EDITIONS
Asamiya

দীপা মালিকঃ শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি অসম্ভৱক সম্ভৱ কৰি তোলা এগৰাকী মহিলা

3rd Dec 2015
Add to
Shares
7
Comments
Share This
Add to
Shares
7
Comments
Share

মানুহৰ শৰীৰৰ গঠন প্ৰকৃততে বৰ আচৰিত। মানসিক দৃঢ়তা থাকিলে কিবা এ়টা কৰাৰ দুৰ্বাৰ বাসনা থাকিলে শাৰীৰিক বাধাগ্ৰস্ততাকো পৰিবৰ্তন কৰিব পাৰি সফলতালৈ। হুইল চেয়াৰৰ পেডেল মৰা হাতেৰে মটৰ চাইকেলৰ গিয়েৰো দবাব পাৰি, আকাশৰ বুকুলৈ দলিয়াব পাৰি জেভলীন, আন মানুহৰ দৰেই ডাঙৰ দীঘল কৰিব পাৰি নিজৰ সন্তানক। হুইল চেয়াৰত নিৰ্জীৱ হৈ পৰি থকা ভৰি দুটাৰেও ছুইমিং পুলত মৎস্য কন্যাৰ দৰে জলক্ৰীড়া কৰিব পাৰি। হুইল চেয়াৰত বহিয়েই সপোনৰ ৰেষ্টুৰাঁখন চলাব পাৰি। ইখনৰ পিছত সিখন দেশ ভ্ৰমণ কৰি দুখনকৈ পাচপৰ্ট ভৰাই তুলিব পাৰি। আৰু হুইল চেয়াৰত বহি বহিয়ে এই সকলো সম্ভৱ কৰি দেখুৱাইছে দীপা মালিকে। দীপা মালিকৰ বাবে তেওঁৰ শৰীৰ সংলগ্ন হৈ থকা হুইল চেয়াৰখনৰ চকা কেইটা সাধাৰণ চকা নহয়, সেয়া অশোক চক্ৰ- ভবিষ্যতৰ চকৰী, গতিশীল সময়ৰ প্ৰতীক!

দীপা এগৰাকী পেৰাপ্লেজিক। বুকুৰ পৰা তলচোৱা লৰচৰ কৰিব নোৱাৰে দীপাই। আকৌ যে কেতিয়াও স্বাভাৱিক অৱস্থালৈ ঘুৰি নাহে সেয়াও জানে দীপাই। নিজৰ অসমৰ্থতা খিনি স্বীকাৰ কৰিও দীপাৰ লক্ষ্য- সামৰ্থ অৰ্জন কৰাৰ প্ৰতি, নিজকে কেতিয়াও ‘বিফল’ হোৱাৰ সুবিধাই দিব নিবিচাৰে দীপাই।

দীপা মালিক

দীপা মালিক


“মই সদায় নিজকে প্ৰমাণ কৰিব খোজোঁ। এতিয়া সেয়া মোৰ অভ্যাসত পৰিণত হৈছে। মই বিশ্বক দেখুৱাই দিব খোজোঁ যে শাৰীৰিক অৱস্থাই জীৱনৰ আনন্দ মোৰ পৰা কাঢ়ি নিব পৰা নাই।”

শিশু অৱস্থাত ল’ৰাৰ দৰে থাকিব বিচৰা এজনী ছোৱালী আছিল দীপা, যাক কোৱা হয় টমবয়। দীপাৰ ছবছৰ বয়সতে স্পাইনেল কৰ্ডত এটা টিউমাৰ ধৰা পৰিল। প্ৰাৰম্ভিক অৱস্থাতে ধৰা পৰিছিল যদিও, তাৰ পিছৰে পৰা দীপাৰ জীৱনলৈ আহি পৰিছিল বহু বাধ্যবাধকতা। তাৰ পৰা পৰাত্ৰাণ পাবলৈ তিনি বছৰ সময় লাগিল। দীপাৰ বাবে জীৱনটো যেনে ধৰণৰ আছিল তাৰ প্ৰতি যেন ভেঙুচালিহে কৰিলে নিয়তিয়ে!

