কামাল হাজ : ৩২০০ কিলোমিটাৰ চাইকেল চলোৱা যুৱকজন

মূল- জুবিন মেহতা

কামাল হাজ : ৩২০০ কিলোমিটাৰ চাইকেল চলোৱা যুৱকজন

Thursday October 20, 2016,

4 min Read

মানুহৰ অন্তৰাত্মাৰ আহ্বানত আছে অদ্ভুত চালিকা শক্তি ৷ কোনো ব্যক্তি্য়ে নিজৰ সীমাৱদ্ধতাক প্ৰত্যাহ্বান জনোৱা আৰু এনে কিছুমান কাম কৰা যাৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰে, সেয়া দেখিলে সচাকৈয়ে শিহৰিত হোৱা যায় ৷ কামাল হাজ তেনে এজন ব্যক্তি ৷ "যেতিয়া মই ৫০,০০০ টকা জমা কৰিব পাৰোঁ, এটা চিন্তাই মোক জুমুৰি দি ধৰে ৷ এই টকাখিনিৰে এতিয়া মই কি কৰিম ?' - এইয়া কামালৰ কথা ৷ এইবাৰ তেওঁ তামিলনাডুৰ ৩২ খন জিলা চাইকেলেৰে ভ্ৰমন কৰি আছে ৷ ২০১৫ চনৰ ২৪ মে'লৈ কামালে ২৮ খন জিলা ভ্ৰমণ কৰিলে - ২০ দিনত ২৪০০ কিলোমিটাৰ ৷ দৈনিক ১২০ কিলোমিটাৰ ৷ এখন চাইকেলৰ গড় গতি যদি ঘণ্টাত ১৫ কিলোমিটাৰ হয়, তেন্তে তেওঁ দৈনিক ৮ ঘণ্টাকৈ চাইকেল চলাইছে ; তামিলনাডুত মে মাহত এই কাম কৰিবলৈ ইচ্ছাশক্তি কিমান প্ৰৱল হ'ব লাগিব সেইয়া সহজেই অনুমেয় ৷

image


বেছ কিছুদিন ধৰি কামালে এই বিষয়ে পৰিকল্পনা কৰি আছিল ৷ তেওঁৰ মনলৈ এই ধাৰণা প্ৰথম আহে অ' এম আৰ পেডেল মেচেঞ্জাৰ চাৰ্ভিচ নামেৰে তেওঁ আৰম্ভ কৰা মেচেঞ্জাৰ সেৱাৰ পৰা ৷ চেন্নাইত বাইক মেচেঞ্জাৰ সেৱাৰ অভাৱ পূৰাবলৈ এই ব্যৱসায় তেওঁ আৰম্ভ কৰিছিল - চেন্নাইৰ আই টি হাব অ' এম আৰৰ তিৰাৱানমিয়ুৰৰ পৰা চিৰুচেৰিলৈ ৷ " মই অকলেই আৰম্ভ কৰিলো ৷ ফোনকল লওঁ, নথিপত্ৰ, পেনড্ৰাইভ আৰু অন্যান্য বস্তু ল'ৱলৈ আৰু বিলি কৰিবলৈ চাইকেল লৈ ওলাই যাওঁ ৷অ' এম আৰ পেডেল মেচেঞ্জাৰ বিশে্যত্ব আছিল এঘন্টাৰ ভিতৰত বস্তু পৌচাই দিয়া ৷"- নিজৰ ব্যৱসায় সন্দৰ্ভত কামালৰ মন্তব্ ৷ অৱশ্যে তিনিমাহৰ ভিতৰতে কামালে বুজিলে এই কাম লাভদায়ক নহয় ৷ সেয়ে তেওঁ আৰম্ভ কৰিলে এটা নতুন ব্যৱসায় - ভ্ৰাম্যমান বিলবোৰ্ড এডভাৰটাইজিং ৷ কিছুদিনৰ বাবে কামটো চলিল ৷ কিন্তু সকলো কাম অকলে কৰিব লগীয়া হোৱাত , এটা সময়ত তেওঁ ভাগৰি পৰিল ৷ তেওঁ এই সকলোবোৰ কৰি আছিল হোৱাটছ অন-ত দিনৰ ভাগত কনটেন্ট ৰাইটাৰ হিচাপে কাম কৰি থাকোতেই ৷

