EDITIONS
Asamiya

“যদি দৃঢ়বিশ্বাস থাকে তেন্তে সফলতা অনিবাৰ্য”: ডঃ বন্দনা জৈন

Arundhati Bezbaruah
12th Nov 2015
Add to
Shares
5
Comments
Share This
Add to
Shares
5
Comments
Share

সম্প্ৰতি ভাৰতবৰ্ষৰ মহিলাসকল সময়ৰৰ লগে লগে কৰ্মক্ষেত্ৰলৈ ওলাই আহিছে আৰু অসাধাৰণ কৰ্ম কৰিবলৈও সক্ষম হৈছে। যিকোনো পৰিস্থিতিয়েই নহওক কিয় তেওঁলোকে নিজৰ সপোনবোৰক দমাই ৰাখিব নিবিচাৰে, যদিওবা সেয়া তেওঁলোকৰ নিজৰ সন্তানৰ লালন-পালনেই হওঁক নতুবা সাংসাৰিক দায়িত্বই নাথাকক কিয়। এই সকলোবোৰ সম্ভব হয় যদিহে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ ইচ্ছাশক্তি তথা মনোবল অটুত থাকে।


image


“এইক্ষেত্ৰত মই মহিলাসকলক উপদেশ দিব খোজোঁ যে তেওঁলোকে সৰু-সুৰাকৈ একো নকৰি একোটা বৃহৎ আকাৰত কিবা কৰাৰ কথা চিন্তা কৰিব লাগে আৰু লগতে সহসীও হ’ব লাগে”- এই ভাষ্য ডা০ বন্দনা জৈনৰ, যি এগৰাকী চিকিৎসকৰ লগতে উদ্যোগী মহিলাও। ডাঃ বন্দনা জৈন হ’ল এগৰাকী কৰ্ণিয়া চাৰ্জাৰিষ্ট আৰু এডভাঞ্চড্ আই হস্পিতেল এণ্ড ইনষ্টিটিউতৰ প্ৰতিষ্ঠাপক। বন্দনাই তেওঁৰ জীৱনত এটা সপোন দেখিছিল যিটো তেওঁ তেওঁৰ কৰ্মৰ জৰিয়তে বাস্তৱায়িত কৰিলে।

শ্ৰেষ্ঠ হোৱাৰ আকাংক্ষা, ইয়াক বাস্তৱায়িত কৰাৰ সপোন

মই দিল্লীৰ এক ৰক্ষণশীল পৰিয়ালত ডাঙৰ-দীঘল হৈছিলো। আমি তিনিগৰাকী সহোদৰ আছিলো আৰু মোৰ ডাঙৰ বাইদেউ অতি কম বয়সতে বিবাশ-পাশত আৱদ্ধ হৈছিল, কিয়নো আমাৰ পৰিয়ালত ছোৱালীৰ উচ্চশিক্ষা আৰু জীৱনৰ পথ বাচি লোৱাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ লগতেকোনো সহযোগীতাও আগবঢ়োৱা হোৱা নাছিল। তেওঁ নিজে জীৱনত কি কৰিব বা নকৰিব, সেইটো ভবাৰ আগতেই বিয়া দি দিয়া হৈছিল। মই এইক্ষেত্ৰত আছিলো অতি উচ্চাকাংক্ষী আৰু নিজকে সমাজত এটা উচ্চস্তৰত প্ৰতিষ্ঠা লাভ কৰাৰ সপোন দেখিছিলো। দ্বিতীয় শ্ৰেনীত পঢ়ি থাকোতে শ্ৰেনীৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলো মোৰ মনত আছে যে ই মোক শংকাত পেলাইছিল আৰু কেনেকৈ মই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হব পাৰোঁ তাৰে চেষ্টা চলাইছিলো। এই মনোবৃত্তিয়ে সচাঁকৈয়ে মোক সলনি কৰি দিছিল। কিন্তু এই শক্তি মোৰ মনলৈ কেনেকৈ আহিছিল মই নিজেই জনা নাছিলো কিয়নো মোৰ মা-দেউতাই কোনোদিনেই এইক্ষেত্ৰত গুৰুত্বই দিয়া নাছিল, যিহেতু মই আছিলো এগৰাকী ছোৱালী।

