লেও বিভিন্ন ক্ষেত্ৰৰ কিছু ভ্ৰান্ত পৰিস্থিতিৰ বাবে এয়া প্ৰমাণ কৰাত অসুবিধা হয়। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ আটাইতকৈ ভাল উপায়টো হৈছে এনেধৰনৰ আলোচনাবোৰৰ পৰা সচাঁ অৰ্থত ভাল পৰামৰ্শ বাচি উলিয়াই আগুৱাই যোৱা। আনৰ আগত নিজকে প্ৰমাণ কৰাতকৈ মই নিজৰ বাবে কিবা কৰিব বিচাৰিছিলো কাৰণ প্ৰকৃত সন্তুষ্টি ইয়াতহে পোৱা যায়। সমৰ্থন প্ৰদান কৰি আপোনাৰ চৌপাশৰ শক্তি বৃদ্ধি কৰাৰ মানুহৰ মাজতহে পৰিৱেষ্টিত হৈ থকাটো প্ৰয়োজনীয়।আৰু মই এয়াই কৰিছিলো।” প্ৰিয়ংকাই এনেদৰে জনায় নিজৰ ভাৱ।

ধুমুহাৰ পিছৰ ৰামধেনু

নিজৰ ঈপ্সিত লক্ষ্য পূৰণ কৰাৰ ক্ষেত্ৰত আন দহজনৰ দৰে প্ৰিয়ংকাইও এক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। কম বয়সত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ আৰু এগৰাকী নাৰীৰূপে সন্মুখীন হোৱা সমস্যাৰ পৰা লাভ কৰা শিক্ষাৰে প্ৰিয়ংকা পুষ্ট হৈ উঠিছিল।ব্যৰ্থতাক শিকনিৰূপে গ্ৰহণ কৰা এইগৰাকী যুৱতীৰ অন্যতম প্ৰাৰম্ভিক ভুল আছিল পিতৃৰ খাদ্য বিভাগত কাম কৰা কৰ্মচাৰীসকলক নিজৰ কামত লগোৱা।“এইবাবেই প্ৰথম দুমাহত কামৰ গতি আছিল অতি মন্থৰ আৰু ইয়াত যেতিয়াই তেতিয়াই বাধা আহি পৰিছিল।দেউতাই মোৰ ওপৰত বিশ্বাসেৰে বিনিয়োগ কৰা ১০ লাখ টকা পানীত পৰাটো মই বিচৰা নাছিলো।এনে সময়তে চাৰিজন ব্যক্তিক লৈ মই মোৰ নিজৰ টীম গঠন কৰি কাম খৰটকীয়া কৰাৰ সিদ্ধান্ত লওঁ।এক সুনিৰ্দিষ্ট, পৰিষ্কাৰ আঁচনি গ্ৰহণ কৰি আমি আগবাঢ়িছিলো।আমি প্ৰথমে নগৰসমূহ বাছি উলিয়াই লাহে লাহে বিতৰণৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি নিৰ্দিষ্ট বিপণী আৰু অঞ্চলত লক্ষ্য কেন্দ্ৰীভূত কৰোঁ।অঞ্চলভিত্তিক বাচনিক আটাইতকৈ আগত স্থান দিছিলো।”

ৰামধেনুৱে সিঁচি দিয়া সপোনৰ বৰষুণ

পিতৃৰ পৰা প্ৰথমাৱস্থাত পোৱা আৰম্ভণিৰ বিনিয়োগে নতুন উৎপাদনৰ বাবে ধন অৰ্জনত সহায় কৰিলে। “দহলাখ টকাৰ পৰা আমি কেইমাহমানৰ ভিতৰত এক কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো।বহুতৰ বাবে এয়া হয়তো একোৱে নহয় কিন্তু আমাৰ বাবে এয়া এক উৎফুল্লিত হোৱা বিষয়।এয়া হৈছে এক তীব্ৰ প্ৰতিদ্বন্দিতামূলক বিপণনৰ ক্ষেত্ৰ য’ত আপোনাৰ প্ৰতিপক্ষ হৈছে HUL,P&G,DABURৰ দৰে বৃহৎ কোম্পানী, ইয়াৰ লগতে আছে বিভিন্ন আঞ্চলিক কোম্পানীও। প্ৰতিমাহেই এই ক্ষেত্ৰত ন ন খেলুৱৈয়ে ভুমুকি মাৰে আৰু এইসমূহৰ মাজত বৰ্তি থকাটো অতি প্ৰত্যাহ্বানমূলক।শূণ্যৰ পৰা আৰম্ভ কৰা আমাৰ ব্যৱসায়ক লৈ এতিয়া আমাৰ বিতৰক, গ্ৰাহক সকলোৱে উৎসুকতা প্ৰদৰ্শন কৰে। যোগানৰ শৃংখলা, বিতৰণৰ সঠিক পদ্ধতি আৰু কৌশল অৱলম্বন নকৰিলে আপুনি প্ৰতিযোগিতাৰ পৰা নিজে নিজে বাহিৰ হৈ যাব লাগিব।” প্ৰিয়ংকাই কয়।

এছ পি জৈন কলেজত MBA পাঠ্যক্ৰমৰ ছাত্ৰীৰূপে কম বয়সীয়া এইগৰাকী উদ্যোগী অগ্ৰসৰ হৈছে জীৱনৰ আন এক সংগ্ৰাম অতিক্ৰম কৰিবলৈ। বৰ্তমান নিজতকৈ অধিক অভিজ্ঞ, শৈক্ষিক অৰ্হতাসম্পন্ন প্ৰাৰ্থী আহে প্ৰিয়ংকাৰ কাষলৈ নিযুক্তি বিচাৰি। ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰিয়ংকাৰ সিদ্ধান্ত ক্ষীপ্ৰ আৰু সঠিক। “দলত যেতিয়া আপুনি আটাইতকৈ সৰু আৰু নেতৃত্ব দিয়াৰ ভাৰ আপোনাৰ কান্ধত তেতিয়া সন্মান দিয়া আৰু আদায় কৰা দুয়োটাই অতি গুৰুত্বপূৰ্ণ।মই সকলোৰে সংযোগত থাকিব খোজো, ধৈৰ্যশীল হৈ সময়সাপেক্ষে কঠিন হোৱাৰ লগতে প্ৰশংসা কৰাৰ ক্ষেত্ৰতো পিছ নুহুহকোঁ।এইপৰ্যন্ত কৰ্মক্ষেত্ৰত মই লিংগ বৈষম্যৰ সন্মুখীন হোৱা নাই । ভৱিষ্যতেও এনে পৰিস্থিতিৰ সন্মুখীন নহ’ম বুলি আশা ৰাখিলো।”

নাৰীৰ প্ৰতি মানসিকতাৰ পৰিৱৰ্তনক উষ্ণ আদৰণি জনাই প্ৰিয়ংকাই অধিকসংখ্যক মহিলা উদ্যোগীয়ে নিজৰ স্বপ্ন পূৰণৰ বাবে আগুৱাই অহাটো কামনা কৰে। প্ৰিয়ংকাই বিচাৰে নাৰীয়ে শীৰ্ষ পদসমূহত আৰোহণ কৰি প্ৰথম পদক্ষেপ গ্ৰহণ কৰক।

“এনে হোৱাটো জৰুৰী কাৰণ ইয়াৰ দ্বাৰাহে ভয় আৰু সংশয়ৰ পৰিৱেশ আঁতৰাৰ সংকেত লাভ কৰিব পৰা যাব। বৰ্তমান নাৰীয়ে বিভিন্ন উদ্যোগ আৰম্ভ কৰা দেখা গৈছে আৰু এয়া সঁচাকৈয়ে এক শুভবাৰ্তা। আগৰধাৰণা অনুসৰি নাৰী যে কেৱল নিজৰ স্বামী, পিতৃ, সহকৰ্মীৰ ওপৰত নিৰ্ভৰশীল দ্বিতীয় স্থানৰ ব্যক্তি নহয় তাৰে এয়া সুস্পষ্ট ছবি।” আত্মবিশ্বাসী প্ৰিয়ংকাৰ ভাষ্য।


মূলঃবিনজাল শ্বাহ

অনুবাদঃতুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share
Report an issue
Authors

Related Tags