" মোৰ দিনৰ চাকৰিটো থকাৰ পিছতো এই যাত্ৰাত মই দৈনিক ৬০-ৰ পৰা ১০০ কিলোমিটাৰ চাইকেল চলাইছিলো ৷ এইটোৰ উপৰি, ২০১৪ চনত মই চেন্নাইৰ ইমুৰৰ পৰা সিমুৰলৈ ১০ হাজাৰ কিলোমিটাৰ চাইকেল চলাইছিলো৷ অভিযান চলোৱাৰ এই ক্ষুধা মোৰ মনত দকৈ শিপালে যেতিয়া মই কিউৰা ব্যৱহাৰ কৰিবলৈ আৰু ইয়ৰস্ট'ৰী-ৰ লেখনিবোৰ পঢ়িবলৈ ধৰিলো "-- এইদৰে কয় কামালে ৷ ( আৰু আমি আনন্দিত যে তেনেকুৱা পৰিৱৰ্তন আমি আনিব পাৰিছো৷)
image


এই ভ্ৰমণৰ কোনো নিৰ্ধাৰিত লক্ষ্য নাই ৷ " মই এই যাত্ৰা ২০১৫ ৰচ ৩ মে'ত চেন্নাইৰ ভেলাচেৰিৰ পৰা আৰম্ভ কৰিছিলো ৷ সমাপ্ত হ'ব ২০১৫ চনৰ ২৭ মে'ত ৷ কোনেও এই কাম আগতে কৰা নাই ৷ এবাৰ এই ভ্ৰমন সমাপ্ত কৰিলে মই হম তেনে এজন প্ৰথম ভাৰতীয় যিজনে ভাৰতৰ এখন ৰাজ্যৰ আটাইকেইখন জিলা চাইকেলেৰে ঘূৰিছে "-- উল্লেখ কৰে কামালে ৷ এই ভ্ৰমণ কিন্তু অকল ঘাই পথেৰে চাইকেল চলাই যোৱা ভ্ৰমণ নহয় ৷ বৰং এইয়া হ'ল গাৱঁৰ মাজেৰে থলুৱা ভাষা আৰু খাদ্যৰ জুতি লৈ কৰা চাইক্লিং, যিয়ে এই যাত্ৰাক কৰি তুলিছে অধিক আকৰ্ষণীয় ৷ " মনে প্ৰাণে এজন ছৱি নিৰ্মাতা বাবে, এখন ট্ৰেভেল ডকুমেন্টৰীৰ কামো লগতে কৰি গৈছো"- জনালে কামালে৷

নিজকে বান্ধোনৰ পৰা মুক্ত কৰিবৰ বাবেই কামালে এই ধৰণৰ ভ্ৰমণত ওলায় ৷ "মই গৌৰৱ সিদ্ধাৰ্থ, কাৰ্তিক বাৰ্মা আৰু মাৰ্ক বিউমন আদি ব্যক্তি সকলৰ দ্বাৰা অনুপ্ৰাণিত, যিসকলে মানুহৰ গড় পৰিসীমা অতিক্ৰম কৰি বহু দুৰলৈ চাইকেল চলাবলৈ সক্ষম হৈছে ৷ তদুপৰি, মইনো কোন সেই প্ৰশ্নৰ সন্ধানত মোৰ ভিতৰত চলা এক অন্ৱেষণ মোৰ এই প্ৰচেষ্টা ৷" আৰু কামালৰ বাবে এইয়া আৰম্ভণিহে ৷ তেওঁৰ লক্ষ্য কন্যাকুমাৰীৰ পৰা কচ্ছৰ ৰান-শ্ৰীনগৰ-আইজল-হাইদৰাবাদ হৈ চেন্নাইলৈ চাইকেলেৰে যাত্ৰা কৰা ৷ আৰু এই যাত্ৰাক লৈ তেওঁ আত্মবিশ্ৱাসী ৷ "এইয়া হ'বই ৷ মই প্ৰমাণ কৰিব বিচাৰো যে মই এই কাম কৰিব পাৰো "- দৃঢ়তা কামালৰ ৷

