EDITIONS
Asamiya

দুৰ্যোগৰ পাছত চেন্নাই মহানগৰী

Team YS Asamiya
8th Dec 2015
Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share

প্ৰলয়ংকাৰী বানে চহৰখনত বিভীষিকাৰ সৃষ্টি কৰাৰ পাছত আজি মই মোৰ গতানুগতিক জীৱনলৈ ঘূৰি আহিছো।বিধ্বস্ত বানে বিছিন্ন কৰা বিদ্যুৎ পুনৰ সংযোগ হৈছে যদিও ইন্টাৰনেট সংযোগ এতিয়াও সম্পূৰ্ণকৈ উপলদ্ধ হোৱা নাই।সকলোধৰণৰ সংযোগ ব্যৱস্থাৰ পৰা বিছিন্ন হোৱাৰ সময়ত যোৱা সপ্তাহটোত মোৰ মবাইলত সক্ৰিয় হৈ থকা বি.এছ.এন.এল কনেকশ্যনটো মোৰ বাবে জীৱনদায়িনীৰ দৰে আছিল।লগতে মোৰ মবাইল ডাটা সক্ৰিয় হৈ থকাৰ বাবে অন্তত: কেইজনমান বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ লগত যোগাযোগ কৰিবলৈ সক্ষম হৈছিলো।

কেৱল মই নহয়, সম্পূৰ্ণ চহৰবাসীয়ে সন্মুখীন হোৱা বিভীষিকাৰ প্ৰথম দিনটোৰ পৰা বৰ্ণনা কৰিব খুজিছো।সেইদিনা আছিল ১ ডিচেম্বৰ। আগতীয়া সতৰ্কবাণীৰ দৰে গোটেই দিনটো প্ৰৱল বৃষ্টিপাত হৈছিল।ঠায়ে ঠায়ে বানপানী হৈছিল যদিও বিশেষ চিন্তাৰ কাৰণ নাছিল। কিয়নো আমি প্ৰায় এনে বানপানীত অভ্যস্ত বাবে বজাৰ-সমাৰ কৰাত অসুবিধা হোৱা নাছিল। চেন্নাই চহৰৰ মূল আবাসিক অঞ্চলত বাস কৰাৰ কাৰণে সৌভাগ্যবশত: বুধবাৰৰ মাজনিশালৈ একেলেথাৰিয়ে হৈ থকা বৰষুণৰ প্ৰভাৱ অনুভৱ কৰা নাছিলো।মোৰ আন দৈনিক কাৰ্যসূচীৰ লগতে তামিল ইয়ৰষ্ট'ৰী সম্পাদনাৰ কাম সুকলমে কৰি গৈছিলো। অৱশ্যে, নেট কানেকশ্যন কিছু লেহেমীয়া হৈছিল।

২ ডিচেম্বৰ,বুধবাৰ।মোৰ দৈনিক কাৰ্যসূচী সমাপ্ত কৰি জি.টি.ভি.ত দিনটোৰ ঘটনা, আপডেট সমূহ চাইছিলো।পুখুৰী,হ্ৰদ আদিৰ কাষত জনবসতি স্থাপন কৰা লোকসকলৰ বৰষুণৰ ফলত হোৱা দুৰৱস্থাৰ বিষয়ে এক বিতৰ্ক অনুষ্ঠান চাইছিলো।অনুষ্ঠানটো চোৱাৰ পিছত পৰিয়ালৰ লোকসকলৰ সৈতে বিষয়টো লৈ আলোচনা কৰিছিলো।বিবেচনাহীন ভাৱে মাটি কিনি ঘৰ বনোৱাটো কিমান প্ৰত্যাহ্বানজনক সেই বিষয়ে মই মন্তব্য কৰিছিলো।তাৰপাছত ভাগৰুৱা দেহাৰে মই শুই পৰিছিলো এই কথা নজনাকৈ যে সেই ৰাতি কেনে ভয়াবহ পৰিস্থিতিয়ে আমালৈ বাট চাই আছিল।

পুৱা ছয় মান বাজিছিল।গভীৰ টোপনিৰ পৰা চকামকাকৈ সাৰ পাই মই শুনিছিলো দেউতাৰ চিঞৰ।পুলিচৰ গাড়ীবোৰ ৰাস্তাৰে অহা-যোৱা কৰিছিল আৰু এগৰাকী মহিলাই চিঞৰিছিল...পানী...পানী।মই ভাৱিছিলো আগনিশাৰ বৰষুণৰ বাবে ৰাস্তাত অলপ পানী উঠিছে ছাগে। কিন্তু সেইকাৰণতেই মানুহবোৰে চিঞৰ-বাখৰ কৰি মোৰ গভীৰ টোপনিত ব্যাঘাত জন্মোৱাৰ কাৰণ বুজি পোৱা নাছিলো।পুনৰ মোৰ দেউতাৰ মাত শুনিলো-আমাৰ ঘৰত পানী।লগে লগে মই বিচনাৰ পৰা জাঁপ মাৰি উঠিলো।মই যি দৃশ্য দেখিলো সেয়া মোৰ কল্পনাৰ অগোচৰ আছিল ।আমাৰ ৰাস্তাটো এটা নিজৰাৰ দৰে হৈ পৰিছিল।কিন্তু এই পানী ক'ৰ পৰা আহিছে? ইতিমধ্যে বৰষুণ বন্ধ হৈছিল।মই ৰাস্তালৈ দৌৰি গৈ তাত ৰৈ থকা লোকসকলৰ সৈতে অনুমান কৰিলো যে পানীৰ উচ্চতা লাহে লাহে বাঢ়ি আহিছে।আমি কোনোমতে নিজৰ নিজৰ কম্পাউণ্ড বোৰলৈ আহিলো।সেইদিনাৰ পৰাই বিদ্যুৎ সংযোগ সম্পূৰ্ণ বিছিন্ন হৈছিল আৰু ফ'ন ছিগনেল সমূহ সম্পূৰ্ণ বন্ধ হৈ গৈছিল।

image


বহু সময়ৰ পিছত পানী লাহে লাহে কমিবলৈ আৰম্ভ কৰিছিল।আৰু আমাৰ ঘৰকে ধৰি কেইঘৰমানত পুনৰ বিদ্যুৎ সংযোগ হৈছিল।উৎসুকতাৰে মই টি.ভি.টো অন কৰি জানিব পাৰিলো যে কাষৰীয়া নদীখন পানীৰে পৰিপূৰ্ণ হৈ যোৱাৰ বাবে অতিৰিক্ত পানী বৈ আহিছিল।আমি বাস কৰা ঠাইত এনেদৰে বানপানী হ'ব পাৰে বুলি আমি সপোনতো ভবা নাছিলো।সমগ্ৰ চেন্নাই চহৰখন পানীৰে পৰিপূৰ্ণ হৈ পৰিছিল।সেয়া এক বিভীষিকাময় দৃশ্য আছিল যেতিয়া পাঁচৰ পৰা দহ ফুট উচ্চতালৈ পানীয়ে ঘৰবোৰ বুৰাই পেলাইছিল।গ্ৰাউণ্ড ফ্ল'ৰৰ ঘৰবোৰ পানীত সম্পূৰ্ণ ডুব গৈছিল।ভগৱানক ধন্যবাদ যে আমাৰ ঘৰটো পানীয়ে বিশেষ ক্ষতি কৰিব পৰা নাছিল।কিন্তু মই সুৰক্ষিত হৈ আছো বাবেই ঘৰৰ ভিতৰত সোমাই থকাটো উচিত বুলি নাভাবিলো।

image


বৃহস্পতিবাৰে মোৰ মবাইল ডাটা পুনৰ সক্ৰিয় হোৱাত মোৰ ফেচবুক আৰু টুইটাৰ একাউন্ট খুলিলো।দুইটা একাউন্টেই কেবাহাজাৰ কল, পষ্ট আদিৰে ভৰি আছিল।বাহিৰত থকা ল'ৰা-ছোৱালী সমূহ ভীতিগ্ৰস্ত হৈ তেওঁলোকৰ পৰিয়াল আৰু পৰিস্থিতিৰ বিষয়ে জানিব বিচাৰিছিল।প্ৰায়বোৰ ঠাইতে মবাইল সংযোগ বিছিন্ন হৈ যোৱাৰ বাবে তেওঁলোকে মাক-দেউতাকৰ সৈতে যোগাযাগ কৰিব নোৱাৰি চিন্তিত হৈছিল।এই মেছেজ সমূহ পোৱাৰ পাছত তেওঁলোকক সহায় কৰিবলৈ মই অধৰ্য হৈ পৰিছিলো।সেই সময়ত মই ৰিপৰ্টাৰ হিচাপে কাম কৰা দিনবোৰৰ কথা মনলৈ আহিছিল।মই মোৰ কেইজনমান বন্ধু আৰু পূৰ্বৰ সহকৰ্মীৰ সৈতে হোৱাটছ এপত যোগাযোগ কৰি সংযোগৰ পৰা বিছিন্ন হৈ থকা লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰিলো।গোটেই দিনজুৰি নিৰন্তৰ মেছেজ আৰু ফ'ন কলৰ জৰিয়তে লোকসকলক বিচাৰি উলিয়াই তেওঁলোকৰ আত্মীয়ই পঠোৱা বাৰ্তা তেওঁলোকক প্ৰেৰণ কৰাৰ চেষ্টা কৰিলো।বহুতকে যোগাযোগ কৰিব পাৰিছিলো যদিও ১০ ফুট পানীৰ মাজত থকা লোকসকলৰ লগত যোগাযাগ কৰা সম্ভৱ নাছিল।এটা ব্যস্ততাপূৰ্ণ দিনৰ পিছত মই বিছনাত ভাগৰুৱা দেহটো এৰি দিওঁতে বুজি পাইছিলো যে আমাৰ বাবে আৰু কিছু জটিল দিন আহি আছে।

মোৰ মবাইলৰ হোৱাটছ এপত অহা মেছেজৰ ৰিঙত মই বাৰে বাৰে সাৰ পালো। এই মেছেজসমূহ আছিল-কোনো গৰ্ভবতী মহিলাই লেবাৰ পেইন অনুভৱ কৰি চিকিৎসকৰ সহায় বিচৰা, কোনো বয়োজ্যেষ্ঠ লোকে জৰুৰীকালীন চিকিৎসা সেৱা বিচৰা,নৱজাতকৰ বাবে দুগ্ধৰ যোগান বিচৰা আদি।ফেচবুক আৰু টুইটাৰৰ যোগেদি গঠিত হোৱা স্বেচ্ছাসেৱী গোটে এই মেছেজবোৰ উদ্ধাৰকাৰী দললৈ পঠিয়াইছিল।এই ক্ষেত্ৰত মইও যি পাৰোঁ কৰিছিলো।আনহাতে এনে পৰিস্থিতিত ঘৰত হাত সাৱটি বহি থকাতকৈ ওলাই গৈ নিৰাপত্তা বিচৰা লোকসকলক সহায় কৰা ভাল হ'ব বুলি ভাবিলো।এই কথা চিন্তা কৰি কেইজনমান বন্ধুৰ সৈতে এখন গাড়ী লৈ ওলাই গলো আৰু সেইসকল লোকক লগ কৰিছিলো যি এআঁঠু পানীত বাহিৰৰ পৃথিৱীখনৰ পৰা বিছিন্ন হৈ অসহায় জীৱন কটাইছিল।বিদ্যুৎ আৰু খোৱাপানীৰ বাবে তেওঁলোকে হাহাকাৰ কৰিছিল।আমি তেওঁলোকক পানী আৰু খোৱা বস্তুৰ যোগান ধৰাৰ লগতে প্ৰয়োজনীয় দৰৱ পাতিৰ যোগান ধৰিছিলো।পাঁচ দিন ধৰি বাহিৰৰ পৃথিৱীখনৰ পৰা সংযোগহীন হৈ থকা অসহায় লোকসকল কান্দোনত ভাঙি পৰিছিল আৰু আমাক কৃতজ্ঞতা জ্ঞাপন কৰি ফটোৰ বাবে পজ দিছিল যাতে সেই ফটো আমি আত্মীয় স্বজনলৈ পঠিয়াব পাৰোঁ।আমি কিছুমান অকলশৰীয়া আৰু শাৰীৰিক প্ৰতিবন্ধী লোকৰ ওচৰলৈও গৈছিলো।অসহায় লোকসকলক সহায় কৰি আমি অতি সুখী হৈছিলো আৰু কিছুমান লোকক নিৰাপদ ঠাইত থৈ আহিছিলো।

image


এই সহায় কাৰ্য কেইদিনমান চলাই থকাৰ মই সিদ্ধান্ত লোৱাৰ লগতে লোকসকলে যাতে তেওঁলোকৰ আত্মীয়ৰ সৈতে যোগাযোগ কৰিব পাৰে তাৰ চেষ্টা কৰিলো।শুকুৰবাৰ আৰু শনিবাৰে খোৱা পানী, বিস্কুট,গাখীৰৰ পেকেট আৰু আন খাদ্য সামগ্ৰী লৈ বিতৰণ কৰাত লাগিল। খাদ্য সামগ্ৰী সমূহ যোগান ধৰাত মোৰ বন্ধুবৰ্গই সহায় কৰিছিল।বন্ধুসকলে এই সহায় কাৰ্যত মোক সহায় কৰা বাবে মই কৃতজ্ঞ।আমি দুখন গাড়ী লৈ এটা বৃদ্ধাশ্ৰমলৈ গৈছিলো য'ত প্ৰায়বোৰ বৃদ্ধই আছিল আশী বছৰৰ উৰ্দ্ধৰ। তেওঁলোকে আমাক দেখি অতি আনন্দিত হৈছিল আৰু আমাক ধন্যবাদ জ্ঞাপন কৰিছিল।বৃদ্ধাশ্ৰমৰ পৰা ঘূৰি আহোঁতে আমি এটা বান বিধ্বস্ত এলেকাত অসহায় লোকে খাদ্যৰ বাবে ৰৈ থকা দেখিছিলো।মোৰ এজন বন্ধুৱে পঠিওবা দুশ পেকেট ৰন্ধা খাদ্য তেওঁলোকক বিতৰণ কৰিলো।

image


সম্প্ৰতি বান বিধ্বস্ত চেন্নাইবাসীক সহায় কৰিবলৈ বহু স্বেচ্ছাসেৱী সংগঠন বা লোক আগবাঢ়ি আহিছে।মানৱতাৰ শক্তি যেন চেন্নাই বাসীৰ বাবে পুনৰ প্ৰমাণিত হৈছে।প্ৰতিবেশীয়ে প্ৰতিবেশীক আশ্ৰয় প্ৰদান কৰিছে,অনাথ জনক আশ্ৰয় দিবলৈ মন্দিৰ,মছজিদ,গীৰ্জাঘৰৰ দুৱাৰ খুলি দিয়া হৈছে। কোনোবাই জীৱনত কাহানীও লগ নোপোৱা অসহায় লোকৰ বাবে খাদ্য ৰান্ধিছে, বিনাদ্বিধাৰে ইজনে সিজনক সহায় কৰিছে।এনেদৰে মানৱতাৰ এই আদান-প্ৰদান চলি আছে।

অৱশেষত মই মোৰ কৰ্মজীৱনলৈ পুনৰ ঘূৰি আহিলো।মই সুখী যে এনে এটা প্ৰতিষ্ঠানত মই কাম কৰিছো যি প্ৰতিষ্ঠানে মোৰ পৰিস্থিতি সম্পূৰ্ণ বুজি পাইছিল।আন প্ৰতিষ্ঠানৰ দৰে জটিল অৱস্থাতো কাম কৰি থাকিবলৈ মোক তাগিদা দিয়া নাছিল।এই সহযোগিতাৰ বাবে মই কৃতজ্ঞ হোৱাৰ লগতে মোৰ চেন্নাই চহৰখনক প্ৰয়োজনত সেৱা আগবঢ়াবলৈ মোক সুবিধা দিয়াৰ বাবে এই প্ৰতিষ্ঠানৰ প্ৰতি মই কৃতজ্ঞ।

মূল: ইন্দুজা ৰঘূনাথন, সহযোগী সম্পাদক, তামিল ইয়ৰষ্ট'ৰী ডট কম

অনুবাদ: পূবালী ভাগৱতী

Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share
Report an issue
Authors

Related Tags