EDITIONS
Asamiya

‘মোৰ পকেটত ৫০টকীয়া নোট এখনৰ বাহিৰে হাতত ভাত খাবলৈও এটকাও নাছিল ’ – এজন উদ্যোগীৰ কাহিনী

13th Dec 2015
Add to
Shares
79
Comments
Share This
Add to
Shares
79
Comments
Share

দুচকু মুদি অতীত সুঁৱৰিলেই মোৰ এটা কথা মনত পৰে,যিটো কথাই মোক এতিয়াও আলোড়িত কৰে। জিৰকপুৰৰ এটা ফ্লেটৰ কোঠা এটাত মই বহি আছো আৰু নিশাৰ আহাৰৰ বাবে মোৰ হাতত এটা টকাও নাই। পকেটত থকা ৫০টকীয়া নোটখনৰ বাহিৰে মোৰ আৰু একো নাই। পৰিশোধ কৰিবলৈ বিভিন্ন বিল বাকী, ফ্লেটৰ ভাৰা বিভিন্ন অজুহাত দেখুৱাই নিদিয়াকৈ থকা এসপ্তাহেই হ'ল। ফোনটোৰ আউটগ'য়িং নাই। সমহকৰ্মী সকলে মোক এটা মষ্ট অলগৰ্ধ আখ্যা দি মোৰ সংগ এৰিলে।


image


মই ভাবিছিলো যদি তেওঁলোক সত্য হয়, তেনেহলে সচাকৈয়ে মই এটা মস্ত পাগল। যিসময়ত মই এটা ভাল দৰমহাৰ চাকৰি কৰি থাকিব পাৰোঁ,সেই সময়ত মই কিহৰ বাবে বাৰে বাৰে উদ্যোগশীলতাৰ পিছত হাবাথুৰি খাইছো ? মই আৰামত এটা সন্তোষৰ জীৱন কটাব পাৰোঁ, কিন্তু মই বহি আছো হাতত এটকাও নোহোৱাকৈ,আনকি ভাত খাবলৈও পইচা নাই। এতিয়া নিশাৰ আহাৰ গ্ৰহণ কৰি হাতত থকা ৫০টকাটো খৰচ কৰি পেলাব নোৱাৰোঁ, কাৰণ কাইলৈ পুৱা মই ৰাজপুৰালৈ গৈ এজন স্কুল সমন্বয়কক সাক্ষাৎ কৰিব লাগিব। মই তাত এটা বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰিছিলো আৰু মই জানো যে স্কুলসমুহে সাধাৰণতে পঞ্জীয়নৰ এসপ্তাহ পিছত পইচা দিয়ে। মই ভাবিবলৈ ধৰিলো কিছু আগতীয়া টকাৰ বাবে স্কুল সমন্বয়ক জনক কি কাৰণ দেখুৱাম। মই পুৱা ৬বজাত এলাৰ্ম দি শুবলৈ চেষ্টা কৰিলো। পিছদিনা সাৰ পাই উঠি কল্পনা কৰি ল'লো যে সকলো ঠিকেঠাকে আছে। মই সদায় ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি হনুমান চালিচা পাঠ কৰোঁ। সিদিনাও পাঠ কৰি কাপোৰ কানি পিন্ধি প্ৰায় দুই কিলোমিটাৰ আঁতৰৰ বাছষ্টপটোলৈ বুলি খোজ খোজ কাঢ়িয়ে ওলালো, যাতে দুটা টকা বচাব পাৰোঁ। মোৰ শক্তি নাছিল কিন্তু অন্তৰত আশা আছিল যে সকলো ঠিক হৈ যাব। মই সাক্ষাৎটোৰ বাবে মানসিকভাবে সাজু হ'লো।

ৰাজপুৰালৈ যোৱা বাছ এখনত ৩৫টকাৰে টিকট এটা কিনি লৈ উঠি দিলো। মোৰ হাতত এতিয়া মাত্ৰ ১৫ টকা থাকিল। স্কুলখন চহৰখনৰ দাঁতি কাষৰীয়া এটা স্থানত আৰু মই আশা কৰিছিলো বাছখনে মোক স্কুলৰ দুৱাৰ মুখতে নমাই দিব। হঠাত মই গম পালো যে বাছখন বেলেগ এটা ৰাষ্টাৰে যাবলৈ ধৰিছে। মই কণ্ডাক্টৰজনক শোধাত তেওঁ মোত তাতেই নামি দিবলৈ কলে। মই নামি দিলো স্কুলখনৰ পৰা প্ৰায় ৩কিলোমিটাৰ আঁতৰত ঘাইপথৰে এটা স্থানত আৰু কি কৰা যায় ভাবিবলৈ ধৰিলো। মই খোজ কঢ়া আৰম্ভ কৰিলো। সেই সময়তে মোৰ বৰ্তমানৰ আৰ্থিক অৱস্থাটোৰ কথা জনা বান্ধৱী এগৰাকীয়ে ফোন কৰিলে আৰু গভীৰ দুখেৰেই সুধিলে মই এতিয়া কি ব্যৱস্থা কৰিম।