image


আপোন ৰাজ্যখনক লৈ কামাল যথেষ্ট গৌৰৱাণ্বিত ৷ তেওঁৰ মতে, মানুহে চাইকেলত ইখন দেশৰ পৰা সিখন দেশ গৈছে, বিশ্ব ভ্ৰমন কৰিছে ; কিন্তু বহুত কম লোক আছে যিয়ে নিজৰ ৰাজ্যখনৰ চৌদিশে চাইকেলেৰে ভ্ৰমন কৰে ৷ তেওঁ এইটোও প্ৰমাণ কৰিব বিচাৰে যে তামিলনাডুত এনে সকলো স্থান আছে, য'লৈকে যিকোনো লোক যাব পাৰে ৷ " শৈশৱৰ পৰাই মোৰ আনে নকৰা কাম কৰি চাবলৈ হাবিযাস আছিল ৷ সেই বাবেই মই ল'য়'লা কলেজত ভিজুয়েল কমিউনিকেশ্যনৰ পাঠ্যক্ৰম ল'লো আৰু মোৰ কেৰিয়াৰ আৰম্ভ কৰিলো ৷ মই সদায় বিচাৰিছিলো ভ্ৰমন আৰু ছৱি নিৰ্মানক একেলগে আগুৱাই নিবলৈ ৷ এইয়া হৈ আছে"- উৎফুল্লিত হৈ কামালে কয় ৷

image


কামাল হাজৰ এই প্ৰচেষ্টা পৰিবৰ্তনৰ দিশত প্ৰথম ঢাপ ৷ " মই বহুত পৰিবৰ্তন আনিব বিচাৰোঁ ৷ আৱিস্কাৰৰ দিশেৰে ৷ মানুহৰ খহটা চিন্তা-ধাৰাত পৰিবৰ্তন আনিব বিচাৰোঁ ৷ মোৰ নিজৰ ব্যৱসায় হ'ব ৷ মোৰ প্ৰথম সৰ্ব্বভাৰতীয় চলচ্চিত্ৰ হ'ব ৷ মই অনাবিস্কৃত ভূখন্ডক আৱিস্কাৰ কৰিব বিচাৰোঁ ৷ "-কামালৰ সপোন এইয়া ৷ তামিলনাডুৰ ইমুৰৰ পৰা সিমুৰলৈ তেওঁৰ যাত্ৰাৰ ২৭ মে'ত শেষ হ'ল ৷ তেওঁ কিছুদিন জিৰণী লৈ আৰু এটা নতুন কোম্পানী আৰম্ভ কৰিব ৷ তেওঁৰ মনত আৰু বহু পৰিকল্পনা আছে - ভাৰতীয় মহানগৰসমূহৰ মানচিত্ৰক লৈ এটা ভিডিঅ' কনটেণ্ট মাৰ্কেটিং কোম্পানী বা এটা কিউ আৰ ক'ডক ভিত্তি কৰি এডভাৰটাইজিং কোম্পানী বা ডায়েবেটিছ ৰোগীৰ উপযোগী সামগ্ৰীৰ কোম্পানী ইত্যাদী ৷ এই পৰিকল্পনাসমূহ পৰস্পৰৰ পৰা ভিন্ন হ'ব পাৰে আৰু এইবোৰ অসফলো হ'ব পাৰে ৷ কিন্তু কামালৰ প্ৰচেষ্টা প্ৰশংসনীয় ৷ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত কামালে কয়-" ভ্ৰমণ তথ্যচিত্ৰখন যিমান পাৰোঁ সোনকালে মুকলি কৰাৰ আঁচনি লৈছো ৷ মোৰ হাতত প্ৰয়োজনীয় ধন-বিত নাই ৷ কিন্তু মোৰ সাহস আছে ৷ আৰু আছে মোৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সহযোগিতা৷"