অান্না হাজাৰেই এবাৰেই ফাকি দিছিল....

আধুনিক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় সমাজকৰ্মী হ'ল আন্না হাজাৰে । দেশৰ বহুমূখী বিকাশ, জনসাধাৰণৰ স্বাৰ্থ আৰু গণতন্ত্ৰ শক্তিশালী কৰিবৰ বাবে তেওঁ কেইবাটাও সফল গণ আন্দোলন কৰিছিল । দুৰ্নীতি, দৰিদ্ৰতা, নিবনুৱা সমস্যা আদি সমস্যা সমূহৰ বিৰুদ্ধে আজিও তেওঁৰ সংগ্ৰাম অব্যাহত আছে । নিজৰ গাওঁ ৰালেগন সিদ্ধিক এখন আদৰ্শ গাৱঁত পৰিণত কৰি তেওঁ গ্ৰাম্য উন্নয়নৰ এক উদাহৰণ দাঙি ধৰিছে আৰু এই উদাহৰণ আগত ৰাখি বহুকেইখন গাৱঁৰ লোকে নিজৰ গাওঁখনক আদৰ্শ গাৱঁত পৰিণত কৰিবলৈ সক্ষম হৈছে । তথ্য জনাৰ অধিকাৰ আৰু লোকপাল বিধেয়ক সন্দৰ্ভত আন্না হাজৰেৰ আন্দোলনে দেশৰ সাধাৰণ জনতাক একগোট কৰাত সহায় কৰিছিল । তেওঁৰ ওপৰত ৰাইজৰ ইমানেই আস্থা আছিল যে সকলো বয়সৰ মানুহ এই আন্দোলনত জপিয়াই পৰিছিল আৰু সকলোৱে ক'বলৈ আৰম্ভ কৰিছিল- ময়ো আন্না, তুমিও আন্না, গোটেই দেশখনে আন্না । সমগ্ৰ দেশকে একগোট কৰি দিয়া এই মহানায়কজনৰ কাহিনী তেওঁৰ মূখেৰেই শুনিবলৈ আমি তেওঁৰপৰা সময় বিচাৰিছিলো । য়'ৰ ষ্ট'ৰীৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত আন্নাই কিষণৰ পৰা আন্না হোৱাৰ কাহিনী কৈ গ'ল নিজ মূখে । ক'লে সেনাবহিনীত কাম কৰাৰ সময়ৰ ৰোমাঞ্চকৰ আৰু ঐতিহাসিক অভিজ্ঞতাৰ কথা । ক'লে এনে বহু কাহিনী যিবোৰ আজিলৈকে কোনেও শুনা নাই। এই ঐতিহাসিক তথ্য সমূহ আমি ধাৰাবাহিকভাৱে প্ৰকাশ কৰিম । এয়া এই শৃংখলাৰ প্ৰথমটো প্ৰৱন্ধ ।  
2 CLAPS
0

আন্না হাজাৰেৰ জন্ম হয় মহাৰাষ্ট্ৰৰ আহমদনগৰ চহৰৰ ভিংগাৰ অঞ্চলত । আন্নাৰ পৈতৃক গাওঁ ৰালেগন সিদ্ধি আছিল যদিও তেঁৰ ককাক জীৱিকাৰ বাবে ভিংগাৰলৈ পৰিয়ালসহ গুছি গৈছিল । আন্নাই কয় যে ৰালেগন সিদ্ধিত তেওঁলোকৰ পৰিয়ালৰ খেতিপথাৰ আছিল যদিও গাৱঁত সদায় দুৰ্ভিক্ষৰ দৰে পৰিস্থতি হৈ থাকিছিল আৰু শষ্যৰ উৎপাদন আছিল নগণ্য । সেই কাৰণেই আন্নাৰ ককাক পৰিয়ালসহ ভিংগাৰলৈ গুছি গৈছিল ।  

