EDITIONS
Asamiya

শোষিত মহিলাক সন্মানৰ জীৱন দিবলৈ যুঁজি যোৱা এগৰাকী যোদ্ধা সুনীতা কৃষ্ণন

ARVIND YADAV
24th May 2016
Add to
Shares
5
Comments
Share This
Add to
Shares
5
Comments
Share

ষোল্ল বছৰীয়া এজনী ছোৱালী । সকলোতকৈ বেলেগ । চিন্তা, দৃষ্টিভঙ্গী, সপোন, লক্ষ্য আৰু কাম-কাজবোৰো আনতকৈ বেলেগ। ৰাতিপুৱা পঢ়া-শুনাৰ বাবে কলেজলৈ যোৱা ছোৱালিজনী সন্ধিয়া হোৱাৰ লগে লগে গৈছিল দোহোপজীৱিনীসকলক লগ কৰিবলৈ । কেতিয়াবা যদি তেওঁলোকৰ ঘৰলৈ গৈছিল, কেতিয়াবা গৈছিল সেই ঠাইবোৰলৈ য'ত সেই মহিলাসকলে দেহ ব্যৱসায় কৰে অথবা তেওঁলোকক কৰিবলৈ বাধ্য কৰোৱা হয় । সেই ছোৱালিজনীয়ে দেহোপজীৱিনীসকলৰ বেদনা বুজিবলৈ যত্ন কৰিছিল । প্ৰায় প্ৰতিদিনেই তেওঁ তেওঁলোকৰ ওচৰলৈ গৈছিল । সুবিধা পালে তেওঁলোকৰ লগত কথা পাতিছিল, নহলে আঁতৰৰ পৰা নিৰীক্ষণ কৰি তেওঁলোকৰ জীৱন সংগ্ৰামক বুজাৰ চেষ্টা কৰিছিল । প্ৰতি দিন, প্ৰতি পল, উপৰ্যুপৰি অত্যাচাৰ, বিভিন্নজনৰ হাতত শোষণ, বলাৎকাৰৰ বলি হোৱা এই মহিলা আৰু ছোৱালীবোৰৰ অৱস্থা দেখি তেওঁ জিকাৰ খাই উঠিছিল । এই ছোৱালীবোৰক সেই কদৰ্য পৰিবেশৰপৰা মুক্ত কৰি নিবলৈ বিচাৰিছিল । কেতিয়াবা সুবিধা বুজি বেশ্যালয়ৰ পৰিচলিকাসকলক লগ কৰি এই ছোৱালীবোৰক মুক্ত কৰি দিবলৈ অনুৰোধ কৰিছিল। কিন্তু এই কথা শুনি খঙত একো নাই হৈ তেওঁলোকে তেওঁক বাহিৰ কৰি দিছিল । তথাপিও কিন্তু চেষ্টা এৰি দিয়া নাছিল তেওঁ ।

image


এদিন সেই ছোৱালীজনী বাঙ্গালুৰুৰ এখন বেশ্যালয়লৈ গ'ল । তেওঁৰ মনত শংকা আছিল যে সেইদিনাও তেওঁ বেশ্যালয়ৰ পৰিচালিকাৰ গালি শুনিব । কিন্তু সেইদিনা সম্পুৰ্ণ বেলেগ এটা ঘটনা ঘটিল । এই ঘটনা দেখি সেই ছোৱালীজনীও আচৰিত হৈ গ'ল । বেশ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগেই পৰিচালিকাসকলে তেওঁক বাৰ-তেৰ বছৰীয়া এজনী ছোৱালীৰফালে আঙুলিয়াই কলে - যদি মুক্তি দিয়াৰ মন আছে তেনেহলে এই ছোৱালীজনাক মুক্তি দি দেখুউৱা । এই ছোৱালীজনীৰ হাব-ভাৱ, চাল-চলন লক্ষ কৰি তেওঁ বুজিলে যে এই ছোৱালীজনী মানসিকভাৱে বাধাগ্ৰস্ত । হয়তো সেইবাবেই বেশ্যালয়ৰ পৰিচালিকাসকলেও সেই ছোৱালীজনীৰপৰা মুক্তি বিচাৰিছিল ।