image


মই তেওঁক কলো যে মই স্কুল সমন্বয়কজনক কিছু আগতীয়াকৈ ধন মুকলি কৰি দিবলৈ আনুৰোধ কৰিম আৰু তেওঁ যদি মোৰ অনুৰোধ ৰক্ষা কৰে তেনেহলে কোনো কথা নাই. নহলে ছণ্ডিগড়লৈকে খোজ কাঢ়িয়েই যাব লাগিব। দেখা যাওক কি হয়। তেওঁ ফোনতে কান্দি দিলে মোৰ অৱস্থাটো দেখি। মই কলো চিন্তা নকৰিবা। এক কিলোমিটাৰমান খোজ কঢ়াৰ পিছত মই এজন সদাশয় মহানুভৱ ব্যক্তিক বাটতে পালো যিয়ে মোক তেওঁৰ স্কুটাৰত উঠাই লৈ গল। তেওঁ মোক স্কুলখনৰ মুখতে নমাই দিলে। ভাগবান শিৱক মনতে ধ্যান কৰি সোমাই গ'লো মই। স্কুলৰ ভিতৰত প্ৰবেশ কৰিলো আৰু ভাবিবলৈ ধৰিলো স্কুল সমন্বয়কজনক কি বুলি কম। যদি তেওঁ মোক আগতীয়াভাবে ধন নিদি এসপ্তাহ পিছত দিম বুলি কয়, মই কম যে মই মোৰ মানিবেগটো ঘৰতে এৰি আহিলো সেইবাবে মোক উভটি যাবলৈ ৫০০টকা লাগে, নহলে ক'ম যে ওচৰত কোনো এটিএম নাই বাবে মই টকা উলিয়াব পৰা নাই আৰু মোক অন্তত ঘৰলৈ যাব পৰাকৈ গাড়ী ভাৰাটো লাগে। এইবোৰ কথা তেওঁৰ কেবিনটোত বহি ভাবি থাকোতেই তেওঁ সোমাই আহিল। তেওঁ আহিয়েই যিটো কথা কলে,সেই কথাটোৱেই সকলো সলনি কৰি দিলে।

তেওঁ কলে, “অ ক্ষিতিজ,তুমি আহি ভালেই কৰিলা জানানে, এয়া লোৱা আমি তোমাৰ কামটোৰ বাবদ সংগ্ৰহ কৰা ২৫,০০০টকা।” বিশ্বাস কৰক, মই কান্দি দিছিলো।

লিখকৰ বিষয়ে দুআষাৰ---------

অতিথি লিখক- ক্ষিতিজ মেহৰা হৈছে শিক্ষাখণ্ডত কাম কৰা এগৰাকী উদ্যোগী । তেওঁ Yuvshaala নামৰ সংস্থাটোৰ প্ৰতিস্থাপক। এই সংস্থাটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰে।


অনুবাদ---প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মেঘনা ঘাই, ভৱিষ্যতৰ ছবিনিৰ্মাতাৰ প্ৰশিক্ষণত ব্যস্ত শ্ব'মেন সুভাষ ঘাইৰ কন্যা

এটা ভাৰতীয় বহুজাতিক কোম্পানী নিৰ্মাণ: আয়ুশক্তি আয়ুৰ্বেদৰ ডা. স্মিতা নাৰমৰ সপোন 

যেতিয়া দৃষ্টি লক্ষ্যত নিবদ্ধ তেতিয়া প্ৰত্যাহ্বানবোৰ সাধাৰণ উজুতি মাত্ৰ : পৱনা জৈন

RiiDL ৰ সহায়ত যন্ত্ৰৰে চালিত চেছ ব'ৰ্ড নিৰ্মাণ মুম্বাইৰ হাৰ্ডৱেৰ অভিযন্তাৰ

Add to
Shares
79
Comments
Share This
Add to
Shares
79
Comments
Share
Report an issue
Authors

Related Tags