সময় বাগৰাৰ লগে লগে উপলব্ধি কৰিলো যে মই এগৰাকী ভাল খেলুৱৈও। মই ৰাষ্ট্ৰীয় পৰ্যায়তো খেলাৰ সুযোগ পাইছিলো। মই ভাবোঁ যে খেলে মোৰ জীৱনত এক ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল। খেলত মাথো এটাই উদ্দেশ্য আছিল যে নিজৰ লক্ষ্যত উপনীত নোহোৱালৈকে কষ্ট কৰিবই লাগিব। নিজৰ লক্ষ্যত উপনীত হবলৈ হলে ব্যস্ততাৰ মাজতো সময় উলিয়াবই লাগিব। খেলে মোক প্ৰতিযোগীতাত অৱতীৰ্ণ হোৱাৰ শিক্ষা দিয়াৰ লগতে যিকোনো কামেই যে সহজতে আহৰণ কৰিব নোৱাৰি তাৰ উপলব্ধিও কৰালে। কষ্ট নকৰাকৈ কোনো কামতেই ভাল ফল দেখুৱাব নোৱাৰি।

অৱশ্যে এইক্ষেত্ৰত মই নিজকে ভাগ্যবান বুলি ভাবো কিয়নো যদিও মোৰ মা-দেউতাই মোৰ পঢ়া আৰু খেলৰ ক্ষেত্ৰত কোনোধৰণৰ সাহস দিয়া নাছিল তথাপি এই কাম কৰিবলৈ বাধাও আৰোপ কৰা নাছিল। মোৰ দেউতা আছিল পৰিয়ালৰ ডাঙৰ লৰা আৰু সেইবাবেই মোক খেলৰ ক্ষেত্ৰত সহযোগীতা আগবঢ়োৱাৰ বাবে সহোদৰসকলৰ পৰা মানসিকভাবে বাধাৰো সন্মূখীন হৈছিল। আমাৰ পৰিয়ালত ছোৱালীয়ে এনে কাম কৰাৰ পৰা বিৰত ৰখা হৈছিল যদিও মোক দেউতাই সদায়েই উৎসাহ যোগাইছিল। যাৰ বাবে তেখেতক মই আজিও সন্মান কৰোঁ।

ডাক্তৰ হোৱাৰ আৰঁত

মই ডাক্তৰ হোৱাৰ মূল কাৰণ হ’ল মোৰ মা-দেউতাৰ ৰুগ্ন শৰীৰ তথা তেখেতসকলৰ দৃষ্টিশক্তিৰ অসুবিধা। ইয়াৰ মূল কাৰণ হ’ল যে তেওঁলোক যিখন গাৱঁত ডাঙৰ-দীঘল হৈছিল তাত এই চিকিৎসাৰ সুবিধা নাছিল।মোৰ দেউতাৰ দৃষ্টিশক্তিৰ অসুবিধা থকাৰ বাবে এটা চকুৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল কিন্তু ডাক্তৰসকলে এই অস্ত্ৰোপ্ৰচাৰৰ বাবে পিছ হুহুকিছিল। কিয়নো তেওঁ এটা চকুৰে নেদেখিছিল আৰু এইক্ষেত্ৰত ডাক্তৰসকলে কোনোধৰণৰ বিপদ মাতিব বিচৰা নাছিল। এই অস্ত্ৰোপ্ৰচাৰৰ পোন্ধৰ দিনৰ পাচত মোৰ দেউতাক মনমাৰি তথা মানসিক অশান্তিত ভোগা দেখা পালো। তেতিয়াই মই উপলব্ধি কৰিলো যে দৃষ্টিশক্তিৰ অভাৱত এজন মানুহ কিদৰে মানসিকভাবে ভাঙি পৰে আৰু তেতিয়াই মই সিদ্ধান্ত ল’লো যে জীৱনত যদি কেতিয়াবা সুবিধা পাওঁ তেতিয়া মই চকুৰ ডাক্তৰেই হ’ম।

মই মোৰ এম.বি.বি.এচ আৰু এম.এচ মৌলানা আজাদ মেডিকেল কলেজৰ পৰা আৰু পাচলৈ এল.ভি.প্ৰসাদৰ তত্ত্বৱধানত ফেলশ্বীপ আৰু হাৱাৰ্ড মেডিকেল স্কুলৰ পৰা কৰ্ণিয়া চাৰ্জাৰিত ফেলশ্বীপ লাভ কৰো। তাৰপাচত মই মোৰ এম.বি.এ ডিগ্ৰী ষ্টেণ্ডফ'ৰ্ডৰ পৰা লাভ কৰোঁ।

