EDITIONS
Asamiya

সৰ্প সচেতনতাৰ ‘নিঃশব্দ বিপ্লৱ’

6th Jan 2016
Add to
Shares
20
Comments
Share This
Add to
Shares
20
Comments
Share

কাৰোবাৰ ঘৰত বা কুকুৰাৰ গড়ালত সাপ সোমাইছে। ৰাতিৰ আন্ধাৰত শব্দ শুনিলেও আতংকিত নহয়। হাতত এডাল লোৰ দণ্ড লৈ সেই স্থানত হাজিৰ হয়হি ষাঠিৰ ঊৰ্ধৰ লোকজন। মাথোঁ ফোচ ফোচ শব্দ শুনিলেই তেওঁ বুজি উঠে ক’ত ঘেৰ পাতি ৰৈ আছে বিষধৰ। ইয়াৰ পিছতে আৰম্ভ হৈ যায় মানুহজনৰ কেৰামতালি। কেৱল লোৰ দণ্ড বা কেচাৰ লৈয়েই কেইমুহূৰ্তমানৰ ভিতৰতে বাহিৰলৈ উলিয়াই আনে প্ৰায় সাত ফুট দৈৰ্ঘৰ বিষধৰ সাপটোক। অলপ ইফাল-সিফাল হ’লেই এটা দংশনতে সকলো শেষ হৈ যাব পাৰে। কিন্তুক সাপক বস কৰাৰ অদ্ভুত ক্ষমতাই মিণ্টু চৌধুৰীক এই আত্মবিশ্বাস প্ৰদান কৰিছে। পশ্চিমবঙ্গৰ জলপাইগুৰিৰ ধুপগুড়িৰ এই মানুহজনে বিশেষ দণ্ডৰে সাপৰ এটা অংশত ধৰে আৰু হাতেৰে ধৰে সাপৰ নেগুৰত। কিয়নো তেওঁ জানে, যন্ত্ৰৰ চাপ বেছিকৈ পৰিলে সাপটোৰ ক্ষতি হ’ব পাৰে। তেওঁৰ ‘হাতৰ যশে’ৰে এইদৰে কেইবাহাজাৰ সাপে জীৱন পাইছে। মাথোঁ সাপ উদ্ধাৰ কৰাই নহয়, সাপ যে আমাৰ শত্ৰু নহয় সেই কথা বুজাবলৈও বিগত চাৰিটা দশকজুৰি তেওঁ নীৰৱে কাম কৰি আহিছে।


image


সেয়া ষাঠিৰ দশকৰ আৰম্ভণিৰ কথা। মিণ্টু চৌধুৰী তেতিয়া বিদ্যালয়ৰ ছাত্ৰ। তেওঁৰ সৈতে গভীৰ আত্মীয়তা আছিল শংকৰ চট্টোপাধ্যায়ৰ। দুয়ো বন্ধুৱে একেলগে খেলে, পঢ়া-শুনা কৰে। এদিন মিণ্টু চৌধুৰীয়ে শুনিলে সৰ্পদংশনত মৃত্যু হৈছে প্ৰিয় বন্ধু শংকৰৰ। শংকৰক জীয়াই তোলাৰ বাবে জৰা-ফুঁকাও হ’ল। কিন্তু একোৱেই কাম নিদিলে। বন্ধুৰ অকালমৃত্যুৱে জোকাৰি দিছিল শিশুমনক। হাবিয়ে-বননিয়ে ঘূৰা মিণ্টুৱে পৰ্যবেক্ষণ কৰিছিল সাপক বিৰক্ত নকৰিলেতো কাৰো অনিষ্ট নকৰে। তেন্তে কিয় এনে হ’ল? তেতিয়াৰপৰাই আৰম্ভ হ’ল সাপক আৰু ভালকৈ জনাৰ, চিনাৰ কাম। ১৯৬৭ চনত প্ৰথমবাৰৰ বাবে সাপ ধৰিবলৈ আৰম্ভ কৰিলে মিণ্টু চৌধুৰীয়ে। এটা সাপ ধৰি লৈ আহিছিল ঘৰলৈ। দেউতাকে জনাইছিল সাপটোৰ স্থানীয় নাম শাখামুটি, যি অতি বিষাক্ত সাপ। কিন্তু মিণ্টু চৌধুৰীয়ে বাৰীৰ এডাল গছত সাপটো থৈ একান্তই নিশ্চিন্ত হৈ আছিল। তেতিয়াৰেপৰা তেওঁৰ বিশ্বাস দৃঢ় হ’ল যে সাপক বিৰক্ত নকৰিলে বা তাৰ যিকোনো কামত বাধা নিদিলে যিমানেই বিষ নাথাকক কিয় সি আক্ৰমণ নকৰে।


image


আঠগৰাকী ভাতৃ-ভগ্নীৰে ডাঙৰ পৰিয়াল। কিছু আৰ্থিক অনাটনৰ বাবে বৰ বেছি পঢ়াও নহ’ল। কিন্তু সাপ সম্বন্ধে আগ্ৰহৰ যতি পৰা নাই। চুবুৰী অথবা গাঁৱত সাপ উদ্ধাৰ আৰু শুশ্ৰূষা কৰি ক্ষান্ত থকা নাই। সাপ সম্পৰ্কে অধিক জানিবলৈ তেওঁৰ একমাত্ৰ ভৰসা আছিল ‘ইণ্ডিয়ান স্নেক গাইড’ নামৰ কিতাপখন। কিতাপ পঢ়ি কিছু পৰিমাণে স্বশিক্ষিত হ’ল মিণ্টু চৌধুৰী। তাৰ পিছত নিজৰ উদ্যোগতে স্কুল-কলেজ অথবা চৰকাৰী প্ৰতিষ্ঠানসমূহত আৰম্ভ কৰিলে সাপ সম্পৰ্কীয় সচেতনতা শিবিৰ। কোনো সাপ অসুস্থ হৈ পৰিলে হালধিগুড়িৰে যত্ন লোৱা, অথবা ঔষধ-তুলাৰে ক্ষতস্থানৰ পৰিচৰ্যা কৰা আদি কামটো চলিয়েই থাকে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁ বুজায় সাপ মানুহৰ শত্ৰু নহয়, বন্ধু। মাত্ৰ বিপদৰ আগজাননি পালে সাপে ফেট তোলে। ৰৈ থকা বস্তুৰ উমান নাপায় সাপে, কিছু লৰচৰ কৰিলেই আৰম্ভ হ’ব পাৰে দৌৰাত্ম্য। তেওঁৰ সাপ ধৰাৰ পদ্ধতি বহুতৰে বাবে কৌতুহলৰ পৰম উৎস হ’লেও এই পদ্ধতি অনুকৰণ নকৰিবলৈ কয়। কিয়নো সাপ ধৰিবলৈ হ’লে বিশেষ কিছু কায়দা জনাটো প্ৰয়োজন। সাপ সম্পৰ্কে সচেতন কৰিবলৈ যাওতে বানাৰহাট হাইস্কুলত তেওঁক এটা সাপে খুঁটিছিল বাওঁহাতত। খোদ ট্ৰেইনাৰৰেই এনে পৰিস্থিতি দেখি আতংকিত হৈ উঠিছিল বহুজন। ইয়াক অকণো ভ্ৰূক্ষেপ নকৰি তেওঁ বুজাই দিছিল বিষধৰ সাপে কেনেদৰে শৰীৰত বিষ ঢালি দিয়ে। বেছি উত্তেজিত হ’লে ৰক্তসঞ্চালনৰ বাবে দেহৰ অধিক অংশলৈ বিয়পি পৰিব পাৰে। সেইবাবে তেওঁ নিজেই বাওঁহাতৰ এটা অংশত কাপোৰেৰে বান্ধিলে। সেই অৱস্থাতে নিজকে দেখুৱাই বুজাই থাকিল কিদৰে সাপে খোঁটা অংশটো লাহে লাহে ফুলি উঠে। তেওঁ ভয় নেদেখুৱালেও বিদ্যালয়ৰ শিক্ষকসকলে কিন্তু ৰিস্ক ল’ব বিচৰা নাছিল। তেওঁক পঠিয়াই দিয়া হ’ল জলপাইগুৰি জিলা চিকিৎসালয়লৈ। বহৰমপুৰৰ এক কৃষি প্ৰদৰ্শনীতো অনুৰূপ অৱস্থা হৈছিল। কিন্তু মিণ্টু চৌধুৰীয়ে বুজাই দিছিল কেনেকৈ বিপদে সম্ভাৱনাৰ সৃষ্টি কৰে।


image


কেতিয়াবা সাপৰ খোঁট খাবলগীয়া হয়। এই সকলোবোৰ কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকে প্ৰথমতে কিছু পিছলৈ টানিছিল। কিন্তু ঘৰৰ মানুহে পিছলৈ বুজি উঠিছিল মানুহজনৰ হৃদয়ৰ অনেক ঠাই অধিকাৰ কৰি লৈছে সৰীসৃপে। সেইবাবে পৰিজনো আগুৱাই আহিছে আৰু সাপ সম্পৰ্কে সচেতনতা অভিযানত তেওঁৰ সংগ দিছে। মিণ্টু চৌধুৰীৰ এজন পুত্ৰ তেওঁৰ সৈতে বিভিন্ন প্ৰশিক্ষণ শিবিৰলৈ যায়। অসম, বিহাৰ, উত্তৰ প্ৰদেশ আনকি নেপাল তথা ভূটানৰপৰাও নিমন্ত্ৰণ লাভ কৰিছে মিণ্টু চৌধুৰীয়ে। ৬২বৰ্ষীয় লোকজনৰ মতে, তৰাই-ডুৱৰ্ছত বহু সাপ এতিয়া লুপ্তপ্ৰায়। নানা ধৰণৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ আৰু জংঘলত জুই লগাই দিয়াৰ ফলত সাপৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে। সমান্তৰালভাৱে জনবসতি বাঢ়ি অহাৰ বাবেও সাপৰ জীৱন এতিয়া বিপন্ন। সেই বাবেই ইমানকৈ সাপ বাহিৰলৈ ওলাই অহাৰ ঘটনা ঘটে। প্ৰতি জিলাত যদিহে এটাকৈ স্নেক ৰেছকিউ চেণ্টাৰ স্থাপন কৰা হয়, তেন্তে পৰিস্থিতিৰ কিছু পৰিৱৰ্তন হ’ব বুলি আশা কৰে তেওঁ।


image


৯০ৰ দশকত জলপাইগুৰি আৰু উত্তৰবংগৰ জিলাসমূহত বন বিভাগৰ উদ্যোগত সাপ সম্পৰ্কে সচেতনতা শিবিৰ নিয়মীয়াকৈ অনুষ্ঠিত হৈছিল। য’ত প্ৰচাৰৰ মুখ্য দায়িত্ব আছিল মিণ্টু চৌধুৰীৰ। আগেয়ে পূজা মণ্ডপসমূহলৈও তেওঁ গৈছিল। কিন্তু বিভিন্ন কাৰণত এইবোৰ বহুবছৰ ধৰি বন্ধ। এতিয়া নিজৰ উদ্যোগত স্কুল-কলেজলৈ যায় তেওঁ। ইয়াৰ আঁৰৰ উদ্দেশ্য দুটা। এক, সাপক সুস্থভাৱে হাবিত মুকলি কৰি দিলে পৰিৱেশতন্ত্ৰ সন্তুলিত হৈ থাকিব। দুই, তেওঁ নিশ্চিত কৰিব বিচাৰে যাতে আতংকিত হৈ মানুহে সাপ নামাৰে। ডুৱৰ্ছৰ প্ৰকৃতিপ্ৰেমী হিচাপে পৰিচিত ৰাজ বসুৰ সংস্থা হেল্প টুৰিজমৰ মাধ্যমেৰেও মিণ্টু চৌধুৰীয়ে বিভিন্ন স্থানত এনে ধৰণৰ কাম কৰে।

ধুপগুৰিত থকা মিণ্টু চৌধুৰীৰ বাসগৃহত মাজে সময়ে বহুতো অসুস্থ সাপ দেখা যায়। সেইবোৰক বেজী আৰু ঔষধেৰে শুশ্ৰূষা কৰে ষাঠিৰ ঊৰ্ধৰ ব্যক্তিজনে। সুস্থ হ’লে মৰাঘাট ৰেঞ্জ নাইবা বিন্নাগুৰি ৱাইল্ড লাইফৰ কৰ্মীসকলৰ ওচৰত তুলি দিয়ে তেওঁ। তোতাপাড়া জংঘল হৈ পৰে সিহঁতৰ ঠিকনা। সাপৰ পুনৰ সংস্থাপনৰ কাম নিজা উদ্যোগত কিছু কৰিলেও সম্প্ৰতি বন বিভাগে প্ৰত্যাশিত সহযোগিতা নকৰে বুলি তেওঁৰ আক্ষেপ। তথাপি ক’ৰবাত সাপৰ খবৰ পালে তেওঁৰ আক্ষেপ নোহোৱা হৈ পৰে। আচলতে ফোচ ফোচ শব্দই তেওঁক আহ্বান জনায়। চাৰি দশকৰো অধিক সময় ধৰি দুৰ্নিবাৰ এই আকৰ্ষণে তেওঁক এই স্থানত উপনীত কৰাইছে।

মূল: তন্ময় মুখাৰ্জী

অনুবাদ: ৰুবুল দাস

Add to
Shares
20
Comments
Share This
Add to
Shares
20
Comments
Share
Report an issue
Authors

Related Tags