EDITIONS
Asamiya

নিৰ্যাতিত যুৱতীক উদ্ধাৰৰ বাবে অনুষ্ঠান মাজতে বন্ধ কৰিলে আতিফ অছলমে

19th Jan 2017
Add to
Shares
41
Comments
Share This
Add to
Shares
41
Comments
Share

পাকিস্তানী সঙ্গীত শিল্পী অাতিফ অছলম নিজৰ দেশৰ লগতে ভাৰততো যথেষ্ট জনপ্ৰিয় । তেওঁৰ কন্ঠৰ যাদুৱো ইতিমধ্যে বহুতকে তেওঁৰ অনুৰাগীত পৰিণত কৰিছে । শেহতীয়া এটা ঘটনাৰ পাছত এইগৰাকী শিল্পীক সন্মান কৰা লোকৰ সংখ্যা আৰু বাঢ়ি গৈছে । 

Source : The Indian Express

Source : The Indian Express


১৪ জানুৱাৰীত কৰাচীত মঞ্চত এটা অনুষ্ঠান পৰিবেশন কৰি আছিল আতিফে । হঠাতে সকলোকে আচৰিত কৰি দি তেওঁ তেওঁৰ সংগীসকলক ইঙ্গিত দিলে অনুস্থান বন্ধ কৰিবলৈ । দৰ্শকৰ প্ৰথম শাৰীতে কেইজনমান যুৱকে এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰি থকা দেখি তেওঁ অনুষ্ঠান স্থগিত ৰাখে । ৰুদ্ৰমুৰ্তি ধাৰণ কৰি তেওঁ যুৱককেইজনক কয়, "জীৱনত ছোৱালী দেখা নাই নেকি ? ইয়াত তোমালোকৰ মা-ভনীও থাকিব পাৰে ।" ইয়াৰ পাছত তেওঁ আয়োজক সকলক সেই যুৱতীগৰাকীক তাৰপৰা আঁতৰাই নিৰাপদ স্থানলৈ লৈ যাবলৈ অনুৰোধ জনায় । সেই যুৱক কেইজনক সাৱধান কৰি দি তেওঁ কয় - "অনুস্থান চাবৰ মন থাকিলে ভদ্ৰভাৱে থাকা । মানুহৰ সন্তান হোৱা ।" অৱশ্যে ইয়াৰ পাছত তেওঁ আকৌ অনুষ্ঠান চলাই যায় । 

এই ঘটনাৰ ভিডিঅ' ইয়াত চাব পাৰে ।


দৰ্শকৰ বিপুল হৰ্ষধ্বনিৰ মাজত অনুস্থান আকৌ আৰম্ভ হৈ গ'ল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সুখৰ উৎস বিচাৰি লওক

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

পুলিচৰ লাঠিৰে পুলিচৰ মুৰ ফালি দিছিল আন্না হাজেৰেই

হাত-ভৰি নথকা নিক ভুয়িচিক এজন সফল আৰু সুখী ব্যক্তি

Add to
Shares
41
Comments
Share This
Add to
Shares
41
Comments
Share
Report an issue
Authors

Related Tags