সোণতকৈ কম নহয় সিন্ধুৰ ৰুপৰ পদক
August 19, 2016, Updated on : Thu Sep 05 2019 07:31:24 GMT+0000

- +0
- +0
অলিম্পিকত বেডমিন্টৰ ফাইনেল পাওঁতেই নিশ্চিত হৈছিল পি ভি সিন্ধুৱে সোণ পাওক বা নাপাওক ৰূপৰ পদক পাবই । পিছে সিন্ধুৱে কৈছিল সোণ আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব তেওঁ । শুকুৰবাৰে ফাইনেলত সেই কথা ৰাখি বিশ্বৰ শীৰ্ষ খেলুৱৈ কেৰলিনা মাৰিনক তীব্ৰ প্ৰত্যাহ্বান জনালে সিন্ধুৱে । স্পেইনৰ মাৰিনে জয়লাভ কৰিলে যদিও এই জয় কিন্তু সহজ হবলৈ নিদিলে ২১ বছৰীয়া সিন্ধুৱে । প্ৰথম গেমত সিন্ধুৱে বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীক ২১-১৯ত পৰাস্ত কৰে । অৱশ্যে ইয়াৰ পিছত ২১-১২ আৰু ২১-১৫ ৰে প্ৰত্যাৱৰ্তন ঘটাই জয়লাভ কৰিবলৈ সক্ষম হয় মাৰিন ।
কিন্তু এই ফাইনেলত জয়লাভ কৰিব নোৱাৰিলেও বেডমিন্টনত ৰূপৰ পদক পোৱা প্ৰথম ভাৰতীয় মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰিলে সিন্ধুৱে ।
সিন্ধুৰ প্ৰশিক্ষক গোপীচান্দৰ প্ৰশিক্ষণ কেন্দ্ৰত সিন্ধুৰ খেল চাবলৈ সমবেত হোৱা সিন্ধুৰ পৰিয়াল, গোপীচান্দৰ পৰিয়াল, প্ৰশিক্ষাৰ্থী সকল আৰু অন্যান্য ক্ৰীড়াপ্ৰেমী সিন্ধুৰ পৰাজয়ত আহত হলেও সিন্ধুৰ প্ৰচেষ্টাক লৈ তেওঁলোক সুখী আৰু সিন্ধুৰ ৰূপৰ পদকৰ বাবে তেওঁলোকে আনন্দ প্ৰকাশ কৰে । সেইদৰেই দেশৰ বিভিন্ন প্ৰান্তৰৰ ক্ৰীড়াপ্ৰেমী আৰু বিভিন্ন ক্ষেত্ৰৰ ভাৰতীয় সকলে আনন্দ প্ৰকাশ কৰিছে সিন্ধুৰ এই ফলাফলত কিয়নো অলিম্পিকৰ ৰূপৰ পদক এটা সাধাৰণ কথা নহয় ।
সিন্ধুৰ এই সফলতাক লৈ উৎফুল্লিত বলীউডৰ চেলিব্ৰিটি সকলো । অক্ষয় কুমাৰ, ঋত্বিক ৰোশন, সুনীল শেট্টী, কবীৰ বেদিকে আদি কৰি বিভিন্নজনে সিন্ধুৰ এই ঐতিহাসিক ফলাফলৰ বাবে অভিনন্দন জনায় । বিশ্বৰ শীৰ্ষ খেলুৱৈ গৰাকীৰ সৈতে তুমুল যুদ্ধ কৰা সিন্ধু নিশ্চিতভাৱে ভাৰতৰ উঠি অহা খেলুৱৈ সকলৰ বাবে এক আদৰ্শ ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
সামাজিক বাধা স্বত্বেও সাক্ষীয়ে ৰচিলে ইতিহাস
নৈষ্ঠিক ব্ৰাহ্মণে চোৱা-চিতা কৰা এটা মছজিদ
- +0
- +0