পশ্চিমবঙ্গৰ দিনাজপুৰৰ মুখা শিল্পক জীয়াই ৰাখিবলৈ শিল্পী সকলৰ সমবায়

1st Jan 2016
  • +0
Share on
close
  • +0
Share on
close
Share on
close

মহীষবাথান, চুবুৰীয়া পশ্চিমবঙ্গৰ দক্ষিণদিনাজপুৰৰ জিলাৰ এখন শান্ত সেউজ গাওঁ। গাওঁ বুলি ক’লেই দিগন্ত বিস্তৃত পথাৰ নীলা আকাশ, একাবেকা নৈ, চিকুনাই থোৱা চোতালেৰে যিখন ছবি মনলৈ আহে মহিষবাথান তেনেকুৱাই এখন গাওঁ।

মহিষবাথান আৰু তাৰ ওচৰ-পাজৰৰ এক বিস্তীৰ্ণ অঞ্চলৰ প্ৰাচীন লোক-শিল্প গমিৰা নাচ বা মুখাখেল। গাৱৰ দেৱী গ্ৰাম চণ্ডীৰ আৰাধনা কৰিবলৈ স্থানীয় ৰাজবংশী জনগোষ্ঠীৰ মানুহে মুখা পিন্ধি এই নৃত্য পৰিৱেশন কৰে। ৰং,ভাস্কৰ্য আৰু শৈল্পিক গুণেৰে কাঠেৰে তৈয়াৰী এই মুখাই আফ্ৰিকাৰ প্ৰাচীন মুখালৈ মনত পেলাই দিয়ে।আন বহু প্ৰাচীন শিল্পৰ দৰেই মুখাও হেৰাই যাবলৈ ওলাইছিল। পেপাৰ মেছেৰে তৈয়াৰী মুখাত স্থানীয় শিল্পী সকল অভ্যস্ত হৈ উঠিছিল,আৰু মাত্ৰ দুখন দিনাজপুৰতেই আবদ্ধ থকাত বিকাশৰ সুযোগো নাছিল। নতুন প্ৰজন্মৰো উৎসাহ হেৰাই গৈছিল।

“এয়া আমাৰ অতি প্ৰাচীন এটা লোক শিল্প।সৰুৰ পৰাই বহাগ জেঠ মাহত গাঁৱে-গাঁৱে মুখা খেলৰ অনুষ্ঠান দেখি আহিছো। নানা ভগৱানৰ মুখা পিন্ধি শিল্পীয়ে নৃত্য পৰিৱেশন কৰিছিল,মানুহে ভিৰ কৰিছিল,কিন্ত ক্ৰমাৎ এইবোৰ কমি আহিবলৈ ধৰিছিল আৰু কাঠৰ মুখাৰ ব্যৱহাৰতো একেবাৰে কমি গৈছিল”-ক’লে ওচৰৰে কোশমণ্ডিৰ পৰেশ চন্দ্ৰ চৰকাৰে।

image


পৰেশ বাবু পেশাত লাইব্ৰেৰিয়ান ।গাঁৱৰেই এটা পুথিভৰালত তেওঁ চাকৰি কৰে। নিজৰ প্ৰাচীন ঐতিহ্যবাহী শিল্পক জীয়াই তুলি বিশ্বৰ মঞ্চত তুলি ধৰাৰ দায়িত্ব নিজৰ কান্ধত তুলি লৈছে পৰেশ বাবুয়ে। নিজে পোনপটীয়াকৈ জড়িত নহ’লেও অঞ্চলটোৰ প্ৰাচীন এই শিল্পক ৰক্ষা কৰাটো তেওঁৰ নিজৰ কৰ্তব্য বুলি ভাৱে।সেই উদ্দেশ্যেই ১৯৯০ চনত স্থানীয় জেষ্ঠ্য শিল্পীসকলক লৈ তেওঁ মহিষবাথান গ্ৰামীণ হস্তশিল্প সমবায় সমিতি গঠন কৰে।

প্ৰাচীন এই শিল্পক জীয়াই তোলাৰ উপৰি আন এটা উদ্দেশ্য আছিল, অঞ্চলটোৰ মানুহৰ বাবে বিকল্প সংস্থানৰ ব্যৱস্থা কৰা।“আমাৰতো টকা-পইচা নাই আৰু এতিয়া টকা-পইচা নহ’লে একোৱেই নহয়, সেইবাবেই অঞ্চলটোৰ মানুহে যাতে হাতৰ কাম শিকি খাই পিন্ধি থাকিব পাৰে সেয়া নিশ্চিত কৰাও এটা লক্ষ্য আছিল”-জনালে পৰেশ বাবুয়ে।

image


মহিষবাথান দুই দিনাজপুৰৰ সীমান্তত অৱস্থিত।এলেকাটোৰ মানুহৰ মূল জীৱিকা কৃষি।অৱশ্যে পৰিয়াল বঢ়াৰ লগে-লগে জনমূৰি মাটিৰ পৰিমাণ কমিছে, ইফালে বিকল্প জীৱিকাৰো তেনে সুবিধা নাই সেইবাবেই জীৱিকাৰ সন্ধানত বহুতেই গাঁৱ এৰি গৈছিল। এই সমস্যা সমাধানত মহিষবাথান গ্ৰামীণ হস্তশিল্প সমবায় সমিতি বহুলাংশে সফল হৈছে।

জেষ্ঠ্য শিল্পীসকলে নতুন সকলক কাম শিকায় । প্ৰথমে পলিচ বা সৰুসুৰা খোদাইৰ কাম দিয়া হয়,দক্ষতা বঢ়াৰ পিছত এখন সম্পূৰ্ণ মুখাৰ তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হয়।সমিতিয়ে কাঠ আৰু আন কেচাঁমাল যোগান ধৰে। শিল্পীসকলে সমিতিলৈ আহি কাম কৰে, সমিতিয়েই বিক্ৰীৰো ব্যৱস্থা কৰে।কাঠৰ বাহিৰেও বাঁহৰ মুখাও তৈয়াৰ কৰা হয়।

“এইয়া আমাৰ বোপাককাৰ শিল্প, আমাৰ ভিতৰতেই আছে, সৰুৰে পৰা দেখি ডাঙৰ হৈছো, এতিয়াৰ ল’ৰা-ছোৱালীহঁতেও সৰুৰে পৰাই মুখা খেল দেখে, মই কেৱল সিহঁতক বনোৱাৰ কায়দাটো শিকাই দিওঁ, জোখ-মাখৰ কিটিপটো দেখুৱাই দিওঁ, বাকীখিনি সিহঁতে নিজেই বুজি পায়”- ক’লে সমিতিৰ জ্যেষ্ঠ শিল্পী আৰু গুৰু শংকৰ চৰকাৰে।শংকৰ বাবু , তেওঁৰ দুই পুত্ৰ টুলু আৰু নন্দী তিনিও মুখা নিৰ্মাণৰ সৈতে জড়িত।

image


সমিতিৰ বৰ্তমান সদস্য সংখ্যা ২০৫ গৰাকী।প্ৰথমৰ পিনে ভীষণ সমস্যা হৈছিল বুলি জানিবলৈ দিলে পৰেশ বাবুয়ে।“আমাৰ পুঁজি বুলিবলৈ প্ৰায় একোৱেই নাছিল, আছিল কেৱল দক্ষতা। কাঠ কিনোতে বহুত খৰচ হয় সেইকাৰণে প্ৰথমৰ ফালে বেছিভাগ বাঁহৰ মুখাই তৈয়াৰ কৰা হৈছিল, ইফালে বাঁহৰ মুখাত বৈচিত্ৰ্য কম আৰু আমাৰ ঐতিহ্য কাঠৰ মুখাহে।কলিকতাত অৱশ্যে আমাৰ এই শিল্পই অলপ-অচৰপ পৰিচিতি লাভ কৰিছিল। প্ৰচুৰ দৌৰা-দৌৰি কৰিবলগীয়া হৈছে, তাৰ পিছত লাহে-লাহে নানা চৰকাৰী আৰু বেচৰকাৰী সাহায্য আহিবলৈ আৰম্ভ কৰিলে। কেইবাটাও চৰকাৰী প্ৰশিক্ষণো হ’ল”- জনালে পৰেশ চন্দ্ৰ চৰকাৰে।

সম্প্ৰতি সমিতিৰ অন্যতম সদস্য শংকৰ দাসে পেৰিচৰ এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি আহিল, সহাঁৰিও যথেষ্ট ভাল আছিল।ইয়াৰ উপৰি সমিতিয়ে কলকাতা,দিল্লী, গোৱা, বাংগালুৰু আৰু মুম্বাইলৈ নিয়মিত মুখা সৰবৰাহ কৰে।বৰ্তমানে ক্ষুদ্ৰ,সৰু আৰু মজলীয়া তথা বস্ত্ৰ শিল্প দপ্তৰ আৰু ইউনেস্ক’ৰ সহযোগিতাত স্থানীয় শিল্পীসকলক লৈ ইয়াত সকলো ৰকমৰ সুযোগ সুবিধা থকা গ্ৰামীণ হস্তশিল্প কেন্দ্ৰ গঢ়ি উঠিছে।

"মূলধন এতিয়াও আমাৰ বাবে ডাঙৰ সমস্যা । অৱশ্যে ইউনেস্ক’আৰু চৰকাৰৰ পৰা এই প্ৰকল্পত কিছু সুবিধা পাইছো, শিল্পীসকলে কামৰ বাবে পুঁজি পাইছে, ঋণ পাইছে, সমিতিৰ ঘৰটো পৰিমাৰ্জন আৰু পৰিবৰ্ধন কৰা হৈছে”-জনালে পৰেশ বাবুয়ে।কাঠৰ মুখাৰ উপৰিও আঞ্চলিক ধোকৰা শিল্পৰো প্ৰশিক্ষণৰ ব্যৱস্থা কৰে সমিতিয়ে,অঞ্চলটোৰ মহিলা সকলে তাঁতশালত ধোকৰা বয়,প্ৰায় প্ৰতিটো ঘৰতেই ধোকৰা বোৱা হয়।

image


অঞ্চলটোক সাংস্কৃতিক পৰ্যটন কেন্দ্ৰ হিচাপেও গঢ়ি তোলা হৈছে। সমিতি বা শিল্পীৰ ঘৰত থাকি পৰ্যটকে আঞ্চলিক সংস্কৃতিৰ সতে গভীৰ ভাৱে পৰিচিত হ’ব পাৰে, শিল্পোৎসাহী সকলে হাতৰ কামো শিকিব পাৰে।শীতকালত গাঁৱত মেলা বহে। এই সময়ত গাওঁখন এটা আৰ্ট গেলেৰীত পৰিণত হয়, শিল্পী সকলে নিজৰ সামগ্ৰীৰ পোহাৰ মেলে লোকসঙ্গীতৰ তালে তালে ।

মূলঃ সানন্দা দাসগুপ্তা, অনুবাদঃ লুইত পাঠক।

  • +0
Share on
close
  • +0
Share on
close
Share on
close
Report an issue
Authors

Related Tags

Latest

Updates from around the world

Our Partner Events

Hustle across India