EDITIONS
Asamiya

ৱিনিজ ফুডৰ বিনিতা জৈনৰ বাবে জীৱন হৈছে সাধাৰণ শৈলী আৰু উচ্চ চিন্তা

8th Nov 2015
Add to
Shares
8
Comments
Share This
Add to
Shares
8
Comments
Share

‘মোৰ পৰিয়ালৰ লোকে কেতিয়াও ভবা নাছিল যে মই ৰন্ধনক পেছা হিচাপে গঢ় দিম। কিন্তু চাওক, মই কৰি দেখুৱালোঁ’, এইদৰে ক’লে বাংগালুৰুৰ এগৰাকী সফল উদ্যোগী বিনিতা জৈনে। ঘৰতে প্ৰস্তুত কৰা ছছেৰে ৱিনিজ ফুডছে মানুহৰ বাবে ইটালীয়ান ৰন্ধন প্ৰণালী সহজ কৰি তুলিছে। এতিয়া অনায়াসে প্ৰস্তুত কৰিব পাৰি পাস্তা আৰু পিজ্জা।

বিনিতাই সম্প্ৰতি কাম কৰি আছে মানুহৰ এক মানসিকতা সলনি কৰাৰ বাবে যে সঠিকভাৱে প্ৰস্তুত কৰিলে পাস্তা বা পিজ্জা জাংক ফুড নহয়। বিনিতাৰ ঔদ্যোগিক যাত্ৰাৰ প্ৰেৰণা অংকুৰিত হৈছিল বিশেষ কাৰণত। বিনিতাৰ পুত্ৰৰ খাদ্যজনিত এলাৰ্জি আছে, গতিকে তেওঁ প্ৰায়বোৰ খাদ্যসম্ভাৰেই ঘৰত প্ৰস্তুত কৰিবলৈ বিচাৰে তেওঁ। বজাৰত উপলব্ধ নোহোৱা সতেজ ছছ প্ৰস্তুত কৰি এইবোৰ তেওঁ ফ্ৰিজিং কৰি ৰাখে। আৰু এদিন তেওঁ এই ধাৰণা বাণিজ্যিকভাৱে ব্যৱহাৰ কৰাৰ চিন্তা কৰিলে।

image


এতিয়া চাওঁ আহক বিনিতাৰ শৈক্ষিক আৰু পেছাদাৰী ইতিহাস। তেওঁ যে খাদ্য উদ্যোগৰ সৈতে জড়িত হৈ পৰিব সেই কথা বিশ্বাস কৰিবলৈ সকলোৰে কষ্ট হ’ব। তেওঁৰ জন্ম হৈছিল ৰাজস্থানৰ আজমীৰৰ এটা মধ্যবিত্ত পৰিয়ালত আৰু তেওঁৰ পিতৃ-মাতৃ উভয়েই শৈক্ষিক পৃথিৱীৰ সৈতে জড়িত আছিল। বিনিতাই গণিত ভাল পাইছিল। বিনিতাৰ আৰ্কিটেকছাৰ অধ্যয়নৰ সপোন সাকাৰ নহ’ল যদিও কম্পিউটাৰ চায়েন্সৰ জড়িয়তে গণিতৰ প্ৰতি ভালপোৱা প্ৰদৰ্শন কৰিলে। শিক্ষাদান যেন তেওঁলোকৰ জিনতেই সোমাই আছে। মহাবিদ্যালয়ত পঢ়ি থকা সময়ছোৱাত তেওঁ টিউচন কৰিছিল।

কলেজৰ দিনবোৰতেই বিনিতাই জানিছিল, ৯ বজাৰপৰা ৫ বজালৈ কাম কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহয়। সদায় নিজৰ কাম নিজেই কৰাত আগ্ৰহী তেওঁ।

স্নাতক ডিগ্ৰী লাভ কৰাৰ কিছুদিন পিছতেই তেওঁ বিয়াত বহিল। বিয়াই বিনিতাৰ জীৱনত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। তিনিখন দেশৰ কলা আৰু সভ্যতাৰ অংশ হৈ পৰিল তেওঁ, সেয়া হৈছে ভাৰত, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড। তেওঁৰ বিয়াৰ পিছত বিনিতাৰ পৰিয়ালে ভাৰত, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰায় ১০বাৰ অহা-যোৱা কৰিলে। প্ৰাৰম্ভিকভাৱে তেওঁ যেতিয়া অষ্ট্ৰেলিয়ালৈ গৈছিল তেওঁ তাত শিশুৰ যতনৰ সমন্বয়ৰক্ষীৰ ভূমিকা পালন কৰিবলগীয়া হ’ল, আৰু পৰৱৰ্তী সময়ত অষ্ট্ৰেলিয়ালৈ গৈ তেওঁ বীমা কোম্পানী এটাৰ সৈতে জড়িত হৈ পৰিল।

image


‘প্ৰথমতে মই অস্থিৰতাত ভুগিছিলোঁ যদিও দুবাৰ যাত্ৰাৰ পিছত মই এই ভ্ৰমণ ভালপোৱা হৈ উঠিলোঁ। সদায়েই মই স্বাধীন আৰু সন্তানৰ সৈতে অকলে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত মোৰ কোনো অসুবিধা নাই। প্ৰতিষ্ঠাপনৰ ক্ষেত্ৰতো মই পেছাদাৰীয়েই হৈ পৰিলোঁ, চকুৰ পলকতে ওলাই গৈ নতুন ঘৰ এখন গঢ়ি তোলাত মই সিদ্ধহস্ত হৈ পৰিলোঁ।’ এয়া বিনিতাৰ কথা।

অষ্ট্ৰেলিয়াত দুবছৰ থাকি এগৰাকী গৰ্বিত মাতৃ হিচাপেই তেওঁ ভাৰতলৈ উভতি আহিল। ‘মই পূৰ্ণকালীন মাতৃ হৈ পৰিলোঁ আৰু মাতৃত্বৰ প্ৰতিটো লহমা মই পৰিপূৰ্ণভাৱে উপভোগ কৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ বাবে মোৰ সন্তান সদায়েই প্ৰথম স্থানত।’ কিন্তু, বাধাহীনভাৱে কাম কৰি যাব বিচাৰে তেওঁ। বিনিতাই কেইমাহমানৰ ভিতৰতে এজন সম্পৰ্কীয় ভাতৃৰপৰা কিছু সম্পূৰ্ণ নতুন কথা শিকিলে। ইয়াৰ ভিতৰত আছিল বেনাৰ ডিজাইন আৰু লগ’। ‘তেওঁৰপৰা মই শিকিছিলো কেনেদৰে উৎপাদিত সামগ্ৰী থ’ব লাগে, গ্ৰাহকৰ সৈতে কেনেকৈ কথা পাতিব লাগে আৰু শিকিছিলো বিপণনৰ কলা।’

‘বিয়াৰ আগতে মই সিমান ৰন্ধা-বঢ়া কৰা নাছিলো অৱশ্যে মাক এনেবোৰ কামত লাগি থকা দেখিছিলো। কিন্তু যেতিয়া ভাৰতৰ বাহিৰত থাকিবলগীয়া হ’ল, তেতিয়া মই ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ আৰু বুজি পালোঁ এই ক্ষেত্ৰত মই ভালেই।’ তেওঁ ক’লে। সন্তানকেইটি সৰু থকা সময়ত তেওঁ অংশকালীন কাম কৰিছিল আৰু স্বেচ্ছাসেৱামূলক কাম কৰিছিল। ‘মই নতুন নতুন মানুহৰ সৈতে চিনাকি হ’বলৈ ভালপাওঁ, আমি য’লৈকে যাওঁ ত’তেই ভাৰতীয় আৰু স্থানীয় লোকৰ সৈতে বন্ধুত্ব গঢ়িছো। সকলোৱে মই প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰি ভালপায়। এই কথাই সদায়ে মোক অনুপ্ৰাণিত কৰে নতুন কিবা এটা কৰিবলৈ বা পৰীক্ষা-নীৰিক্ষা কৰিবলৈ।’ তেওঁ ক’লে। বিনিতা আৰু তেওঁ বন্ধুবৰ্গই ৰন্ধনৰ অনুষ্ঠান পাতি বহুত আনন্দৰ মাজত বুৰ যায়। ‘দেশলৈ প্ৰতিটো যাত্ৰাৰ সময়ত মই অনুভৱ কৰোঁ মোৰ খাদ্যসম্ভাৰ প্ৰস্তুত কৰাৰ আগ্ৰহটোও বাঢ়ি আহে। মই নতুন নতুন খাদ্য প্ৰস্তুত কৰিবলৈ চেষ্টা আৰম্ভ কৰিলো। যিবোৰ অষ্ট্ৰেলিয়ালৈ প্ৰথমবাৰ আহোতে মই চেষ্টা কৰা নাছিলো।’ ব্ৰিছবেনত ৰেস্তোঁৰা থকা তেওঁৰ এগৰাকী বন্ধুৱে তেওঁৰ ৰন্ধন প্ৰণালীক পোনাই-পাজৰাই লোৱাত সহায় কৰিছিল।

ইংলেণ্ডত থকা সময়ছোৱাত বেছিভাগ সময়ত তেওঁ ঘৰতেই থাকিবলগীয়া হৈছিল, কিয়নো তেওঁৰ দ্বিতীয় সন্তানটো অতি সৰু আছিল। পৰিয়ালৰ সহায় অবিহনেই দেশৰ বাহিৰত থাকিবলগীয়া হোৱা এগৰাকী মহিলা হিচাপে বিনিতাৰ বহুত কৰণীয় আছিল। ‘মোৰ বেছিভাগ সময়েই পাৰ হৈছিল সন্তানক স্কুললৈ লৈ যোৱা বা স্কুলৰপৰা লৈ অনা, ইয়াৰ পিছত সংগীতৰ শ্ৰেণী বা টেনিছৰ শ্ৰেণী অথবা পাৰ্কলৈ লৈ যোৱাত। মোৰ দিনটোৰ সূচী অতি আমনিদায়ক আছিল যদিও সেই দিনবোৰ ভাল পাইছিলো। মই গাড়ী চলাই বা সন্তানৰ সৈতে খেলি আনন্দ কৰিছিলো আৰু সিহঁতৰ বিকাশৰ বাবে যিকোনো কাম কৰিছিলো। বাহিৰত ফুৰিবলৈ মোৰ ভাল বন্ধুবৰ্গ আছিল আৰু এইদৰে মই সতেজ হ’বলৈ সময় উলিয়াই লৈছিলো।’

সঁচাকৈ তেওঁৰ ব্যক্তিত্বৰ সৈতে জড়িত হৈ আছে চকাৰ প্ৰতি অনাবিল মোহ। ষ্টীয়েৰিং হুইলৰ পিছফালে বহি তেওঁ গতিপথ নিৰ্ণয় কৰি স্বাধীনতাৰ অনুভূতি লয় । ড্ৰাইভিঙে বিনিতাক সদায় আনন্দ প্ৰদান কৰি আহিছে। অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডত ড্ৰাইভিং কৰাটো অতি আনন্দদায়ক আছিল। বিনিতাই ক’য়, ‘যেতিয়া আমি পথত যাত্ৰা কৰোঁ তেতিয়া মই ড্ৰাইভিঙকে পচন্দ কৰোঁ। নিউজিলেণ্ডৰ সম্পূৰ্ণ ছাউথ আইলেণ্ডত মই ড্ৰাইভিং কৰিছো। আমি পাঁচ বছৰীয়া আৰু সাতমহীয়া সন্তানক লগত লৈ ১০ দিনত ৩০০০ কিলোমিটাৰ ড্ৰাইভিং কৰিছিলো। মই আৰু স্বামী উভয়েই ভ্ৰমণ কৰি ভালপাওঁ আৰু আমি কেতিয়াও সন্তানক সীমাবদ্ধতাৰ ৰূপত চোৱা নাই। ভ্ৰমণকালত সন্তান লগত থাকিলে ভাল আৰু এইখিনি সময়ত সিহঁতে আমাৰ অধিক দৃষ্টি আকৰ্ষণ কৰে। সাধাৰণতে বিশেষ উপলক্ষত আমি কনভাৰ্টিবল ভাড়ালৈ লওঁ আৰু ওৱাইনেৰীৰ দৰে ঠাইলৈ লং ড্ৰাইভত যাওঁ। মই ভাৰততেই গাড়ী চলাবলৈ শিকিছিলো আৰু ইয়াত গাড়ী নিকিনালৈ গাড়ী চলোৱা নাছিলো। অষ্ট্ৰেলিয়াত মোৰ এখন টয়’টা ক’ৰোলা আছে আনহাতে ইংলেণ্ডত আছে এখন বি এম ডব্লিউ আৰু নিছান। ইয়াত মই আই-টুৱেণ্টি চলাও আৰু এতিয়া এখন মিনি কিনাৰ ইচ্ছা আছে।

বিনিতাৰ দুয়োজন ল’ৰাই অষ্ট্ৰেলিয়াত সংগীত শিকিছিল, তেওঁলোকে বিনিতাক কিছু বাদ্য শিকাৰ বাবে অনুপ্ৰাণিত কৰিছে আৰু সম্প্ৰতি তেওঁ আৰম্ভ কৰিছে বাঁহীৰ শিক্ষা। তেওঁ কয়, ‘মই সকলো সোনকালে আয়ত্ব কৰিব পাৰোঁ যদিও অনুশীলনৰ অভাৱত বৰ্তমান সম্পৰ্ক নোহোৱাৰ দৰেই হৈছে। মই পুনৰ বাঁহীটোৰ ওচৰলৈ গৈ কিছু সময় কটাবলৈ ভাল পাম।’

নতুন কথা এটা শিকিবলৈ প্ৰতি মুহূৰ্ততে সাজু বিনিতা, সেয়া এগৰাকী অন্তৰংগ বন্ধুও হ’ব পাৰে নাইবা সম্পূৰ্ণ অচিনাকি ব্যক্তিও হ’ব পাৰে। তেওঁ ক’লে, ‘ইংলেণ্ডত আমি ইপছৱিছ নামৰ এঠাইত আছিলোঁ। এখন সৰু চহৰ। তাতেই এগৰাকী ছোৱালীৰ ৰাস্তাৰ কাষৰ সৰু দোকানত সতেজ ড’নাট বিক্ৰী কৰিছিল। মই জীৱনত বৰ বেছি ভাল ড’নাত খাই পোৱা নাই। ছোৱালীজনীয়ে ড’নাত প্ৰস্তুত কৰি বিক্ৰী কৰা আৰু দোকানখন চোৱা-চিতা কৰাটো সঁচাকৈয়ে আচৰিত আছিল। তেওঁ সদায় মোক কৈছিল মানুহে বিচৰা সকলোবোৰ কেনেকৈ এজন ব্যক্তিয়ে কৰিব পাৰে। নিৰ্ভৰশীলতাই আপোনাক মানসিকভাৱে দুৰ্বল কৰি তোলে। তেওঁ আছিল অতি শান্ত আৰু সুখী। মোৰ সন্তানে ড’নাটৰ জুটি লোৱাৰ সময়ত মই ছোৱালীজনীৰ সৈতে কথা পাতিছিলো। তেওঁযে হৃদয়েৰে সৈতে সকলো প্ৰস্তুত কৰিছিল ড’নাটবোৰেই তাৰ প্ৰমাণ। খাদ্যবস্তু প্ৰস্তুত কৰাৰ বাবে লাগে ভাল পৰিৱেশ আৰু ভালপোৱা অন্যথা সুস্বাদু হ’ব বুলি আশা কৰিব নোৱাৰি।’

বিনিতাৰ পুনৰ সংযোজন, ‘ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ ভাল কথাটো হৈছে মানুহে পৰস্পৰে পৰস্পৰৰ সৈতে ভাব বিনিময় কৰে। মানুহৰ জীৱনৰ প্ৰতিটো উদ্বিগ্নতাৰ মাজতো গ্ৰাহকৰ প্ৰতি তেওঁলোকৰ ব্যৱহাৰ অতি নম্ৰ আৰু সৌহাৰ্দ্যপূৰ্ণ। আনকি শাক-পাচলিৰ বজাৰতো তেওঁলোকে আপোনাক অভিবাদন জনাব আৰু আপোনাৰ খবৰ ল’ব। আপুনি কোনো সেৱা কেন্দ্ৰত কেতিয়াবাহে একোজন খঙাল অষ্ট্ৰেলিয়ান দেখিব। কোনোবাই ভালদৰে অভিবাদন জ্ঞাপন কৰিলে মই সাধাৰণতে পৰিৱৰ্তনৰ উমান পাওঁ। মই তাত গ্ৰাহক সেৱাৰ বহুতো কথা শিকিলো। কেনেকৈ এজন গ্ৰাহকক সন্তুষ্ট কৰিব পাৰি সেয়া এজন উদ্যোগীৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা।’

এগৰাকী উদ্যোগী হোৱাটো ইমান সহজ কথা নহয়, ইয়াত সময়ৰ সদায়েই নাটনি হয়। যেতিয়া বিনিতাই তেওঁৰ উদ্যোগ আৰম্ভ কৰিছিল তেতিয়া উৎপাদনৰপৰা বিপণন, সামগ্ৰী প্ৰেৰণ, একাউণ্টিং আৰু সন্তান তথা ঘৰখনৰ সকলো কাম-কাজ নিয়াৰিকৈ সম্পাদন কৰাটো অতি কঠিন হৈ পৰিছিল। তেওঁ উদ্বিগ্নতাৰ চিকাৰ হৈছিল আৰু প্ৰায়েই নিজকে প্ৰশ্ন কৰিছিল তেওঁ এয়া সঁচাকৈয়ে কৰিব বিচাৰেনে, আৰু প্ৰতিবাৰেই ইয়াৰ উত্তৰ আছিল হয়। যেতিয়াই তেওঁৰ দলটো খাপ খাই উঠিল সকলোবোৰ সহজ হৈ পৰিল।

বিনিতাৰ মতে, ‘এই সময়ত মই বেচি উপাৰ্জন নকৰিব পাৰোঁ কিন্তু মই সন্তুষ্টি আৰু বৌদ্ধিক অনুভূতি লাভ কৰিছো। মই আগতকৈ বেছি আত্মপ্ৰত্যয়ী আৰু স্বাধীন হৈ পৰিছোঁ।’

ৱিনিজ ফুডৰ বাহিৰেও তেওঁ মাজে-সময়ে তেওঁৰ বন্ধুবৰ্গক এটা বেচৰকাৰী সংস্থা চলোৱাত সহায় কৰি আহিছে। তেওঁ তেওঁলোকক বিভিন্ন অনুষ্ঠান আয়োজন কৰিবলৈ সহায় কৰে। ‘এটা সময় আছিল যেতিয়া মই বহুত কিতাপ পঢ়িছিলো আৰু বৰ্তমান মই ইমানেই ব্যস্ত হৈ পৰিছো যে দিনটোৰ শেষত কিছুসময়ৰ বাবে মাত্ৰ টিভিৰ আগত বহি জুকিয়াই চাওঁ এইটোৱেই আছিল আজিৰ দিনটো। মই ব্যক্তিগতভাৱে থাই খাদ্যসম্ভাৰ ভালপাওঁ। মই নিভাঁজ থাই খাদ্যসম্ভাৰৰ প্ৰস্তুত প্ৰণালী শিকিবলৈ ভাল পাম। মই খোজকাঢ়ি ভালপাওঁ আৰু মোৰ অন্তৰংগ বন্ধুৰ সৈতে প্ৰতিদিনে খোজকাঢ়োঁ। মোৰ বাবে দিনটোৰ আটাইতকৈ ভাল সময় সেইখিনিয়েই, যেতিয়া মই বহুত কথা পাতোঁ।’ এটা হাঁহিৰে সৈতে বিনিতাই ক’লে।

বিনিতাই দাবী কৰে যে তেওঁ এগৰাকী সহজ-সৰল মানুহ। আৰামদায়কভাৱে পোচাক পৰিধান কৰি তেওঁ ভালপায়। তেওঁ পৰম্পৰাগত পোচাক পৰিধান কৰি ভালপায়। ‘মই ফেচনৰ সপক্ষে। মই সদায়েই পৰম্পৰাগত সাজকেই নিৰ্বাচন কৰোঁ আৰু ইমান ব’ল্ড পোচাক পৰিধান নকৰোঁ। পূৰ্বতে মই অনুজ্জ্বল ৰঙৰ পোচাক নিৰ্বাচন কৰিছিলো যদিও এতিয়া উজ্জ্বল কাপোৰ নিৰ্বাচন কৰিবলৈ আৰম্ভ কৰিছো।’ তেওঁ পুনৰ ক’লে, ‘মই কমলা আৰু গুলপীয়া ৰং বৰ ভালপাওঁ। মই ভাবোঁ গুলপীয়া ৰঙটো সঁচাকৈয়ে অতি উজ্জ্বল আৰু মোৰ ব্যক্তিত্বতো ই প্ৰভাৱ পেলায়। যেতিয়া মেক-আপৰ কথা আহে, মই সাধাৰণতে প্ৰাকৃতিক সৌন্দৰ্যকে নিৰ্বাচন কৰোঁ। মই ভালপাওঁ ছ’লিটায়াৰ। মই আৰম্বৰপূৰ্ণ কিন্তু সৰলতা থকা সাজ-পাৰেই পৰিধান কৰি ভালপাওঁ।

ভ্ৰমণ আৰু সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ সৈতে চিনাকি হৈ জীৱনৰ বহু গুৰুত্বপূৰ্ণ পাঠ আহৰণ কৰিছে বিনিতাই। তেওঁ কয়, ‘মই শিকিছো কাক মই সহায় কৰিব লাগে, মই শিকিছো কিমান পৰিমাণৰ সহায় কৰিব লাগে আৰু কিদৰে নম্ৰভাৱে নাকচ কৰিব লাগে। মই এতিয়া আৱেগৰ প্ৰতি গুৰুত্ব কমকৈ দিওঁ। মই সময়ৰ সৈতে পৰিপক্বতাও লাভ কৰিছো।’ বিনিতাই তেওঁৰ ঔদ্যোগিক জীৱনটোক ভালপায়, প্ৰতিদিনে তেওঁ উদ্যোগটোক প্ৰতিপালন কৰে আৰু আগুৱাই নিয়ে। তেওঁৰ নিজৰ কথাৰে, ‘মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে মই সঠিক দিশতেই আগুৱাই আছোঁ কিয়নো মোৰ কাম-কাজক লৈ মই অত্যন্ত সুখী। মই নিজকে সতেজ আৰু প্ৰতিৰোধৰ বিহীন খাদ্যৰ বজাৰত বিগ ব্ৰেণ্ডৰ ৰূপত দেখা পাওঁ। মই যিমান পাৰোঁ সিমান মহিলাক আত্মনিয়োজনত সহায় কৰিব বিচাৰোঁ। মই প্ৰতিটো পৰিয়ালৰে খাদ্যসম্ভাৰৰ তালিকাত ৱিনিজ ছ’ছে ঠাই পোৱাৰ আশা কৰোঁ।’

‘এগৰাকী মহিলা হিচাপে সদায়েই এটা প্ৰত্যাহ্বান আছিল যে এজন পুৰুষৰ তুলনাত এগৰাকী মহিলাৰপৰা অধিক আশা কৰা যায়। মই অতি ভাগ্যৱান যে মই এনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছো য’ত ছোৱালী এজনীকো সমানেই সুবিধা দিয়া হয় আৰু আমি আত্মপ্ৰত্যয়ী মহিলা হিচাপেই ডাঙৰ-দীঘল হৈছোঁ। মই এনে এজন লোকলৈ বিয়া হ’লোঁ, যিয়ে মই বিচৰা সকলো কৰিবলৈ সুবিধা দিছে। মোৰ স্বামীও ৰন্ধা-বঢ়াত পাকৈত। তেওঁ মোক প্ৰতিদিনে ভালকৈ ৰান্ধিবলৈ আৰু সুন্দৰকৈ পৰিৱেশন কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। এজন ভাল আৰু সৎ সমালোচক হিচাপে তেওঁ মোৰ ৰন্ধনক আগুৱাই নিবলৈ অনুপ্ৰেৰণা দি আহিছে।’ বিনিতাৰ সংযোজন।

বিনিতাই বিশ্বাস কৰে যে মহিলাসকলে ঘৰুৱা সকলো কাম-কাজৰ বাবে সন্মান লাভ কৰে আৰু পৰিয়ালৰ প্ৰতিজনেই যদি তেওঁলোকক সহায় কৰে তেন্তে আমাৰ সমাজখন আজিৰ তুলনাত বহুগুণে আগুৱাই যাব। যদিহে এগৰাকী মহিলাই চাকৰি নকৰোঁ বুলি সিদ্ধান্ত লয় আৰু ভালদৰে ঘৰ চলায় তেন্তে সেইগৰাকী মহিলাকো এগৰাকী চাকৰিয়াল মহিলাৰ দৰেই সন্মান দিব লাগে।

মূল- তন্বি ডুবে

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

“যদি দৃঢ়বিশ্বাস থাকে তেন্তে সফলতা অনিবাৰ্য”: ডঃ বন্দনা জৈন

Add to
Shares
8
Comments
Share This
Add to
Shares
8
Comments
Share
Report an issue
Authors

Related Tags