স্বাস্থ্য সচেতনতাৰ বাবে বিকল্প পেছা বাছি ল’লে অভিযন্তা তন্দ্ৰামণি কুমাৰে

স্বাস্থ্য সচেতনতাৰ বাবে বিকল্প পেছা বাছি ল’লে অভিযন্তা তন্দ্ৰামণি কুমাৰে

Thursday February 11, 2016,

3 min Read

এগৰাকী কৃশাংগী যুৱতী। তন্দ্ৰামণি। তন্দ্ৰামণি কুমাৰ।আধুনিক চিন্তাপুষ্ট মুক্তমনা এইগৰাকী যুৱতীয়ে অভিযান্ত্ৰিক শিক্ষা শেষ কৰিয়েই চিন্তা কৰিলে সমাজখনৰ প্ৰতি কিবা এটা কৰাৰ। মহানগৰীৰ সাধাৰণ জনতাই সততে সন্মুখীন এটা সমস্যাৰ সমাধান বিচাৰি তেওঁ আৰম্ভ কৰিলে এক নীৰৱ বিপ্লৱ। ওহো এয়া কোনো ৰাজনৈতিক সংগঠন নহয়। তেওঁৰ বিপ্লৱৰ পথ সুকীয়া।

‘চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা শেষ কৰাৰ পিছতে কিবা এটা কৰাৰ চিন্তা মনলৈ আহিল। ব্যতিক্ৰমী কাম এটা। আমি সততেই দেখো যে বেছিভাগ মানুহেই মেদবহুলতাৰ চিকাৰ। গতিকে মেদবহুলতাৰ পৰা মুক্তি দিবলৈ মই নিঃসন্দেহে একাংশ লোকক সহায় কৰিব পাৰো। ক্ৰীড়া আৰু নৃত্যৰ সমন্বয়েৰে মেদবহুলতাৰ সমস্যাৰ পৰা মুক্তি সম্ভৱ। আৰু এই চিন্তাৰেই ফচল টি এম এৰ’বিকছ, তন্দ্ৰামণিয়ে ক’লে।
image


তন্দ্ৰামণি কুমাৰ এগৰাকী ভাল খেলুৱৈ। সমান্তৰালভাৱে এগৰাকী ভাল নৃত্যশিল্পী। শৈশৱৰে পৰা তেওঁ খেলা-ধূলাত পাকৈত আছিল। অষ্টম শ্ৰেণীলৈ সকলো খেলতে প্ৰথম হৈছিল তন্দ্ৰামণি। ক্ৰীড়াৰ ক্ষেত্ৰত এনে পাৰদৰ্শিতাৰ বাবে বহুতো আন্তঃবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত নিজৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰিবলগীয়া হৈছিল তন্দ্ৰমণিয়ে।

খেলৰ প্ৰতি থকা ৰাপক উৎসাহ যোগাইছিল মাকে।বিভিন্ন ক্ৰীড়া শৈলী শিকিবলৈ তেওঁৰ মাকে নামভৰ্তি কৰাই দিছিল ক্ৰীড়া শিক্ষা প্ৰতিস্থানত। নিজৰ ইচ্ছা আৰু মাকৰ উদগনিৰে তন্দ্ৰামণি কুমাৰ এই ক্ষেত্ৰখনত বহুদূৰ আগুৱাই গৈছিল। কিন্তু ১০ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময়ত কিছুদিনৰ বাবে আঁতৰি আহিবলগীয়া হ’ল এই ক্ষেত্ৰখনৰ পৰা।

image


কলেজত অধ্যয়ন কৰি থকাৰ সময়ত নৃত্যৰ প্ৰতি দুৰ্বাৰ আগ্ৰহ জাগি উঠিছিল তেওঁৰ। আগ্ৰহক যেন বাধা দি ৰাখিব পৰাকৈ সামৰ্থ্য নাছিল তন্দ্ৰামণি কুমাৰৰ। সেয়েহে তেওঁ এইবাৰ যোগ দিলে এখন নৃত্য শিক্ষা প্ৰতিষ্ঠানত। গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়া গণেশগুৰিত থকা এটা প্ৰতিষ্ঠানত প্ৰায় তিনিবছৰ নৃত্য শিক্ষা গ্ৰহণ কৰিলে তন্দ্ৰামণি কুমাৰে। নৃত্যতো পাৰ্গত হৈ পৰিল যুৱতীগৰাকী।

