মাধ্যমিক আৰু উচ্চতৰ শিক্ষাকোষ গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

মাধ্যমিক আৰু উচ্চতৰ শিক্ষাকোষ গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Tuesday August 22, 2017,

2 min Read

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মাধ্যমিক আৰু উচ্চ মাধ্যমিক পর্যায়ৰ শিক্ষাৰ সুযোগ-সুবিধাৰ বৃদ্ধিৰ লক্ষ্যৰে ‘মাধ্যমিক আৰু উচ্চতৰ শিক্ষাকোষ’ নামেৰে এটা নির্দিষ্ট আৰু স্থায়ী পুঁজি গঠনৰ প্রস্তাৱত অনুমোদন জনায়, যিটো পুঁজিৰ ধন মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কল্যানৰ অৰ্থে বিভিন্ন কাৰ্যসূচী ৰূপায়ণত ব্যয় কৰা হ’ব।

পুঁজি পৰিচালনাৰ প্রশাসনিক দায়িত্বত থাকিব কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়। এই পুঁজিৰ অধীন অধীনত চেচৰ জৰিয়তে সংগৃহীত ধন মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ শৈক্ষিক কর্মসূচীৰ প্রসাৰত বিনিয়োগ কৰা হ’ব। এই ব্যৱস্থাৰ মুল দিশবোৰ হৈছে।

image


(i)চাহিদাৰ ভিত্তিত মাধ্যমিক আৰু উচ্চ মাধ্যমিক শৈক্ষিক কর্মসূচী ৰূপায়ণৰ অৰ্থে পুঁজি ভাগ-বতৰা কৰা দায়িত্বও কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে পালন কৰিব।

(ii)‘মাধ্যমিক আৰু উচ্চতৰ শিক্ষাকোষ’ক এক সংৰক্ষিত পুঁজিৰ মর্যাদা প্ৰদান কৰা হ’ব। (iii) এই পুঁজিৰ পৰা কোনো ধৰণৰ সুদ আহৰণৰ ব্যৱস্থা নাথাকিব।

ইয়াৰ ফলত মাধ্যমিক আৰু উচ্চ মাধ্যমিকখণ্ডত নিৰ্দিষ্ট বিত্তীয় বৰ্ষত কোনোধৰণৰ সম্পদৰ নাটনি নহয়।

ইয়াৰ মুল বৈশিষ্ট্যবোৰ হৈছে-

(১) এই নিৰ্দিষ্ট আৰু স্থায়ী পুঁজিৰ দ্বাৰা আহৰিত চেচসমূহ মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ কাম-কাজৰ অৰ্থে যথোপযুক্ত পুঁজি উপলব্ধ হ’ব।

(২) মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত মানৱ সম্পদ মন্ত্ৰালয়ে আহৰিত চেচসমূহত ইয়াত ইতিমধ্যে কাৰ্যকৰী হৈ থকা আঁচনি যেনে- ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু আন আন অনুমোদিত আঁচনিত ব্যয় কৰিব। সেইবোৰ হ’ল-ৰাষ্ট্ৰীয় মেধাভিত্তিক বৃত্তি আঁচনি আৰু ছোৱালীৰ বাবে মাধ্যমিক শিক্ষাৰ উদ্গনিমুলক ৰাষ্ট্ৰীয় আঁচনি উল্লেখযোগ্য।

উচ্চতৰ শিক্ষাৰ ক্ষেত্ৰত আহৰিত ধন ব্যৱহাৰ কৰা হ’ব।

সেইবোৰৰ ভিতৰত মহাবিদ্যালয় আৰু বিশ্বমহাবিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীৰ জলপানী আৰু অন্যান্য ৰেহাইমুলক আঁচনি; ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযা; শিক্ষক আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় অভিযান আৰু বৃত্তি ইত্যাদি।

অৱশ্যে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ দিশত প্ৰয়োজনীয় যিকোনো আঁচনিত সুনিৰ্দিষ্ট ব্যৱস্থাৰ জৰিয়তে এই পুঁজি ব্যয় কৰিব পাৰিব।

এই পুঁজি প্রাৰম্ভিক শিক্ষাকোষৰ আওঁতাৰ ব্যৱস্থাৰ ভিত্তিত কাম-কাজ পৰিচালিত হ’ব। প্রাৰম্ভিক শিক্ষাকোষৰ চেচৰ পৰা আহৰণ কৰা সম্পদ সর্বশিক্ষা অভিযান আৰু মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণৰ বাবে ব্যবহাৰ কৰা হয়।

উল্লেখ্য যে অৰ্থনৈতিক পৰিক্ৰমা বিভাগক মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে কৰা আবেদনৰ ভিত্তিত ২০১৬ৰ ১১ ফ্ৰেব্ৰুৱাৰীত মাধ্যমিক আৰু উচ্চতৰ শিক্ষা কোষ গঠন কৰা হয়। অৰ্থনৈতিক পৰিক্ৰমা বিভাগে ২০১৬ৰ ২০ জুনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক এই ক্ষেত্ৰত অনুমোদন প্ৰদান কৰে আৰু তাৰ ভিত্তিতে মাধ্যমিক আৰু উচ্চতৰ শিক্ষা কোষ গঠনৰ খচৰা কেবিনেটত উত্থাপন কৰা হয়।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন জয় কৰা প্ৰথম মহিলা অঞ্জলি ছাৰাউগী

৬৩ বাৰ বিফলতাৰ পাছত আহিল সফলতা

৮২ বছৰীয়া 'ৰিভলভাৰ দাদী' চন্দ্ৰো তোমৰ