সৰ্থেবাৰীৰ কাঁহ-পিতলক দেশজোৰা বজাৰ দিয়াৰ চেষ্টা কাহী-বাটি ডট কমৰ

সৰ্থেবাৰীৰ কাঁহ-পিতলক দেশজোৰা বজাৰ দিয়াৰ চেষ্টা কাহী-বাটি ডট কমৰ

Tuesday May 16, 2017,

2 min Read

চৌদিশে থকা সমস্যাৰ সমাধান বিচৰাৰ পৰাই একো একোটা ষ্টাৰ্টআপৰ জন্ম হয় । ইয়াৰ এক উদাহৰণ হৈছে kahibati.com নামৰ ই কমাৰ্চ পৰ্টেলটো । সৰ্থেবাৰীৰ পৰম্পৰাগত কাঁহ-পিতলৰ বাচনৰ বজাৰখনে ৰাজ্যৰ বাহিৰত বিশেষ প্ৰসাৰ আজিও লাভ কৰিব পৰা নাই। নেপাল, ভুটান, ম্যানমাৰ আৰু চীনলৈ কেইপদমান বিশেষ সামগ্ৰীৰ ৰপ্তানিৰ বাহিৰে এই উদ্যোগটোৱে ৰাজ্যৰ বাহিৰত প্ৰসাৰৰ সুযোগ পোৱা নাই । এই অভাৱলৈ দৃষ্টি ৰাখিয়েই তিনিজন অসমীয়া উদ্যমীৰ এক প্ৰচেষ্টা কাহী-বাটি ডট কম ।

আই আই টি গুৱাহাটীৰ এম টেক ধ্ৰুবজ্যোতি পাঠকৰ মনলৈ আহিছিল কিদৰে অসমৰ কাঁহ-পিতলৰ শিল্পটোক এখন বিশাল বজাৰ দিব পাৰি । এই চিন্তাৰেই ফচল আছিল কাহী-বাটি ডট কম । এই কামত তেওঁৰ সহযোগী হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ এম টেক গীতাৰ্থ গোস্বামী, আৰু কৰ্পৰেট খণ্ডৰ কেইবাটাও প্ৰতিষ্ঠানৰ শীৰ্ষ প্ৰৱন্ধনৰ অভিজ্ঞতা পুষ্ট সঞ্জিত ডেকা ।

image


অসমৰ কাঁহ-পিতলৰ উদ্যোগৰ ওপৰত বহু অধ্যয়ন আৰু গৱেষণা হৈছে আৰু সকলোবোৰ অধ্যয়নত এটা কথা মূখ্যতঃ প্ৰকাশ পাইছে । সেইটো হ'ল যে উৎকৃষ্ট মানসম্পন্ন আৰু প্ৰচুৰ সম্ভাৱনাপূৰ্ণ হোৱা স্বত্বেও অসমৰ বাহিৰত ইয়াৰ কোনো ধৰণৰ প্ৰচাৰ নাই । বিপজ্জনক ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা বাচন-বৰ্তনৰ তুলনাত কাঁহ পিতলৰ বাচন যে নিৰাপদ সেই সম্পৰ্কেও বহুতৰে মাজত সজাগতাৰ অভাৱ । সেইবাবেই এই শিল্পবিধক লৈ অসমৰ বাহিৰত আজিও এক বিশাল উদ্যোগ গঢ়ি উঠা নাই । এইবোৰ কাৰণতেই নিজ গাওঁখনতে ই-কমাৰ্চ প্লেটফৰ্ম এটা সৃষ্টি কৰি তাৰ যোগেদি এই উদ্যোগটোক দেশ-বিদেশত প্ৰসাৰিত কৰাৰ পদক্ষেপ ল'লে তিনিওজন উদ্যমীয়ে । কাৰো পৰা কোনো বিনিয়োগ নলৈ তেওঁলোকে নিজা পুঁজিৰেই গঢ়ি তুলিলে এটা প্ৰতিষ্ঠান । এইদৰেই ২০১৫ চনৰ জানুৱাৰীত স্থাপিত হ'ল কাহী-বাটি ডট কম ।

কিন্তু সৰ্থেবাৰীৰ দৰে এখন গাৱঁৰ উৎপাদন কেন্দ্ৰৰ পৰা এটা ই-কমাৰ্চ ষ্টাৰ্টআপ আৰম্ভ কৰা সহজ নাছিল । উৎপাদন হোৱা সামগ্ৰী পৰিবহনৰ বাবে সুচল বাট-পথৰ অভাৱ, ওচৰে পাজৰে কোনেো ৰেল ষ্টেচন অথবা কুৰিয়াৰ সেৱাৰ অনুপস্থিতি স্বত্বেও এই উদ্যমীকৈইজন থমকি নৰ'ল । প্ৰথম অৰ্ডাৰটোৱেই আছিল কৰ্ণাটকৰ কোলাৰৰ পৰা । ইয়ে তেওঁলোকৰ মনোবল যথেষ্ট দৃঢ় কৰি তুলিলে আৰু লগতে ৰাজ্যৰ বাহিৰৰ বজাৰখনক লৈ অধিক আগ্ৰহী কৰি তুলিলে । বৰ্তমান গুৱাহাটীত কেছ অন ডেলিভাৰীৰ সুবিধা প্ৰদান কৰা কাহী-বাটি ডট কমে আগলৈ সমগ্ৰ দেশতে এই সুবিধা প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখিছে ।

image


বৰ্তমান বহুসংখ্যক কাঁহ-পিতলৰ শিল্পী জড়িত আছে কাহী-বাটি ডট কমৰ সৈতে আৰু তেওঁলোকৰ সৈতে গ্ৰাহকৰ পোনপটীয়া সম্পৰ্ক স্থাপনৰ জড়িয়তে উদ্যোগটোক প্ৰসাৰিত কৰাৰ চেষ্টা চলোৱা হৈছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমীয়া বস্ত্ৰক বিশ্বৰ বজাৰলৈ নিয়া e-bozar.com

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল

গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