আন্নাৰ ককাক বৃটিছ ভাৰতীয় সেনাত কৰ্মৰত আছিল । আন্নাৰ পিতৃ, খুড়াক, পেহীয়েক আৰু আন সকলোবোৰ আত্মীয় ভিংগাৰতেই থাকিছিল । আন্নাৰ জন্মও ভিংগাৰতেই হৈছিল । বাবুৰাও হাজাৰে আৰু লক্ষ্মীবাইৰ প্ৰথম সন্তান আছিল আন্না । ধাৰ্মিক প্ৰবৃতিৰ মাক দেউতাকে প্ৰথম সন্তানৰ নাম দিছিল কিষণ অৰ্থাৎ কৃষ্ণ । সকলোৰে মৰমৰ মাজত ডাঙৰ হৈছিল কিষণ ।

আন্নাই এতিয়াও সোঁৱৰে সেই দিনবোৰৰ কথা যেতিয়া পৰিয়ালৰ সকলোৱে তেওঁৰ আনন্দ বাবে ইটো সিটো চেষ্টা কৰিছিল । কিন্তু তেওঁলোকে সিমানখিনি কৰিব পৰা নাছিল যিমানখিনি তেওঁলোকে কৰিবলৈ বিচাৰিছিল । আন্নাই কয়, "ইমান মৰম চেনেহৰ পাছতো আৰ্থিক অৱস্থাৰ বাবে তেওঁলোকে আন ঘৰবোৰত যিমানখিনি সম্ভৱ সিমানখিনি কৰিব পৰা নাছিল ।" 

আন্নাই চতুৰ্থ শ্ৰেণীলৈকে ভিংগাৰৰ চৰকাৰী স্কুলতে পঢ়িছিল । ইয়াৰ পাছত তেওঁৰ এজন মোমায়েকে তেওঁক নিজৰ লগত নুম্বাইলৈ লৈ যায় । তেওঁ আশ্বাস দিয়ে যে তেওঁ কিষণক নিজৰ লৰাৰ দৰেই পালন পোষণ কৰিব । যিহেতু তেওঁৰ মাত্ৰ এজনী ছোৱালী আছিল আৰু তাইৰ বিয়া হৈ যোৱাৰ পাছত তেওঁ একেবাৰে অকলশৰীয়া হৈ যাব বুলি তেওঁ কিষণক নিজৰ লগত লৈ যাবলৈ বিচাৰিলে । যিহেতু তেওঁলোকৰ পৰিয়ালত আৰু ল'ৰা আছিল আৰু পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নাছিল সেয়েহে তেওঁৰ পঢ়া-শুনা চলি থকাৰ স্বাৰ্থত তেওঁক মাক দেউতাকে মোমায়েকৰ লগত পঠাবলৈ সন্মতি দিলে । 

সৰুতে খেলা-ধূলাত খুব চখ আছিল আন্নাৰ । বিশেষকৈ চিলা উৰুৱাটো আছিল তেওঁৰ এটা অন্যতম চখ । চিলা আকাশত উৰাৰ লগে লগে তেওঁৰ মনটোও উৰিছিল । ডাঙৰ ডাঙৰ সপোন দেখিছিল তেওঁ । আকাশত পাৰ চৰাই উৰুৱাৰো চখ আছিল আন্নাৰ । অতি মৰমেৰে কেইবাটাও পাৰ তেওঁ পালন কৰিছিল । বন্ধু বান্ধৱৰ সৈতে মাৰ্বল খেলাতো খুব চখ আছিল আন্নাৰ । 

শৈশৱৰ স্মৃতি ৰোমন্থন কৰি আন্নাই কয়, "পাৰ উৰুৱাই মই বৰ ভাল পাইছিলো । আকাশত পাৰবোৰ উৰুৱাই দিয়াৰ পাছত সিহঁত উভতি আহিছিল আৰু মই চাই চিতি ভাবিছিলো সিহঁত কিমান জ্ঞানী । ইমান দূৰত এৰি দিয়াৰ পাছতো সিহঁত নিজৰ ঘৰলৈ উভতি আহিছিল । কিমান জ্ঞানী আছিল সিহঁত ।" 