কিন্তু এইবাৰ নৃত্যতো যতি পৰিল। কাৰণ অভিযান্ত্ৰিক শিক্ষা।

মাক দেউতাকে তেওঁক এগৰাকী অভিযন্তা হিচাপে কল্পনা কৰিছিল। গতিকে তেওঁৰ সপোন পূৰণ কৰাৰ দায়িত্বকো তেওঁ উপেক্ষা কৰিব নোৱাৰে। পৰিয়ালৰ সকলোৰে সপোন সাকাৰ কৰাৰ বাবে তেওঁ নামভৰ্তি কৰিলে এখন আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানত। সুখ্যাতিৰে তেওঁ শিক্ষাও শেষ কৰিলে।

চিভিল ইঞ্জিনিয়াৰ হিচাপে এটা পৰিচয় লাভ কৰিলে তন্দ্ৰামণিয়ে। কিন্তু অভিযন্তাৰ পৰিৱৰ্তে আন এটা চিনাকি লাগে তন্দ্ৰামণিক।

খেল আৰু নৃত্যৰ প্ৰতি দুৰ্বাৰ আগ্ৰহে এটা নতুন চিনাকি দিব পাৰে যুৱতীগৰাকীক। কথাটো তেওঁ নিজেও অনুধাৱন কৰিব পাৰিলে। সাধাৰণ জনতাৰ সাধাৰণ সমস্যাটো লাঘৱ কৰিব পৰাকৈ কামত আহিব পাৰে তন্দ্ৰামণিৰ ক্ৰীড়া আৰু নৃত্য শিক্ষা। আৰু এই চিন্তাৰ ফচল হিচাপে গুৱাহাটীৰ বেলতলাত তেওঁ আৰম্ভ কৰিলে টিএম এৰ’বিকছ চেণ্টাৰ নামৰ প্ৰতিষ্ঠানটো।

image


বেলতলাত থকা তন্দ্ৰামণিৰ প্ৰতিষ্ঠানটোত আছে ৩০গৰাকীতকৈও অধিক শিক্ষাৰ্থী। পুৱা আৰু গধুলি প্ৰশিক্ষণ দিয়া হয় প্ৰতিষ্ঠানটোত। সম্প্ৰতি কেৱল মহিলাক প্ৰশিক্ষণ দিয়া হয় টিএম এৰ’বিকছ চেণ্টাৰত।

image


কাৰ্ডিঅ’, ক্ৰছফিট, যোগাসনৰ প্ৰশিক্ষণ দিয়াৰ বাবে তন্দ্ৰামণিৰ সৈতে আছে অন্য যুৱতী। ইতিমধ্যে তন্দ্ৰামণি কুমাৰৰ এই উদ্যোগে বিভিন্নজনৰ পৰা সঁহাৰি লাভ কৰিছে। প্ৰতিষ্ঠানটো আৰম্ভ কৰাৰ সময়ত পুৰুষকো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছিল যদিও বিভিন্ন কাৰণত পুৰুষৰ প্ৰশিক্ষণ সাময়িকভাৱে বন্ধ ৰাখিবলগীয়া হৈছে। তন্দ্ৰামণিয়ে প্ৰকাশ কৰা অনুসৰি শীঘ্ৰেই পুনৰ আগ্ৰহী পুৰুষ প্ৰশিক্ষাৰ্থীকো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব।



এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী


চৰকাৰী আঁচনিৰ সহায়ে উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্ট আপ সমুহক উপকৃত কৰিবনে?

ধনেশ পক্ষী সংৰক্ষণেৰে এখন গাঁৱৰ ৰাইজে দেখুৱাইছে পৰিবেশ সংৰক্ষণৰ নিদৰ্শন

অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’