সোঁতৰ বিপৰীতে যোৱা এজন উদ্যমী বাইজু ৰৱীন্দ্ৰন

সোঁতৰ বিপৰীতে যোৱা এজন উদ্যমী বাইজু ৰৱীন্দ্ৰন

Saturday September 23, 2017,

2 min Read

মই লাখ লাখ টকা উপাৰ্জন কৰিব খোজা নাই । মই লাখ লাখ মানুহৰ চিন্তাধাৰা আৰু শিকাৰ ধৰম শলনি কৰিবলৈ বিচাৰিছো। বাইজুজ ক্লাছেজৰ প্ৰতিস্থাপক বাইজু ৰৱীন্দ্ৰনে টেকস্পাৰ্কছৰ মঞ্চত এইদৰে কয় । 

শনিবাৰে টেকস্পাৰ্কছৰ দ্বিতীয় দিনা তেওঁ মঞ্চত নিজৰ ভাষণৰ মাজতে বিজগণিতৰ সূত্ৰ ৰেপ সঙ্গীতৰ সুৰত পৰিবেশন কৰি শ্ৰোতাক আমোদ দিয়ে । তেওঁ বৰ্ণনা কৰে বন্ধু বান্ধৱৰ সৈতে অনানুষ্ঠানিক শ্ৰেণী আৰম্ভ কৰি লাহে লাহে তাক প্ৰসাৰিত কৰি নিয়াৰ কাহিনী । চেন-জুকাৰবাৰ্গ প্ৰতিষ্ঠানৰপৰা বিনিয়োগ লাভ কৰা প্ৰথম ভাৰতীয় এডটেক প্ৰতিষ্ঠআনসমূহৰ অন্যতম আছিল বাইজুজ ক্লাছেজ । 

image


উত্তৰ কেৰেলাৰ এখন সৰু চহৰৰ বাসিন্দা বাইজুৱে পোনপ্ৰথমে কেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বন্ধু বান্ধৱক গণিত আৰু বিজ্ঞান পঢ়োৱাৰপৰা আৰম্ভ হৈছিল বাইজুজ ক্লাছেজ ।

বৰ্তমান বাইজুজ ক্লাছেজৰ এপৰ ডাউনলড প্ৰায় ৮০ লাখ আৰু ইয়াৰে প্ৰায় ৪ লাখ ব্যৱহাৰকাৰীয়ে ইয়াৰ বাবদ ধন ব্যয় কৰে । অৱশ্যে বাইজুৱে কয় যে এই সংখ্যা বিশেষ একো নহয় কাৰণ তেওঁলোকে ইতিমধ্যে ভাৰতৰ জনসংখ্যাৰ ১ শতাংশও সামৰি লোৱা নাই। 

"মই এখন সৰু ঠাইৰ পৰা আহিছো আৰু এই কথাটোৱে বিনিয়োগকাৰীক আকৰ্ষণ কৰাত যথেষ্ট সহায় কৰে । সৰু ঠাইৰ মানুহৰ কিবা এটা ডাঙৰ কৰাৰ আগ্ৰহ থাকে । মই ইংৰাজী শিকিছো বিজ্ঞাপন শুনি শুনি । মই বেছিভাগ কথাই নিজে শিকা ।"

যোৱা বছৰ বাইজুৱে ১৪ কোটি মাৰ্কিন ডলাৰ বিনিয়োগ লাভ কৰিছিল । এই বছৰ টিউটৰ ভিষ্টা আৰু এডুৰাইট প্ৰতিষ্ঠান দুটা ক্ৰয় কৰিছে বাইজুৱে । 

বাইজুৰ বৰ্তমান লক্ষ্য হৈছে মধ্য প্ৰাচ্য আৰু ভাৰতৰ সৰু চহৰ সমূহত প্ৰবেশ কৰা । ইতমধ্যে হাৰ্ৱাৰ্ড বিজনেছ স্কুলত বাইজুৰ ওপৰত অধ্যয়নো হৈছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বাঙ্গালুৰুত আৰম্ভ টেকস্পাৰ্কছ ২০১৭ 

নিয়তিৰ নিষ্ঠুৰ পৰিহাসে অধিক শক্তিশালী কৰিলে প্ৰদীপ কুমাৰক

শ্যামকানু মহন্ত : অসম আৰু উত্তৰ-পূবক ৰাষ্ট্ৰীয় স্তৰত ডাঙি ধৰিবলৈ অহৰহ চেষ্টা চলাই অহা এজন উদ্যমী