খেলা-ধূলাৰ প্ৰতি থকা চখৰ কাৰণে পঢ়া-শুনাত বেছি মনোযোগ গিব পৰা নাছিল আন্নাই । তেওঁ কয়, "মই খেলা-ধূলাৰ চখৰ কাৰণে বেছি পঢ়িব নোৱাৰিলো । কিন্তু মোৰ মগজু চোকা আছিল । ঘৰত পঢ়া-শুনা নকৰাকৈয়ে স্কুলত মই প্ৰথম হৈছিলো । কাৰণ শিক্ষকে এবাৰ পঢ়োৱা কথা মই নাপাহৰিছিলো ।" 

স্কুলৰপৰা আহিয়েই তেওঁ খেলিবলৈ গুছি গৈছিল । খেলত ইমানেই মগ্ন হৈ পৰিছিল যে সময়ৰ কোনো হিচাপ নাথকিছিল । সদায় সাত বা চাৰে সাত বজাতহে তেওঁ ঘৰ সোমাইছিল । 

ৰালেগান সিদ্ধিৰ য়াদৱবাবা মন্দিৰত হোৱা এই বিশেষ সাক্ষাৎকাৰত তেওঁ আমাক জীৱনত প্ৰথমবাৰ মিছা কথা কোৱাৰ বিষয়েও কৈছিল । তেওঁ কয় যে সেয়া তেওঁৰ জীৱনৰ প্ৰথম আৰু শেষ মিছা কথা আছিল । স্কুলীয়া জীৱনত কোৱা সেই মিছা কথাষাৰৰ পাছত তেওঁ আৰু কেতিয়াও মিছা কথা কোৱা নাছিল । 

প্ৰথম আৰু শেষ মিথ্যাচাৰৰ এই ঘটনা ঘটিছিল চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়ত । নিয়মিত দিয়াৰ দৰে এদিন শিক্ষকে ঘৰত কৰিবলৈ কিছু কাম দিছিল । ঘৰলৈ আহিয়েই অভ্যাসবশতঃ কিতাপ-পত্ৰ থৈ তেওঁ খেলিবলৈ গুছি গ'ল । ঘৰলৈ ঘুৰি আহিয়েই ভাগৰত লালকাল দি তেওঁ টোপনিত পৰিল । পিছদিনা স্কুললৈ গৈহে মনত পৰিল ঘৰৰ কামৰ কথা । শাস্তিৰপৰা হাত সাৰিবলৈ তেওঁ কলে যে তেওঁ সেই কামখিনি কৰিছিল যদিও বহীখন ধৰত থাকি আহিল । শিক্ষকে তেতিয়া তেওঁক ঘৰলৈ গৈ বহীখন লৈ আনিবলৈ ক'লে । ঘৰলৈ আহি তেওঁ মাকৰ আগত সমস্ত কথা সৈ কাঢ়িলে আৰু এটা অদ্ভূত প্ৰস্তাৱ ৰাখিলে । এই প্ৰস্তাৱ শুনি মাকৰ খুব খং উঠিল । আন্নাই কৈছিল যে তেওঁ ঘৰৰ কামখিনি সম্পূৰ্ণ কৰিব কিন্তু স্কুললৈ আৰু উভতি নাযায় । পিছদিনা স্কুললৈ যাব আৰু তেওঁৰ লগত মাকো যাব লাগিব । মকে গৈ শিক্ষকক কব লাগিব যে তেওঁ আন্নাক এটা দৰকাৰী কাম কিৰবলৈ দিছিল যাৰ ফলত তেওঁ স্কুললৈ ঘূৰি যাব নোৱাৰিলে । মাকে তেওঁক খং কৰি ক'লে - "নিজেতো মিছা কথা কৈছয়েই মোকো মিছা কথা ক'বলৈ কৈছ । মই একেবাৰে মিছা কথা নকওঁ।" 

মাকৰ এই কঠোৰ ৰূপ দেখি আন্না ভয়ত কম্পমান হ'ল । যদিহে তেওঁৰ মিছা কথা ধৰা পৰে তেনেহলে শাস্তিৰ লগতে গোটেই স্কুলত যথেষ্ট বদনাম হ'ব । শেষ অস্ত্ৰ হিচাপে তেওঁ এইবাৰ ক'লে যে যদিহে মাকে তেওঁক সহায় নকৰে তেনেহলে তেওঁ স্কুললৈ যোৱাই বাদ দিব । কাৰণ তেওঁ স্কুললৈ যাব নোৱাৰিব । 

আন্নাই এই প্ৰসঙ্গত কয় যে প্ৰতিগৰাকী মাতৃৰ অন্তৰ একেধৰণ । সন্তানৰ মৰম সকলোৰে একে । আন্নাৰ কথা শুনি মাকৰ অন্তৰ গলিল আৰু তেওঁ মিছা কথাষাৰ কবলৈ মান্তি হ'ল । 

এই ঘটনাৰ লগতে তেওঁ যশোদা আৰু কৃষ্ণৰ কাহিনী উল্লেখ কৰে । মূখত মাখন লাগি থকা অৱস্থাতো কৃষ্ণই কৈছিল যে তেওঁ মাখন খোৱা নাই । যশোদাই যেতিয়া তেওঁক গালি পাৰিলে তেতিয়া কৃষ্ণয়ো আক্ষেপ কৰাত যশোদাৰ মন কুমলিল আৰু তেওঁ মানি ল'লে যে কৃষ্ণই মাখন খোৱা নাই । 

তাৎপৰ্যপূৰ্ণ কথা যে আন্নাৰো শিশুকালৰ নাম আছিল কিষণ । কিন্তু যেতিয়াৰেপৰা তেওঁ অন্যায়, অত্যাচাৰ আৰু হিংসাৰ বিৰুদ্ধে মাত মাতিবলৈ ধৰিলে তেতিয়াৰেপৰা তেওঁ সকলোৰে আন্না অৰ্থাৎ কাকয়েক হৈ পৰিল । ঘৰৰ জ্যেষ্ঠ হোৱা বাবে আগৰেপৰাই তেওঁ আন্না আছিল কিন্তু নিঃসহায়সকলৰ সহায়ৰ দায়িত্ব লোৱাৰ পাছৰেপৰা তেওঁ সকলোৰে আন্না হৈ পৰিল । 

স্কুলত মিছা কথা কোৱা অভিজ্ঞতা সম্পৰ্কে তেওঁ কয়, "সেই শিক্ষা যে পালো, তেতিয়াৰেপৰা মোৰ বয়স আজি ৭৯ বছৰ হ'লহি আৰু মই আজিলৈকে মিছা কথা কোৱা নাই আৰু সেই ঘটনা মই আজিও পাহৰা নাই ।" 

আন্নাৰ জীৱনত মাতৃ লক্ষ্মীবাইৰ প্ৰভাৱ অপৰিসীম । বাস্তবিকতে আন্নাৰ মানসিক শক্তিৰ আধাৰ পিতৃ মাতৃৰপৰা পোৱা সংস্কাৰ । 

অহা খণ্ডত আন্নাৰ ওপৰত তেওঁৰ পিতৃ মাতৃৰ প্ৰভাৱ কিদৰে পৰিছিল আৰু তেওঁ কিদৰে তেওঁলোকক মনত পেলায় সেয়া জনাম । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

"সমাজ পৰিৱৰ্তনৰ বাবে উদ্যোগশীলতা অপৰিহাৰ্য"

এটিএম বিচাৰি হাবাথুৰি খোৱাৰ ফলত সৃষ্টি হোৱা এটা ব্যৱসায়ৰ লক্ষ্য ২৫০ কোটি টকা

গুৱাহাটীৰ বজাৰত উবেৰৰ নতুন কৌশল

Latest

Updates from around the world