EDITIONS
Asamiya

উজ্জলা হাৱাৰে-পুৰুষ শাসিত নিৰ্মাণ খণ্ডৰ ব্যৱসায়ত মহিলা উদ্যোগীৰ জয়যাত্ৰা

10th Nov 2015
Add to
Shares
18
Comments
Share This
Add to
Shares
18
Comments
Share

নিৰ্মাণ খণ্ডৰ ব্যৱসায়ত হাৱাৰে গোষ্ঠী নৱী মুম্বাই আৰু থানে এলেকাৰ এক সু-পৰিচিত নাম।১৯৯৫ চনত সতীশ হাৱাৰেৰ দ্বাৰা স্থাপিত গোষ্ঠীটো কম খৰচী গৃহ নিৰ্মাণৰ বাবে এক ঘৰুৱা নাম হৈ পৰিছে।৭৫০ কোটি টকাৰ ব্যৱসায়েৰে গোষ্ঠীটো শীৰ্ষ ১০ টা নিৰ্মাণ গোষ্ঠীৰ অন্যতম আৰু বৰ্তমান মহাৰাষ্ট্ৰৰ পলঘৰ আৰু কাৰজাট অঞ্চলতো গৃহ নিৰ্মাণ কৰিবলৈ লৈছে।নিৰ্মাণ খণ্ডৰ ব্যৱসায়ৰ শীৰ্ষত থকা অৱস্থাতে শ্ৰীযুত হাৱাৰেৰ মৃত্যু হয়।তেওঁ কেৱল বহুতৰে জীৱন নিৰ্ভৰ কৰা এক বিশাল ব্যৱসায়েই এৰি যোৱা নাছিল, তেওঁ লগতে এৰি গৈছিল উদ্যোগী হিচাপে দেখা সুবিশাল সপোন আৰু উচ্চাকাংক্ষা।

image


উজ্জ্বলা হাৱাৰে আছিল এগৰাকী সুখী পত্নী আৰু দুটি সন্তানৰ মাতৃ, যিয়ে প্ৰায়েই কাৰ্যালয়লৈ আহিছিল, কাৰণ শ্ৰীযুত হাৱাৰেই তেওঁক কেতিয়াও কেৱল ঘৰুৱা কামতে আৱদ্ধ হৈ থকাটো বিচৰা নাছিল।নিজে এগৰাকী প্ৰশিক্ষিত স্থপতিবিদ হিচাপে উজ্জ্বলা হাৱাৰেই পূৰ্বৰে পৰাই স্বামীৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল যাৰ সৈতে হাৱাৰেই তেওঁৰ সপোন আৰু উচ্চাকাংক্ষাৰ কথাবোৰ পাতিছিল।তেওঁলোক দুয়োৰে মাজত থকা এই গভীৰ বন্ধনৰ কাৰণেই স্বামীৰ বিয়োগৰ মাত্ৰ ১২ দিনৰ পিছতেই উজ্জ্বলা হাৱাৰেই স্বামীৰ সপোনবোৰ কঢ়িওৱাৰ দায়িত্ব কান্ধ পাতি লৈছিল।পুত্ৰ সন্তানৰ জন্মৰ মাত্ৰ ৭ দিনৰ পিছতেই তেওঁ মাতৃত্বৰ উপৰি ব্যৱসায়ৰ দায়িত্বও গ্ৰহণ কৰিছিল।২০০৫ চনত দায়িত্ব গ্ৰহণ কৰাৰে পৰা উজ্জ্বলাই স্বামীৰ সপোনবোৰৰ ধাৰাবাহিক সফলতা লাভ কৰাতে ক্ষান্ত নাথাকি কোম্পানীয়ে পূৰ্বে বিচৰণ নকৰা ক্ষেত্ৰতো নিজৰ উপস্থিতি জাহিৰ কৰিলে।আমি অলপতে উজ্জ্বলা হাৱাৰেক লগ পাই তেওঁৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিছিলো।

