অৰ্ধশতিকা ধৰি ঘৰৰ ছাদতে এখন অৰণ্য প্ৰতিপালন কৰি আহিছে গুৱাহাটীৰ লাবু সেনাপতিয়ে
কংক্ৰিটৰ মহানগৰীত এখন অৰণ্য। এইখন অৰণ্য পিছে নিজে হোৱা নাই। এজোপা এজোপাকৈ গছ ৰুই, বছৰ বছৰ ধৰি আপডাল কৰি নিজে বিচৰা ধৰণে গঢ়ি তোলা হৈছে এইখন অৰণ্য। আচৰিত নহ’ব, এই অৰণ্যখন আছে ঘৰৰ ছাদৰ ওপৰত। গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ সেনাপতি উপপথৰে মাত্ৰ কেইমিটাৰ মান সোমাই গ’লেই লাবু সেনাপতিৰ ঘৰ। নিজে থকা ঘৰটোৰ কাষতে থকা পুৰণি ঘৰটোৰ ছাদৰ ওপৰতে আছে লাবু সেনাপতিয়ে নিজে গঢ়ি লোৱা অৰণ্যখন। জৰি, আঁহত, বকুল, সৌৰা, কঠাল, কমলা, চপেটা, তেতেলী, নৰসিংহ, গট, পাকৰি, সৰল আৰু কত কি যে গছ! প্ৰায় সাতশ গছেৰে ভৰি আছে ছাঁদখন। লাবু সেনাপতিয়ে প্ৰায় অৰ্ধশতিকা জুৰি এই গছ সমূহ ৰুই, আপডাল কৰি গঢ়ি তুলিছে এজোপা এজোপা সুন্দৰ বনছাই। এনে সাতশ বনছাই এতিয়া লাবু সেনাপতিৰ অমুল্য সম্পদ। ইয়াৰ মাজতে আছে আটাইতকৈ বয়সীয়াল- ৫১ বছৰীয়া জৰি জোপা। উচ্চতা প্ৰায় ১ মিটাৰ। আটাইতকৈ কম বয়সীয়া জোপাৰ বয়স কমেও ১০ বছৰ। সকলোবোৰেই দেখাত এজোপা এজোপা পুৰঠ গছ। অধিকাংশৰে উচ্চতা ডেৰফুটৰ পৰা দুই ফুট মান। এজোপা এজোপা সুন্দৰ বনছাই। অৱশ্যে লাবু সেনাপতিয়ে নতুনকৈ বনছাই কৰিবলৈ এৰা নাই। চেগাছোৰোকাকৈ নতুন বনছাই কৰি আছে। সেয়া বৰ্তমান থকা ১০ বছৰ মান পুৰণি নতুন ঘৰটোৰ ছাঁদত আছে।

কোৱাৰ প্ৰয়োজন নাই, যে বনছাই কৰাটো লাবু সেনাপতিৰ বহু পুৰণি অভ্যাস। লাবু সেনাপতিয়ে বনছাই কৰা আৰম্ভ কৰিছিল শ্বিলঙত। লাবু সেনাপতিৰ পুৰ্বপুৰুষৰ ঘৰ গুৱাহাটীৰ শিলপুখুৰীতে যদিও ককাক সোনাধৰ সেনাপতিৰ ফাৰ্ম আছিল শ্বিলঙৰ কেনচেছ ট্ৰেছত। কেনচেছ ট্ৰেছৰ সেনাপতি কেটল ফাৰ্মতে ১৯৪২ চনত জন্ম লাবু সেনাপতিৰ। লাবু সেনাপতিৰ ককাকৰ গছ ৰোৱাটো আছিল অভ্যাসৰ দৰেই। সোনাধৰ সেনাপতিয়ে তেওঁৰ মৃত্যুত ‘শ্যামল শ্ৰাদ্ধ’ অৰ্থাৎ শ্ৰাদ্ধৰ সলনি তেওঁৰ নামত গছ ৰুবলৈ কৈছিল পুত্ৰক অৰ্থাৎ লাবু সেনাপতিৰ পিতৃক। তেনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰা লাবু সেনাপতিৰ স্বভাৱতেই আছিল প্ৰকৃতিৰ প্ৰতি প্ৰেম, গছৰ প্ৰতি প্ৰেম, গছ ৰোৱাৰ আজন্ম প্ৰীতি।

