ৰিক্সাচালক বাবলুৱে যিটো কৰ্মফল কল্পনাও কৰা নাছিল

ৰিক্সাচালক বাবলুৱে যিটো কৰ্মফল কল্পনাও কৰা নাছিল

Friday June 09, 2017,

3 min Read

ভাল কাম কৰিলে ভাল ফল পায় বুলি কোৱা কথাষাৰ বহুতে বিশ্বাস নকৰে । বিশেষকৈ আজিৰ দিনত এই কথাষাৰৰপৰা মানুহৰ যেন বিশ্বাস নাইকীয়া হৈ গৈছে । কিন্তু বাংলাদেশৰ ৰিক্সাচালক বাবলু শ্বেখ মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিছিল বহু বছৰ আগতে কৰি থোৱা এটা ভাল কামৰ ফলতেই । বাবলু শ্বেখৰ কাহিনী প্ৰকাশ কৰিছে বাংলাদেশৰ আন্তৰাষ্ট্ৰীয় পুৰষ্কাৰপ্ৰাপ্ত ফটো-সাংবাদিক জি এম বি আকাশে ।

Image source: Facebook

Image source: Facebook


"মই সদায় এজনী ছোৱালীৰ দেউতাক হবলৈ আশা কৰিছিলো । কিন্তু মোৰ ল'ৰা তিনিটা । মই প্ৰায়েই মোৰ পত্নীক কওঁ যে ভাগ্যৱানসকলৰ ঘৰতহে ছোৱালী জন্ম হয় । ৩০ বছৰ ধৰি ৰিক্সা চলাই আহিছো আৰু বেছিভাগ যাত্ৰীয়েই মোক অত্যন্ত বেয়া ব্যৱহাৰ কৰে । এদিন এজন লোকে মোৰ ৰিক্সাখন ভাৰালৈ ল'লে তেওঁৰ ছোৱালীক কলেজলৈ লৈ যাবৰ কাৰণে । তেওঁ ছোৱালীজনীক সাৱধানে লৈ যাবলৈ মোক অনুৰোধ কৰিলে । তেওঁ মোক অনুৰোধ কৰিলে যে মই যাতে ৰিক্সাখন সাৱধানে চলাও যাতে তেওঁৰ ছোৱালীজনীয়ে কষ্ট নাপায় । যাত্ৰা আৰম্ভ কৰাৰ কিছু সময় পাছত মই ছোৱালীজনীয়ে কন্দা শুনিলো । মই ঘুৰি চালো আৰু তাইক শুধিবলৈ চেষ্টা কৰিলো যে তাই ঠিকে আছে নে নাই । তাই মোক গালি পাৰিলে আৰু কলে মোক সাৱধান কৰি দি কলে যে মই যাতে ঘূৰি নাচাওঁ । কিছু সময়ৰ পাছত তাই মেক ৰিক্সাখন ৰখাবলৈ কৈ কাৰোবাক ফোন কৰি কথা পাতিবলৈ ধৰিলে । চিঞৰ আৰু কান্দোনৰ মাজৰে তাই পতা কথাবোৰ শুনি বুজি পালো যে তাই কোনোবা এটা ল'ৰাৰ সৈতে পলাই যেৱাৰ কথা আছিল কিন্তু সি নাহিল । হঠাৎ তাই ছীটৰ ওপৰতে ভাড়াৰ পইছাকেইটা ৰাখি জাপ মাৰি নামি গ'ল ৰেল লাইনৰ ফালে । মই সেই মুহুৰ্ত্তত তাইৰ দেউতাকৰ কথা ভাবি আছিলো । মোৰ মনটো বেয়া লাগিছিল আৰু মই ভাবিলো যে হয়তো ছোৱালী এজনী নথকাটো মোৰ বাবে ভালেই হৈছে । কিন্তু মই তাৰ পৰা গুছি যাবলৈ চেষ্টা কৰিও নোৱাৰিলো । মোৰ মনলৈ বাৰে বাৰে আহিবলা ধৰিলে তাইৰ দেউতাকে তাইক ভালকৈ লৈ যাবলৈ কোৱা কথাকেইটা । মই তাইৰ পিছে পিছে গৈ থাকিলো আৰু তাইক উভতি যাবলৈ ক'লো । তাই চিঞৰি চিঞৰি মোক গালি পাৰিলে আৰু মোক অশিক্ষিত মূৰ্খ ইত্যাদি কৈ কক্ৰথনা কৰিলে । তাৰ মাজতে তাইৰ কান্দোন চলি আছিল । মই তাইক তাত অকলে এৰি যাবলৈ ভয় খালো আৰু তাতে ৰৈ থাকিলো । প্ৰায় তিনি ঘন্টা তাই হিয়া ঢাকুৰি কান্দিলে আৰু এটা সময়ত যেতিয়া বৰষুণ আৰম্ভ হল তেতিয়া তাই মোক ৰিক্সাখন লৈ আহিবলৈ ক'লে । মই তাইক ঘৰত থৈ আহিলো আৰু তাই নামি যেৱাৰ আগতে মোক অনুৰোধ জনালে মই যেন কাৰো আগত কথাবোৰ নকও আৰু তাইৰ ঘৰলৈ নাযাও । মই তলমূৰ কৰি ঘৰ পালোগৈ । সেইদিনা ৰাতি একো নাখালো আৰু কাৰো লগত কথাও পাতিবলৈ মোৰ মন যোৱা নাছিল । মই সেইদিনা নিজকে বুজালো যে ছোৱালী এজনী নথকাতো মোৰ বাবে ভালেই হৈছে । আঠবছৰৰ পাছত কেইদিনমানৰ আগতে মোৰ এটা দুৰ্ঘটনা হল । কোনোবাই মোক হাস্পাতালত ভৰ্তি কৰোৱালে । যেতিয়া মই সংজ্ঞা ঘূৰাই পালো তেতিয়া দেখিলো সেই ছোৱালীজনী মোৰ কাষত থিয় দি আছিল । তাই মোক শুধিলে মই কেনে আছো আৰু তাইক মই কেতিয়াও কিয় লগ কৰিবলৈ নগ'লো । চশমা, বগা কোট আৰু ষ্টেথস্কোপেৰে তাইক চিনি পোৱাটো মোৰ বাবে অলপ টানেই আছিল । মোৰ চিকিৎসা ভালেই চলিল ষ মোক এজন ডাঙৰ ডাক্টৰৰ ওচৰলৈ লৈ যোৱা হল । তাই সেই ডাক্টৰজনক মোক নিজৰ পিতৃ বুলি চিনাকী দিয়াটো মোৰ কাণত পৰিল । তেওঁ তাইক ইংৰাজীত কিবা এটা শুধিলে । তাই কলে এই মানুহজন নথকা হলে মই আজি ডাক্টৰ হব নোৱাৰিলোহেতেন । মই মেৰ ঠেক বিচনাখনত চকু বন্ধ কৰি পৰি থাকিলো । মই কাকো মোৰ মনৰ ভাব বুজাই ক'ব নোৱাৰো । এই ৰিক্সাৱালাৰ এজনী ছোৱালী আছে ! তাই ডাক্টৰ।" 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নাছাৰ তৃতীয়জন ভাৰতীয় মূলৰ মহাকাশচাৰী ৰাজা চেৰী

এটা চকুৰ দৃষ্টিহীনতা স্বত্ত্বেও সফলতাৰ শীৰ্ষত 'বাহুবলী' খ্যাত ৰাণা ডগ্গুবতি

মলিকা মাৰাথে : আংশিক দৃষ্টিহীনতাৰ পৰা টেনিছৰ শীৰ্ষ ৰেংকিঙলৈ

'কমন মেন'ৰ স্ৰষ্টা আৰ কে লক্ষ্মণৰ নাতিনী ৰিমানিকাই আনিব 'কমন ৱমেন'