সাত সাগৰ তেৰ নদীৰ সিপাৰৰ জুলিয়েনে বিহু পাতিলে অসমত

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ জুলিয়েনে বিহু পাতিলে অসমত

Wednesday April 13, 2016,

2 min Read

ৰঙালী বিহুৰ তাৎপৰ্যৰ কথা অসমীয়াক বুজাই কোৱাৰ প্ৰয়োজন নাই। অসমীয়াক একতাৰ ডোলেৰে বান্ধি ৰখাৰ ক্ষেত্ৰত বিহুৰ অৱদান অনস্বীকাৰ্য। সমান্তৰালভাৱে বিহুৰ ঐতিহ্যই অসমীয়াক বিশ্ব সভালৈ লৈ যোৱাৰ ক্ষেত্ৰতো সক্ষম হৈছে। বিহুৰ অমিয়া ৰূপ-ৰস স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সময়ে সময়ে বিদেশী পৰ্যটকো অসমলৈ আহে। এনে এক দৃশ্যই প্ৰত্যক্ষ কৰা হ’ল ডিমৌৰ সমীপৰ ধেমেছী গাঁৱত। সুদূৰ ফ্ৰান্সৰ পৰা আহি অসমত বিহু উদযাপন কৰিলে ফ্ৰান্সৰ পৰ্যটক জুলিয়েন ফ্ৰিকুৱেটে।


image


বিহুৰ নান্দনিকতা স্বচক্ষে প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে ফ্ৰান্সৰ জুলিয়েন। বিশ্বৰ ক’তো নোপোৱা এনে ৰূপ ৰঙৰ সৈতে একাত্ম হৈ পৰিল জুলিয়েন ফ্ৰিকুৱেট। এনেদৰে বিহুৰ ঐতিহ্য প্ৰত্যক্ষ কৰিয়েই পুনৰ ফ্ৰান্সলৈ উভতি যাব নেকি তেওঁ। এয়াটো কোনো পৰিস্থিতিতে সম্ভৱ নহয়। হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ এই প্ৰান্তত ফ্ৰান্সৰ এই পৰ্যটকজনে হেঁপাহ পলাই উপভোগ কৰিলে বিহুৰ আনন্দ।


image


জুলিয়েন ফ্ৰিকুৱেটে কণী যুঁজত অংশগ্ৰহণ কৰিলে, পেঁপা বজাবলৈ চেষ্টা কৰিলে। গৰুক গা ধুৱাই এপাঁক নাচিবলৈও চেষ্টা কৰিলে বিদেশী নাগৰিকজনে। ডিমৌৰ সমীপৰ ধেমেচীত জৈৱিক চাহ খেতি পৰ্যবেক্ষণ কৰাৰ সমান্তৰালভাৱে বিহুৰ আনন্দত আত্মহাৰা হৈ পৰিল তেওঁ। 


image


জুলিয়েনে ফ্ৰিকুৱেটে কয়,

‘অসমলৈ মই প্ৰথমবাৰলৈ আহিছো। প্ৰথমবাৰলৈ দেখিছো অসমৰ বিহু। অসমৰ এই নান্দনিক পৰিৱেশে মোক শিহৰিত কৰিছে। মোৰ এয়া প্ৰথম অসম ভ্ৰমণ যদিও নিশ্চিতভাৱে শেষ ভ্ৰমণ নহয়। বাবে বাৰে মই অসমলৈ আহিম আৰু অসমৰ সৌন্দৰ্য প্ৰাণ ভৰি উপভোগ কৰিম।’


image


বিহুৰ বতৰত অসমৰ জীয়ৰী-বোৱাৰীয়ে প্ৰস্তুত কৰা বিভিন্ন পিঠা-পনাৰো সোৱাদ ল‘লে জুলিয়েন ফ্ৰিকুৱেটে। জুলিয়েন ফ্ৰিকুৱেটৰ এই ভ্ৰমণক লৈ সমানেই উৎসাহী অঞ্চলটোৰ জনতাও। কিয়নো প্ৰথমবাৰৰ বাবে কোনো এজন বিদেশী আলহী আহিছে বিহু উদযাপন কৰিবলৈ। প্ৰাণোচ্ছল বিহুৰ ৰস উপভোগ কৰি জুলিয়েন ফ্ৰিকুৱেটে প্ৰকাশ কৰিলে যে ই অসমক আৰ্থিকভাৱেও আগুৱাই লৈ যাব পাৰে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিহু আৰু বিয়াৰ বতৰত ডিজাইনাৰ বুটিকে বুটিকে

বিভিন্ন গহণা আৰু সাজ-পাৰেৰে ৰঙালী বিহুৰ বাবে কেইগৰাকীমান ডিজাইনাৰৰ প্ৰস্তুতি

জাপিসঁজীয়াৰ নাৰায়ণ কেওঁটৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াই আছে সাতামপুৰুষীয়া ফুলাম শিল্প

৬ফুট পেপাঁৰে মুহিছে আনন্দ গগৈয়ে