১৯৬৪ চনত প্ৰথম এজোপা জেছমিন গছ টাবত ৰুইছিল লাবু সেনাপতিয়ে। কিন্তু জেঠায়েক ইন্দিৰা মিৰিয়ে লাবু সেনাপতিক ক’লে এজোপা ডাঙৰ গছ টাবত জীয়াই ৰাখিবলৈ নিশ্চয় অন্য উপায় থাকিব। তেনেদৰেই উপায় বিচাৰি আৰম্ভ হ’ল লাবু সেনাপতিৰ বনছাই যাত্ৰা। অৱশ্যে তেতিয়াও তেওঁ জনা নাছিল বনছাই কাক কয়। পৰবৰ্তী সময়ত বনছাই কলাৰ বিষয়ে জানিব পাৰি মূল জাৰ্মান, জাপানী আৰু চীনা ভাষাৰ ইংৰাজী অনুবাদ কিতাপৰ জৰিয়তে লাবু সেনাপতিয়ে বনছাইৰ ওপৰত বিস্তৃত অধ্যয়ন কৰে । ১৯৬৭ চনত অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলঙত যোগদান কৰা লাবু সেনাপতি ১৯৭৬ চনত বদলি হৈ আহে অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটীলৈ। শ্বিলঙত থকা সময় চোৱাত কৰা ১০-১২ জোপা বনছাইয়ো লগতে লৈ আহে গুৱাহাটীৰ ঘৰলৈ। গুৱাহাটীৰ শিলপুখুৰীৰ ঘৰত চোতালত পানী উঠি লাবু সেনাপতিয়ে ৰোৱা কেইবাজোপা গছ মৰি গ'ল। পিছে হতোদ্যম নহ'ল তেওঁ। ঘৰৰ ছাঁদত বনছাই কৰাত পুৰাদমে লাগি গ’ল লাবু সেনাপতি। বিভিন্ন প্ৰজাতিৰ, বিভিন্ন ধৰণৰ গছ ইজোপাৰ পিছত সিজোপাকৈ বনছাই কৰি গ’ল লাবু সেনাপতিয়ে।
পৰবৰ্তী সময়ত মালয়েছিয়া, ছিংগাপুৰত কেইবাখনো বনছাই প্ৰদৰ্শনী চাইছে লাবু সেনাপতিয়ে। লাবু সেনাপতিয়ে বাংগালুৰুৰ লালবাগত থকা চৰকাৰী উদ্যান শস্য বিভাগৰ বনছাইৰ সংগ্ৰহালয়ো চাইছেগৈ। উপলদ্ধি কৰিছে নিজৰ বনছাই কেইজোপা প্ৰকৃততে কিমান উৎকৃষ্ট মানৰ। লাবু সেনাপতিয়ে নতুন দিল্লীৰ প্ৰগতি ময়দানত হোৱা ‘ভাৰত আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা’ (India International Trade Fair- IITF) ত কেইবাবাৰো ভাগ লৈ প্ৰদৰ্শন কৰিছে বনছাই। ২০০৩ চনত অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটীৰ পৰা অৱসৰ লোৱাৰ পিছত ২০০৪ চনত শেষবাৰৰ বাবে ভাগ লৈছিল আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলা খনত।
এতিয়াও দিনটোৰ বহু সময় বনছাইৰ লগতে পাৰ কৰে লাবু সেনাপতিয়ে। জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ সময় চোৱাত প্ৰয়োজন অনুসৰি প্ৰতিজোপা গছৰ মাটি সলায়, গুৰি পৰিস্কাৰ কৰি তোলে। প্ৰায় ৭০০ গছত পানী দিওতেই সময় লাগে আঢ়ৈ- তিনিঘন্টা।

এতিয়া লাহে লাহে বনছাই চাহিদা বাঢ়িছে। বিভিন্ন প্ৰদৰ্শনী, বাণিজ্য মেলাত দেখি অসমৰ দুই একেও বনছাই কিনিব বিচৰা হৈছে। একোজোপা বনছাইৰ বজাৰ মুল্য কেইবা হাজাৰ টকা। লাবু সেনাপতিয়ে অৱশ্যে নিজৰ চখৰ বাবেই বছৰ বছৰ ধৰি কৰি গৈছে বনছাই। বনছাইকলৈ ভৱিষ্যত পৰিকল্পনাৰ কথা সোধাত লাবু সেনাপতিয়ে ক’লে-“মোৰ বয়স এতিয়া ৭৪ বছৰ, আন পৰিকল্পনা নাই বনছাই কৰি যাম যেতিয়ালৈকে পাৰোঁ”। লগতে জুলাই মাহত গুৱাহাটীত এখন প্ৰদৰ্শনী পতাৰ কথা চিন্তা কৰাৰ কথা ক’লে লাবু সেনাপতিয়ে। প্ৰদৰ্শনী খনত থাকিব লাবু সেনাপতিৰ আন বহু শিল্প কৰ্মও। বনছাইৰ লগতে আন কেইবাটাও চখ আছে লাবু সেনাপতিৰ। লাবু সেনাপতিৰ ড্ৰয়িং ৰুমত আছে নিজে ডিজাইন কৰা বহু সামগ্ৰী। নাঙল, উড়ালৰ দৰে সামগ্ৰীও ড্ৰয়িং ৰুমলৈ আনি সজাইছে লাবু সেনাপতিয়ে। সেইদৰে আছে নিজে ডিজাইন কৰা ফাৰ্নিছাৰ, গছৰ সৰু সৰু ডাল মিহিকৈ কাটি আয়তাকাৰে সজোৱা মুৰেলকে ধৰি বহু সামগ্ৰী। ফ’টোগ্ৰাফীও আন এক চখ লাবু সেনাপতিৰ।
লাবু সেনাপতিৰ দৰে এজন ব্যক্তি বহুতৰ বাবেই এক প্ৰেৰণা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ
'নিঃশব্দ'ৰে বাংময় যাত্ৰা প্ৰাঞ্জল গগৈৰ
এজন ডেলিভাৰী বয়ৰ পৰা এজন উদ্যোগীলৈ:কোচিৰ এজন ২৭বছৰীয়া স্বপ্ন বিলাসী যুৱকৰ জীৱন যাত্ৰা