তজবজীয়া কইনাজনী

উজ্জ্বলা স্থাপত্যবিদ্যা মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষত থাকোতেই বিবাহপাশত আৱদ্ধ হৈছিল।তেওঁৰ পৰিয়ালে এখন মাৰাঠী বাতৰিকাকতত প্ৰকাশিত এক বৈবাহিক বিজ্ঞাপনৰ প্ৰতি সহাঁৰি জনাইছিল য’ত লিখা আছিল “নৱী মুম্বাইৰ এজন প্ৰখ্যাত স্থপতিবিদে বিদৰ্ভ এলেকাৰ পৰা এগৰাকী স্থপতিবিদ কইনা বিচাৰিছে।" উজ্জ্বলাই এই কথা “আৰু এইদৰেই জীৱনে গতি কৰিছে” গ্ৰন্থত উল্লেখৰ কৰিছে-সতীশৰ সৈতে পাৰ কৰা সময়ৰ এক দলিল, তেওঁলোকৰ বিয়াখন এক বাজিত পৰিণত হৈছিল য’ত তেওঁ যি বিচাৰিছিল সেয়া লাভ কৰি সুখী হৈছিল।

এই বিয়াখনে উজ্জ্বলাক তেওঁৰ সপোনৰ মানুহজনক লগ পোৱাত সহায় কৰিছিল, যিহেতু তেওঁ লাহে লাহে মানুহজনৰ মাজত থকা গতিময়তাখিনি বুজি উঠিছিল।সতীশে কেৱল তেওঁক অনুপ্ৰাণিত কৰাই নহয়, তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ এক অন্যতম সংগী হিচাপেও জ্ঞান কৰিছিল।সেয়ে উদ্যমী উজ্জ্বলাই আৰম্ভণিৰ পৰাই কাৰ্যালয়লৈ আহিছিল আৰু প্ৰকল্পৰ আৰ্হি তৈয়াৰ কৰা কামত জড়িত হৈছিল।অৱশ্যে কন্যা সন্তানটি জন্ম হোৱাৰ পিছত কাৰ্যালয়লৈ অহা নাছিল, যিহেতু পৰিয়ালৰ দায়িত্ব বাঢ়িছিল।কিন্তু হাৱাৰে গোষ্ঠীৰ পৰিকল্পনাবিলাকৰ বিষয়ে স্বামীৰ সৈতে কৰা দীঘলীয়া আলোচনাবোৰৰ পৰা আঁতৰি থকা নাছিল।

আনকি এই আলোচনাবোৰ আৰু পতি-পত্নীৰ সপোনৰ ভাগ-বতৰাই উজ্জ্বলাক তেওঁৰ কলেজৰ চূড়ান্ত বৰ্ষত থেচিছৰ বিষয় “গৃহহীনৰ বাবে গৃহ প্ৰদানৰ প্ৰয়াস” বিষয় বাচনি কৰাত সহায় কৰিছিল, যিটো বিষয় তেওঁৰ স্বামীয়েও স্থপতিবিদ্যাৰ চূড়ান্ত বৰ্ষত বাচনি কৰিছিল।উজ্জ্বলাই স্বীকাৰ কৰে যে যিদৰে তেওঁ তেওঁলোকৰ সম্পৰ্কটো সুন্দৰ ৰূপত কাৰ্যকৰী কৰিছিল আৰু জীৱনৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ বাবে তেওঁ সদায় স্বামীৰ প্ৰতি কৃতজ্ঞ হৈ আহিছে।“তেওঁৰ দৰে ভাল মানুহ এজনৰ সৈতে বিয়া হৈ মই নিজকে বৰ ভাগ্যৱান বুলি ভাৱো,” তেওঁ ক’লে।