“মোৰ নিচিনা বাহিৰত ঘূৰি ফুৰি, গছ বগাই, চাইকেল চলাই ভাল পোৱা টমবয় ছোৱালীজনীয়ে ৰূমৰ ভিতৰত সোমাই ছবি আঁকি থাকে কেনেকৈ! মোৰ দ্বাৰা সেয়া সম্ভৱ নাছিল।”- সৰু কালছোৱাৰ কথা সুঁৱৰি এনেদৰে ক’লে দীপাই।

“তুমি যেতিয়া কৃতজ্ঞতাৰ ভাষা আয়ত্ব কৰা, তুমি জীৱনৰ ইতিবাচক দিশটো বিচাৰি পাবা। ময়ো বিচনাত পৰি থাকিয়ে জীৱনৰ ইতিবাচক দিশটো বিচাৰিলো, বিচাৰিলো মোৰ বাবে নতুন কিহে বাট চাই আছে! নিজকে প্ৰস্তুত কৰিলো ভবিষ্যৰ সংগ্ৰামৰ বাবে।

মোৰ হাতত চাবি-কাঠি দিয়া, মই কৰি দেখুৱাম

কিছু সময়ৰ প্ৰয়োজন হ’ল কিন্তু দীপা আকৌ আগৰ দীপা হৈ পৰিল। লগৰ কাৰোবাৰ মটৰ চাইকেল খন চলাই ঘৰত গালি খাব পৰা হ’ল। এদিন এজন সেনা বিষয়াৰ জাপানী মটৰ চাইকেলখন চলাব বিচাৰিলে দীপাই। সেনা বিষয়াজনে আচৰিত হৈ তাইক সুধিলে-“তুমি মটৰ চাইকেল চলাব জানা?” দীপাৰ উত্তৰ- “মোৰ হাতত চাবিটো দিয়া, মই দেখুৱাম কেনেকৈ চলায়।”

পিছদিনাখন সেইজন সেনা বিষয়াই দীপাৰ দেউতাকক ক’লেহি- “মই আপোনাৰ ছোৱালীক বিয়া পাতিব খোঁজো, একেলগে মটৰ চাইকেলোখনো চলাব পাৰিম!”

image


বুৰঞ্জীৰ পুণৰাবৃত্তি

দীপাৰ সংসাৰ ভাল দৰেই চলিচিল। দেৱিকা নামৰ কন্যা সন্তানটিয়ে পুৰা কৰিছিল দীপাৰ সংসাৰ। তেনেতে যেন ইতিহাসৰ পুনৰাবৃত্তি ! দেৱীকাৰ এবছৰ মান হৈছিলহে মাথো, এখন মটৰ চাইকেলে খুন্দিয়ালে দেৱীকাক। মূৰত আভ্যন্তৰীণ ৰক্তক্ষৰণহৈ দেৱীকাৰ বাওঁফালটো অকামিলা হৈ পৰিল। ভৰ্তি কৰোৱা হ’ল পুণে কমাণ্ড হস্পতালত। আৰু কেবাবছৰৰ পুৰ্বে দীপা ভৰ্তিহৈ থকা বিছনাখনকে ল’লেগৈ দেৱীকায়ো।

“বহুতে উলিয়াইছিল যে মই মোৰ অক্ষমতা ছোৱালীজনিক দিলো। শাৰীৰিক অক্ষমতাক সমাজে কেনেদৰে গ্ৰহণ কৰে মই জানো। শিশু অৱস্থাতে মই সেয়া অনুভৱ কৰিছো। মোক দেউতাই কৈছিল- ভগৱানে সকলোকে প্ৰত্যাহ্বান ভগাই দিয়ে। তোমাক এয়াই বাছি দিছে!”

দীপাক মাক দেউতাকে আলপৈচান ধৰাৰ দৰে দীপা আৰু তাইৰ স্বামীয়ে দিনে ৰাতিয়ে আলপৈচান ধৰিলে দেবীকাৰ। কিন্তু ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ বাবে মাতি পঠোৱা হ’ল দীপাৰ স্বামীক। দীপাৰ স্বামী কাৰ্গিল যোৱাৰ পিছতে দীপাৰ টিউমাৰৰ বেমাৰটোৱে আকৌ উক দিলে। কিন্তু দীপাৰ স্বামীৰ খবৰ লোৱাৰো তেতিয়া কোনো উপায় নাছিল।

দীপাক যেন বিপদে জুমুৰি দি ধৰিলে। স্বামী কাৰ্গিল যুদ্ধত থাকোতে বিভিন্ন সমস্যায়ো দেখা দিলে। কাৰ্গিলত স্বামী বা কি অৱস্থাত আছে তাৰো কেনো খবৰ নাই। ইটোৰ পিছত সিটো নতুন বিপদে দীপাক জীৱনৰ প্ৰতিয়ে বীতশ্ৰদ্ধ কৰি তুলিলে। কিন্তু যেতিয়াই ভিতৰৰ ‘মা’ জনী সাৰ পাই উঠিল, দীপা সংকল্পবদ্ধহৈ পৰিল- সন্তানৰ বাবেই জীয়াই থাকিব লাগিব ।

