ভাৰতৰ অৰ্থনীতিৰ পৰিৱৰ্তনৰ চমু ৰূপৰেখা

ভাৰতৰ অৰ্থনীতিৰ পৰিৱৰ্তনৰ চমু ৰূপৰেখা

Monday January 25, 2016,

4 min Read

ভাৰতীয় ব্যৱসায়ৰ ইতিহাসত ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ডআপ ইণ্ডিয়াৰ উদ্যোগে এক নতুন অধ্যায় মুকলি কৰিছে।ইয়াৰ মাধ্যমত ভাৰতত ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিছে।এদিনত ষ্টাৰ্টআপৰ পঞ্জীয়ন, পেটেণ্টৰ আবেদনত ষ্টাৰ্টআপৰ বাবে ৮০ শতাংশ পৰ্যন্ত ৰেহাই, প্ৰথম তিনিবছৰলৈ কৰ ৰেহাই আদি হৈছে এনেধৰণৰ কেতবোৰ প্ৰধান ঘোষণা।ষ্টাৰ্টআপ উদ্যোগৰ বাবে সেয়েহে ১৬ জানুৱাৰী ২০১৬ ৰ দিনটো চিৰস্মৰণীয় হৈ ৰ’ব।

image


ঐতিহাসিক প্ৰেক্ষাপট

আমি উদাৰীকৰণৰ সময়ৰ পৰা ভাৰতক গঢ় দিয়া গুৰুত্বপূৰ্ণ ব্যৱসায়িক ঘটনাৰ ওপৰত চকু ফুৰাব বিচাৰিছো।

১৯৯১-বিভিন্ন সংস্কাৰৰ দ্বাৰা ভাৰতত অৰ্থনৈতিক উদাৰীকৰণৰ বাট মুকলি হৈছিল।লাইচেন্স ৰাজৰ অন্ত পৰাৰ লগতে বিভিন্ন কৰ আৰু উপকৰসমূহ হ্ৰাস কৰা হৈছিল। বহু ৰাজহুৱা ক্ষেত্ৰৰ একচ্ছত্ৰী ৰাজ সমাপ্ত হৈছিল আৰু বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ স্বতঃ অনুমোদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

১৯৯২-বম্বে ষ্টক একচেঞ্জত ৭৫০ মিলিয়ন ডলাৰৰ বৃহৎ কেলেংকাৰীত ষ্টক ব্ৰকাৰ হৰ্ষদ মেহতাক দোষী সাব্যস্ত কৰা হৈছিল।ইয়াৰ বাবে বজাৰ নিয়ন্ত্ৰক ‘ছেবি’য়ে বিএছইৰ আদান-প্ৰদানৰ দোষ-ত্ৰুটি দূৰ কৰিবলৈ কেতবোৰ বিশেষ নীতি-নিয়ম প্ৰৱৰ্তন কৰে।

১৯৯৩-ফেব্ৰুৱাৰী মাহত ইনফ’ছিছ ৰাজহুৱা ক্ষেত্ৰলৈ পৰিৱৰ্তিত হয়।ইনফ’ছিছ আইপিঅ’ গ্ৰাহকভুক্তিৰ অধীনস্থ হ’লেও ইয়াক আমেৰিকাৰ ইনভেষ্টমেণ্ট বেংক মৰ্গান ষ্টেনলীয়ে ‘bailed out’ কৰিছে।প্ৰতিটো শ্বেয়াৰত ৯৫টকাকৈ এই বেংকে ১৩শতাংশ ইকুইটি আদায় কৰিছে।

১৯৯৯-নতুন টেলিকমিউনিকেচন নীতিৰ দ্বাৰা টেলিকম ক্ষেত্ৰলৈ যথেষ্ট সংখ্যক বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা কৰা হয়।এই নীতিৰে ভাৰতৰ টেলিকমিউনিকেচন আন্তঃগাথনি মজবুত কৰিব বিচৰা হৈছিল।

২০০০-ইনফৰমেচন টেকন’লজি আইন,২০০০য়ে ইলেকট্ৰনিক আদান-প্ৰদান আৰু ই-কমাৰ্চৰ ক্ষেত্ৰত আইনী ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে।

২০০১-২০০১ চনৰ পৰা বছৰি ৯% শতাংশৰো অধিক বৃদ্ধিৰে ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুত গতিত বঢ়া সেৱা ক্ষেত্ৰলৈ পৰিণত হয়।২০১২-১৩ চনত এই বৃদ্ধিয়ে ৫৭শতাংশৰ ঘৰ স্পৰ্শ কৰে।

২০০৪-ই-বে’ৰ দ্বাৰা ভাৰতৰ সৰ্ববৃহৎ অনলাইন নীলাম পৰ্টেল অভনীশ বাজাজৰ বাজী ডট ক্ৰম অধিগ্ৰহণ কৰি ভাৰতত কাৰ্য আৰম্ভ কৰাৰ লগে লগে ই-কমাৰ্চৰ বাট মুকলি হয়।(সূত্ৰ-য়'ৰ ষ্ট'ৰী)

২০০৫-দেশৰ ২৯খন ৰাজ্যৰ ২৫খনেই ভেল্যু এডেট টেক্স (ভেট)ৰ প্ৰৱৰ্তন কৰে।বিক্ৰীকৰৰ জটিল আৰু কেইবাখলপীয়া ব্যৱস্থা নোহোৱা কৰিবলৈ ১ এপ্ৰিলৰ পৰা এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল।

২০০৫-বম্বে উচ্চ ন্যায়ালয়ে ৰিলায়েন্স উদ্যোগৰ বিভাজনত অনুমোদন জনায়।মুকেশ আম্বানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু আইপিচিএল আৰু অনিল আম্বানীয়ে ৰিলায়েন্স ইনফ’কম,ৰিলায়েন্স এনাৰ্জী আৰু ৰিলায়েন্স কেপিটেল লাভ কৰে।

২০০৭-ফেব্ৰুৱাৰী মাহত আদিত্য বিৰলা গ্ৰুপে আটলাণ্টা স্থিত এলুমিনিয়াম কোম্পানী নভেলিছক ৬বিলিয়ন ডলাৰত ক্ৰয় কৰে।

২০১৫-টাটাই ফৰ্ড মটৰ কোম্পানীৰ পৰা জাগুৱাৰ আৰু লেণ্ড ৰ’ভাৰ ২.৩বিলিয়ন ডলাৰত ক্ৰয় কৰে।

২০১০-ভাৰতৰ জনমুৰি আয় তিনিগুণ বাঢ়ি ২০০২-০৩ চনৰ ১৯,০৪০টকাৰ পৰা ২০১০-১১চনত ৫৩,৩৩১ টকালৈ বৃদ্ধি পায়।বিগত আঠ বছৰত এই বৃদ্ধি আছিল ১৩.৭শতাংশ।

২০১০-উচ্চ মানৰ প্ৰতিযোগিতাৰ জৰিয়তে ভাৰতত থ্ৰী-জি আৰু ফ’ৰ-জি টেলিকম স্পেকট্ৰাম নীলাম কৰা হয়।চৰকাৰে মুঠ ১,০৬২ বিলিয়ন টকাৰ ৰাজহ উপাৰ্জন কৰে।

২০১০-মেক মাই ট্ৰিপ ৰাজহুৱা খণ্ডলৈ পৰিৱৰ্তিত হয় Nasdaqৰ তালিকাভুক্ত হয়।ৰাজহুৱা ক্ষেত্ৰৰ বাবে ইয়াৰ প্ৰাৰম্ভিক নীলাম মূল্য নিৰ্ধাৰণ কৰা হয় শ্বেয়াৰে প্ৰতি ১৪ ডলাৰ।(শেহতীয়াকৈ ছেবিয়ে ভাৰতত তালিকাভুক্ত হ’বলৈ ঘৰুৱা ষ্টাৰ্টআপৰ বাবে নিয়মসমূহ নমনীয় কৰি তুলিছে।ছেবিৰ মতে ৭৫% শ্বেয়াৰ প্ৰতিষ্ঠানভিত্তিক বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত কৰা হ’ব আৰু বাকী ২৫ শতাংশ শ্বেয়াৰ অ-প্ৰতিষ্ঠানভিত্তিক বিনিয়োগকৰ্তাৰ বাবে সংৰক্ষণ কৰা হ’ব।)

২০১০-জুন মাহত ভাৰতী এয়াৰটেলে কুৱেইট স্থিত জেইন টেলিকমৰ আফ্ৰিকাৰ ব্যৱসায় ১০.৭বিলিয়ন ডলাৰত অধিগ্ৰহণ কৰে।

২০১১-মে’ মাহত আদানী এণ্টাৰপ্ৰাইজে ২ বিলিয়ন ডলাৰত অষ্ট্ৰেলিয়াৰ এব’ট পইণ্ট ক’ল টাৰ্মিনেলক ক্ৰয় কৰে।

২০১১-খুচুৰা ক্ষেত্ৰত ৫১শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ-২ চৰকাৰে।২০১২ চনৰ ডিচেম্বৰ মাহত ইয়াৰ বাবে অনুমোদন জনোৱা হয়।

২০১২-প্ৰথমবাৰলৈ নতুন দিল্লীয়ে BRICS সন্মিলনৰ আয়োজন কৰে।

২০১২-ফ্লিপকাৰ্ট বিলিয়ন ডলাৰ ইউনিকৰ্ন ক্লাৱত যোগদান কৰা প্ৰথমটো ষ্টাৰ্টআপ ৰূপে পৰিগণিত হয়।ইয়াৰ পিছতে ইনম’বি,অ’লা,কুইকাৰ,মিউ চিগমা,স্নেপডিল,জ’মেট’, পে’টাইম আৰু ২০১৬চনত শ্বপক্লুছ এই তালিকাত অন্তৰ্ভুক্ত হয়।

২০১২-ছেপ্তেম্বৰ মাহত চৰকাৰে মাল্টি-ব্ৰেণ্ড খুচুৰা ক্ষেত্ৰত ৫১শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ব্যৱস্থা প্ৰৱৰ্তন কৰে।

২০১৩-মে’ মাহত ২০,০০০ পইণ্ট অতিক্ৰম কৰি ছেনছেক্সে ১৪সপ্তাহৰ অভিলেখ ভংগ কৰে।ইয়াৰ পূৰ্বে ২০০৬ চনত বিএছই ছেনছেক্সে ১০,০০০ পইণ্ট আৰু ২০০৭ চনৰ জুলাই মাহত ১৫,০০০ পইণ্ট অতিক্ৰম কৰিছিল।১৩,০০০ পইণ্টৰ পৰা ১৪,০০০ পইণ্টৰ সীমা অতিক্ৰম কৰিবলৈ ছেনছেক্সৰ ৩৬মাহ সময়ৰ প্ৰয়োজন হোৱাৰ বিপৰীতে ১৪,০০০ পইণ্টৰ পৰা ১৫,০০০ পইণ্টৰ সীমা স্পৰ্শ কৰিবলৈ মাত্ৰ সাত মাহৰ সময়ৰ দৰকাৰ হয়।

জানুৱাৰী,২০১৪-আয়কৰ বিভাগে ভাৰতী এয়াৰটেলক অতিৰিক্ত ১,০০০ কোটি টকাৰ কৰ আদায় দিবলৈ জাননী জাৰি কৰে।ভাৰতী এয়াৰটেলে ইণ্ডাছ টাৱাৰক কেতবোৰ টাৱাৰ হস্তান্তৰ কৰাৰ তথ্য পুনৰীক্ষণ কৰাৰ পিছতে এই জাননী জাৰি কৰা হয়।

মে’,২০১৪-উদ্যোগশীলতা আৰু দক্ষতা বিকাশৰ মন্ত্ৰালয় গঠন কৰা হয়।

জুলাই,২০১৪-ফ্লিপকাৰ্টে ছিংগাপুৰৰ ছভাৰেইন ৱেল্থ ফাণ্ড জিআইচি, টাইগাৰ গ্ল্’বেল মেনেজমেণ্ট, নাছপাৰ্ছ, এক্সেল পাৰ্টনাৰ্ছ আৰু মৰ্গান ষ্টেনলী ইনভেষ্টমেণ্ট মেনেজমেণ্টৰ পৰা একক ৰাউণ্ডত ১বিলিয়ন ডলাৰ লাভ কৰিবলৈ সক্ষম হয়।

জুলাই,২০১৪-১৫ চনৰ কেন্দ্ৰীয় বাজেটত ষ্টাৰ্টআপত বিত্তীয় সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে ১০,০০০ কোটি টকাৰ বিনিয়োগ পূঁজি নিৰ্ধাৰণ কৰে।

আগষ্ট,২০১৪-ৰতন টাটাই স্নেপডিলত ৫কোটি টকা বিনিয়োগেৰে প্ৰথমবাৰলৈ ই-কমাৰ্চত বিনিয়োগ কৰে।

ছেপ্তেম্বৰ,২০১৪-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া উদ্যোগ প্ৰথমবাৰলৈ মুকলি কৰে।

মাৰ্চ,২০১৫-বিজেপি-নেতৃত্বাধীন এনডিএ চৰকাৰে জীৱনবীমা ক্ষেত্ৰত ৪৯শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ব্যৱস্থাত অনুমোদন জনায়।

অক্টোবৰ,২০১৫-ব্ৰিটিছ টেলিকম কোম্পানী ভ’ডাফোনে হস্তান্তৰৰ গোচৰত বিজয়ী হয়।আয়কৰ বিভাগে ইয়াৰ ওপৰত জাৰী কৰা ৩,৭০০ কোটি টকা কৰৰ গোচৰ বম্বে হাই কৰ্টে খাৰিজ কৰে।

২০১৫-মুঠ ৩১ বিলিয়ন ডলাৰৰ বিনিয়োগ আদায় কৰি প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত ভাৰতে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰে।ইয়াৰে অধিকাংশ বিনিয়োগ আহে মৰিছাছ,ছিংগাপুৰ,নেদাৰলেণ্ড,জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা।

image


এয়া আছিল বিগত ২৫ বছৰত ভাৰতীয় অৰ্থনীতিত সংঘটিত বৈপ্লৱিক পৰিৱৰ্তনৰ চমু ৰূপৰেখা।বিভিন্ন ক্ষেত্ৰৰ লগতে চৰকাৰী বিভাগ, প্ৰতিষ্ঠান, গ্ৰাহকৰ আচৰণ আৰু অন্যান্য দিশৰ অসুবিধাসমূহৰ স্বত্তেও বৰ্তমান ভাৰতীয় অৰ্থনীতিৰ এক নতুন দিগন্তৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন উন্নত দেশসমূহৰ সৈতে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্কত গুৰুত্ব প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত অনাগত সময়ত এই দিশত বহুতো যোগাত্মক পৰিৱৰ্তন আশা কৰিব পৰা যায়।

মূল-অপৰাজিতা চৌধুৰী

অনুবাদ-তুলিকা দেৱী