কাজু- সফলতাৰ এক পৰিচিত নাম

কাজু- সফলতাৰ এক পৰিচিত নাম

Monday December 07, 2015,

2 min Read

সম ব্যৱহাৰ তেওঁৰ অন্যতম পৰিচয়। হয়, জ্যেষ্ঠজনক যথোচিত সন্মান প্ৰদর্শন কৰাৰ উপিৰও কনিষ্ঠ, ন-শিকাৰু সকলোকে সমব্যৱহাৰ কৰে এই ব্যক্তিজনে। নিজৰ নিষ্ঠা আৰু একাগ্ৰতাৰ দ্বাৰা এটি পৰিচিত নাম “কাজু”।

কাজু মজিদ, বোলছবি, ধাৰাবাহিকৰ এডিটৰ (সম্পাদক) তথা তথ্যচিত্ৰৰ এজন দক্ষ পৰিচালক। নহ’বৈনো কিয়? পুত্ৰ কাৰ? যাৰ তেজত বৈ আছে চিনেমা। তেখেতৰ পিতৃ আব্দুল মজিদ- অসমবাসীৰ বাবে নামেই পৰিচয়। এই দক্ষ অভিনেতা-পৰিচালকজনৰ পুত্ৰ কাজু মজিদ। সৰুৰে পৰা দেখি আহিছে ছবি নির্মাণৰ শৈলী। জড়িত হৈ পৰিছিল ছবি নির্মাণৰ কাৰিকৰী দিশ তথা অভিনয়ৰ সৈতেও। তেওঁ পঞ্চম মান শ্ৰেণীত পঢ়ি থকাৰ সময়তে পিতৃ আব্দুল মজিদে পৰিচালনা কৰা বিখ্যাত ছবি “চামেলী মেমচাহাব”ত অভিনয় কৰিছিল।

image


“গৰমৰ বন্ধ থকাৰ বাবে কলিকতাত সম্পাদনা কৰিবলৈ যোৱা দেউতাৰ মতে আমি গোটেই পৰিয়ালটো কলিকতালৈ গৈছিলো। বেগবাগানৰ আমাৰ অস্থায়ী ঘৰৰ পৰা টালিগঞ্জৰ সম্পাদনা কক্ষলৈ দেউতা আৰু সম্পাদকৰ বাবে দুপৰীয়া আহাৰ লৈ যোৱাটো আছিল মোৰ দৈনন্দিন কর্তব্য। সেয়াই আছিল সম্পাদনা কক্ষত মোৰ প্ৰথম প্ৰবেশ।”

শৈশৱতে জয়ন্ত হাজৰিকা, ড০ ভূপেন হাজৰিকা, পুলক গগৈ আদিৰ দৰে লোকসকলৰ সান্নিধ্য লাভ কৰা কাজু মজিদে চাকৰি পায়ো কৰিব পৰা নাছিল। হয়তো শৈশৱতে পিতৃৰ লগত ছবিৰ সৈতে জড়িত হৈ পৰা কাজু অসমৰ এটি প্ৰখ্যাত নাম হ’বলৈ অপেক্ষা কৰি আছিল।

চেন্নাইৰ এ শ্ৰীকৰ প্ৰসাদ (নানী)ৰ লগত থাকি এডিটিঙৰ প্ৰশিক্ষণ লয়। মাটিৰ মোহে তেওঁক অসমলৈকে টানি আনিলে। নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ অপৰিসীম সুবিধা পালে।

“প্ৰায় সত্তৰখন মান চিৰিয়েল, আঢ়ৈশমান টেলিফিল্ম, ছয়শতকৈও অধিক তথ্যচিত্ৰ, পচিশখন বোলছবি আৰু প্ৰায় দুশমান বিজ্ঞাপন সম্পাদনা কৰিছো। মই সম্পাদনা কৰা বহুতো তথ্যচিত্ৰই ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছে।”

‘And the Friends of Kaziranga’ শীর্ষক তথ্যচিত্ৰখনৰ বাবে তেওঁ Indian Documentary Producer’s Association- চমুকৈ IDPAৰ পৰা শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰৰ পুৰস্কাৰ লাভ কৰিছিল। এই তথ্যচিত্ৰখনে শ্ৰেষ্ঠ “ৰাজ্যিক চলচ্চিত্ৰ বঁটা” লাভ কৰাৰ উপৰিও কাজু মজিদে পাইছিল শ্ৰেষ্ঠ তথ্যচিত্ৰ পৰিচালকৰ বঁটা। বিভিন্ন ছবিৰ বাবে এতিয়ালৈকে পাঁচবাৰ শ্ৰেষ্ঠ সম্পদাকৰ “ৰাজ্যিক চলচ্চিত্ৰ বঁটা” লাভ কৰিছে।

তেখেতে জুটি লগায় খাই ভাল পায়, জুটি লগায় খুৱাই ভাল পায়, বৰশী বাই মাছ ধৰি ভাল পায়। তেখেতে কয়- “মোৰ জীৱনত মোৰ পত্নী জুনুকা আৰু মোৰ দুই পুত্ৰৰ অনুপ্ৰেৰণা অপৰিসীম। কামৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ লগতে সময় কটাই ভাল পাওঁ। ঘৰুৱা সৰুসুৰা কাম, ৰন্ধা, ফুলৰোৱা, ল’ৰা দুটাৰ পঢ়াৰ যত্ন লোৱাৰ মোৰ দায়িত্ব হেৰফেৰ নোহোৱাকৈ পালন কৰিবলৈ যত্পৰোনাস্তি চেষ্টা কৰোঁ।”

কাজু মজিদৰ এই সফলকাম জীৱন সকলোৰে বাবে প্ৰেৰণাৰ উৎস হওক।