বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক
মন্শেশ কুমাৰ
Sunday August 20, 2017,
2 min Read
ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী বি এছ এফৰ চল্লিশ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ কাৰণে এগৰাকী মহিলাই এছিষ্টেণ্ট কমাণ্ডেন্ট পদবী লাভ কৰিছে । তেওঁ হৈছে তনুশ্ৰী পাৰিক । তনুশ্ৰীয়ে বৰ্তমান ৰাজস্থানৰ বাড়মেৰ অঞ্চলত ভাৰত পাক সীমান্তত সেৱা আগবঢ়াইছে । ইয়াৰ লগতে তেওঁ উট ছাফাৰীৰ জৰিয়তে বি এছ এফ আৰু বায়ুসেনাৰ মহিলা জোৱানৰ সৈতে নাৰী সৱলীকৰণ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলাই গৈছে ।
২০১৪ বেচৰ বিষয়া তনুশ্ৰীৰ পিতৃ শিৱ প্ৰসাদ যোশী আৰু মাতৃ মঞ্জু দেৱী তেওঁক লৈ যথেষ্ট গৌৰৱান্বিত । ২০১৪ চনত তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বি এছ এফত ভৰ্ত্তি হৈছিল । ইয়াৰ পাছত টেকনপুৰ স্থিত বি এছ এফ একাডেমীত আয়োজিত পাছিং আউট পেৰেডত দেশৰ প্ৰথম গৰাকী মহিলা বিষয়া ৰূপে অংশগ্ৰহণ কৰিছিল । ৬৭ জন বিষয়াৰ দীক্ষান্ত সমাৰোহত পেৰেডৰ নেতৃত্বও দিছিল । ইয়াৰ বাবে তেওঁক সন্মানিত কৰা হৈছিল । ইয়াৰ পাছত ৫২ সপ্তাহৰ প্ৰশিক্ষণৰ পাছত তেওঁ পঞ্জাবত ভাৰত-পাক সীমান্তত নিয়োজিত হয় ।
বৰ্তমান তনুশ্ৰীৰ কৰ্মস্থলী বাড়মেৰ এসময়ত তেওঁৰ পিতৃৰ কৰ্মস্থলী আছিল । তনুশ্ৰীৰ মতে তেওঁ চাকৰি হিচাপে নহয় বৰং নিচা হিচাপেহে বি এছ এফ বাচি লৈছে । তেওঁৰ সৰুৰে পৰা ইচ্ছা আছিল সৈনিক হোৱাৰ । যিসময়ত বৰ্ডাৰ ছবিৰ চিত্ৰগ্ৰহঁ চলি আছিল সেই সময়ত তনুশ্ৰী আছিল স্কুলীয়া ছাত্ৰী আৰু তেওঁ সেই চিত্ৰগ্ৰহণ চাবলৈ গৈছিল । এই ছবিখনৰপৰাই তেওঁ সৈনিক হবলৈ অনুপ্ৰাণিত হৈছিল । স্কুল আৰু কলেজত তেওঁ এনচিচি কেডেটো আছিল । তনুশ্ৰীয়ে কয়, "ছোৱালীবোৰে ৰ'দৰপৰা বাচিবলৈ ছানস্ক্ৰীণ লগোৱা বাদ দিয়া উচিত আৰু ৰ'দত নিজকে মজবুত কৰা উচিত ।" তেওঁ কয় যে দেশৰ প্ৰথম মহিলা কম্বেট অফিচাৰ হৈ তেওঁ গৌৰবান্বিত ।
বৰ্তমান তনুশ্ৰীয়ে এটা উট ছাফাৰীৰ নেতৃত্ব কৰি আছে । এই উট ছাফাৰীয়ে ৪৯ দিনত ১৩৬৮ কিলোমিটাৰ পথ অতিক্ৰম কৰি ২ অক্টোবৰত ৱাঘা সীমান্তত উপস্থিত হ'ব । এই ছাফাৰীৰ উদ্দেশ্য মহিলা সৱলীকৰণ সম্পৰ্কে সজাগতা সৃষ্টি কৰা । এই অভিযানত তেওঁৰ সৈতে বায়ুসেনা বিষয়া আয়ুষ্কা সোমছো জড়িত আছে ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক
অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি
এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....
দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক