EDITIONS
Asamiya

নৈষ্ঠিক ব্ৰাহ্মণে চোৱা-চিতা কৰা এটা মছজিদ

Team Asamiya
6th Jul 2016
Add to
Shares
11
Comments
Share This
Add to
Shares
11
Comments
Share

উত্তৰ প্ৰদেশৰ বৰেলিৰ এশ বছৰীয়া এটা মছজিদ বুধ ৱালি মছজিদ । এই মছজিদলৈ দৈনিক শ-শ লোকৰ আগমন ঘটে । তাৎপৰ্যপূ্ৰ্ণ কথা এয়ে যে এই মছজিদৰ চোৱা-চিতাৰ প্ৰধান দায়িত্বত আছে এজন নৈষ্ঠিক ব্ৰাহ্মণ ৭৯ বছৰীয়া পণ্ডিত ৰাজেন্দ্ৰ শৰ্মা । তেওঁৰ আজোককাক পণ্ডিত দাসীৰামে এই মছজিদ প্ৰতিষ্ঠা কৰিছিল । তেওঁ এই মছজিদ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ সন্তানৰ বাবে কৰা প্ৰাৰ্থনা পূৰণ হোৱাৰ পাছত । ৰাজেন্দ্ৰ শৰ্মাই এই মছজিদ দৈনিক পৰিষ্কাৰ কৰে । 

প্ৰতীকী চিত্ৰ, উৎস- ৰবিন ৱায়াট ভিজন

প্ৰতীকী চিত্ৰ, উৎস- ৰবিন ৱায়াট ভিজন


নয়া টোলা অঞ্চলৰ এটা ঠেক গলিত অৱস্থিত এই মছজিদ । 'এই মছজিদলৈ সকলো ধৰ্মৰ পুৰুষ মহিলা আৰু শিশু আহে । বিশষকৈ বুধবাৰে ইয়াত খুবৈই ভিৰ হয় । এই মছজিদ নিৰ্মাণৰ বছৰটো সঠিকভাৱে নাজানো কিন্তু অতীজৰে পৰা আমাৰ পৰিয়ালে ইয়াৰ চোৱা-চিতা কৰি আহিছে । মোৰ দেউতাই মছজিদৰ সকলো অভিলেখ উৰ্দু ভাষাত ৰাখিছিল ।' শৰ্মাই কয় ।

'মছজিদৰ কাষতেই আছে এটা মন্দিৰ আৰু মই এই মন্দিৰলৈ সদায় যাওঁ। উভটি অহাৰ পথত মই মছজিদত সোমাওঁ আৰু আল্লাক স্মৰণ কৰোঁ । মোৰ ল'ৰা-ছোৱালীয়েও সদায় মছজিদলৈ যায় আৰু ঘিউঁৰ চাকি জলায়, ' পণ্ডিত শৰ্মাই কয় ।

মছজিদৰ ইমাম হাফিজ জানি আলমে কয়, 'এই মছজিদলৈ সকলো ধৰ্মৰ মানুহ আহে আৰু ই ধৰ্মীয় সম্প্ৰীতিৰ এক উ'কৃষ্ট নিদৰ্শন ।'

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আইছিছৰ বিৰুদ্ধে পাৰস্যৰ হাৰ্কিউলিছ

ৰেজিউমিখনত পাঁচটা কথাত মনোযোগ দিয়ক

বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান

বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী



Add to
Shares
11
Comments
Share This
Add to
Shares
11
Comments
Share
Report an issue
Authors

Related Tags