EDITIONS
Asamiya

মহিলাৰ বন্ধ্যাত্ব আঁতৰ কৰাৰ লক্ষ্যৰে দুগৰাকী উদ্যোগশীল মহিলা

7th Nov 2015
Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share

মহিলাসকলৰ মাজত দেখা দিয়া এটা অন্যতম সমস্যা হৈছে বন্ধ্যাত্ব। চিকিৎসা বিজ্ঞানৰ ই এটা জটিল বিষয়।এনে এটা সমস্যা দূৰ কৰাৰ বাবে বদ্ধপৰিকৰ দুগৰাকী উদ্যোগী মহিলা চিকিৎসক। চিকিৎসা বিজ্ঞানৰ পেছাত সফলতা অৰ্জন কৰা দুগৰাকী চিকিৎসক ডাঃ নিৰ্মলা আৰ আৰু ডাঃ বৰ্ষা চেমচন ৰয়ে যুটীয়া প্ৰচেষ্টাৰে আজিৰ পৰা ১০ বছৰ পূৰ্বে মহিলাৰ বন্ধ্যাত্ব আঁতৰ কৰাৰ বাবেই এক পদক্ষেপ গ্ৰহণ কৰিছিল।

image


এই সিদ্ধান্তৰ ফলশ্ৰুতিত চিকিৎসকদ্বয়ে ২০০৪ চনত বাংগালুৰুৰ জে পি নগৰত এডভান্সড ফাৰটিলিটি চেন্টাৰ স্থাপন কৰিছিল। এখন ছুপাৰস্পেছিয়েলিটি চিকিত্সা প্ৰতিষ্ঠান এডভান্সড ফাৰটিলিটি চেন্টাৰ মুখ্যত বন্ধ্যাত্বৰ চিকিৎসাৰ সৈতে জড়িত। এই প্ৰতিষ্ঠানত ডাঃ নিৰ্মলা আৰে ৰোগশয্যা বিভাগটো তত্বাৱধান কৰাৰ লগতে ভ্ৰুণতত্বৰ চিকিৎসাৰ দায়িত্বত আছে ডাঃ বৰ্ষা চেমচন ৰয়।

বন্ধ্যাত্বৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ডাঃ নিৰ্মলা আৰক অলপতে আৰ্যভট্ট বটাঁৰেও সন্মানিত কৰা হৈছে। নেছনেল ইউনিভাৰছিটিৰ অৱ ছিংগাপুৰৰ স্নাতক ডাঃ বৰ্ষা চেমচন ৰয় হৈছে এগৰাকী সফল ভ্ৰুণতত্ববিদ। নিজৰ কামৰ ওপৰত অটল বিশ্বাস থকা বৰ্ষাই ভাবে যে আগন্তুক ১০ বছৰত উন্নত চিকিৎসা বিশেষত চিকিৎসা বিজ্ঞানৰ পৰীক্ষাগাৰতহে সম্পন্ন হ’ব।

বৰ্তমান সফলভাৱে পৰিচালিত আৰু চৰ্চিত এডভান্সড ফাৰটিলিটি চেন্টাৰৰ স্বত্বাধিকাৰী দুয়োগৰাকী উদ্যোগী মহিলাই কব বিচাৰে যে আজিৰ পৰা ১০ বছৰ আগতে এনে এটা চিকিৎসা প্ৰতিষ্ঠানৰ আৰম্ভনি কৰাৰ চিন্তাই আছিল যথেষ্ঠ দুঃসাহসীক।

এডভান্সড ফাৰটিলিটি চেন্টাৰ নামৰ চিকিৎসা প্ৰতিষ্ঠানৰ আৰম্ভনিৰ দুবছৰৰ ভিতৰতে ডাঃ নিৰ্মলা আৰ আৰু ডাঃ বৰ্ষা চেমচন ৰয়ে বুজি উঠিছিল যে বন্ধ্যাত্ব চিকিৎসাৰ ক্ষেত্ৰত দুয়োগৰাকী উদ্যোগী মহিলাই গ্ৰহণ কৰা সিদ্ধান্ত তেওঁলোকৰ আবেগৰ সৈতে জড়িত। অৰ্থনৈতিক দিশত দুয়োগৰাকী মহিলা কিছু ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হৈছিল যদিও ডাঃ বৰ্ষাৰ মতে পৰিয়ালৰ পৰা পোৱা সহায়-সহযোগিতাৰ বাবেই তেওঁলোক আজি সফল হ’ব পাৰিছে।

সফলতাৰ কাহিনী

মাথো ১০ ৰ পৰা ১৫ গৰাকী ৰোগীৰ চিকিৎসাৰে আৰম্ভ হোৱা এডভান্সড ফাৰটিলিটি চেন্টাৰৰ এতিয়া ৰোগীৰ সংখ্যা পাঁচ হাজাৰৰো অধিক। বিগত ১০ বছৰৰ পৰিশ্ৰমৰ এই সফলতাত দুয়োগৰাকী চিকিৎসক যথেষ্ঠ উৎফুল্লিত। দুই হাজাৰ বৰ্গমিটাৰ পৰিষৰত আৰম্ভ হোৱা এডভান্সড ফাৰটিলিটি চেন্টাৰৰ বৰ্তমান আছে এটা উন্নত প্ৰযুক্তিবিদ্যসম্পন্ন চিকিৎসাৰ পৰীৰক্ষাগাৰ।

মহিলা উদ্যোগী হিচাপে দুয়োগৰাকী চিকিৎসকে কম-বেছি পৰিমাণে ব্যৱসায়িক ক্ষেত্ৰত কিছুমান ধনাত্মক আৰু ঋণাত্মক দিশৰ মুখামুখী হবলগীয়া হৈছে। কিন্তু নিজৰ কামৰ প্ৰতি থকা ধাউতিৰ বলতেই আজি ডাক্তৰ নিৰ্মলা আৰ আৰু ডাক্তৰ বৰ্ষা চেমচন ৰয়ে একেটা শিশুৰ মুখত হাঁহি বিৰিঙাই চিকিৎসকৰূপে সফল হোৱাৰ লগতে ব্যৱসায়িক ক্ষেত্ৰতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।


Add to
Shares
0
Comments
Share This
Add to
Shares
0
Comments
Share
Report an issue
Authors

Related Tags