EDITIONS
Asamiya

পত্নীয়ে এৰি দিয়াৰ পিছতো নেৰিলে আৰ্তজনক সহায় কৰিবলৈ; আজি তেওঁ ৩০০ অসহায় লোকৰ আশ্ৰয়

Team YS Asamiya
6th Jan 2016
9+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on

দিল্লী নিবাসী ৪৭ বছৰীয়া কবি ৰবি কালৰা। তেওঁ যোৱা আঠবছৰৰ পৰা দুখীয়া, অসহায়, অঘৰী আৰু ৰোগী ব্যক্তিক সহায় কৰি আহিছে। এইসকল লোকৰ এই পৃথিৱীত আন কোনো নাই, অথবা নিজৰ পৰিয়ালৰ মানুহে এওঁলোকক নিজৰ ভৰসাত এৰি দিছে। ৰবিয়ে তিনিশৰো অধিক লোকক আশ্ৰয় দিছে আৰু ৫০০০ৰো অধিক লোকক গৰাকীবিহীন শ দাহ কৰিছে। মন কৰিবলগীয়া কথা এই যে একালত তেওঁ Indian Taekwondo Amateur Federation ৰো অধ্যক্ষ আছিল আৰু জীৱনত অনেক উঠা-নমা প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছে। শৈশৱকালত তেওঁৰ হাতত স্কুললৈ যাবলৈ বাছৰ ভাড়া পৰ্যন্ত নাছিল। কিন্তু ডেকাকালত তেওঁ নিজৰ শক্তিৰে ডুবাই, দক্ষিণ আফ্ৰিকা আৰু অন্য ঠাইত নিজৰ অফিছ পৰ্যন্ত কৰিব পৰা হ’লগৈ। কিন্তু এটি ঘটনাই তেওঁৰ জীৱন এনেদৰে সলনি কৰি পেলালে যে তেওঁ সকলো কাম বাদ দি মানুহক সেৱা কৰাত নিজকে উছৰ্গা কৰি দিলে।

image


ৰবি কালৰাৰ পিতৃ-মাতৃ দুয়ো চৰকাৰী চাকৰিয়াল আছিল। তেওঁৰ দেউতাক দিল্লী পুলিচত ইন্সপেক্টৰ আছিল আৰু তেওঁৰ ওপৰত অনেক পাৰিবাৰিক দায়িত্ব আহি পৰাৰ বাবে তেওঁৰ শৈশৱ অনেক সমস্যাৰ মাজেৰে অতিবাহিত হৈছিল। ৰবিয়ে YourStoryক জনায়,

কেতিয়াবা কেতিয়াবা মোৰ হাতত বাছত উঠি স্কুললৈ যাবলৈকো ধন নাথাকিছিল। তেতিয়া মই কেইবাকিলোমিটাৰ খোজ কাঢ়ি পাৰ কৰিছিলো। পঢ়া-শুনাত মই। বেছি চোকা নাছিলো কিন্তু খুব কম সময়তে ম‍ই মাৰ্ছিয়েল আৰ্টৰ প্ৰশিক্ষক হ’লো। মাৰ্ছিয়েল আৰ্টৰ বাবে মই স্কলাৰশ্বিপো লাভ কৰিলো। তাৰ প্ৰশিক্ষণ ল’বলৈ মই দক্ষিণ কোৰিয়ালৈকো গৈছিলো। তাতে মই এই খেলৰ সৈতে জড়িত কেইবাটাও আন্তৰ্জাতিক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিলো। তাৰ পিছত মই ভাৰতলৈ উভতি অহাৰ পিছত মাৰ্ছিয়েল আৰ্ট শিকাবৰ বাবে স্কুল খুলিলো আৰু কিছু সময়ৰ পিছত ইণ্ডিয়ান এমেচাৰ টাইকোৱাণ্ডো ফেডাৰেশ্বনৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিলো।

নিজৰ কষ্টৰ বলত তেওঁ প্ৰায় দুশ ব্লেক-বেল্ট খেলুৱৈ সৃষ্টি কৰিলে। তাৰ বাহিৰেও তেওঁ বিভিন্ন পুলিচ বেটেলিয়ন আৰু আৰু আৰ্মড ফ’ৰ্ছক মাৰ্ছিয়েল আৰ্টৰ ট্ৰেইনিং প্ৰদান কৰিছে। নিজৰ খেলৰ আপাহতে তেওঁ ৪৭ খন দেশৰ যাত্ৰা কৰি আহিছে।

image


নিজৰ খেলৰ লগে লগে তেওঁ ৰপ্তানি ব্যৱসায়তো হাত দি যথেষ্ট উপাৰ্জন কৰিলে। এই সময়তে তেওঁৰ ডুবাই, দক্ষিণ আফ্ৰিকা আৰু কেইবাঠাইতো নিজৰ কাৰ্যালয় স্থাপন কৰিছিল। পিছে তেওঁ সততাৰ সংগ নেৰিলে। জীৱন বৰ আৰামত চলি থকাৰ সময়তে তেওঁ হঠাতে এদিন দেখিলে যে ৰাস্তাৰ দাঁতিত এটি দুখীয়া শিশু আৰু এটা কুকুৰে একেখন ৰুটিকে খাব ধৰিছে। এই দৃশ্য দেখি তেওঁৰ জীৱনলৈ আমূল পৰিবৰ্তন আহিল আৰু তেওঁ ব্যৱসায় এৰি দুখীয়া আৰু অসহায় লোকক সহায় কৰাৰ সিদ্ধান্ত ল’লে। তেওঁৰ সিদ্ধান্তক তেওঁৰ পত্নীয়ে বিৰোধ কৰিলে আৰু তেওঁক এৰি থৈ গুছি গ’ল। পত্নীৰ কঠোৰ সিদ্ধান্তয়ো তেওঁক বিচলিত কৰিব নোৱাৰিলে; তেওঁৰ সংকল্প অধিক সুদৃঢ় হৈ পৰিল।

image


ৰবিয়ে সৰ্বপ্ৰথমে দিল্লীৰ বসন্তকুঞ্জত এখন ঠাই ভাড়া ল’লে আৰু কিছু বছৰৰ পিছত গুড়গাঁৱত এনে কিছু লোকক ৰাখিলে যাৰ আপোন বুলিবলৈ কোনো নাছিল, যি নিজৰ চিকিত্‍সা কৰোৱাব নোৱাৰে, যাক নিজৰ ঘৰৰ মানুহে এৰি দিছিল। ৰবিয়ে এনে লোকৰ দিনে ৰাতিয়ে শুশ্ৰুষা কৰিলে। তেওঁ বৃদ্ধ লোকসকলৰ বাবে ঠাই উলিয়ালে আৰু নাৰীৰ বাবে নাৰী নিকেতন স্থাপন কৰিলে। ভিক্ষা খোজা দুখীয়া ল’ৰা-ছোৱালীৰ বাবে স্কুলৰ ব্যৱস্থা কৰিলে। এইখিনি সময়তে স্থানীয় লোকৰ লগতে পুলিচেও তেওঁক উত্‍পীড়ন কৰিছিল। তেওঁৰ মতে,

পুলিচে মোক ধৰি গোটেই ৰাতি থানাত বহাই ৰাখিছিল আৰু অভিযোগ তুলিছিল যে মই, কিডনীৰ ৰেকেট আৰম্ভ কৰিছো, কিন্তু মই সাহস নেহেৰুৱালো আৰু সেৱাত ব্ৰতী হৈ ৰ’লো।
image


ৰবিয়ে জনায় যে তেওঁ ৰাস্তা আৰু হস্পিটেলত মৃত্যুবৰণ কৰা প্ৰায় ৫,০০০ অঘৰী লোকৰ অন্তিম সংস্কাৰ কৰি থৈছে। মানুহৰ প্ৰতি তেওঁৰ এই সমৰ্পণৰ ভাৱনালৈ চাই লাহে ধীৰে সাধাৰণ মানুহৰ লগতে পুলিচ, সমাজকৰ্মী আৰু অন্য লোকেও তেওঁলোকক সহায় কৰিবলৈ ধৰিলে। ৰবিয়ে জনায় ,

“দিল্লীৰ বিভিন্ন হস্পিটেলত এনে অনেক বৃদ্ধলোক থাকে যাক নিজৰ লোকে এৰি থৈ গুছি যায়। তেনে ক্ষেত্ৰত হস্পিটেলে আমাৰ সৈতে সম্পৰ্ক কৰে আৰু আমি তেওঁলোকক নিজৰ কাষলৈ লৈ আনো।”

তেওঁ জনায় যে তেওঁৰ আশ্ৰমত প্ৰায় ৩০০ বৃদ্ধ লোক থাকে য’ত এশতকৈ অধিক মহিলা আছে যি নাৰী নিকেতনত থাকে। এই মহিলাসকলৰ মাজৰ অনেক ধৰ্ষণৰ বলি হৈছিল, কেইগৰাকী মান ব্যাধিৰ চিকাৰ বা অথৰ্ব বৃদ্ধা।

image


এনে মানুহক সহায় কৰিবৰ বাবে ৰবিয়ে হাৰিয়ানাৰ বন্ধৱাড়ী গাঁৱত “দি আৰ্থ ছেভিয়াৰ ফাউণ্ডেশ্বন” স্থাপিত কৰিলে। ইয়াত প্ৰায় ৩০০ লোক থাকে। ইয়াৰে মাজতে কেইবাজনো মানসিক ৰোগী আৰু কেইজনমান HIV, Cancer আদি ৰোগৰ বলি হোৱা লোকো আছে। ৰোগীৰ সুবিধাৰ বাবে ইয়াত তিনিখন এম্বুলেঞ্চৰ ব্যৱস্থাও আছে। দিল্লীৰ গংগাৰাম হস্পিটেলৰ সৈতে এওঁলোকে বুজাপৰা কৰি থৈছে যাতে জৰুৰীকালীন অৱস্থাত ৰোগীক তালৈ নিব পৰা যায়। ইয়াৰ বাহিৰেও বিভিন্ন হস্পিটেলৰ ডাক্তৰে আহি তাত কেম্প কৰি থাকেহি। ২৪ ঘন্টা ডিছপেন্সেৰীৰ সুবিধাও আছে। ইয়াত থকা মানুহৰ মনোৰঞ্জনৰ বাবেও ধ্যান দিয়া হৈছে। প্ৰতিবছৰে দিল্লীৰ ৰাজপথত অনুষ্ঠিত হোৱা গণতন্ত্ৰ দিৱস দেখুৱাবলৈ ইয়াৰ পৰা লোক লৈ যোৱা হয়, মাজে সময়ে এওঁলোকক চিনেমাও দেখুওৱা হয়।

ইয়াৰ বাহিৰেও ইয়াত বাস কৰা বৃদ্ধ লোকসকলক কেতিয়াবা মথুৰা, বৃন্দাবন, আৰু অন্য তীৰ্থ স্থানৰ ভ্ৰমণ কৰোৱা হয়। ৰবিয়ে এই ঠাইৰ নাম ৰাখিছে- গুৰুকুল। গুৰুকুলত প্ৰতিটো উৎসৱ পালন কৰা হয়। যোৱা আঠবছৰে নিস্বাৰ্থভাৱে কাম কৰি অহা ৰবিক এই কামত সহায় কৰিবৰ বাবে ৩৫ জন লোকৰ এটা দল আছে। ৪৭ বছৰীয়া ৰবি কালৰাৰ এতিয়া এটাই সপোন যে তেওঁ এনেকুৱা এখন ঠাই নিৰ্মাণ কৰিব য’ত দুখীয়া, অসহায়, ৰোগী আৰু অঘৰী লোকক বিনামূলীয়াকৈ একেলগে ৰাখিব পাৰিব, য’ত চিকিত্‍সালয়ৰ সুবিধাও থাকিব।


মূল: হৰিশ বিষ্ট

অনুবাদ: শান্তনু চাংমাই

9+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on
Report an issue
Authors

Related Tags