EDITIONS
Asamiya

বাৰাণসীত দৱাইলে’লই আগবঢ়াইছে অভিনৱ সেৱা

Team YS Asamiya
19th Feb 2016
4+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on

বাৰাণসীৰ এটা একক পৰিয়ালৰ সন্তান ২৫ বছৰীয়া আদিত্য আগৰৱাল। উচ্চ শিক্ষাৰ বাবে আদিত্য যেতিয়া এলাহাবাদলৈ যাবলগীয়া হ’ল, তেওঁৰ মনত এটা চিন্তাই আমনি কৰিলে। ‘উচ্চ শিক্ষাৰ বাবে ঘৰৰ বাহিৰ যেতিয়া হ’লো, মনত সদায় এটাই চিন্তা আহি থকা হ’ল যে, ঘৰৰ কাৰোবাৰ যদি অসুখ হয়, কোনে তেওঁৰ স্বাস্থ্যৰ যতন ল’ব? তেতিয়া মোৰ হাতত কোনো উপায় নাছিল।’

আদিত্যৰ এই চিন্তা আৰু বাঢ়িল যেতিয়া তেওঁ ২০১২ চনৰ জুলাইত দিল্লীলৈ এমবিএ পঢ়িবলৈ গ’ল। কিন্তু তেতিয়াই তেওঁৰ ই-কমাৰ্চ ক্ষেত্ৰখনৰ সৈতে পৰিচয় ঘটিল আৰু মানুহৰ ঘৰে ঘৰে ঔষধ যোগান ধৰিবলৈ তেওঁ এটা সমাধান সূত্ৰ বিচাৰি পালে।

তেওঁৰ এই ইচ্ছা সফলতাৰে মনত ৰোপন কৰাৰ পিছত তেওঁ স্কুলৰ বন্ধু অৰ্পিত চাৰিনৰ(২৫)ওচৰলৈ গ’ল তেওঁৰ সৈতে কাম কৰিব নেকি সুধিবলৈ, যি সেই সময়ত কিছুমান সামাজিক উদ্যোগশীলতাৰ বাবে কাম কৰি আছিল। “আমি সেই সময়ত আছিলো চাকৰি প্ৰত্যাশী। আমি জনা নাছিলো যে, আমি এটা কোম্পানী খুলিব পাৰিম। গতিকে ই আমাৰ বাবে এটা ভাল সুযোগেই হ’ব।” আদিত্যই এইদৰে ক’লে। অৱশ্যে,প্ৰকৃত অনুপ্ৰেৰণা আহিল সেই বছৰেৰে ডিচেম্বৰ মাহত, যেতিয়া আদিত্য আৰু অৰ্পিত জাগৃতি যাত্ৰালৈ গ’ল। এই জাগৃতি যাত্ৰা হ’ল ভৱিষ্যতৰ উদ্যোগীসকলক গঢ়ি তুলিবলৈ সমগ্ৰ দেশজুৰি কৰা এক ৰে’ল যাত্ৰা।

আমি এই যাত্ৰাত আমাৰ বয়সৰেই কিছুমানক লগ পাইছিলো, যাৰ নিজা নিজা ষ্টাৰ্ট-আপৰ ধাৰণা আছিল। হাতত টকা আৰু অভিজ্ঞতা নাছিল যদিও কম বয়সীয়া যুৱক-যুৱতীসকলে নিজা আইডিয়া খটুৱাই কামত ধৰিছিল আৰু তেওঁলোকে এয়া কৰিও দেখুৱাইছিল। এইটোৱে আমাক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিছিল। আমি মাত্ৰ এটা কথাই জানিছিলো যে, সমস্যা এটা আছে আৰু ইয়াৰ বাবে সমাধানৰ প্ৰয়োজন।

image


আৰম্ভণীৰ সময়ছোৱা

দুয়ো তেওঁলোকৰ ষ্টাৰ্ট-আপ ২০১৩ চনত আৰম্ভ কৰে। আজি তেওঁলোকৰ এই মঞ্চ দৱাই লে’লই স্বাস্থ্যখণ্ডৰ সমস্যা সমাধান কৰি ঔষধৰ প্ৰয়োজন থকা লোকৰ দুৱাৰমুখত ঔষধ যোগান ধৰাৰ লক্ষ্য বান্ধি লৈছে। তদুপৰি তেওঁলোকে চিকিৎসকৰ এখন তালিকা প্ৰস্তুত কৰাৰ লগতে গ্ৰাহকৰ সৈতে যোগাযোগ কৰি পেথ’লজি লেবৰ ঠিকনা সংগ্ৰহ কৰে আৰু ৰোগীৰ নমুনা লৈ গৈ লেবত দিয়ে আৰু ৰিপ’ৰ্ট আনি পুনৰ ৰোগীৰ ঘৰত দিয়েহি।

আদিত্যই আজিও সোৱঁৰে সেই উষ্ণ আবেলিবোৰক,যেতিয়া তেওঁ আৰু অৰ্পিতে বাৰাণসীৰ ২,০০০ মানুহৰ ঘৰত চাৰ্ভে কৰি ঘূৰি ফুৰি ঔষধ যোগানৰ ক্ষেত্ৰত মানুহবোৰে ভুগি অহা সমস্যাবোৰৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিছিল। আজি দৱাইলে’লৰ কেৱল বাৰাণসীতে ১,১০০ বিশেষ গ্ৰাহক আছে। চহৰখনৰ পৰা প্ৰতিমাহত ৫০০ অৰ্ডাৰ লাভ কৰা ষ্টাৰ্ট-আপটোৰ ৬০ শতাংশই নিয়মীয়া গ্ৰাহক। যোৱা মাহত তেওঁলোকে হাৰিয়ানাৰ পানিপতলৈকে পৰিসৰ বঢ়াই নিছে। অহা ৬ৰ পৰা ৮ মাহলৈ তেওঁলোকে কুৰুক্ষেত্ৰ, কাৰ্ণাল, চনিপত আৰু হাৰিয়ানাকে ধৰি ৬ খন চহৰলৈ ব্যাৱসায় বৃদ্ধিৰ লক্ষ্য বান্ধি লৈছে।

তেওঁলোক দুয়োৰে মতে, তেওঁলোকৰ প্ৰধান লক্ষ্য হৈছে, ক্ৰনিক ৰোগত(মধুমেহ আৰু আৰ্থৰাইটিছ) ভুগি থকা ৰোগীসকল, য’ত তেওঁলোকৰ ৮৫ শতাংশই হৈছে এনেধৰণৰ গ্ৰাহক। এই ৰোগীসকলক প্ৰতি মাহতে ঔষধৰ প্ৰয়োজন।

দুয়ো আমাক এই কথা জনায় যে, চৰ্দি বা ডায়েৰিয়াৰ দৰে একিউট ৰোগীসকলে আমাৰ পৰা সহায় এবাৰ বা দুবাৰহে বিচাৰে আৰু তেনে ৰোগীৰ বাবে ঔষধ বিচৰাতোও তেনেই সহজ, কাৰণ সেই ঔষধবোৰ স্থানীয় ফাৰ্মাচীতে পোৱা যায়। কিন্তু ক্ৰনিক ৰোগীসকলৰ বাবে টায়াৰ-২ চহৰৰ স্থানীয় ফাৰ্মাচীত সকলো ঔষধ উপলব্ধ নহয়।

ঔষধৰ এই ফাৰ্মখনে চিকিৎসকে প্ৰদান কৰা কাগজৰ প্ৰেচক্ৰিপশ্যনখন কঠোৰভাৱে মানি চলে। ঔষধ ঘৰে ঘৰে দি থৈ অহাজনে গ্ৰাহকৰ পৰা প্ৰেচক্ৰিপশ্যনখন সংগ্ৰহ কৰে আৰু পিছদিনা পুৱা বা একেদিনাই ঔষধ যোগান ধৰে। এতিয়ালৈ টায়াৰ-২ চহৰৰ গ্ৰাহকৰ লগত সকলো লেন-দেন ঔষধ দি টকাটো লোৱাৰ দৰেই কৰি থকা হৈছে। তদুপৰি তেওঁলোকে স্বাস্থ্যখণ্ডৰ ডিজিটেলাইজেশ্যন কৰা আৰু প্ৰত্যক্ষভাৱে টকা নলৈ ঔষধৰ অৰ্ডাৰ চিকিৎসকৰ জৰিয়তে বা গ্ৰাহকক ঔষধ যোগানৰ পূৰ্বে চিকিৎসকৰদ্বাৰা পৰীক্ষা কৰাই লোৱাৰ দৰে প্ৰচেষ্টাও হাতত লৈছে। ইয়াৰ দ্বাৰা ঔষধ যোগান ধৰাৰ সময়ো বাচিব আৰু গ্ৰাহকক অনলাইন টকা জমা দিয়াৰ সুযোগো দিয়া হৈছে। বুকিঙৰ বাবে তেওঁলোকৰ এপ্, ৱেবচাইট বা হেল্পলাইনলৈ ফোন কৰিও কৰিব পাৰে। ইয়াৰ উপৰি গ্ৰাহকক ক্ষীপ্ৰ গতিত সেৱা আগবঢ়াব পৰাকৈ প্ৰতি ১০ কিঃমিঃ ব্যৱধানত তেওঁলোকৰ একোখনকৈ সংযোগী ফাৰ্মাচী আছে। তেওঁলোকৰ এই মঞ্চখনক কিয় এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি নোতোলে বুলি প্ৰশ্ন কৰাত ক’লে যে, প্ৰতিখন ফাৰ্মাচীক প্ৰতিমুহূৰ্তত পৰ্যবেক্ষণ কৰি থকাটো তেওঁলোকৰ বাবে অসম্ভৱ কথা আৰু তেওঁলোকে বিশ্বাস আৰু ঔষধৰ গুণগত মানৰ সৈতে কম্প্ৰমাইজ কৰিবলৈ মুঠেও নিবিচাৰে।

ৰাজহ সংগ্ৰহৰ বেলিকা দৱাইলে’লই এক আৰ্হি মানি চলে, তেওঁলোকে কিছু অংশ সংযোগী ফাৰ্মাচীকেইখনলৈ এৰি দিয়ে, য’ত গ্ৰাহকক ১০ শতাংশ ৰেহাই মূল্যত ঔষধ যোগান ধৰা হয়। আনহাতে ১০-১২ শতাংশ যায় ফাৰ্মলৈ।তেওঁলোকে এটা টিকটত গড়ে ১,০০০ টকা অৰ্ডাৰ লাভ কৰে। ভৱিষ্যতে, তেওঁলোকে গ্ৰাহকক চিকিৎসকৰ সম্পূৰ্ণ তালিকা প্ৰদান কৰাৰ লগতে চিকিৎসকৰ সৈতে এপইণ্টমেণ্ট লোৱাতো সহায় কৰি দিব। ফাৰ্মখনে এঞ্জেল বিনিয়োগকাৰীৰ পৰা পুঁজি সংগ্ৰহ কৰিছে আৰু আগন্তুক দিনত তেওঁলোকৰ পৰা আৰু অধিক সক্ৰিয় সহযোগিতা আশা কৰিছে।


শিক্ষণ জীৱনৰ প্ৰভাৱ

আদিত্য আৰু অৰ্পিতে কয় যে,তেওঁলোকৰ এই যাত্ৰা অতিশয় কষ্টকৰ আছিল। তেওঁলোকৰ ভাষাৰে,“এনেকুৱা কিছুমান সময়ো আছিল, যেতিয়া কথাবোৰ ভৱাৰ দৰে হোৱা নাছিল, কিন্তু নিজৰ ষ্টাৰ্ট-আপত কাম কৰি থকাৰ সুখানুভৱে সকলো বিপদ অতিক্ৰম কৰাৰ বাবে সাহস যোগাইছিল। আমি কেতিয়াবা ক’চিং ক্লাচ কৰি বা আমাৰ সম্পৰ্কীয় লোকক খাটনি ধৰি পুঁজি সংগ্ৰহ কৰিছিলো আৰু এইটো বিশ্বাস ৰাখিছিলো যে যি হৈছে ভাল হ’বৰ কাৰণেই হৈছে।”

দুয়ো আমাক প্ৰত্যয়েৰে ক’লে যে, গ্ৰাহকৰূপী ৰোগীসকলৰ জীৱনলৈ কিছু পৰিৱৰ্তন অহা দেখি তেওঁলোক অত্যন্ত সুখী হৈছে। “আমাৰ এগৰাকী গ্ৰাহকৰ স্বামী পেৰালাইটিক, যাক পত্নীয়ে ঘৰত অকলে এৰি থৈ তেওঁৰ বাবে ঔষধ আনিবলৈ বাহিৰলৈ যাব নোৱাৰে। আজি আৰু তেওঁ বেলেগ বেলেগ মানুহক ঔষধ আনি দিবলৈ অনুৰোধ কৰিব নালাগে। মানুহগৰাকীৰ কাহিনীয়ে আমাৰ ষ্টাৰ্ট-আপটোকো এটা অৰ্থ প্ৰদান কৰিছে।’

মূলঃ তৰুষ ভল্লা

অনুবাদঃ লীনা শইকীয়া  

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণত এক দম্পতি

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

জীৱনৰ প্ৰথম লক্ষ্যত উজুটি খাই হতাশ নোহোৱা কোটিপতি ব্যৱসায়ী সৌম্যা গুপ্তা

4+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on
Report an issue
Authors

Related Tags