এটা চকুৰ দৃষ্টিহীনতা স্বত্ত্বেও সফলতাৰ শীৰ্ষত 'বাহুবলী' খ্যাত ৰাণা ডগ্গুবতি

এটা চকুৰ দৃষ্টিহীনতা স্বত্ত্বেও সফলতাৰ শীৰ্ষত 'বাহুবলী' খ্যাত ৰাণা ডগ্গুবতি

Saturday May 13, 2017,

2 min Read

বাহুবলী ছবিখনৰ ভল্লাল দেৱ নামৰ গুৰুত্বপূৰ্ণ চৰিত্ৰটোত অভিনয় কৰা ৰাণা ডগ্গুবতি এজন যথেষ্ট প্ৰশংসিত অভিনেতা । অকল অভিনেতা হিচাপেই নহয় প্ৰযোজক, ভিজুৱেল এফেক্ট ক'-অৰ্ডিনেটৰ, ফটোগ্ৰাফাৰ হিচাপে তেওঁ তামিল, তেলুগু আৰু হিন্দী ছবিজগতত সুপ্ৰতিষ্ঠিত ৰাণা তেলুগু ছবিজগতৰ এটা নামী পৰিয়ালৰ সদস্য ।

Rana Daggubatti, Source- DNA(L) and Youtube (R)

Rana Daggubatti, Source- DNA(L) and Youtube (R)


ৰাণাৰ পিতৃ প্ৰসিদ্ধ প্ৰযোজক ডগ্গুবতি সুৰেশ আৰু ককাক ড° ৰামানাইডুক তেলুগু ছবিজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্ম ভুষণেৰে সন্মানিত কৰা হৈছে । তেওঁৰ খুড়াক ভেংকটেশ আৰু মোমায়েকৰ ল'ৰা নাগা চৈতন্য তেলুগু ছবিৰ প্ৰখ্যাত অভিনেতা ।

অলপতে ৰাণাই প্ৰকাশ কৰিছিল যে তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি নাই । তেওঁ মাত্ৰ বাওঁ চকুটোৰেহে দেখে । 

২০১১ চনত আটাইতকৈ সম্ভাৱনাপূৰ্ণ নৱাগত হিচাপে টাইমছ অৱ ইণ্ডিয়াই আখ্যা দিয়া ৰাাণা টাইমছ অৱ ইণ্ডিয়াৰ Most Desirable Men তালিকাৰ ২০ জনৰ ভিতৰতো আছিল । ২০১২ চনত তেওঁ Most Desirable Men তালিকাৰ দহজনৰ ভিতৰত স্থান লাভ কৰিছিল । 

২০১০ চনত তেওঁ লীডাৰ নামৰ তেলুগু ছবিখনেৰে আত্মপ্ৰকাশ কৰিছিল । এই ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । দম মাৰো দম ছবিৰ যোগেদি তেওঁৰ বলিউডত অভিষেক ঘটে । ২০১৫ চনত তেওঁ বাহুবলী ছবিৰ প্ৰধান খলনায়কৰ ভুমিকাত অৱতীৰ্ণ হয় । 

অভিনয়ৰ উপৰিও তেওঁ এজন ভিজুৱেল এফেক্ট প্ৰডিউচাৰো । ২০০৬ চনত তেলুগু ছবি সৈনিকুডুৰ বাবে তেওঁ ৰাজ্যিক পুৰষ্কাৰ লাভ কৰে । সেই বছৰতে তেওঁ বোম্মালতা নামৰ ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে ।

শেহতীয়া এটা সাক্ষাৎকাৰত তেওঁ কয়,

"চিনেমাৰ প্ৰতি মোৰ দৃষ্টিভঙ্গী সম্পূৰ্ণ পৃথক । বাহুবলীয়ে মোৰ গুৰুত্ব বৃদ্ধি কৰিছে যিটো মোৰ বাবে লাভজনক । আগতে মই ছাবমেৰিন যুদ্ধক লৈ ছবি এখন কৰাৰ কথা ভাবিব নোৱাৰিলোহেতেন । কিন্তু এতিয়া মোৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাইছে আৰু মই বহুতো পৰীক্ষা চলাব পাৰোঁ ।" 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মলিকা মাৰাথে : আংশিক দৃষ্টিহীনতাৰ পৰা টেনিছৰ শীৰ্ষ ৰেংকিঙলৈ

'কমন মেন'ৰ স্ৰষ্টা আৰ কে লক্ষ্মণৰ নাতিনী ৰিমানিকাই আনিব 'কমন ৱমেন'

অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে