EDITIONS
Asamiya

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন

12th Dec 2015
Add to
Shares
28
Comments
Share This
Add to
Shares
28
Comments
Share

'প্ৰশ্ন- যদি কোনোবাই আপোনাৰ অঞ্চলটোত এখনো ৰেষ্টোৰাঁ নাই বুলি অভিযোগ কৰে , তেতিয়া আপুনি কি কৰিব? 

উত্তৰ- মইএখন ৰেষ্টোৰাঁ খুলিম। 

ভুল। আপোনাৰ স্থানত মই থাকিলে মই কেইবাখনো ৰেষ্টোৰাঁৰে মোৰ অঞ্চলেই নহয়, সমগ্ৰ দেশ তথা বিদেশতো ব্যৱসায় আৰম্ভ কৰিম।' 

প্ৰকৃততে এই কামটোৱেই পি.ৰাজাগোপালে কৰিছিল, যেতিয়া এজন লোকে তেওঁক কৈছিল যে চেন্নাইৰ কে.কে.নগৰত এখনো ৰেষ্টোৰাঁ নথকাৰ বাবে তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ বাবে টী.নগৰলৈ যাবলগীয়া হয়।

পি.ৰাজাগোপালৰ জীৱনৰ কাহিনীটো এখন হিট চিনেমাতকৈ কোনোগুণেই কম নহয়। কাৰণ তেওঁৰ জীৱন কাহিনীত উত্থান, আপৰাধ,দুৰ্বাৰ হেঁপাহ, ক্ষমতা আদি সকলো আছে। বৰ্তমান ছাৰাৱানা ভৱনৰ মুঠ ৩৩টা শাখা সমগ্ৰ ভাৰততে থকাৰ উপৰিও ৪৭টা শাখা বিদেশতো আছে। তেওঁৰ আত্মজীনী“I set my heart on victory“ত এই কথা লিখিছে ৰাজাগোপালে।


image


শৈশৱ-

১৯৪৭চনত তামিলনাডুৰ পুন্নাইডি নামৰ অতি পিছপৰা এখন গাৱৰ এটা দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰিছিল ৰাজাগোপালে। সেইসময়ত গাওঁখনত আনকি এটা বাছ আস্থানো নাছিল। ৭ম শ্ৰেনীলৈ পঢ়াৰ পিছত জীৱিকা উপাৰ্জনৰ বাবে তেওঁ বিদ্যালয় ত্যাগ কৰি এখন ৰেষ্টোৰাঁত কাম কৰিবলৈ যাব লগীয়া হৈছিল। ৰেষ্টোৰাঁখনত টেবুল চাফা কৰা ল'ৰা হিচাপে কাম কৰিছিল আৰু নিশা মজিয়াতে শুইছিল তেওঁ। লাহে লাহে চাহ বনাবলৈ শিকিলে তেওঁ । তাৰ পিছত তেওঁ এখন গেলামালৰ দোকানত সহায়কাৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু এই কামেই তেওঁক পৰৱৰ্তী সময়ত পিতৃ আৰু ভিনিহিয়েকৰ সহায় লৈ নিজৰ এখন গেলামালৰ দোকান খোলাৰ বাবে অনুপ্ৰাণিত কৰিছিল । সেয়াই আছিল তেওঁৰ ষ্টাৰ্ট আপৰ প্ৰথমটো পদক্ষেপ,য'ত তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সমুখীন হৈছিল। পৰিকল্পনা মতে কামবোৰ হৈ উঠা নাছিল আৰু কম বয়সীয়া ৰাজাগোপালৰ বাবে দোকান চলোৱাতো কঠিন হৈ পৰিছিল। কিন্তু তেওঁৰ ইচ্ছাশক্তিৰ বিজয় হৈছিল আৰু লাহে লাহে কামবোৰ থানথিত লাগি সফলতা আহিবলৈ আৰম্ভ কৰিছিল। এই গেলামালৰ দোকানখনতেই ১৯৭৯চনত এজন ছেলচমেনৰ সৈতে হোৱা বাৰ্তালাপত এই লেখাৰ আৰম্ভণীতে উদ্ধৃত ৰাজাগোপালৰ কথা-বতৰাখিনি হৈছিল আৰু তাৰ ফলশ্ৰুতিতেই ১৯৮১চনত জন্ম হৈছিল চাৰাৱানা ভৱনৰ । সেই সময়ত বাহিৰত খাবলৈ যোৱাটো এটা ট্ৰেণ্ডৰ পৰিৱৰ্তে এটা প্ৰয়োজনহে আছিল। সেই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ব্যৱসায়টো আৰম্ভ কৰিছিল ৰাজাগোপালে। আৰম্ভণীৰে পৰাই ৰাজাগোপালে খাদ্যসামগ্ৰীৰ গুণগত মান আৰু গ্ৰাহকৰ সন্তুষ্টিত গুৰুত্ব দি ব্যৱসায় চলাইছিল। আনকি নিম্ন মানৰ সামগ্ৰীৰে খাদ্য প্ৰস্তুত কৰি অধিক মুনাফা আদায় কৰি কৰ্মচাৰীসকলক মেনেজাৰৰ সমান দৰমহা প্ৰদান কৰাৰ পৰামৰ্শ দিয়া এজন কৰ্মচাৰীক তেওঁ চাকৰিৰ পৰা খেদি দিছিল। তাৰ বাবে তেওঁ ভাল খাদ্য দিয়াৰ বাবত ৰেষ্টোৰাঁখন প্ৰথমতে লোকচানত চলাব লগীয়া হৈছিল। প্ৰতি মাহতে প্ৰায় ১০,০০০টকা লোকচান ভৰিছিল তেওঁ। কিন্তু সময়ৰ লগে লগে যেতিয়া তেওঁৰ ৰেষ্টোৰাঁৰ নাম-যশ বৃদ্ধি হ'বলৈ ধৰিলে,তেওঁৰ সেই লোকচান লাভলৈ ৰূপান্তৰিত হল।

নীতি আৰু কৰ্মচাৰী-

ছাৰাৱানা ভৱনৰ সফলতা কেৱল উৎকৃষ্ট খাদ্যতে লুকাই থকা নাই,তাৰ আঁৰত আছে কৰ্মচাৰীৰ প্ৰতি থকা দৰদ আৰু এক উন্নত কৰ্মস্থান প্ৰদান কৰাতোও। ৰাজাগোপালে খাদ্যসামগ্ৰীসমুহ প্লেটৰ ওপৰত কলপাতত প্ৰদান কৰিছিল। এই ব্যৱস্থাই আনে খাই যোৱা বাচনত পুনৰ খাবলগীয়া হোৱা গ্ৰাহকৰ অশান্তি দুৰ কৰাই নহয় বাচন ধোৱাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ কষ্টও যথেষ্ট লাঘৱ কৰিছিল। ৰাজাগোপালে প্ৰতিমাহতে কৰ্মচাৰীসকলক চুলি কটোৱাইছিল,যাতে খাদ্যবস্তুত চুলি সৰি নপৰে আৰু গ্ৰাহকে আপত্তি নকৰে। তদুপৰি কৰ্মচাৰীসকলক পৰিপাতিকৈ সাজপাৰ পৰিধান কৰাতো গুৰুত্ব প্ৰদান কৰিছিল তেওঁ। কোনো কৰ্মচাৰীকে ৰাতি বহু দেৰিলৈকে চিনেমা আদি চাবলৈ অনুমতি প্ৰদান কৰা নাছিল,কাৰণ ই পিছদিনা তেওঁলোকৰ কামত বিৰুপ প্ৰভাৱ পেলাব পাৰে। ৰাজাগোপাল প্ৰথম পদক্ষেপ আছিল কৰ্মচাৰী সকলক চাকৰিৰ নিৰাপত্তা প্ৰদান কৰাটো। কৰ্মচাৰীসকলক থকাৰ সুবিধা কৰি দিয়াৰ লগতে নিৰ্ধাৰিত সময়ত দৰমহা বৃদ্ধি কৰিছিল। যিসকল কৰ্মচাৰীৰ পৰিয়াল গাৱঁত বাস কৰে তেওঁলোকক বছৰত এবাৰ ঘৰলৈ যাবৰ বাবে এটা নিৰ্দিষ্ট পৰিমানৰ ৰাশি প্ৰদান কৰিছিল তেওঁ। দুটাকৈ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰতো ৰাজাগোপালে কৰ্মচাৰীসকলক সহায় কৰিছিল। যদি কোনো কৰ্মচাৰীৰ কিবা অসুখ-বিসুখ হয় তেনেহলে দুজনকৈ অন্য কৰ্মীক তেওঁৰ চোৱাচিতাৰ দায়িত্ব প্ৰদান কৰি প্ৰেৰণ কৰা হৈছিল। এজন কৰ্মচাৰী কল্যাণ কৰা মানে তেওঁৰ পৰিয়ালটোৰ কল্যাণ কৰা। আৰু ইয়েই কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা আৰু কৰ্মপটুতা বৃদ্ধি কৰে।

যাবজ্জীৱন কাৰাবাস-

২০০৯চনত শান্তাৰাম নামৰ লোক এজনৰ হত্যাৰ অপৰাধত ৰাজাগোপালক যাৱজ্জীবন কাৰাদণ্ড বিহা হৈছিল। শান্তাৰাম আছিল তেওঁৰ এজন সহকাৰী ব্যৱস্থাপকৰ কন্যা জীবজ্যোতিৰ নিকট বন্ধু। আচলতে জীবজ্যোতিক ৰাজাগোপালে বিয়া পাতিব বিচাৰিছিল,কিন্তু তাই শান্তাৰামকহে ভাল পাইছিল। কেইবাবাৰো সকীয়াই দিয়াৰ পিছতে তেওঁলোক দুয়োৱে ইজনে আনজনৰ পৰা আতৰি নোযোৱাত শান্তাৰামক অপহৰণ কৰা হৈছিল আৰু তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল পশ্চিম ঘাটৰ পাহাৰৰ কাষত। পৰৱৰ্তী সময়ত সাক্ষীৰ অভাৱত ৰাজাগোপালক জামিনত মুকলি কৰি দিয়া হয়। ছাৰাৱানা ভৱনৰ খাদ্যপ্ৰিয় এজন গ্ৰাহকে সাংবাদিকৰ আগত কৈছিল যে,: “কিছুমান বন্ধুৱে মোক কয়, তুমি সেইখন ৰেষ্টেৰাঁলৈ কিদৰে যাব পাৰা। তুমি এজন হত্যাকাৰীৰ পকেট গৰম কৰি আছা। ’ মই তেওঁলোকক কওঁ, মই নাজানো কোনে মোৰ লগত ব্যৱসায় কৰি আছে। তেওঁ মদাহীয়েই নে পত্নীৰ ওপৰত আক্ৰমণকাৰীয়েই। যেতিয়ালৈকে তেওঁ মোক উৎকৃষ্ট খাদ্য প্ৰদান কৰি আছে,তেতিয়ালৈকে মই তেওঁৰ ৰেষ্টোৰাঁলৈ যাম ”

মূল -আদিত্য ভূষণ দ্বিবেদী

অনুবাদ-প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বাঁহেৰে সুদৃশ্য ঘৰ নিৰ্মাণ কৰে চিভিল ইঞ্জিনীয়াৰ ইন্দ্ৰানী মুখাৰ্জীয়ে

দুটা সন্তানৰ মাতৃ অৰ্চনা চৰডানা হৈছে ভাৰতৰ প্ৰথম মহিলা“বেছ” জাম্পাৰ

এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়

চৰকাৰী চাকৰি বাদ দি ব্যৱসায়ক আকোৱালি লোৱা এগৰাকী উদ্যমী

Add to
Shares
28
Comments
Share This
Add to
Shares
28
Comments
Share
Report an issue
Authors

Related Tags