সতীশৰ প্ৰেৰণা

সতীশ আৰু উজ্জ্বলা দুয়ো সাধাৰণ পৰিয়ালৰ পৰা আহিছিল আৰু দুয়োৰে সাহস আৰু উদ্যমে হাৱাৰে গোষ্ঠীক গতি প্ৰদান কৰিছিল।গৃহ নিৰ্মাণকাৰী হোৱাৰ আগতে সতীশ এজন স্থপতিবিদ আছিল আৰু অনুশীলন কৰি থকাৰ সময়ছোৱাত তেওঁ বহুতৰে লগত যোগাযোগ গঢ়ি তুলিছিল।আৰু এই মানুহখিনিয়েই সতীশৰ ওপৰত বিশ্বাস ৰাখিছিল যেতিয়া তেওঁ উদ্যোগী হ’বলৈ আগবাঢ়িছিল।“আমাৰ প্ৰথম প্ৰকল্প আছিল খাৰঘাৰত, যিখিনি মাটি একেবাৰে অনুৰ্বৰা আছিল।বাৰিষা সেইফালে যাবই নোৱাৰি কাৰণ যাবলৈ কোনো ৰাষ্টাই নাছিল,” প্ৰথম প্ৰকল্পটোৰ কথা এইদৰেই তেওঁ কয়।

মাটিৰ মূল্য তেতিয়া কম আছিল যদিও সাধাৰণ পৰিয়ালৰ পৰা অহাৰ বাবে মাটি কিনিবলৈ তেওঁলোকৰ টকা নাছিল।কিন্তু সতীশৰ পুৰণা গ্ৰাহক আৰু যোগাযোগবোৰে তেওঁলোকক প্ৰতি খোজতে সহায় কৰিছিল।“সতীশ এজন বৰ সৌহাৰ্দপূৰ্ণ,কথাচহকী আৰু মানুহৰ অন্তৰ জয় কৰিব পৰা ব্যক্তি আছিল।তদুপৰি তেওঁ আছিল অতি নিৰ্ভৰ কৰিব পৰা মানুহ, সেইখিনি সময়ত কিছু সংখ্যক নিৰ্মাণকাৰীয়ে মানুহৰ টকা লৈ উধাও হৈছিল, তেনে সময়তো মানুহে সতীশৰ সততা আৰু নিষ্ঠাত বিশ্বাস ৰাখিছিল”, উজ্জ্বলাই কৈ গৈছিল।

সতীশৰ ৰিস্ক ল’ব পৰাৰ ক্ষমতা আছিল যাৰ কাৰণে বহু ভিৰৰ মাজতো তেওঁ একক হৈ থাকিব পাৰিছিল।“তেওঁ অতি বেছি ৰিস্ক ল’ব পৰা লোক আছিল,কাৰণ তেওঁৰ নিজৰ ওপৰত বিশ্বাস আছিল, তেওঁৰ শিক্ষাৰ ওপৰত বিশ্বাস আছিল।সেয়ে তেওঁ নিশ্চিত থাকিছিল যে, যদি মই নিৰ্মাণকাৰী হিচাপে বিফল হওঁ, কোনো কথা নাই, মই পুনৰ স্থপতিবিদ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিম। মোৰ হেৰুৱাব লগা একো নাই,” উজ্জ্বলাই ক’লে। উজ্জ্বলা নিজেও যিহেতু এগৰাকী স্থপতিবিদ, সেয়ে যিকোনো বিপদৰ বাবে দুয়ো সাজু থাকিছিল। “তেওঁৰ সিদ্ধান্তবোৰ সদায় সঠিক আছিল আৰু সেইবোৰৰ বাস্তৱ ৰূপ দিয়াত তেওঁৰ দৃষ্টিও প্ৰখৰ আছিল” ,তেওঁ ক’লে। আজি হাৱাৰে গোষ্ঠীৰ অধ্যক্ষ হিচাপে তেওঁ ব্যক্ত কৰে যে সতীশৰ সুদৃষ্টিপূৰ্ণ কামবোৰে আজিও সকলোকে অনুপ্ৰাণিত কৰে।