যেতিয়া সেই বাৰ-তেৰ বছৰীয়া ছোৱালীজনীক তেওঁ ওচৰৰপৰা লক্ষ্য কৰিলে তেওঁৰ যেন মূৰত সৰগ ভাগি পৰিল । এই ছোৱালীজনীকো দৈনিক ল'ৰা-বুঢ়া বিভিন্ন বয়সৰ পুৰুষে বাসনাৰ চিকাৰ বনাইছিল । এইদৰে বাসনাৰ চিকাৰ বনোৱাৰ পিছত তাইৰ ব্লাউজৰ ভিতৰত কেইটামান টকা গুজি দি থৈ গৈছিল । সেই টকাকেইটা হাতত লৈ ঘুৰাই পকাই তাই চাই থাকিছিল । তাই বুজিবই পৰা নাছিল তাইৰ লগত কি হৈ আছে । তাইৰ হাতত থকা নোটকেইখননো কি তাই সেইটো কথাকে বুজিব পৰা নাছিল।

সানসিকভাৱে বাধাগ্ৰস্ত সেই ছোৱালীজনীৰ অৱস্থা দেখি অন্তৰাত্মা কঁপি উঠিছিল তেওঁৰ । তাইক এই কদৰ্য পৰিবেশৰপৰা মুক্ত কৰাৰ সংকল্প ল'লে তেওঁ । মানসিকভাৱে বাধাগ্ৰস্ত হোৱাৰ বাবে সেই ছোৱালীজনীয়ে নিজৰ ঘৰ পৰিয়ালৰ কথা কোৱা বাদেই, ভালকৈ কথা ক'বই নোৱাৰিছিল । কিন্তু সৰুতে এনে লোকৰ সৈতে কাম কৰাৰ অভিজ্ঞতা থকাৰ বাবেই তাই কোৱা দুই এটা অস্পষ্ট কথাৰপৰা তাইৰ গাওঁখনৰ নাম জানিব পাৰিছিল তেওঁ । ইয়াৰ পাছত সেই ছোৱালীজনীক নিজৰ ঘৰত থৈ আহিবলৈ দেউতাকৰ ওপৰৱালা বিষয়া এজনৰপৰা এখন গাড়ী ল'লে কলেজীয়া ছোৱালীজনীয়ে । যেতিয়াই ছোৱালীজনীক গাড়ীত উঠোৱা হ'ল তেতিয়া তাইক ঠিকে ঠাকে ঘৰত থৈ আহিবলৈ আন চাৰিগৰাকী দেহোপজীৱিনীও ওলাল । তেওঁলোকৰ এই পৰিৱৰ্তন দেখি কলেজীয়া ছোৱালীজনী আচৰিত হোৱাৰ লগতে যথেষ্ট উৎসাহিতও হ'ল ।

মানসিকভাৱে বাধাগ্ৰস্ত ছোৱালীজনীৰ গাঁৱত অতি আচৰিক কিছুমান তথ্য জনা গ'ল । সেই ছোৱালীজনীৰ পিতৃ আছিল এজন ধনী জমিদাৰ । কিন্তু দুৰ্ঘটনাত তাইৰ মাতৃ পিতৃ দুয়োৰে মৃত্যু ঘটাত এজন আত্মীয়ই সকলো সম্পত্তি দখল কৰি তাইক ঘাইপথত পেলাই দিয়ে আৰু তাৰপৰা কোনোবাই তাইক লৈ গৈ বেশ্যালয়ত বিক্ৰী কৰি দিয়ে ।

ছোৱালীজনীক ন্যায় দিয়াবৰ কাৰণে পঞ্চায়তৰ সহায় লোৱা হ'ল । আচল কথাটো নকৈ পঞ্চায়তত কোৱা হ'ল যে ছোৱালীজনী কলেজীয়া ছোৱালীজনীৰ ঘৰত আছিল আৰু তাইৰ গাঁৱৰ নামটো শুনি তাইক ঘৰত থ'বলৈ তেওঁলোক আহিল । যি কেইগৰাকী দেহোপজীৱিনীয়ে এসময়ত কলেজীয়া ছোৱালীজনীক গালি শপনি পাৰিছিল তেওঁলোকে এতিয়া তাইক মানসিকভাৱে বাধাগ্ৰস্ত ছোৱালীজনীক মুক্ত কৰাৰ প্ৰয়াসত সহায় কৰা দেখি অধিক উৎসাহিত হ'ল তাই । সেই ছোৱালীজনীৰ উদ্ধাৰৰ সৈতে আৰম্ভ হ'ল এক নতুন অভিযান । এই অভিযান এতিয়াও চলি আছে । ষোল্ল বছৰীয়া কলেজীয়া ছোৱালীজনী এতিয়া ডাঙৰ হ'ল । দেশজুৰি বিখ্যাত এক ব্যক্তিত্বত পৰিণত হ'ল । তেওঁ আৰু কোনো নহয়, ড° সুনীতা কৃষ্ণন যি মানৱ সৰবৰাহৰ দৰে অপৰাধৰ বিৰুদ্ধে অহৰহ যুঁজ চলাই গৈছে ।

হয়তো আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে ষোল্ল বছৰীয়া সুনীতা কিয় বেশ্যালয়লৈ গৈছিল । দৰাচলতে পোন্ধৰ বছৰ বয়সত নিজেই আঠজনকৈ মানুহৰ হাতত সামূহিক বলাৎকাৰৰ বলি হৈছিল তেওঁ । কাষৰীয়া এখন গাঁৱৰ দলিত মানুহক সহায় কৰাৰ শাস্তিস্বৰূপে তেওঁক সেই গাঁৱৰ একাংশ মস্তানে বলাৎকাৰ কৰিছিল ।

এই ঘটনা মনত পেলাব নোখোজে তেওঁ । তেওঁ কয়, 'এই ঘটনাই মোৰ জীৱন সলনি কৰি দিছিল । আগতে মই প্ৰতিটো কথাটো আছিলো best কিন্তু ৰাতিটোৰ ভতৰত হৈ পৰিলো worst । আনকি ঘৰৰ মানুহেও আগতে যিবোৰ কথাত মোক শলাগিছিল সেই একেবোৰ কথাতে মোক তিৰষ্কাৰ কৰা হ'ল । মই যেন এভাৰেষ্ট আৰোহণ কৰিছিলো আৰু একোবাৰে তললৈ পৰি গ'লো।' আচৰিত কথা যে গাঁৱৰ পঞ্চায়তে দোষীকতো শাস্তি নিদিলেই, বৰং সুনীতাকহে এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰিলে ।

এই ঘটনাৰ কেইদিনমানৰ পিছতে সুনীতাই সিদ্ধান্ত ললে যে তেওঁ বলাৎকাৰৰ বৰি হোৱা আন মহিলাসকলক সাক্ষাৎ কৰিব । তেওঁলোকৰ দুখ-কষ্ট বুজিবলৈ চেষ্টা কৰিব । এই উদ্দেশ্যেৰেই তেওঁ বেশ্যালয়সমূহলৈ যোৱা আৰম্ভ কৰিলে । এই মহিলাসকৰ কষ্ট দেখি তেওঁৰ ধাৰণা হ'ল যে তেওঁৰ দুখ এই ছোৱালীবোৰৰ তুলনাত একোৱোই নহয় । তেওঁৰ সৈতে মাত্ৰ এবাৰ বলাৎকাৰ হৈছিল কিন্তু সমাজত এনে বহু যুৱতী আৰু মহিলা আছে যাৰ সৈতে দৈনিক বহুবাৰ এনে ঘটনা ঘটে । মানসিকভাৱে বাধাগ্ৰস্ত ছোৱালীজনীক বেশ্যালয়ৰপৰা মুক্ত কৰোৱাৰ পাছত সুনীতা কৃষ্ণনৰ কাৰণে এনে মহিলাসকলৰ উদ্ধাৰ আৰু পুনৰসংস্থাপন জীৱলৰ লক্ষ্য হৈ পৰিল ।