মেডিকেলৰ পৰা বিজনেছ স্কুললৈ

এম.বি.এ কৰাৰ কথা মোৰ মনলৈ কেতিয়াও অহা নাছিল। মুম্বাইত মই মোৰ প্ৰেক্টিছ আৰম্ভ কৰিলো আৰু চাৰি বছৰ ইয়াৰ লগত জড়িত হৈ থাকিলো। মোৰ কামবোৰ সচাঁকৈয়ে প্ৰশংসনীয় আছিল। কিন্তু কিছুদিনৰ পাছতেই মই অনুভৱ কৰিলো যে কেৱল এয়াই নহয় মোৰ কৰিবলগীয়া আৰু বহুত কাম আছে। মই এনেকুৱা এটা কাম কৰিব বিচাৰিছিলো যিটোৱে মোৰ পৰিচয় সকলোৰে আগত দাঙি ধৰিব পাৰে। মই স্বাস্থ্যৰ ডেলিভাৰি খণ্ডত এটা ব্যৱধান দেখা পাইছিলো যাক মই আঁতৰ কৰিব বিচাৰিছিলো। কিন্তু ইয়াৰ সমিধান কেনেকৈ কৰিব পাৰিম তাক মই জনা নাছিলো। এই বিষয়ে মই মোৰ গুৰু, মোৰ বন্ধুসকলৰ লগত আলোচনা কৰিছিলো আৰু তেওঁলোকে মোক এম.বি.এ. কৰিবলৈ উপদেশ দিছিল। মই সচাঁকৈয়ে নিজকে সৌভাগ্যবান বুলি ভাবো কিয়নো এইক্ষেত্ৰত মোক সকলোৱে সহযোগ কৰিছিল। বিশেষকৈ মোৰ স্বামীয়ে প্ৰতিটো খোজতে স্তম্ভৰ দৰে মোৰ কাষত থিয় দিছিল। ষ্টেণ্ডফ'ৰ্ডেই হ’ল মোৰ সপোনৰ বিদ্যালয়- য’ত মই মোৰ গৱেষণা তথা বহুতো লোকৰ সান্নিধ্যলৈ আহিছিলো আৰু ই সঁচাকৈয়ে মোৰ বাবে ৰোমাঞ্চকৰ আছিল।

image


শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছত মই উপলব্ধি কৰিলো যে মই আচলতে কি বিচাৰি আছিলো। মই কাম কৰাৰ বাবে আত্মবিশ্বাস আৰু শিক্ষা লাভ কৰিছিলো। ষ্টেণ্ডফ'ৰ্ডত থাকোতে মই মানবীয়তাৰ গুৰুত্ব বুজি উঠাৰ লগতে মাটিত থাকিব শিকিছিলো। আৰু মই ভাবো যে এই দুয়োটাই হ’ল ব্যক্তিগত তথা পেছাগতভাবে আগবাঢ়ি যোৱাৰ মূল ছাবি-কাঠি।

এডভাঞ্চড্ আই হস্পিতেল এণ্ড ইনষ্টিটিউতৰ আৰম্ভ

২০১১ বৰ্ষৰ শেষভাগত মই ভাৰতলৈ উভতি আহিলো। মই মোৰ ব্যৱসায়িক শিক্ষা আৰু চিকিৎসা শিক্ষাক একেলগে সাঙুৰি এটা প্ৰতিষ্ঠান খোলাৰ কথা চিন্তা কৰিছিলো। মই প্ৰতিষ্ঠানসমূহৰ প্ৰক্ৰিয়া, গ্ৰাহকৰ সৈতে থকা সম্পৰ্ক, তাত থকা কৰ্মচাৰীৰ ব্যৱহাৰ আৰু চিকিৎসা প্ৰযুক্তিসমূহ নিৰীক্ষণ কৰিছিলো। মই এনে এক প্ৰতিষ্ঠান আৰম্ভ কৰিব বিচাৰিছিলো এই সকলোবাৰ উপলব্ধ হয়। মই আৰু মোৰ স্বামীয়ে এইক্ষেত্ৰত দকৈ চিন্তা-চৰ্চা আৰম্ভ কৰিছিলো আৰু অৱশেষত ২০১১ বৰ্ষত প্ৰতিষ্ঠা কৰিছিলো এ.ই.এইছ ৰ। ইয়াৰ বাবে আমাক কিছু সময়ৰ প্ৰয়োজন হৈছিল কিয়নো আমি বেংকৰ পৰা, আমাৰ বন্ধুসকলৰ লগতে আমাৰ পৰিয়ালৰ পৰাও ঋণ লব লগা হৈছিল। শেষত ২০১২ বৰ্ষৰ নবেম্বৰৰ পৰা আমি অস্ত্ৰোপ্ৰচাৰৰ কাম আৰম্ভ কৰিলো।