যুদ্ধত আঘাতপ্ৰাপ্ত সেনাজোৱান সকলেৰে গোটেই চিকিৎসালয় খনেই পৰিবৰ্তন হ’ল ICU লৈ। চিকিৎসালয় খনত তাৰ মাজতে দীপাও ভৰ্তিহৈ থাকিল । কাৰোবাৰ হাত, কাৰোবাৰ ভৰি, কাৰোবাৰ চকু হেৰুওৱা সেনা জোৱানৰ মাজতে দীপাৰো অস্ত্ৰোপচাৰ হ’ল। দেশৰ বাবে যুদ্ধ কৰি পংগু হোৱা লোকসকলৰ মাজত যেন দীপাৰ অভিযোগ কৰিব লগীয়া একোৱেই নাছিল!

দীপাৰ এক জটিল অস্ত্ৰোপচাৰ হ’ল। মগজুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে পুনৰ অস্ত্ৰোপচাৰ, তাৰ পিছত ২৫ দিন ধৰি ক'মা অৱস্থাত থাকিল দীপা। সেয়াই শেষ নাছিল, বহুতে ক’ব খোজে দীপাৰ বাবে সেয়া আছিল শেষৰ আৰম্ভণি।

দ্বীতিয়তো অস্ত্ৰোপচাৰ হোৱাৰ আগেয়ে দীপা সন্মুখীন হৈছিল এক জটিল পৰিস্থিতিৰ। দীপাক কোৱা হৈছিল-পৰবৰ্তী জীৱন তাই হুইল চেয়াৰতে কটাব লগিব! অস্ত্ৰোপচাৰলৈ বাকী থকা সাতদিন দিয়া হৈছিল খোজকঢ়া উপভোগ কৰিবলৈ!

দীপা ভাগি পৰা নাছিল। বাকী থকা সাতদিনত দীপাই ঘৰতোৰ সকলো স্থানলৈ হুইল চেয়াৰত বহি যাব পৰা কৰি ল’লে। লগতে আজৰি সময় খিনি একে ৰোগত ভোগা আন্তঃৰাষ্ট্ৰীয় এটা কমিউনিটিৰ সৈতে দীপাই চাটিং কৰে, জানোচা পায় কিবা আশাৰ বতৰা!

দীপাৰ স্বামী যুদ্ধৰ পৰা সুকলমে ঘুৰি আহিল। পিছে মানুহে কোৱা কুই কৰিলে- হয়তো দীপাক স্বামীয়ে এৰি থৈ গুছি যাব! কাৰণ সমাদৰ দৃষ্টিত দীপা তেতিয়া ‘জীৱন্ত মৃতদেহ’। কিন্তু দীপাৰ বাবে কথাটো আছিল সুকীয়া। দীপাই মৃত্যু দেখিছে। তেতিয়াও জীৱন বাকী আছিল দীপাৰ বাবে। দীপাৰ ইতিবাচক দৃষ্টিভংগী আৰু হাস্যৰসিক স্বভাবে জীৱনক সদায় সহজ কৰি আহিছে।

মই যদি কাইলৈ ৰাজনৈতিক নেতা হওঁ, মইটো কেতিয়াও চকীখন এৰি নিদিওঁ! দীঘলীয়া ৰেলযাত্ৰা, বা চিনেমা চাবলৈ নোপোৱাত দুখ কৰিব লগীয়া একো নাই। মই ডায়েপাৰ লগায়ো সুখী মানুহ।” হুইল চেয়াৰত বহিও দীপাই ভাল লগা কামবোৰ কৰি গৈছিল। “মই সদায় চকাৰ ওপৰতে থাকো, মোক যদি কোনোবাই হুইল চেয়াৰত বন্দী বুলি কয়, মই কওঁ হুইল চেয়াৰতে স্বাধীন মই। অশোক চক্ৰও এটা চকা। মোৰ দৰে সকলোকে মই কওঁ-তোমাৰ তলত থকা চকাটোতেই আছে প্ৰেৰণা।”

“মই অনুভৱ কৰিলো মই যেন পুনৰ মানুহৰ লক্ষ্য হৈ পৰিলো,- তাই কেনেকৈ ছোৱালীক খুৱাব? তাইক সদায় আনৰ সহায় লাগিব। এনে ধৰণৰ কথা শুনি সেইবোৰ চব মিছা বুলি প্ৰমাণ কৰিবলৈ মোৰ বৰ মন গ’ল।”

দীপাই অস্তিত্ব ৰক্ষাৰ যুজঁত নামিব খোজোতেই সংসদ ভৱনত হোৱা গুলীচালনাৰ ঘটনাৰ বাবে দীপাৰ স্বামীক পুনৰ মাতি পঠিওৱা হ’ল। দীপাৰ স্বামীৰ লগতে আন হাজাৰ জনে ৰাতিয়েই ঘৰ এৰি যাব লগীয়া হোৱাত, এজন সেনা বিষয়াৰ পত্নী হিছাপে দীপাই ৩০ টা পৰিয়াল চাব লগীয়া হ’ল। সেই সময়তে দীপাৰ মনলৈ আহিল এটা কেটাৰিং ছাৰ্ভিছ খোলাৰ কথা। আৰ্মি কোৱাটাৰত সেই সময়ত কেটাৰিং ছাৰ্ভিছ নাছিল। ঘৰৰ বন কৰা লোককেইজন আৰু ঘৰত ৰং কৰা কেইজনমান মানুহলৈ নিজৰ ফাৰ্ম হাউছটোৰ একোণত দীপাই এখন গাৰ্ডেন ৰেষ্টুৰাঁ খুলিলে। আৰম্ভ কৰিছিল হ’ম ডেলিভাৰী চেন্টাৰ হিছাপে, কিন্তু পৰিণত হ’লগৈ এখন জনপ্ৰিয় ৰেষ্টুৰাঁলৈ।

“মই প্ৰথমতে প্ৰতিদিনে ২৫০ জন মানুহক খুৱাব পৰা, আৰু ১০০ টা হ’ম ডেলিভাৰী অৰ্ডাৰ ল’ব পৰাকৈ আৰম্ভ কৰিছিলো।” দীপাই নিয়োগ কৰা ল’ৰাবোৰক পুনৰ বিদ্যালয়লৈ যাবলৈ সহায় কৰাৰ লগতে পৰীক্ষাতো সহায় কৰি দিছিল। দীপাই কয়-“মোক যিবোৰ মহিলাই পৰিয়ালটোকো খুৱাব নোৱাৰে বুলি হাহিঁছিল এতিয়া মই সিহঁতৰ পৰিয়াল বোৰকো খুৱাওঁ।”


image


কিবা এটা যেন নাই

সকলোৰে ফেভাৰিট হৈ পৰিল ডি প্লেচ। সেনা বিষয়া সকল প্ৰায়ে আহিবলৈ ধৰিলে ডি প্লেচলৈ। এদিন ৰেষ্টুৰাঁলৈ অহা সেনা বিষয়া এজনে দীপাক ক’লে- “আপুনি আকৌ মটৰ চাইকেল পৰা হ’ব।” তেওঁ গুগলত বিদেশত দীপাৰ দৰে মানুহে মটৰ চাইকেল চলোৱা দেখুৱালেও।

“মই তেওঁক বাস্তৱৰ সৈতে পৰিচয় কৰি দিব বিচাৰিলো যে মোৰ বুকুৰ পৰা তলৰ চোৱাই কাম নকৰে। তলচোৱাৰ ভাৰসম্য নাই, অনুভুতি নাই, হাওফাওয়ে ভালদৰে কাম নকৰে, উষ্ঞতাৰ ওপৰত নিয়ন্ত্ৰণ নাই, স্নায়ুবোৰো য’তে ত’তে চিগা, শৌচ প্ৰাস্ৰাবৰো নিয়ন্ত্ৰণ নাই। তেনেদৰে ৰেষ্টুৰাঁখন চলাই থকাটোৱেই মোৰ বাবে আশ্চৰ্য!”