image


অৱশ্যে এয়াই তেওঁৰ জীৱনৰ প্ৰথম সমাজসেৱা নাছিল । আঠ বছৰ বয়সতে তেওঁ মানসিকভাৱে বাধাগ্ৰস্ত শিশুসকলৰ কাৰণে কাম কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁলোকক নৃত্য শিকাই তেওঁলোকৰ মানসিক অৱস্থা উন্নত কৰিবলৈও চেষ্টা কৰিছিল । ইয়াৰ আঁৰতো আছিল কিছুমান ঘটনা ।

সুনীতা কৃষ্ণনৰ মতে তেওঁৰ পৰিয়াল আছিল নিম্ন মধ্যবিত্ত। দৰিদ্ৰ ৰেখাৰপৰা মাত্ৰ অলপ ওপৰত । ভাৰতীয় জৰীপ বিভাগত কাম কৰা তেখেতৰ পিতৃয়েই আছিল বংশৰ প্ৰথমজন শিক্ষিত আৰু এটা চকৰি থকা ব্যক্তি । তেওঁৰ উপৰিপুৰুষৰ বাবে দুবেলা দুসাজ খোৱাটোৱেই আছিল গুৰুত্বপুৰ্ণ কথা ।

পিতৃ ৰাজু আৰু নলিনী কৃষ্ণনৰ দ্বিতীয় সন্তান আছিল সুনীতা । তেওঁৰ দুগৰাকী ভগ্নী আৰু এজন ভায়েক । জন্মৰ সময়ৰপৰাই তেওঁক সমস্যাই ঘেৰি ধৰিছিল । জন্মৰ কিছুদিন পিছতে আইতাকে আবিষ্কাৰ কৰিছিল যে তেওঁৰ এটা ভৰি চুটি । চিকিৎসা আৰম্ভ হৈছিল আৰু বেছিভাগ সময় তেওঁৰ ভৰিত বেণ্ডেজ বন্ধা থাকিছিল । চলা-ফিৰা কৰা বা আন শিশুৰ দৰে দৌৰা ধপৰা কৰাটো সম্ভৱ নাছিল তেওঁৰ বাবে ।

এটা বিশেষত্ব আছিল সুনীতাৰ । অন্যান্য শিশুৰ দৰে কোনো বস্তু বিচাৰি জেদ অথবা কন্দা-কটা নকৰিছিল তেওঁ । সেইবাবেই তেওঁৰ পিতৃ মাতৃয়ে তেওঁ বিচৰা বস্তুবোৰ নিজেই আনি দিছিল । সুনীতাই নিজৰ সমস্ত মনোযোগ পঢ়া-শুনাত দিছিল । পঢ়া শুনাৰ লগতে সকলো প্ৰতিযোগিতাতে প্ৰথম হৈছিল তেওঁ । তেওঁৰ বুদ্ধি ইমান প্ৰখৰ আছিল যে শিশুকালতে তেওঁ যথেষ্ট পৰিপক্ক হৈ উঠিছিল । কিবা বেয়া দেখিলে লগে লগে প্ৰতিবাদ কৰা আৰু ভাল দেখিলে প্ৰশংসা কৰা তেওঁৰ স্বভাৱ আছিল । আনকি ঘৰৰ ডাঙৰসকলকো তেওঁ উপদেশ পৰামৰ্শ দিছিল । বয়সতকৈ আগবঢ়া বাবেই তেওঁক সকলোৱে 'আইতা' বুলি মাতিবলৈ লৈছিল । শিশু কালতেই নিজৰ ভনীয়েকৰ লগতে নিজৰ সহপাঠীসকলকো পঢ়ুৱাবলৈ আৰম্ভ কৰিছিল ।

বাৰ বছৰ বয়সত বস্তি অঞ্চলৰ শিশুসকলৰ বাবে এটা শিক্ষা কেন্দ্ৰ স্থাপন কৰিছিল সুনীতাই । সেই সময়ত পিতৃ চাকৰিসূত্ৰে বিশাখাপট্টনমলৈ বদলি হৈছিল । স্কুললৈ অহা যোৱা কৰৰা পথত সুনীতাই দেখিছিল যে বস্তি অঞ্চলৰ বহু শিশু স্কুললৈ নাযায়। এই শিশুহঁতক শিক্ষিত কৰাৰ উদ্যেশ্যেৰে তেওঁ এটা কোঠাতে আৰম্ভ কৰিলে এটা শিক্ষা কেন্দ্ৰ । পুৱা স্কুলত ছাত্ৰী আৰু সন্ধিয়া শিক্ষা কেন্দ্ৰৰ শিক্ষয়িত্ৰী । যেতিয়া স্কুলৰ প্ৰধান শিক্ষকে এই কথা গম পালে তেতিয়া সুনীতাক পুৰষ্কৃত কৰা হ'ল ।

সুনীতা কৃষ্ণনৰ ভাষাত, 'মোৰ জীৱনটো ভগৱানৰ দান । মোক মানুহৰ সহায় কৰিবৰ কাৰণেই ভগৱানে পৃথিৱীলৈ পঠাইছে । ণি সদায় এনে লোকৰ সন্ধানত থাকোঁ যি মোতকৈ অধিক সমস্যাগ্ৰস্ত আৰু অসহায় । মই কোনো আঁচনি বনাই কাম নকৰোঁ। যেতিয়াই কোনো আসহায়, নিপীড়িত মানুহ মই দেখোঁ তেতিয়াই মোৰ মনলৈ অদম্য শক্তি আহে তেওঁলোকক সহায় কৰিবলৈ ।'

জীৱনৰ আটাইতকৈ ডাঙৰ সংঘাত কি বুলি শোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, 'আনৰ বাবে যি সংঘাত, সেয়া মোৰ বাবে সংঘাত নহয় । সংঘাত মানে মোৰ বাবে সফলতা । আনৰ চকুত যিটো পতন, সেইটো মোৰ চকুত উত্থান ।'

'সৰুতে নিজক বুজি পোৱা, নিজক স্বীকাৰ কৰা মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল । মোৰ কি আছে আৰু কি নাই সেয়া জানিবৰ বাবে মই বহু কষ্ট কৰিছো আৰু বহু গভীৰতালৈ গৈ মি নিজক বুজি পাইছো।' সুনীতাই কয় ।

অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে যুদ্ধ চলাই গৈছে সুনীতাই । দেহ ব্যৱসায়ত জড়িত মহিলাসকলৰ পুনৰ সংস্থাপনৰ লগতে তেওঁলোকক জোৰকৈ এই ব্যৱসায়ত লিপ্ত কৰোৱা লোকসকলক নাকী লগোৱাৰ বাবে চেষ্টা চলাই গৈছে তেওঁ । এনে বহু অপৰাধীক জেললৈ প্ৰেৰণ কৰোৱাৰ আঁৰত আছে সুনীতা কৃষ্ণন । সেইবাবে তেওঁৰ শত্ৰু বহুত । এতিয়ালৈকে সোতৰবাৰ আক্ৰমণ হৈছে তেওঁৰ ওপৰত । কিন্তু প্ৰাণে মৰাৰ ভাবুকি আৰু আক্ৰমণলৈ কেৰেপ নকৰি তেওঁ চলাই গৈছে যুঁজ ।

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপত তেওঁৰ সংস্থা প্ৰজ্বলাৰ কাৰ্যালয়ত হোৱা সাক্ষাৎকাৰত তেওঁ কয়, ' মোৰ ওপৰত কোনো আক্ৰমণ হোৱা নাই কাৰণ সেইবোৰক মই আক্ৰমণ বুলি নাভাবোঁ । আক্ৰমণ সেইবোৰ যিবোৰ সমাজে মোৰ ওপৰত কৰে । অপৰাধীয়ে কৰাবোৰ পুৰষ্কাৰহে । সিহঁতে মোৰ হাত ভৰি নাভাঙিলে নিজৰ খং কেনেকৈ প্ৰকাশ কৰিব ? মোক নিজৰ কামবোৰৰ এক মাপকাঠীৰ দৰকাৰ। মই কি কৰিছো আৰু কোন দিশত কৰিছো সেয়া জানিবৰ বাবে। এই আক্ৰমণবোৰে সেই মাপকাঠীৰ কাম কৰে। এইবোৰ মোৰ ৰিপ'ৰ্ট কাৰ্ডৰ দৰে আৰু এইবোৰ দেখি মোৰ ভাৱ হয় মই ভাল নম্বৰেৰে পাছ কৰিছো। '

অৱশ্যে ক্তিয়াবা কেতিয়াবা এই কথাবোৰে বিচলিত কৰে তেওঁক । তেওঁৰ যদি হত্যা হৈ যায় তেনেহলে তেওঁৰ যুদ্ধখন কোনে আগবঢ়াই নিব এই চিন্তাই বিচলিত কৰে সুনীতা কৃষ্ণনক । 'মই ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ যেন মোক যি উদ্দেশ্যৰে পৃথিৱীলৈ পঠোৱা হৈছে সেই উদ্দেশ্য সফল হোৱালৈকে মোক জীয়াই ৰাখে ।'

তেওঁৰ জীৱনৰ লক্ষ্য কি বুলি প্ৰশ্ন কৰাত তেওঁ কয়, 'মোৰ জীৱনৰ এটাই লক্ষ্য যে সমাজত কোনো শোষিত নহওক । এনে এখন সমাজ যত মহিলা আৰু ছোৱালী সুৰক্ষিত হওক আৰু মোৰ দৰে কৰ্মী অথবা প্ৰজ্বলাৰ দৰে সংস্থাৰ প্ৰয়োজন নাথাকক ।'

এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নে? সুনীতা কৃষ্ণনৰ মতে 'অসম্ভৱ একো নহয় । এই সমাজ আমি বনাইছো আৰু ইয়াক নষ্টও আমিয়েই কৰিছো । যদি মানুহে ভাৱে যে শোষণ নাথাকক তেনেহলে শোষণ নাথাকিব । শোষণ বন্ধ কৰোৱাটো কেৱল সুনীতা কৃষ্ণনৰ কাম নহয় । প্ৰতিজন মানুহৰে দায়িত্ব । সকলোৱে একেলগে কাম কৰিলে এই লক্ষ্য অসম্ভৱ নহয় ।'

সুনীতা কৃষ্ণনৰ জীৱনত এনে বহু সময় আহিছে যেতিয়া প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তেওঁ বাধ্য হৈছে । কিন্তু এনে পৰিস্থিতিত থমকি ৰোৱা নাই তেওঁ ।

এনে এক ঘটনা আছিল 'মিছ ৱৰ্ল্ড' প্ৰতিযোগিতাৰ বিৰোধ ।

১৯৯৬ চনত বাংগালুৰুত অনুস্থিত হৈছিল এই প্ৰতিযোগিতা । এনে প্ৰতিযোগিতাই নাৰীক পণ্য সামগ্ৰীত পৰিণত কৰে বুলি এই প্ৰতিযোগিতা বন্ধ কৰোৱাৰ দাবী উত্থাপন কৰিছিল সুনীতা কৃষ্ণনে । বিশাল আয়োজনৰ এই প্ৰতিযোগিতা বন্ধ কৰাবৰ বাবে সমস্ত শক্তি প্ৰয়োগ কৰিছিল তেওঁ । কিন্তু এই কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল । তেওঁ যাতে কোনোপধ্যে ইয়াৰ প্ৰতিবাদ কৰিব নোৱাৰে তাৰবাবে তেওঁক দুমাহ কাৰাগাৰত বন্দী কৰি ৰখা হ'ল । সুনীতাই কয় যে তেওঁ এক ষড়যন্ত্ৰৰ বলি হৈছিল । তেওঁৰ পিতৃক এই বুলি ভয় খুউৱা হৈছিল যে তেওঁৰ হাতত ড্ৰাগছ পোৱা গৈছে । আনকি তেওঁক পিন্ধিবলৈ এজোৰেই কাপোৰ দিয়া হৈছিল । সেইযোৰ কাপোৰেৰেই তেওঁ দুমাহ পাৰ কৰিছিল । জেলত থকা সময়ছোৱাত তেওঁ বিভিন্ন মহিলা কয়দীৰ সংস্পৰ্শলৈ আহে আৰু মহিলাৰ অপৰাধ তথা মহিলাৰ ওপৰত হোৱা অপৰাধ সম্পৰ্কে বহু কথাই তেওঁ জানিব পাৰে । জেলৰপৰা ওলাই অহাৰ পাছতো কিন্তু সমস্যাই তেওৰ লগ নেৰিলে । মানুহবোৰ লাহে লাহে তেওঁৰপৰা আৰু আঁতৰি গ'ল । প্ৰশাসন আৰু আৰক্ষীৰ হাৰাশাস্তিৰ বাবেই জন্মভূমি বাংগালুৰু এৰি হায়দৰাবাদলৈ গুছি যাবলগীয়া হ'ল আৰু এই হাইদৰাবাদেই হৈ পৰিল তেওঁৰ কৰ্মভূমি ।

হায়দৰাবাদলৈ অহাৰ পাছত সুনীতা কৃষ্ণনে লগ পালে বস্তি অঞ্চলৰ লোকসকলৰ বাবে কাম কৰা সমাজকৰ্মী ব্ৰাদাৰ ভাৰ্গীজক আৰু অচিৰেই তেওঁৰ কামত সহায় কৰিবলৈ ধৰিলে । এনেতে এক নতুন ঘটনা ঘটিল । হায়দৰাবাদৰ ৰেড লাইট অঞ্চন 'মেহবুব কি মেহেন্দি' কোনো আগজাননী নিদিয়াকৈ ধ্বংস কৰিলে প্ৰশাসনে । পিছে দেহোপজীৱিনীসকলৰ পুনৰ সংস্থাপনৰ কোনো আঁচনি নাছিল প্ৰশাসনৰ। একাংশক জেললৈ পঠোৱা হ'ল, একাংশ হ'ল গৃহহীন আৰু একাংশই আত্মহত্যাৰ পথ বাছি ল'লে । এই সকলোবোৰ দেখি শুনি সুনীতা কৃষ্ণনে ল'লে এক ডাঙৰ সিদ্ধান্ত । সমাজকৰ্মী ব্ৰাদাৰ ৱেট্টিকটিলৰ সহায়ত এইসকল মহিলাৰ পুনৰ সংস্থাপনৰ বাবে তেওঁ আৰম্ভ কৰিলে প্ৰজ্বলা নামৰ সংস্থা । এই সংস্থাই আজিও কাৰ্যনিৰ্বাহ কৰি আছে শোষিত মহিলাৰ হকে । দেহ ব্যৱসায়ত লিপ্ত মহিলাসকলৰ পুনৰ সংস্থাপনৰ লগতে মহিলাসকলক দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰোৱাসকলৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে এই সংস্থাই । সুনীতা কৃষ্ণনৰ এই সামাজিক অৱদানলৈ দৃষ্টি ৰাখি ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰ সন্মানিত কৰিছে । 


image


অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া

ঘৰত চাহপাতৰ অভাৱ পূৰাবলৈ চাহবাগান খোলাৰ সপোন দেখা ছোৱালীজনী

Add to
Shares
5
Comments
Share This
Add to
Shares
5
Comments
Share
Report an issue
Authors

Related Tags

Latest Stories

Sign up for our Daily Newsletter