মোৰ সপোনৰ হাস্পাতাল আৰু মেনেজাৰৰ টীমতো

আমাৰ এই চকু হাস্পাতালত সকলো প্ৰকাৰৰ সুবিধা উপলব্ধ। ইয়াত মোৰ লগতে সাতগৰাকী বিভিন্ন বিভাগৰ অভিজ্ঞ ডাক্তৰআছে। এইক্ষেত্ৰত মই মোৰ গুৰু, মোৰ বন্ধু-বান্ধবীসকলক আমন্ত্ৰণ কৰি আমাৰ প্ৰতিষ্ঠান তথা হাস্পাতালৰ লক্ষ্যৰ বিষয়ে আৱগত কৰাইছিলো। সৌভাগ্যক্ৰমে আমি আমাৰ হাস্পাতালৰ বাবে পেছাগত আৰু উদ্যমী ডাক্তৰ বিচাৰি পাইছিলো।

আমি আমাৰ ডাক্তৰসকলক অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত বিভক্ত কৰিলো- মেডিকেল আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অভিজ্ঞ, গৱেষণা ক্ষেত্ৰত অভিজ্ঞ আৰু পৰিচালনাৰ ক্ষেত্ৰত অভিজ্ঞ ডাক্তৰ। মই সেইসকলকেই বিচাৰিছিলো যিসকল এই সকলো ক্ষেত্ৰত আগবঢ়া তথা যিয়ে আমাৰ প্ৰতিষ্ঠানত আগুৱাই নিয়াত সহায়ক হয়।

সঠিক জ্ঞানেৰে ৰোগীক বেমাৰৰ বিষয়ে অৱগত কৰোৱা

সম্প্ৰতি মানুহে গুগুলত বিচাৰিয়ে নিজাববীয়াকৈ বেমাৰৰ শুশ্ৰূষা কৰিব বিচাৰে। সমস্যাটো হ’ল যে ইয়াত লাভ কৰা তথ্যসমূহ বিশ্বাসযোগ্য নহবও পাৰে।আমাৰ এই প্ৰতিষ্ঠানটোৰ জৰিয়তে আমি আমাৰ ৰোগীক সঠিক তথ্য দিব বিচাৰোঁ। সেয়েহে যেতিয়াই আমাৰ ওচৰলৈ ৰোগী আহে তেওঁক বেমাৰৰ তথ্য থকা কিতাপ পঢ়িবলৈ দিয়া হয়। ডাক্তৰ আৰু পৰামৰ্শদাতাসকলে ৰোগীক তেওঁৰ বেমাৰৰ লগতে চিকিৎসাৰ সবিশেষ জনায়। আমি তেওঁলোকক তেওঁৰ বেমাৰ সম্বন্ধীয় সকলো তথ্য জনাও যাতে তেওঁলোকে তেওঁৰ বেমাৰৰ বিষয়ে সঠিক জ্ঞান আহৰন কৰি সাৱধানতা অৱলম্বন কৰিব পাৰে। তেওঁলোকে জানে যে এই জ্ঞানৰ বিশ্বাসযোগ্যতা আছে কিয়নো ইয়াক আমি লিখিত আকাৰত প্ৰদান কৰোঁ। আমি আমাৰ ৰোগীসকল ৰোগৰ ক্ষেত্ৰত সহজ, শংকাহীন আৰু সজাগ হোৱাতো বিচাৰো।

এগৰাকী ডাক্তৰ আৰু ব্যৱসায়ী হিচাপে সমতা স্থাপন

এই কাম সচাঁকৈয়ে আনন্দেৰে ভৰপূৰ। মই মোৰ প্ৰতিৰগাকী ডাক্তৰক তেওঁলোক ব্যৱসায়ৰ প্ৰতি আগ্ৰহী ন’হলেও তেওঁলোকক ব্যৱসায়িক জ্ঞান আহৰণ কৰাৰ বাবে উৎসাহ জনাও, কিয়নো এই জ্ঞানে তেওঁলোকক ৰোগীৰ মানসিক স্তৰ পৰ্যবেক্ষণ কৰাত সহায় কৰাৰ লগতে যিকোনো পৰিস্থিতি সঠিকৰূপে কৰাৰ কাৰ্যদক্ষতাও বঢ়ায়।

এগৰাকী ব্যৱসায়ী হিচাপে নিজৰ প্ৰতিষ্ঠানটোৰ উন্নতিৰ কথা চিন্তা কৰিবই লাগিব। আনহাতে, ডাক্তৰ হিচাপেও মই নিশ্চিত হ’ব লাগিব যে মই ৰোগীসকলৰ বাবে যি কৰিছো সেয়া সম্পূৰ্ণ শুদ্ধ। অৱশ্যে মোৰ এই দুয়োটা কামৰ মাজত সমতা ৰখাত কিছু অসুবিধা হয়। মই প্ৰতিদিনে মনত ৰাখোঁ যে মই মোৰ ৰোগীৰ ক্ষেত্ৰত নিখুঁত হব লাগিব। কিন্তু যেতিয়া ব্যৱসায়ৰ কথা আহে প্ৰথম অৱস্থাত ভূল হয়েই, আমি নিজেই এই ভূল কিয় হৈছে সেয়া অনুধাৱন কৰি নিজকে শুধৰোৱাৰ চেষ্টা কৰিব লাগে।

এগৰাকী ডাক্তৰ তথা উদ্যোগী হিচাপে সম্পূৰ্ণভাবে মই মোৰ কৰ্মতেই ব্যস্ত থাকিবলগা হয়। কিন্তু এক কথাত ইয়াত মই মোৰ ব্যক্তিগত জীৱনৰ লগত সাঙুৰি নলও, কাৰণ এয়া মোৰ কেৱল কৰ্মহে।

মোৰ স্বামীয়ে এইক্ষেত্ৰত মোক সম্পূৰ্ণভাবে সহযোগীতা আগবঢ়াইছে আৰু তেখেত এই হস্পাতালৰ এগৰাকী পৰিচালকো হয়। তেখেতৰ প্ৰায়েই কৰা প্ৰশংসনীয় কৰ্ম-কৌশলে আমাৰ ব্যৱসায় আগবঢ়োৱাত সহায় কৰে। উল্লেখ্য যে, এইক্ষেত্ৰত আমাৰ প্ৰতিষ্ঠানটো বজাৰৰ ওপৰত খুবেই নিৰ্ভৰশীল কিয়নো আমি ইয়াক প্ৰত্যক্ষ আৰু পৰোক্ষভাবে প্ৰসাৰ কৰিব বিচাৰো।

ভৱিষ্যত পৰিকল্পনা

দেশৰ বিভিন্ন ঠাইত আমাৰ প্ৰতিষ্ঠানৰ কেন্দ্ৰ খোলাৰ পৰিকল্পনা কৰিছো যদিও সম্প্ৰতি পশ্চিম ভাৰততহে ইয়াৰ কেন্দ্ৰ খোলাৰ বাবে গুৰুত্ব আৰোপ কৰিছো। এইক্ষেত্ৰত আমি ধীৰে সুস্থিৰে আগবঢ়াৰৰ একমাত্ৰ কাৰণ এয়েযে যদিহে আমি শকত পৰিমাণৰ ধনৰাশি বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰোঁ আৰু কামবোৰ খৰতকীয়া কৰাৰ চেষ্টা কৰোঁ তেতিয়াহলে অকাৰণত বেমেজালি হোৱাৰ শংকা থাকে,যিটো আমি কোনো কাৰণত হোৱাটো নিবিচাৰোঁ।

Add to
Shares
5
Comments
Share This
Add to
Shares
5
Comments
Share
Report an issue
Authors

Related Tags