সতীশৰ জীৱনৰ আন এক উল্লেখনীয় দিশ আছিল তেওঁ সামাজিক কাম কৰি ভাল পাইছিল। সতীশ ১৯৯৩ চনত লাটুৰত হোৱা ভূমিকম্প আৰু ২০০৪ চনত হোৱা চুনামিৰ উদ্ধাৰ অভিযানত জড়িত আছিল।“কৰ্মজীৱনৰ ৪৫ বছৰ পূৰ্ণ হোৱাৰ পাছত তেওঁ ব্যৱসায় আন কাৰোবাৰ হাতত গতাই দি চিকলদাৰা, বিদৰ্ভৰ আদিবাসীসকলৰ জীৱনৰ উন্নতিৰ হকে কাম কৰাৰ বাবে ভাৱি থৈছিল।” আজি হাৱাৰে গোষ্ঠীয়ে নৱী মুম্বাই, থানে আৰু মুম্বাইত বহুতো জনসেৱামূলক কিতাপ বেংক আৰু অধ্যয়ন কেন্দ্ৰ চলাই আছে।এনেকি কম খৰচী গৃহৰ ধাৰণাটোও আহিছে সকলোৰে বাবে গৃহ প্ৰদানৰ বাবে সমৰ্থৱান হোৱা লক্ষ্যটোৰ পৰা, যিটোৰ বাবেই হাৱাৰে গোষ্ঠী সকলোৰে এটি পৰিচিত নাম।

ব্যাৱসায়ৰ দায়িত্ব গ্ৰহণ

তেওঁ লিখা কিতাপখনৰ পৰা পঢ়ুৱৈ হিচাপে আমি গম পাইছো যে উজ্জ্বলাই তেওঁৰ স্বামীৰ পৰা ভালেখিনি অভিজ্ঞতাই আহৰণ কৰিছে।সতীশে সকলো দায়িত্ব লৈছিল যাতে উজ্জ্বলাই কোনো অসুবিধা নাপায়। সতীশৰ হঠাৎ দুৰ্ঘটনাত মৃত্যু হোৱাৰ চৰম সত্যটো মানি ল’বলৈ উজ্জ্বলাৰ কষ্ট হৈছিল ।কিন্তু সতীশৰ সৈতে থকা তেওঁৰ বন্ধনে উজ্জ্বলাক চকুৰ পানী মচি তেওঁলোকৰ দ্ৰুত বিকশিত ব্যাৱসায়ৰ দায়িত্ব কান্ধত ল’বলৈ তেওঁক শক্তি যোগাইছিল।

“যিকণ সময় মই সতীশৰ সৈতে একেলগে পাৰ কৰিলো, তাৰ বাবে মই সদায় তেওঁৰ ওচৰত কৃতজ্ঞ হৈ আছো।সতীশ এজন বৰ সুন্দৰ ব্যক্তি আছিল আৰু তেওঁৰ কেইবাটাও ভাল গুণ আছিল।আমি প্ৰায়েই তেওঁৰ সপোনবোৰক লৈ কথা পাতিছিলো।সেয়েহে তেওঁৰ হঠাৎ বিয়োগৰ পিছত মই তেওঁৰ সপোনবোৰক মৰহি যাবলৈ দিব নোৱাৰিলো, মই তেওঁৰ সপোন পূৰ কৰিবলৈ বিচাৰিলো।গতিকে তেওঁৰ মৃত্যুৰ পিছতেই মই সাহসেৰে মূৰ তুলি থিয় হ’লো।আৰু মই বহি কান্দি নাথাকো বুলি সিদ্ধান্ত ল’লো”, উজ্জ্বলাই ক’লে।

উজ্জ্বলাৰ পৰিয়াল সাহসৰ এক স্তম্ভৰ দৰে তেওঁৰ ওচৰত থিয় হ’ল- তেওঁৰ শহুৰৰ পৰিয়াল আৰু নিজৰ মাক-দেউতাকো কঠিন সময়ত উজ্জ্বলাৰ ওচৰত আছিল।উজ্জ্বলাই স্বীকাৰ কৰে যে সতীশৰ মৃত্যুৰ পিছত বহুত কথাতেই সমস্যা হৈছিল আৰু আৰম্ভণিতে তেওঁ যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।“বহুত মানুহ মোৰ লগত আছিল, বহুতে মোক সহজ লক্ষ্য বুলিও ভাৱিছিল।সেয়ে মই কিছুমান ক’ৰ্ট কে’চ, ক্ৰিমিনেল কে’চো চম্ভালিব লগা হৈছিল।মই বুজিছিলো যে এইটো ব্যৱসায়ৰে এক অংশ আৰু ভগৱানৰ কৃপাত মোৰ সেইখিনি সাহস আছিল।” তেওঁ কোনো কাৰণতে ব্যৱসায় ত্যাগ কৰাৰ কথা ভৱা নাছিল, কাৰণ তেওঁ সতীশৰ সপোন পূৰ কৰাৰ লগতে মহিলাসকল কি ধাতুৰে গঢ়া সেয়া প্ৰমাণ কৰিব বিচাৰিছিল।

image


সতীশে নেন’ হাউচিঙৰ ধাৰণাটোৰ আৰম্ভণি কৰিছিল।ইয়াত 1 BHK আবাসৰ আকাৰ ২৫% হ্ৰাস কৰি ইয়াৰ মূল্যও ২৫% হ্ৰাস কৰা হৈছে যাতে সকলোৰে বাবে এই খৰচ বহন কৰিব পৰা বিধৰ হয়।যেতিয়া তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিল, তেতিয়া কোনেও 1 BHK আবাস নিৰ্মাণ কৰা নাছিল, ফলত নৱী মুম্বাইত কম মূল্যৰ আবাসৰ নাটনি হৈছিল।এই সুযোগটো সতীশে গ্ৰহণ কৰি নেন’ হাউচিঙৰ ধাৰণাটোৰ আৰম্ভণি কৰিছিল। “১৯৯৫ চনত শ্বেয়াৰ বজাৰৰ পতনৰ পূৰ্বে, অৰ্থনীতিৰ বৃহৎ উত্থান ঘটিছিল আৰু তাৰ পিছতেই বজাৰ নামি আহিল।চি,বি,ডি বেলাপুৰৰ দৰে ঠাইত য’ত কেৱল ডাঙৰ ফ্লেট নিৰ্মাণ হৈছিল, বজাৰৰ পতনৰ ফলত বহুত দিনলৈ ফ্লেটবোৰ বিক্ৰী নোহোৱাকৈ পৰি আছিল”, উজ্জ্বলাই কৈ গৈছিল।অৱশ্যে বজাৰ অৰ্থনীতিৰ দুৰ্দিনতো হাৱাৰে গোষ্ঠীয়ে তেওঁলোকৰ ব্যৱসায় চলাই নিছিল আৰু তেওঁলোকৰ এটা প্ৰকল্প নিসৰ্গ, যিটো পাডগাত স্থাপন কৰা হৈছিল, প্ৰকল্পটোৰ উদ্বোধনীৰ ২ দিনৰ ভিতৰতেই সকলো ফ্লেট বিক্ৰী হৈ গৈছিল। বুকিং আৰম্ভ কৰাৰ ২ দিনৰ ভিতৰত ৫৫০ টা ফ্লেট বিক্ৰী হৈ গৈছিল।

আজি প্ৰতিষ্ঠানটোৰ থানে, মুম্বাই, পলঘৰ আৰু কাৰজাট এলেকাত প্ৰকল্পৰ কাম চলি আছে, যিবোৰ উজ্জ্বলাই সুন্দৰভাৱে আগুৱাই নিছে।অৱশ্য ‘শ্ৰমিক’ৰ দৰে আন এটা প্ৰকল্প নিৰ্মাণ কৰাৰ তেওঁৰ সপোনটো এতিয়াও বাকী আছে যিটো সতীশে খাৰঘৰত নিৰ্মাণ কৰিছিল।

“শ্ৰমিক প্ৰকল্পটো এটা বৰ সুন্দৰ প্ৰকল্প যিটো আমি খাৰঘৰত নিৰ্মাণ কৰিছো। এইটো আমাৰ অন্তৰৰ প্ৰকল্প আৰু সতীশৰ ব্ৰেইন চাইল্ডৰ দৰে আছিল। প্ৰকল্পটো সেইসকলৰ বাবে আছিল যিসকলৰ দৰমহাৰ ৰছিদ নাছিল আৰু যিসকলে ঋণ পোৱা নাছিল, যেনে হকাৰ, অটোৰিক্সাচালক, বনকৰা মানুহ আদিসকলৰ কাৰণে।সেইসকল মানুহৰ টকা আছে কিন্তু দৰমহাৰ ৰছিদ নথকাৰ বাবে বেংকে তেওঁলোকক ঋণ নিদিয়ে”, উজ্জ্বলাই এইদৰে ক’লে।হাৱাৰে গোষ্ঠীয়ে ২০০ টা 1 BHK আৱাস নিৰ্মাণ কৰি এনেলোকক ২ লাখ টকাত প্ৰদান কৰিছিল।তেওঁলোকে আনকি নিজৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ প্ৰদানো কৰিছিল আৰু উজ্জ্বলাই এই কথা গৌৰৱেৰে কয় যে সকলোৱেই সময়মতে ঋণ পৰিশোধো কৰিছিল।

“আমি এই প্ৰকল্পটোৰ পুনৰাবৃত্তি কৰিব পৰা নাই, কাৰণ আৱাসগৃহৰ মূল্য যথেষ্ঠ বাঢ়িল আৰু ইমান কম মূল্যত আৱাস দিব পৰাটো অসম্ভৱ হৈ পৰিল।কিন্তু ভৱিষ্যতে যদি ইয়াৰ পুনৰাবৃত্তি কৰিব পাৰো, আমি বৰ সুখী হ’ম,” উজ্জ্বলাই ক’লে।আজিৰ তাৰিখলৈ হাৱাৰে গোষ্ঠীয়ে ৪৫,০০০ পৰিয়ালক গৃহ প্ৰদান কৰিছে।এগৰাকী মহিলা উদ্যোগী হিচাপে উজ্জ্বলাক প্ৰথমে মানুহে গভীৰভাৱে লোৱা নাছিল আৰু কিছুমানে ব্যাৱসায়ত ঠগিবও খুজিছিল।কিন্তু আজি এই কথাবোৰৰ গুৰত্ব নাইকিয়া হ’ল আৰু তেওঁলোকৰ মহিলা অধ্যক্ষগৰাকীক লৈ হাৱাৰে গোষ্ঠী মহাৰাষ্ট্ৰৰ শীৰ্ষ নিৰ্মাণকাৰী প্ৰতিষ্ঠানত পৰিণত হৈছে।

ব্যৱসায় ভালদৰে চলি থকাৰ মাজতে এটা কথাই উজ্জ্বলাক দুখী কৰে যে তেওঁ পৰিয়ালটোক বিশেষকৈ তেওঁৰ কন্যাক বেছি সময় দিব পৰা নাই, যিয়ে মাকৰ ওচৰত থাকি বেছি ভালপায়।“আমি ল’ৰা-ছোৱালীহালক সোধো সিহঁতে ডাঙৰ হ’লে কি হ’ব খোজে, তেতিয়া ছোৱালীজনীয়ে কয় যে তাই গৃহিণী হ’ব বিচাৰে, তাইৰ বেছিভাগ বন্ধু-বান্ধৱীৰে মাকবিলাক গৃহিণী আৰু সেয়ে তেওঁলোকে সন্তানক বেছি সময় দিব পাৰে।সেয়ে তাইৰ মন গৃহিণী হোৱা,” উজ্জ্বলাই হাঁহি হাঁহি ক’লে।অৱশ্যে তেওঁ যেতিয়াই পাৰে সিহঁতলৈ সময় উলিয়ায় আৰু বছৰত দুবাৰ ফুৰিবলৈ আৰু যেতিয়াই সম্ভৱ হয় পিকনিক খাবলৈ যায়।মাতৃ আৰু উদ্যোগী হিচাপে এক সফল জীৱন অতিবাহিত কৰা উজ্জ্বলাই তেওঁৰ ব্যৱসায়ৰ পৰিসৰ মহাৰাষ্ট্ৰৰ বাহিৰলৈও নিব বিচাৰে আৰু সমগ্ৰ ভাৰততে হাৱাৰেক এটা ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠাপিত কৰিব খোজে।

আমি উজ্জ্বলাৰ সাহস আৰু নিষ্ঠাক চ্যেলুট জনাইছো।আমাৰ শুভেচ্ছা থাকিল।

Add to
Shares
18
Comments
Share This
Add to
Shares
18
Comments
Share
Report an issue
Authors

Related Tags