বিনিয়োগকাৰীক আপোনাৰ ব্যৱসায়ৰ প্ৰতি কিদৰে আকৰ্ষিত কৰাব

সোণালী ৰাৱল

বিনিয়োগকাৰীক আপোনাৰ ব্যৱসায়ৰ প্ৰতি কিদৰে আকৰ্ষিত কৰাব

Saturday September 02, 2017,

4 min Read

গলিয়ে গলিয়ে গঢ়ি উঠিছে ষ্টাৰ্টআপ । কিন্তু এই ষ্টাৰ্টআপবোৰৰ কিমানে প্ৰকৃততে বিনিয়োগ লাভ কৰে ? ফাণ্ডেবলৰ এটা সমীক্ষা মতে ১ শতাংশতকৈও কম ষ্টাৰ্টআপে এঞ্জেল ইনভেষ্টৰ পাবলৈ সক্ষম হয় আৰু ০.০৫ শতাংশইহে ভেঞ্চাৰ কেপিটেলিষ্টৰ বিনিয়োগ পাবলৈ সক্ষম হয় । ১০ টা বিনিয়োগৰ বাবে ভিচিয়ে প্ৰায় ১২০০ প্ৰস্তাৱ পৰীক্ষা কৰে । 

এই তুমুল প্ৰতিযোগিতাত তিষ্ঠি থাকিবৰ বাবে এটা অন্যতম উপায় হৈছে বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ এটা ইনভেষ্টৰ পিটছ অৰ্থাৎ বিনিয়োগকাৰীৰ উদ্দেশ্যে জনোৱা আবেদন । যদিও এই কথা সত্য যে ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে আপোনাৰ হাতত পুঁজি থকাৰ প্ৰয়োজন নাই আৰু আপোনাৰ ব্যাৱসায়িক ধাৰণা ভাল হ'লে বিনিয়োগ আহিবই, তথাপিও আপুনি বিনিয়োগৰ উপযুক্ত ৰূপত আপোনাৰ ব্যাৱসায়িক ধাৰণাটোক দাঙি ধৰিব পাৰিব লাগিব ।

image


বিনিয়োগকাৰীৰ মন জয় কৰিব পৰাকৈ এটা পিটছ লিখাৰ বাবে প্ৰথমে জানিব লাগিব বিনিয়োগকাৰীয়ে কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ সিদ্ধান্ত লয় । যদিও প্ৰতিজন বিনিয়োগকাৰীয়ে নিজা দৃষ্টিভঙ্গী আৰু বিনিয়োগ নীতি অনুসৰি সিদ্ধান্ত লয় তথাপিও বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত কিছুমান উমৈহতীয়া কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । একো একোজন বিনিয়োগকাৰীয়ে এই কাৰকবোৰৰ ওপৰত দিয়া গুৰুত্ব ভিন্ন ভিন্ন হয় তথাপিও সমাগ্ৰিকভাৱে এই কাৰকবোৰ বিনিয়োগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ।

গতিকে ইনভেষ্টৰ পিটছ লিখাৰ আগতে কোনোবৰ প্ৰশ্ন বিনিয়োগকাৰীৰ মনত উদ্ভৱ হয় সেয়া জানি লোৱা ভাল । যদি এই প্ৰশ্নবোৰৰ উত্তৰ স্পষ্টভাৱে পিটছটোত থাকে তেনেহলে বিনিয়োগৰ সম্ভাৱনা লগে লগে বাঢ়ি যায় ।

আপোনাৰ ব্যাৱসায়িক ধাৰণা, সেৱা বা সামগ্ৰীবিধে কোনো বাস্তৱ সমস্যাৰ সমাধান কৰে নে 

ই কোনটো সমস্যাৰ সমাধান কৰিব ?

সমস্যাটো বাস্তৱ নে ?

এই সমস্যাটো কাৰ কাৰ আছে ?

এই সমস্যা কিমান ব্যাপক?

এই সমস্যাৰ সমাধানৰ বাবে মানুহে ধন ব্যয় কৰিব নে?

এইখিনি কথাই আপোনাৰ গ্ৰাহক সম্পৰ্কে এখন প্ৰকৃত ছবি দাঙি ধৰিব । যদি আপুনি নিজে এই সমস্যাৰ সন্মূখিন হৈছিল অথবা আন কাৰোবাক এই সমস্যাৰ সন্মূখিন হোৱা দেখিছিল আৰু তাৰ ফলতে আপোনাৰ মনলৈ এই ধাৰণাটো আহিল তেনেহলে সেই কথা বিনিয়োগকাৰীক কওক । এটা ব্যক্তিগত অভিজ্ঞতাই আপোনাৰ ধাৰণাটো সম্পৰ্কে বিশ্বাস জন্মোৱাত সহায় কৰিব ।


আপোনাৰ সামগ্ৰীবিধ, সেৱা অথবা ব্যাৱসায়িক ধাৰণাটোৱেই এই সমস্যাৰ সঠিক সমাধান নে?

আপোনাৰ ধাৰণাটোৰ সম্ভাৱনা কিমান?

এই সমস্যাটো সমাধানৰ আন কেইটা দৃষ্টিভঙ্গী আপুনি পৰীক্ষা কৰি চাইছে ?

বজাৰত উপলব্ধ আন সমাধানবোৰ কি কি?

আপোনাৰ সমাধানটো আনতকৈ কিয় ভাল?

উদাহৰণ: ভাৰতৰ অন্যতম ভেঞ্চাৰ ফাণ্ড Ventureastএ এনেধৰণ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ বিচাৰে যিবোৰ ব্যৱসায়ৰ দ্ৰুতগতিত প্ৰসাৰ লাভ কৰাৰ সুবিধা থাকে আৰু তেওঁলোকৰ দৃষ্টিত যিবোৰ ব্যৱসায়ৰ প্ৰকৃতাৰ্থত পৰিবেশ সলনি কৰি দিব পৰা ক্ষমতা থাকে । 

আপোনাৰ সামগ্ৰী/সোৱা বা ধাৰণাটোৰ বজাৰ বৃদ্ধিৰ সম্ভাৱনা আছে নে নাই ?

ইয়াৰ সামগ্ৰিক বজাৰখন কিমান ডাঙৰ?

বজাৰৰ কোনটো অংশ আপুনি লক্ষ্য হিচাপে লৈছে?

বজাৰখনৰ আপুনি দখল কৰিব পৰা অংশটো সম্পৰ্কে আপোনাৰ পূৰ্বনুমান সত্য নে?

বজাৰ দখল কৰিবলৈ আপোনাৰ ৰণনীতি কি?

আপোনাৰ প্ৰতিদ্বন্দী কোন?

প্ৰতিদ্বন্দীৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ আপোনাৰ নীতি কি?

উদাহৰণ: Bigbasket, pepperfry আৰু zivame ত বিনিয়োগ কৰা Zodius Capitalৰ নীতি হৈছে এনে ধৰণৰ ব্যৱসায়ত বিনিয়োগ কৰা যি সম্পূৰ্ণ নতুন ধৰণৰ বজাৰ সৃষ্টি কৰিবলৈ সক্ষম ।

এই সমস্যাৰ সমাধান দিবলৈ আপোনাৰ কৰ্মীদলটো কিয় উপযুক্ত?

আপোনাৰ দলৰ সদস্যসকলৰ দক্ষতা কি ?

একোটা ধাৰণাক ৰাজহ সৃষ্টিকাৰী ব্যৱসায়লৈ পৰিণত কৰাৰ ক্ষেত্ৰত আপোনাৰ দলটোৰ ইতিহাস কেনেকুৱা?

এই ক্ষেত্ৰখনত আপোনাৰ বিশেষ কিবা দক্ষতা আছে নে?

আপোনাৰ উদ্যোগটোত হৈ থকা বিভিন্ন পৰিৱৰ্তন সম্পৰ্কে আপুনি সচেতন নে ?

আপোনাৰ কৰ্মীদলৰ দায়বদ্ধতা কিমান?

আপুনি প্ৰয়োজন অনুসৰি আনৰপৰা পৰামৰ্শ আৰু মাৰ্গদৰ্শন লবলৈ প্ৰস্তুত নে?

আপোনাৰ আৰু আপোনাৰ অংশীদাৰসকলৰ মাজত চিন্তাধাৰাৰ মিল আছে নে ?

উদাহৰণ: A-Grade Investmentsৰ জৰিয়তে বিনিয়োগ কৰা এশ্বটন কাটচাৰৰ মতে এটা ভাল ধাৰণাই তেওঁক বিনিয়োগৰ প্ৰতি আগ্ৰহী নকৰে যদিহে উদ্যোগটো সম্পৰ্কে উদ্যমীসকল জ্ঞাত নহয়, ধৈৰ্যশীল নহয় আৰু তেওঁলোকৰ সৈতে সম্পৰ্ক ৰাখিবলৈ তেওঁ ইচ্ছুক নহয় ।

আপোনাৰ ধাৰণাক কাৰ্যত পৰিণত কৰিবলৈ আপুনি কিমান সক্ষম?

আপুনি ইতিমধ্যে কি লাভ দেখুৱাবলৈ সক্ষম হৈছে ? বিক্ৰীৰ পৰিমাণ, ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি, বিনামূলীয়া সেৱাৰ পৰা পেইড সেৱালৈ পৰিৱৰ্তিত গ্ৰাহকৰ সংখ্যা ইত্যাদি?

আপোনাৰ ৰাজহ আহৰণৰ আৰ্হিটো কি?

গ্ৰাহক বৃদ্ধিৰ বাবে আপুনি কি কৰে আৰু ইয়াৰ খৰচ কিমান?

এজন গ্ৰাহক লাভ কৰাৰ খৰচৰ বিপৰীতে এজন গ্ৰাহকৰ মূল্য কিমান?

আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে আপুনি বিশেষ কিবা পাৰ্টনাৰশ্বিপ গঢ়িছে নেকি?

উদাহৰণ: Citi Venturesৰ Vanessa Colellaৰ বিশ্বাস যে ধাৰণাক কাৰ্যত পৰিণত কৰিব পৰা গুণেই একোজন সফল উদ্যমী সৃষ্টি কৰে ।

আপুনি যি ৰিষ্ক ল'ব সি লোৱাৰ উপযুক্ত নে?

বিনিয়োগকাৰীৰ চিন্তাধাৰাৰ সৈতে আপোনাৰ ব্যৱসায়ৰ মিল আছে নে? যিকোনো সম্ভাব্য বিপদ ( আইনগত, পেটেন্ট ইত্যাদি ) সম্পৰ্কে আপুনি জ্ঞাত নে ?

বিপদ কমাবলৈ আপোনাৰ কিবা নীতি আছে নে?

আপোনাৰ ধাৰণাটোৰ শেহতীয়া ট্ৰেণ্ডৰ সৈতে মিল আছে নেকি? ইয়াতকৈ নতুন কিবা এটাই বজাৰখনত বিঘটন সৃষ্টি কৰাৰ সম্ভাৱনা কিমান?

আপোনাৰ এক্সিট প্লেন ( বিনিয়োগকাৰীক তেওঁৰ পইচা ঘূৰাই দি বিদায় দিয়াৰ আঁচনি কি?)

উদাহৰণ: Sequoia Capitalৰ শৈলেন্দ্ৰ সিঙৰ মতে তেওঁৰ কামটো হৈছে এটা উদ্যেগৰ গোলিয়াথৰ বিৰুদ্ধে এজন ডেভিডক সহায় কৰা । এই কামটো কৰিবলৈ তেওঁ কিছুমান সাহসী সিদ্ধান্ত লয় আৰু মাজে মাজে বিফলতা স্বীকাৰ কৰিবলৈও প্ৰস্তুত থাকে ।

আমি একোজন বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ আগতে কোনবোৰ দিশ চালি-জাৰি চায় তাৰ এটা সম্যক ধাৰণা দিবলৈ যত্ন কৰিছো । বিনিয়োগকাৰীক আপোনাৰ ব্যাৱসায়িক ধাৰণাটোৰ প্ৰতি আগ্ৰহী কৰিবৰ সময়ত এইবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিলে নিশ্চিতভাৱে বহু সহায় হ'ব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

তালিবানৰ কবলৰপৰা পলায়ন কৰা শিশু নাদিয়া আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় স্তৰৰ ফুটবলাৰ

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক

৬৩ বাৰ বিফলতাৰ পাছত আহিল সফলতা

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক