EDITIONS
Asamiya

পুৰুলিয়াৰ অয্যোধ্যাত অজস্ৰ দশৰথ, পাহাৰ কাটি গঢ়িছে পথ

Team YS Asamiya
31st Dec 2015
1+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on

ওচৰত কোনো নাছিল। বাইশ বছৰ ধৰি অকলে অকলে পাহাৰ কাটি পথ নিৰ্মাণ কৰিছিল দশৰথ মাঝিয়ে। গয়াৰ গেহলৰগঞ্জৰ এই যোদ্ধাৰ কাহিনী হয়তো অযোধ্যা পাহাৰৰ ধানচাটানি গাঁৱৰ বাসিন্দাসকলে নাজানে। অৱশ্যে গেহলৰগঞ্জৰ লগত এই ঠাইৰ মিলো আছে, পাৰ্থক্যও আছে। ইয়াত অনেক দশৰথ আছে। সেয়েহে অযোধ্যা পাহাৰৰ এক প্ৰকাৰ বিচ্ছিন্ন ধানচাটানি গাঁৱৰ লোকসকলে যোগাযোগৰ পথ নিজেই বিচাৰি উলিয়াইছে। দুৰ্গম পাহাৰ কাটি স্বেচ্ছাই শ্ৰমদান কৰি তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে ৰাস্তা।

বিক্ৰম, ৰঞ্জিত পালৰ কথা মনত পৰে। এসময়ৰ আগশাৰীৰ এই মাওবাদী নেতাসকলৰ ঘাটি আছিল এই এলেকা। মাওবাদী অধ্যুষিত ঠাই হিচাপে ই পৰিচিত হৈ পৰিছিল। গাঁওখনৰ নাম ধানচাটানি। পুৰোলিয়াৰ অযোধ্যা পাহাৰৰ উচ্চতম বসতিপূৰ্ণ ঠাই। সিফালে যাব লাগিলেও কোনো ৰাস্তা নাই। কেৱল ওখ গছ অনুসৰণ কৰি যাব লাগে। অনুমান কৰি লোৱা হয় যে ওখ গছৰ ওচৰে-পাজৰে কোনো জনবসতি থাকিব পাৰে। সেই প্ৰান্তীয় এলেকাত উন্নয়ন কি বস্তু, এটা সময়ত বাসিন্দাসকলে গম পোৱাই নাছিল। পঢ়াশুনা দূৰৰ কথা, কিমতে পেট প্ৰৱৰ্তাব পাৰি, তাৰ চিন্তাতেই তেওঁলোকৰ দিন পাৰ হৈছিল। পুৱাৰ খাদ্যৰ নামত আছিল সিজোৱা মিঠাআলু। দুপৰীয়া যোগাৰ হ’লে কিবা খোৱা হয়, নহ’লে নাই। জীৱনধাৰণৰ বাবে প্ৰকৃতিয়েই আছিল তেওঁলোকৰ একমাত্ৰ ভৰসা। গা ধোৱাৰ বাবে নিজৰাৰ পানী, খোৱাৰ বাবে কুঁৱাৰ পানী। চৰম বঞ্চনাৰ ভুক্তভোগী এনে এখন গাঁৱলৈ বহুদিন ধৰি মাওবাদীৰ অহা-যোৱা চলি আছিল। কিছু বছৰ আগতে সিহঁত দল বান্ধি আহিছিল। ইয়াৰ ভৌগোলিক অৱস্থা সিহঁতৰ বাবে অনুকূল আছিল। কাৰণ তলৰ পৰা কোনোবাই অভিযান চলাবলৈ আহিলে ওপৰৰ পৰা আগতে দেখা যায়। ২০১১ চনৰ পিছৰ পৰা এই গাঁৱৰ বাসিন্দাসকলক প্ৰতি কেজি ২টকা মূল্যত চাউল, আটা দিয়া আৰম্ভ হয়। ই কিছু কামত আহে। তাৰ পিছত মাওবাদীৰ অহা-যোৱা ও বন্ধ হৈ পৰে। কিছু কাম হ’লেও বেছিভাগ কিন্তু এতিয়াও বাকী আছে। কাৰোবাৰ অসুখ হ’লে পাহাৰৰ ওপৰৰ পৰা সাঙীত তুলি নিব লগা হয়। আকৌ উঠিব লাগিলে জীৱ যোৱা অৱস্থা। অৱস্থা ইমানেই শোচনীয় যে একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষকজনে এই উঠা-নমাৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি পৰিয়ালসহ বিদ্যালয়তে থকা কৰিছে। খেৰ কুটা, কাঠ কিবা এটা বেচিবলৈ হ’লেও কেইবা কিলোমিটাৰ দূৰৰ সিককাবাদৰ বজাৰলৈ যাব লাগে। সহজ কথাত নিমখ কিনিবলৈ গ’লেও এই উঠা-নমাই বাসিন্দাসকলক জীয়াতু ভুগিবলৈ বাধ্য কৰে।

image


বছৰৰ পিছত বছৰ ধৰি এই যন্ত্ৰণা ধানচাটানিৰ শতাধিক পৰিয়ালে আৰু মানি ল’ব পৰা নাছিল। কেৱল ৰাস্তাৰ দাবীত ইবাৰৰ পিছত সিবাৰলৈ তেওঁলোকে ভোট দি আহিছিল। প্ৰতিশ্ৰুতি পাই পাই ভাগৰি পৰা মানুহজাকে এদিন নিজেই সিদ্ধান্ত ল’লে। সিদ্ধান্তমৰ্মে পাহাৰ কাটি এটা ৰাস্তা নিৰ্মাণ কৰাৰ কথা ঠিক কৰা হ’ল। কিন্তু কিদৰে কৰা যায়? অৱশ্যে সোনকালে ইয়াৰ সমাধানো ওলাল। প্ৰায় সকলোৰে ঘৰে ঘৰে কোৰ, চিপৰাং আদি সঁজুলি আছে। তাকে লৈয়েই নামি পৰিব লাগিব। ঠিক কৰা হ’ল যে সপ্তাহৰ প্ৰতি মঙলবাৰে কাম কৰা হ’ব আৰু প্ৰতিটো পৰিয়ালে বিনা বেতনে শ্ৰমদান কৰিব লাগিব। মঙলবাৰ হোৱাৰ লগে লগে গাঁৱৰ বুঢ়া-বুঢ়ী পৰ্যন্ত সকলোৱে কোৰ, চিপৰাং, হাতুৰি আদি লৈ কামত লাগি যায়। সকলোৱে বুজি উঠিছে যে নিজৰ কাম নিজেই কৰিব লাগিব। তেওঁলোকৰ প্ৰথম লক্ষ্য হৈছে ধানচাটানিৰ পৰা নালাকচালৈ সাত কিলোমিটাৰ ৰাস্তাৰ নিৰ্মাণ কৰা। তাৰ বাবে সকলোৱে উঠিপৰি লাগিছে। তিনি মাহত ইতিমধ্যে ভালেখিনি কাম আগবাঢ়িছে এই কামত গাঁৱৰ প্ৰায় ৫০০ লোকে অংশগ্ৰহণ কৰিছে। প্ৰায় ৫ ফুট ওখ ৰাস্তা নিৰ্মাণ কৰাৰ কামত সৰু-সুৰা দুৰ্ঘটনাও হৈছে। কাৰোবাৰ হাত কটা গৈছে, কাৰোবাৰ ভৰিত আঘাতপ্ৰাপ্ত হৈছে। এইবিলাকক লৈ কিন্তু মূৰ ঘমোৱাৰ সময় নাই গাঁওবাসীৰ। তেওঁলোক নিজৰ লক্ষ্যত অবিচল।

image


আৰু ওখ গছক অনুসৰণ কৰিব লগা নহ’ব। ভৰিৰ খোজৰ চিন চাই আগবাঢ়িবও নালাগে। মানসী, সুৰেন, ৰবি মুৰ্মূহঁতে জানে তেওঁলোকৰ উদ্দেশ্য সফল হ’ব। সেইবাবে মঙলবাৰৰ দিনা পোহৰ হোৱা মাত্ৰকে তেওঁলোক বিছনাৰ পৰা উঠি আহে। ধানচাটানিৰ লোকে বুজি উঠিছে যে এবাৰ এই ৰাস্তা হৈ গ’লে আৰু সাঙীত তুলি ৰোগীক হাস্পতাললৈ নিব লগা নহ’ব। সহজেই গাঁৱলৈ এম্বুলেন্স আহিব পৰা হ’ব আৰু চাইকেল ঠেলি ফুৰিব নালাগিব। মটৰ চাইকেলে দূৰত্ব কমাই পেলাব। ৰবি মুৰ্মূৱে কয় যে ‘আৰু কেইমাহমানৰ ভিতৰত ৰাস্তা সম্পূৰ্ণ হ’ব বুলি আশা কৰিব পাৰি। প্ৰথমে আমি ভাবিবই পৰা নাছিলো যে ইমানখিনি আগবাঢ়িব পাৰিম। এতিয়া আমাৰ বিশ্বাস আমি পাৰিম।’ গাঁৱৰ জ্যেষ্ঠ বাসিন্দা জলধৰ মাহাতোৰ আৱেগ পাৰ ভাঙি বৈছে। তেওঁৰ মতে, ‘এই জীৱকালত ৰাস্তাটো দেখি যাম বুলি ভাবিব পৰা নাছিলো। এইবাৰ হয়তো সেইটো হৈ উঠিব। ৰাস্তা নোহোৱাৰ বাবেই কিমানদিন তললৈ নোযোৱাকৈ পাৰ কৰিলো। এতিয়া হয়তো সেই আক্ষেপ নাথাকিব।’ আনহাতে, গাঁওবাসীয়েই যিহেতু ৰাস্তাটো নিৰ্মাণ কৰিছে গতিকে সেই দায়িত্ব প্ৰশাসনে তেওঁলোকৰ ওপৰতে এৰিছে। ৰাস্তা যাতে ঠিকে থাকে, তাৰ বাবে এইসকল লোকেই ব্যৱস্থা ল’ব। এই ৰাস্তা যাতে অধিক ভাল হৈ থাকে, তাৰ বাবে পুৰুলিয়া জিলা প্ৰশাসনে কেতবোৰ পৰিকল্পনা যুগুতাই উলিয়াইছে। সভাপতি সৃষ্টিধৰ মাহাতোৰ মতে কেইমাহমানৰ ভিতৰতে যিখিনি কাম সম্পন্ন কৰা হৈছে, সেয়া প্ৰশংসনীয়। এই ঠাইত পকী ৰাস্তা নিৰ্মাণ কৰা হ’ব। তাৰ বাবে ইতিমধ্যে ধন আবণ্টন কৰাও হৈ গৈছে।

কাৰো মুখলৈ বাট নাচাই সোঁতৰ বিপৰীতে নামি পৰিছে তেওঁলোক। অযোধ্যা পাহাৰৰ অন্য গাঁৱৰ লোকসকলো ধানচাটানিৰ এই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৰিছে। কোনে জানে এই বিন্দু বিন্দু লগ লাগি এদিন সিন্ধুৰ সৃষ্টি হ’ব।

মূল : তন্ময় মুখাৰ্জী

অনুবাদ : সুৰেশ কুমাৰ

1+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on
Report an issue
Authors

Related Tags