বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন জয় কৰা প্ৰথম মহিলা অঞ্জলি ছাৰাউগী

বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন জয় কৰা প্ৰথম মহিলা অঞ্জলি ছাৰাউগী

Thursday July 20, 2017,

2 min Read

৪৩ বছৰীয়া অঞ্জলি ছাৰাউগী হৈছে প্ৰথম ভাৰতীয় মহিলা যি ৮৯ কিলোমিটাৰ কমৰেডছ মাৰাথন জয় কৰিছে । দক্ষিণ আফ্ৰিকাৰ ডাৰবান আৰু পিটাৰমাৰিটজবাৰ্গৰ মাজত বিশ্বৰ আটাইতকৈ পুৰণি বাৰ্ষিক মাৰাথনত যোগদান কৰি তেওঁ বিল ৰাউডেন মেডেল লাভ কৰিছে ।

মাত্ৰ ২ বছৰ আগতে অঞ্জলিয়ে দৌৰিবলৈ আৰম্ভ কৰিছিল যি বয়সত বেছিভাগ এথলীটে তেওঁলোকৰ কেৰিয়াৰ সামৰে । তেওঁ আকৌ এবাৰ প্ৰমাণ কৰি দিছে যে বয়স মাত্ৰ এটা সংখ্যা ।

অঞ্জলিক দৌৰিবলৈ অণুপ্ৰাণিত কৰিছিল তেওঁৰ ১৮ বছৰীয়া জীয়ৰি মমতাই । এটা হাফ মাৰাথনত তেওঁ দ্বিতীয় পুৰষ্কাৰ পোৱাৰ পাছত তেওঁ অনুভৱ কৰিলে যে তেওঁ দৌৰি ভাল পায় আৰু এই আগ্ৰহক তেওঁ আগবঢ়াই নিয়াৰ সংকল্প ল'লে । তেওঁ কয়,

"মহিলা সকলে সাধাৰণতে নিজকে ইমান গুৰুত্ব নিদিয়ে । মোৰ মতে আমাৰ ভয়বোৰেই আমাৰ আটাইটকৈ ডাঙৰ দুৰ্বলতা । আমি আমাৰ ভয়বোৰতকৈ আমাৰ সপোনবোৰৰ সৈতে বেছি সময় পাৰ কৰা উচিত ।" 

মই মুম্বাই হাফ মাৰাথনত দ্বিতীয় পুৰষ্কাৰ পোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলো ।

Image: (L) – The Telegraph; (R) – Run for Education

Image: (L) – The Telegraph; (R) – Run for Education


অৱশ্যে অঞ্জলিৰ বাবে জীৱন ইমান সহজ নাছিল । চিকাগো মাৰাথনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত তেওঁ আহত হৈছিল আৰু এয়া তেওঁৰ বাবে এক ডাঙৰ বাধা আছিল । চিকিৎসকে কৈছিল যে তেওঁ কেতিয়াও দৌৰিব নোৱাৰিব । 

কিন্তু তেওঁৰ এগৰাকী বন্ধুৱে তেওঁক অমিত শেঠৰ ডেয়াৰ টু ৰাণ নামৰ এখন কিতাপ উপহাৰ দিলে । অমিত শেঠ আছিল ২০০৯ চনত কমৰেডছ মাৰাথন জয় কৰা প্ৰথমজন ভাৰতীয় । এই কিতাপখনে অঞ্জলিক আঘাত স্বত্বেও দৌৰিবলৈ অনুপ্ৰাণিত কৰিলে । তেওঁৰ প্ৰত্যাহ্বান সম্পৰ্কে তেওঁ কয়,

"মোৰ পিতৃ আৰু মোৰ স্বামী মোৰ স্বাস্থ্যক লৈ অতি উৎকন্ঠিত আছিল । কাৰণ মই দৌৰত একেবাৰে নতুন আছিলো । কিন্তু মোৰ আগ্ৰহ আৰু মনৰ জোৰ দেখি তেওঁলোক অৱশেষত তেওঁলোকে মোক সমৰ্থন কৰিলে ।" 

এসময়ত অঞ্জলি আছিল যথেষ্ট শকত এজনী ছোৱালী আৰু ই তেওঁক অত্যন্ত নিৰাপত্তাহীন কৰি তুলিছিল । কিন্তু তেওঁ দৌৰিবলৈ আৰম্ভ কৰাৰপৰা তেওঁ যথেষ্ট স্বাস্থ্যবান অনুভৱ কৰিবলৈ ধৰিলে । ইয়াৰ লগে লগে তেওঁ মনৰপৰা নিৰাপত্তাহীনতাও দূৰ হ'ল ।

তেওঁ নিজৰ পৰিয়ালৰ সহায়ত এতিয়া নিজৰ অভিলেখ ভঙ্গ কৰাৰ সংকল্প লৈছে । অহাবছৰৰ কমৰেডছ মৰাথনত তেওঁ নিজৰ অভিলেখ ভঙ্গ কৰাৰ লক্ষ্য লৈছে । ভৱিষ্যতে নিজৰ জীয়ৰিৰ সৈতে এই মাৰাথন জয় কৰাৰ লক্ষ্য লৈছে ।

 এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

দিল্লী মেট্ৰত বিনামূলীয়াকৈ পোৱা যাব কিতাপ

দুৰ্ঘটনাৰ পাছৰ শাৰীৰিক বাধাগ্ৰস্ততাই প্ৰাক্তন খেলুৱৈ প্ৰীতিক দিলে নতুন জীৱন

৬ বছৰীয়া মিনি ব্ৰুচ লী ৰিয়ুজি ইমা