ল’ৰা জন আকোৰগোজ। তেওঁ বুজাইহে এৰিলে যে দীপাৰ দৰে এগৰাকী মহিলাৰ বাবে সেয়া সম্ভব।

দীপা আকৌ শাৰীৰিক ব্যায়ামৰ মাজলৈ ঘুৰি গ’ল। দীপাক দিয়া এটা ব্যায়াম আছিল সাঁতোৰ। দীপাই সাঁতোৰা কোনোবাই টিভিত দেখি হ’বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীয়া সমাৰোহৰ বাবে ক্ৰীড়া প্ৰাধিকৰণক খবৰ দিলে। মহাৰাষ্ট্ৰ চৰকাৰে দীপাক ভাগ লোৱাৰ সুযোগ দিলে।

“মই তেতিয়া ৩৬ বছৰীয়া। ভাবিলো কিয়নো ভাগ নলওঁ! সুযোগে দুৱাৰত টুকুৰিয়াইছিলহি। সুযোগ ল’ব পৰা জনেই বিজয়ী। মই ভাগ ললো। পুৰস্কাৰো বুটলিলো। ২০০৬ চনত কুৱালা লামপুৰলৈ গৈ তাতো ৰূপৰ পদক জয় কৰিলো।”

দেশক প্ৰতিনিধিত্ব কৰা জাৰ্চি পিন্ধা, খেলুৱৈৰ খিতাপ লাভ কৰাৰ পিছত বিজয় মাল্য আগবাঢ়ি আহিল দীপাক স্পনচৰশ্বীপৰ বাবে। কিন্তু ভাৰতত যেতিয়া কোনেও দীপাৰ বাবে এখন বিশেষ মটৰ চাইকেল নিৰ্মাণ কৰাৰ দ্বায়িত্ব নললে, কথাতো প্ৰচাৰ হ’ল বিদেশতো। ৰডিজ টীম আগবাঢ়ি আহিল দীপাৰ ওচৰলৈ।

“তুমি বাইকাৰ হ’ব বিছাৰিছা? তোমাৰ বাইক ৰাইডিং আমি নেচনেল টেলিভিচলত সম্প্ৰচাৰ কৰিম। ৰডিজে মোক এই প্ৰস্তাৱ দিলে।”

image


দীপাৰ যেন যি মনলৈ আহিছিল সেয়াই বাস্তবায়িত হৈছিল। দীপাই এটা কথা খুবেই বিশ্বাস কৰিছিল- তুমি অন্তঃকৰণেৰে কিবা এটা বিচাৰিলে, সমগ্ৰ বিশ্ব খনেই সাজু থাকে সেয়া তোমাৰ চৰণত সঁপি দিবলৈ।

দীপাৰ শিৰত এতিয়া ৫৪ টা ৰাষ্ট্ৰীয়, ১৩ টা আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক, তিনিটা বিশ্ব চেম্পিয়নৰ খিতাপ, এটা ৰূপৰ পদক আৰু সকলোতে প্ৰথম পাঁচটাৰ ভিতৰত স্থান দখল।কমন ৱেল্থ গেমছত ভাগলৈ দীপা হৈ পৰিল পেৰা স্পৰ্টচৰ আইকন।

দীপাই সোঁতৰ বিপৰীতে যমুনা নদী সাঁতুৰি পাৰ হৈ লিমকা ৱৰ্ল্ড এডভেন্সাৰ ৰেকৰ্ড কৰিলে। আটাইতকৈ কষ্টসাধ্য হিমালয়ান ৰেচ আৰু মৰুভুমিৰ ধুমুহাৰ মাজেৰেও হিমালয়ান মটৰ স্পৰ্টচ এচ’চিয়েচন (H.M.A.) আৰু ফেডাৰেচন অৱ মটৰ স্পৰ্টচ ক্লাবচ অৱ ইণ্ডিয়া (F.M.S.C.I.) ৰ সৈতে বাইক ৰাইডিঙত ভাগ লৈছে দীপাই। য’ত দীপাই ৮ দিনত সাগৰ পৃষ্ঠৰ পৰা ১৮,০০০ ফুট উচ্চতাত ১৭০০ কিলোমিটাৰ বাইক বাইডিং কৰিছিল।

“মানুহে মোৰ মুখৰ আগতে কৈছিল এটা কোঠাৰ ভিতৰতে মই মৰিম। এতিয়া মই কওঁ – এয়া মই। বিশ্ব ভ্ৰমণ কৰি দুখনকৈ পাচপৰ্টত খালী থাই নোহোৱা হ’ল। জন আব্ৰাহামৰ সৈতে একেলগে বাইক চলাইছো। মোৰ হাতত অৰ্জুন বটাঁ।”

দীপা এতিয়া সাজু হৈছে ব্ৰাজিলৰ ৰিঅ’ যাত্ৰাৰ বাবে।

মূলঃ বিঞ্জল শ্বাহ

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী


Add to
Shares
7
Comments
Share This
Add to
Shares
7
Comments
Share
Report an issue
Authors

Related Tags